Wednesday, March 11, 2026
Homeঅসমবিটিচি নিৰ্বাচনত হেলিকাপ্টাৰৰ ৰাজনীতি

বিটিচি নিৰ্বাচনত হেলিকাপ্টাৰৰ ৰাজনীতি

হেলিকাপ্টাৰক লৈ হাগ্ৰামা মহিলাৰীক কটাক্ষ প্ৰমোদ বড়োৰ।নিৰ্বাচনকলৈ হাগ্ৰামা মহিলাৰীৰ নাই কোনো এজেণ্ডা।সেয়ে হেলিকাপ্টাৰৰ কথাৰে ৰাইজক আকৰ্ষনৰ চেষ্টা কৰিছে হাগ্ৰামাই।সম্প্ৰতি সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ।

ইতিমধ্যে হেলিকাপ্টাৰেৰে প্ৰচাৰ আৰম্ভ কৰিছে হাগ্ৰামাই।তাকে লৈ প্ৰমোদ বড়োৰ কটাক্ষ হাগ্ৰামাৰ নাই কোনো মিছন ভিজন।
সেয়ে হেলিকাপ্টাৰত তেল ভৰোৱা কথাক লৈ ৰাইজক আভুৱা ভাৰিছে হাগ্ৰামাই।

ৰাজনীতিত হেলিকাপ্টাৰৰ তেল ভগোৱা লৈ নাই কোনো সম্পৰ্ক।লাগিব ৰাজনৈতিক এজেণ্ডা। আনফালে হাগ্ৰামাই কমেডিয়ান লগত লৈ প্ৰচাৰ কৰাকলৈও প্ৰমোদ বড়োৱে কটাক্ষ ।হাগ্ৰামা নিজেই এজন কমেডিয়ান। সেয়ে তেওঁ কমেডিয়ান লগত লৈ ঘুৰে। কিন্তু ডাক্তৰ বা বৈজ্ঞানিক লগত লৈ নুঘুৰে –কলে প্ৰমোদ বড়োৱে।
নাচ-গান কৌতুকেৰে ৰাইজৰ মন আকৰ্ষন কৰিলে নহব, ৰাইজ জনাব লাগিব ৰাজনৈতিক দলটোৰ লক্ষ্য-উদ্দেশ্য। ৰাইজৰ বাবে দলটোৱে কি কৰিব ।

হাগ্ৰামাৰ কোনো ভিজন নাই বাবে এনেধৰণে প্ৰচাৰ চলাই আছে।ইফালে বিটিচিত সংঘটিত হিংসাত্মক ঘটনাকলৈও প্ৰমোদ বড়োৰ গুৰুত্বপূৰ্ণ মন্তব্য। এবছুত মোৰ নেতৃত্বত দহবছৰীয়া সংগ্ৰামৰ সময়ত এজন লোকৰো মৃত্যু হোৱা নাছিল।হাগ্ৰামাৰ দিনতেই হত্যা কৰা হৈছিল দুজনকৈ সাংবাদিকৰ লগতে ডেৰশতাধিক লোকক।হাগ্ৰামাই নিজৰ ব্যৰ্থতা ঢাকিবলৈ গৈ আনলৈ দায় থেলিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments