Saturday, July 5, 2025
Homeৰাষ্ট্ৰীয়প্ৰচণ্ড শীত , দিল্লীত ১৫ জানুৱাৰীলৈ বিদ্যাললয় বন্ধৰ নিৰ্দেশ

প্ৰচণ্ড শীত , দিল্লীত ১৫ জানুৱাৰীলৈ বিদ্যাললয় বন্ধৰ নিৰ্দেশ

 

ডিজিটেল ডেস্ক, ANEWS24X7: প্ৰচণ্ড শীতৰ কৱলত দেশৰ ৰাজধানী দিল্লী । ৰাজধানী দিল্লীত তাপমাত্ৰা সৰ্বনিম্ম ১.৫ ডিগ্ৰি ছেলছিয়াচ অতিক্ৰম কৰিছে । এনে পৰিস্থিতিত ব্যাহত হৈ পৰিছে দিল্লীৰ সাধাৰণ জনজীৱন ।

প্ৰচণ্ড শীতৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে দিল্লীৰ বেচৰকাৰী বিদ্যালয় সমূহৰ বন্ধৰ ম্যাদ ১৫ জানুৱাৰী পৰ্যন্ত বৃদ্ধি কৰিছে । দিল্লী চৰকাৰে ইতিমধ্যে বিদ্যালয় সমূহলৈ জাননী জাৰি কৰিছে ।

উল্লেখ্য যে দিল্লী চৰকাৰে প্ৰচণ্ড শীতৰ বাবে ৮ জানুৱাৰী পৰ্যন্ত বিদ্যালয় সমূহ বন্ধ ৰখোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু ৯ জানুৱাৰীৰ পৰা পুনৰ বিদ্যালয় সমূহ খোলাৰ কথা আছিল । কিন্ত শীতৰ প্ৰকোপ বৃদ্ধি হোৱাৰ ফলত দিল্লী চৰকাৰে বন্ধৰ ম্যাদ অহা ১৫ জানুৱাৰীলৈ বৃদ্ধি কৰিছে ।

দিল্লীত বিগত দুটা বছৰৰ ভিতৰত সৰ্বনিম্ন তাপমাত্ৰা অতিক্ৰম কৰিছে ।দিল্লীৰ তাপমাত্ৰাই সৰ্বনিম্ম ১.৫ ডিগ্ৰি ছেলছিয়াচ অতিক্ৰম কৰিছে । কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে আগন্তুক দুটা দিনত দিল্লী , পাঞ্জাৱ , হাৰিয়ানা , চণ্ডীগড় , ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ আকাশ ঘন কুঁৱলীৰে আবৰি ৰাখিব । ইয়াৰ ওপৰিও আগন্তুক দুই তিনিদিন জম্মু-কাশ্মীৰ , হিমাচল প্ৰদেশ , বিহাৰ , পশ্চিমবংগ , অসম , মণিপুৰ , মেঘালয় আৰু ত্ৰিপুৰাত ঘন কুঁৱলীৰ পূৰ্বানুমান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰয় ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments