ডিজিটেল ডেস্ক, ২৩ডিছেম্বৰ: কৰ্ণাটকত ছিদ্দাৰমাইয়াৰ নেতৃত্বত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহত হিজাব (হেডস্কাৰ্ফ)ৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱাৰ কথা ঘোষণা কৰাৰ পিছতে এক বিতৰ্কৰ সৃষ্টি হয়। ২০২২ চনত পূৰ্বৰ বিজেপি চৰকাৰে এই নিৰ্দেশ আনিছিল।
মুছলমানক সন্তুষ্ট কৰাৰ অভিযোগ বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে অভিযোগ উত্থাপন কৰে যে কৰ্ণাটকত হিজাব নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে ৰাজ্যখনত “শ্বৰীয়ত আইন প্ৰতিষ্ঠা” হ’ব। লগতে বিৰোধী দলক ক্ষমতালৈ ভোট দিলে সমগ্ৰ দেশতে “ইছলামিক আইন কাৰ্যকৰী হ’ব” বুলিও অভিযোগ উত্থাপন কৰে।
“এয়া কেৱল হিজাব নিষেধাজ্ঞা প্ৰত্যাহাৰ নহয় বৰঞ্চ ৰাজ্যত শ্বৰীয়ত আইন প্ৰতিষ্ঠা কৰাহে। দেশত যদি ৰাহুল গান্ধী, কংগ্ৰেছ আৰু INDIA ব্লকে চৰকাৰ গঠন কৰে, তেন্তে ইছলামিক আইন কাৰ্যকৰী হ’ব। এইটো এটা সুপৰিকল্পিত।” সনাতন ধৰ্ম ধ্বংস কৰাৰ ষড়যন্ত্ৰ।’-এইদৰে কয় সিঙে সাংবাদিকৰ আগত।