নগৰবেৰা ৪ ফেব্ৰুৱাৰী : কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত একমাত্ৰ লেখত লবলগীয়া শৈক্ষিক প্ৰতিষ্ঠান হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষ যোৱা ২ ফেব্ৰুৱাৰী শুক্ৰবাৰে দিনজোৰা কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰা হয় ৷ ১৯৪৯ চনত স্থাপন হোৱা বিদ্যালয়খনে এইবেলি ৭৫ বৰ্ষত ভৰি দিয়াত বিদ্যালয় কৰ্তপক্ষই প্ৰাক্তন ছাত্ৰ- ছাত্ৰী , ৰাইজৰ সহযোগত বছৰজোৰা কাৰ্যসূচীৰে মহাৰজত জয়ন্তী বৰ্ষৰ শুভাৰম্ভ কৰে ৷
সেই উপলক্ষে বিদ্যালয় চৌহদত এক উখল-মাখল পৰিৱেশৰ মাজত প্ৰতিষ্ঠানটোৰ মূল পতাকাৰ লগতে ৭৫ খন প্ৰতীকী পতাকা উত্তোলন কৰি মহাৰজত জয়ন্তী বৰ্ষৰ শুভাৰম্ভ কৰা হয় ৷বিদ্যালয় উন্নয়ন আৰু পৰিচালনা সমিতিৰ সভাপতি উৎপল কুমাৰ মেধিয়ে মূল পতাকা উত্তোলন কৰে ৷ সমাজসেৱক উমেশ চন্দ্ৰ মেধিয়ে স্মৃতি তৰ্পন কৰাৰ পিছত বিশিষ্ট সমাজকৰ্মী তথা স্থানীয় কৃষক টিকেন দাসে বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰে ৷
বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীসকলে সমবেত সংগীত পৰিবেশন কৰাৰ পাছতেই বিদ্যালয় সভাকক্ষত এখনি উদ্বোধনী সভা অনুষ্ঠিত হৈ যায় ৷অধ্যক্ষ নীলকান্ত কম্বৰে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছত আমন্ত্ৰিত অতিথি তথা বিদ্যালয়খনৰে প্ৰাক্তন ছাত্ৰ বৰ্তমান বায়ুসেনা বিভাগত কৰ্মৰত মেজৰ জেনেৰেল ডা°পূৰ্ণানন্দ দাসে তেতিয়া আৰু আজিৰ দিনৰ শিক্ষাৰ জগতখনৰ কথা কৈ আৱেগিক হৈ পৰে ৷সভাত বিদ্যালয়খনৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড°গণেশ্বৰ চহৰীয়া,কামিনী মোহন শৰ্মা,অৱসৰপ্ৰাপ্ত শিক্ষক খলিলুদ্দিন আহমেদ,ডা°পূৰ্ণানন্দ দাস,প্ৰণৱ শৰ্মা ,দিলীপ ঠাকুৰীয়া প্ৰমুখ্যে কেইবাজনো বক্তাই ভাষণ দিয়ে ৷
পুৱাৰ ভাগত বিদ্যালয় চৌহদত এন চি চি কেডাৰ আৰু অঞ্চলটোৰ বহু যুৱক-যুৱতীসকলে নিজৰ নিজৰ জাতীয় সাজপাৰ পৰিধান কৰি অনুষ্ঠানটোত উপস্থিত অতিথিসকলক আদৰণি জনায় ৷ মহাৰজত জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি সন্ধিয়া বিদ্যালয় চৌহদত নগৰবেৰা মৌজাৰ মোজাদাৰ দামোদৰ চৌধুৰীয়ে প্ৰজ্বলক হিচাপে থাকি স্থানীয় ৰাইজ, প্ৰাক্তন ছাত্ৰ- ছাত্ৰী ,বিদ্যালয় কৰ্তপক্ষৰ সহযোগত ৭৫ গছি বন্তি প্ৰজ্বলন কৰে ৷মহাৰজত জয়ন্তী উদযাপন সমিতি,হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰচাৰ আৰু জনসংযোগ বিভাগৰ সম্পাদক অজয় কুমাৰ শীলে এক প্ৰেছ বিঞ্জপ্তিযোগে জানিবলৈ দিয়ে ৷