Sunday, July 6, 2025
Homeউত্তৰ-পূৱআগন্তুক পাঁচ দিনত হ’ব ধাৰাষাৰ বৰষুণ

আগন্তুক পাঁচ দিনত হ’ব ধাৰাষাৰ বৰষুণ

ডিজিটেল ডেস্ক, ANEWS24X7: ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰয় অসম সহ উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ধাৰষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ৷ এই সময়ছোৱাত উত্তৰ-পূৰ্বাঞ্চলত প্ৰবল বৰষুণৰ লগতে আৰু বজ্ৰপাতৰ সম্ভৱনা আছে। শুক্ৰবাৰে এই সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰয় এক জাননী জাৰি কৰিছে ৷

বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননী অনুসৰি অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়ত ৭ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈ আৰু মিজোৰাম তথা ত্ৰিপুৰাত ৯ অক্টোবৰৰ পৰা ১১ অক্টোবৰৰ মাজত বৰষুণ অহাৰ সম্ভাৱনা আছে। আনহাতে পশ্চিম বংগ আৰু ছিকিমতো ৭ আৰু ৮ অক্টোবৰত বৰষুণ হোৱাৰ সম্ভৱনা আছে ৷

দক্ষিণ বংগোপসাগৰৰ কেন্দ্ৰীয় অংশত মধ্য ট্ৰপোস্ফেৰিক স্তৰত হোৱা ঘূৰ্ণীবতাহ আৰু দক্ষিণ উপকূলীয় অন্ধ্ৰ প্ৰদেশৰ পৰা উত্তৰ প্ৰদেশৰ উত্তৰাংশৰ কেন্দ্ৰীয় অংশ, তেলেংগানা, বিদৰ্ভ আৰু পশ্চিম মধ্য প্ৰদেশলৈ চলি থকা ঘূৰ্ণীবতাহৰ ফলত উত্তৰ-পূৰ্বাঞ্চলত ধাৰষাৰ বৰষুণ হ’ব পৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰয় ধাৰণা কৰিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments