Sunday, July 6, 2025
Homeঅসম৩ মাৰ্চৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা

৩ মাৰ্চৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা

ডিজিটেল ডেস্ক, ANEWS24X7: ঘোষণা কৰা হ’ল বহু প্ৰত্যাক্ষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সূচী ৷ নতুন শিক্ষানীতিৰ আধাৰত অহা ৩ মাৰ্চৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ পূৰ্বৰ তুলনাত পৃথক হ’ব এইবাৰৰ পৰীক্ষা ৷ ছেবাই জাৰি কৰা নিৰ্দেশ অনুসৰি অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ’ব ব্যৱহাৰিক পৰীক্ষাসমূহ ৷

ৰাজ্যৰ মুঠ ৯১২ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা । এইবাৰ ৰাজ্যত নতুনকৈ ৯ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। এই পৰ্যন্ত ১ লাখ ৯৩ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ বাবে নাম পঞ্জীয়ন কৰিছে । এইবাৰ দশম শ্ৰেণীত অনুত্তীৰ্ণ পৰীক্ষাৰ্থীয়ে দিব নোৱাৰিব পৰীক্ষা । ছেবাই পৰীক্ষাৰ বাবে নাম পঞ্জীয়নৰ অন্তিম তাৰিখ ধাৰ্য কৰি দিছে ১৫ ডিচেম্বৰ ।

এইবাৰৰ পৰীক্ষাত ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞানৰ প্ৰশ্নকাকতত বস্তুনিষ্ঠ ধৰণৰ প্ৰশ্ন থাকিব ৫০ শতাংশ। লগতে বৰ্ণনামূলক প্ৰশ্ন থাকিব ৫০ শতাংশ। এইবাৰৰ পৰীক্ষাত ৫০ টা ১ নম্বৰীয়া প্ৰশ্ন থাকিব । আনহাতে, গণিতৰ প্ৰশ্নকাকতখনৰ উত্তৰবহী বস্তুনিষ্ঠ কাকতৰ সুবিধা হোৱাকৈ প্ৰস্তুত কৰা হ’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments