Friday, November 8, 2024
Homeস্বাস্থ্যমধুমেহ ৰোগ প্ৰতিৰোধৰ বাবে কেইটিমান ঘৰুৱা উপায়

মধুমেহ ৰোগ প্ৰতিৰোধৰ বাবে কেইটিমান ঘৰুৱা উপায়

ডিজিটেল ডেস্ক, ANEWS24X7: বৰ্তমান সমগ্ৰ বিশ্বতে ব্যাপক হাৰত বৃদ্ধি পাইছে ডায়েবেটিছ বা মধুমেহ ৰোগীৰ সংখ্যা৷ খাদ্যজনিত ,জীৱন ধাৰণৰ পদ্ধতি ,মানসিক চাপ, বংশগত আদি বহু কৰণত এই মৰাত্মক ৰোগবিধ হয় ৷ হৰম’নজনিত এই ৰোগবিধ এবাৰ হলে ইয়াক নিৰাময় কৰাটো অতি কঠিন ৷

অৱশ্যে কিছু ঘৰোৱা খাদ্য গ্ৰহণ কৰি তেজত ছুগাৰ লেভেল নিয়ন্ত্ৰণ ৰাখি এই ৰোগবিধৰ পৰা হাত হাৰিব পৰা যায় ৷এনে খাদ্য গ্ৰহণ কৰাৰ ফলত কোনোধৰণৰ পাৰ্শ্বক্ৰিয়া নাথাকে ৷আমাৰ চাৰিও পিনে থকা গছ লতা ,ফল-মূল আদি সঠিক ৰূপত গ্ৰহণ কৰিলে আমি বিভিন্ন ৰোগৰ পৰা হাত হাৰি থাকিব পৰা যায় ৷মধুমেহ ৰোগী সকলে জামুক , ঔটেঙা, ইনচুলিনগছ , অৰ্জুনগছ , আমলখি গ্ৰহণ কৰিলে নিৰাময় পাব পাৰি ৷

জামুকঃ ফল মূলত প্ৰচুৰ পৰিমাণে ৰোগ প্ৰতিৰোধক ক্ষমতা থাকে ৷ ভাৰত প্ৰচুৰ পৰিমাণে উপলব্দ জামুকত প্ৰটিন,শৰ্কৰা,ভিটামিন এ,বি,চি আৰু অন্যান্য পোষক পদাৰ্থৰ লগতে খনিজ দ্ৰব্য লৌহ পদাৰ্থ থাকে । নিয়মীয়াকৈ জামুক খালে বহুমূত্ৰ ৰোগীৰ ছুগাৰ লেভেল নিয়ন্ত্ৰণত থাকে, ইয়াৰ উপৰিও জামুকৰ বীজেও আমাৰ ব্লাড ছুগাৰ লেভেল কম কৰি ৰখাত সহায় কৰে। জামুকৰ বীজত প্ৰটিন, কেলছিয়াম আৰু কাৰ্বহাইড্ৰেট পোৱা যায়।জামুকৰ বীজ গুড়ি কৰি পানীত মিহলি কৰি খালে ছুগাৰ লেভেল নিয়ন্ত্ৰণত থাকে ।

ঔটেঙা আৰু আমলখিঃ ঔটেঙাত আছে বহু পৰিমাণৰ ঔষধি গুণ ৷ ভিটামিন চি , ভিটামিন ই , ভিটামিন বি আদি বিভিন্ন পুষ্টিদ্ৰব্য পোৱা যায় ৷ ঔটেঙা খোৱাৰ ফলত বহু পৰিমাণে ব্লাড চুগাৰ লেভেল নিয়ন্ত্ৰণত থাকে ৷ আমলখি এবিধ ঔষধি গুণ সম্পন্ন ফল৷ আমলখি আৰু আমলখিৰ গুড়ি সেৱন কৰিলে ব্লাড ছুগাৰ লেভেল নিয়ন্ত্ৰণত থাকে।

অৰ্জুনগছঃ অৰ্জুন গছত প্ৰচুৰ প্ৰৰিমাণে ঔষধি গুণ আছে৷ আৰ্জুন গছৰ বাকলিত মানৱ শৰীৰত প্ৰয়োজনীয় ৰোগ প্ৰতিৰোধী বিভিন্ন উপাদান পোৱা যায় ৷ অৰ্জুন গছৰ বাকলি গুড়ি কৰি পানীৰ লগত মিহলি কৰি ৰস খালে বহুমূত্ৰ ৰোগৰ পৰা নিৰাপয় পোৱা যায় ৷ ইয়াৰ ওপৰিও অৰ্জুন গছৰ ৰস হৃদৰোগৰ বাবেও উপকাৰী ৷

ইনচুলিনগছঃ ইনচুলিন গছ ব্লাড চুগাৰৰ বাবে এবিধ মহৌষধ৷এই গছ বিধক ইংৰাজীত ফিয়েৰি কষ্টাছ বুলি জনা যায় ৷এই গছৰ পাত কেঁচাকৈ গুড়ি কৰি ৰাতিপুৱা খালী পেটত খালে ছুগাৰ লেভেল নিয়ন্ত্ৰণত থাকে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments