ডিজিটেল ডেস্ক, ANEWES24X7: নেপালত প্ৰকৃতিৰ ভয়ংকৰ ৰূপ ৷ ধাৰাসাৰ বৰষুণৰ ফলত মৃত্যু হয় ১৪ জন লোকৰ ৷ ইয়াৰ ওপৰিত সাতজন লোক গুৰুত্বৰ ভাবে আহত হোৱাৰ লগতে বৰ্তমানেও ১০ জন লোক সন্ধানহীন হৈ আছে ৷ দেশখনৰ ডিজাষ্টাৰ ৰেচপৰ্চ ফৰ্চে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷
স্থানীয় প্ৰশাসনৰ সূত্ৰৰ খবৰ অনুসৰি দেশখনৰ ৰাজধানী কাঠমাণ্ডুৰ পৰা ৪৫০ কিলোমিটাৰ পশ্চিমে অৱস্থিত পশ্চিম নেপাল আচাম জিলাত সংঘটিত হয় এই ঘটনা ৷ এই সন্দৰ্ভত নেপাল আৰক্ষীৰ মুখপাত্ৰ দান বাহাদুৰ কাকীয়ে কয় যে , ‘‘ধাৰাসাৰ বৰষুণৰ ফলত পাঁচটা মাটিৰ ঘৰ প্ৰায় ধ্বংস হৈ গৈছে ৷ এই ঘৰ কেইটাত বাস কৰা লোক সকলক বোকাৰ পৰা উদ্ধাৰ কৰা হৈছে ৷’’
উল্লেখ্য যে নেপালত ধাৰাসাৰ বৰষুণৰ ফলত পাহাৰিয়া অঞ্চল সমূহত ভূমিস্খলন হোৱাটো অস্বাভাৱিক নহয় ৷ এনেধৰণৰ ঘটনা জুন মাহৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত দেশখনত সঘনে সংঘটিত হৈ থাকে ৷ চলিত বৰ্ষত নেপালত ধাৰাষাৰ বৰষুণৰ ফলত ৪৮ জন লোকৰ মৃত্যু হৈছে ৷ ইয়াৰ ওপৰিও ১২ জন লোক সন্ধানহীন হৈ আছে ৷