ডিজিটেল ডেস্ক, ANEWS24X7: বিপদত হিমাচল প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী প্ৰতিভা সিং আৰু তেওঁৰ পুত্ৰ বিক্ৰমাদিত্য সিং৷দুয়োজনৰ বিৰুদ্ধে উত্থাপন হৈছে ঘৰুৱা হিংসাৰ অভিযোগ৷বিক্ৰমাদিত্যৰ পত্নী সুদৰ্শনা সিং চুন্দাৱতে দাখিল কৰিছে গোচৰ৷সুদৰ্শনা সিং চুন্দাৱতে স্বামী বিক্ৰমাদিত্য সিং , শাহু প্ৰতিভা সিং , ভগ্নী অপৰাজিতা আৰু তেওঁৰ স্বামী অঙ্গদ সিঙৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ গোচৰ ৰুজু কৰিছে ৷ সুদৰ্শনাই স্বামীৰ পৰা সুৰক্ষা প্ৰদানৰ দাবী জনাইছে ৷
সুদৰ্শনাই প্ৰতিভা সিং আৰু বিক্ৰমাদিত্য সিঙৰ বিৰুদ্ধো একাধিক অভিযোগ উত্থাপন কৰিছে ৷ অভিযোগ উত্থাপন কৰিছে যে বিক্ৰমাদিত্যৰ অমৰিণ নামৰ চণ্ডিগড়ৰ এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক আছে ৷ শহুৰ বীৰভদ্ৰ সিঙৰ মৃতুৰ পিছত বিক্ৰমাদিত্যই তাইক উদয়পুলৈ উভতি যাবলৈ কৈছিল ৷ বিক্ৰামদিত্যয় ১০ কোটি টকা দাবী কৰাৰো অভিযোগ উত্থাপন কৰিছে সুদৰ্শনাই ৷