ডিজিটেল ডেস্ক, ২৫অক্টোবৰ: প্ৰথম পৰ্যায়ৰ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ তাৰকা প্ৰচাৰকসকলৰ তালিকাৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
মুখ্যমন্ত্ৰী হিমন্তৰ উপৰিও বিজেপিয়ে প্ৰকাশ কৰা তালিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় মন্ত্ৰী জে পি নড্ডা, অমিত শ্বাহ, ৰাজনাথ সিং, নীতিন গাডকাৰী, শিৱৰাজ সিং চৌহান, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ,কে ধৰি অন্যান্য নেতাৰ নাম সন্নিবিষ্ট কৰা হৈছে।
৪০ জন প্ৰাৰ্থীৰ নাম প্ৰচাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।
ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ড বিজেপিৰ সহ-ভাৰপ্ৰাপ্ত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলৰ আচাৰ-ব্যৱহাৰ সন্দৰ্ভত এক উল্লেখযোগ্য বক্তব্য আগবঢ়ায়।
পূৰ্বে কংগ্ৰেছৰ সৈতে থকা শৰ্মাই দাবী কৰে যে দলটোৱে নিৰ্বাচনৰ টিকটৰ ২০ শতাংশ বিক্ৰী কৰে আৰু ইয়াৰ পৰা পোৱা ধন নিৰ্বাচনী উদ্দেশ্যত ব্যৱহাৰ কৰে।
“…মই কংগ্ৰেছত আছিলো আৰু কংগ্ৰেছৰ এই ব্যৱস্থা – ২০ শতাংশ টিকট বিক্ৰী কৰি সেই ধন নিৰ্বাচনত ব্যৱহাৰ কৰে…”, হিমন্ত বিশ্ব শৰ্মাই কয়।