Tuesday, March 10, 2026
HomeঅসমBJP চৰকাৰ আহিলে পাব ১ লিটাৰকৈ মিঠাতেল

BJP চৰকাৰ আহিলে পাব ১ লিটাৰকৈ মিঠাতেল

আজিৰে পৰা খাদ্য সুৰক্ষা আঁচনি শুভাৰম্ভ। খাদ্য সুৰক্ষাৰ পৰা পৰিপুষ্টিৰ নিশ্চিত কৰাৰ বাবে এই পদক্ষেপ অসম চৰকাৰৰ। সুলভ মূল্যত দাইল, চেনি, নিমখ যোগান আঁচনিৰ শুভাৰম্ভণ কৰে মুখ্যমন্ত্ৰীয়ে। কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে আঁচনিৰ। এতিয়াৰে পৰা ৰেচন কাৰ্ড হিতাধিকাৰীয়ে সুলভ মূল্যত দাইল, চেনি, নিমখ লাভ কৰিব। ১১৭ টকাত লাভ কৰিব ১ কিলোগ্ৰামকৈ দাইল, চেনি আৰু নিমখ। ৭০ লাখ হিতাধিকাৰীয়ে এই সুবিধা লাভ কৰিব। নতুনকৈ ৫ লাখ ৪ হাজাৰ ৰেচন কাৰ্ড লাভ কৰিব।

‘‘জানুৱাৰীৰ পৰা ১০০ টকাতে পাব এইখিনি সামগ্ৰী। ৰাজ্যৰ সকলো সুলভ মূল্যৰ দোকানতে পাব এই সামগ্ৰী। অহাবাৰ বিজেপি চৰকাৰ আহিলে ১ লিটাৰকৈ মিঠাতেল পাব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে। সুলভ মূল্যৰ দোকানীয়ে ২ টকাকৈ লাভ পাব।’’

কংগ্ৰেছক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘মোদী চৰকাৰে মাহত ৮০০ টকা চাউলৰ বাবদ দিলে, ১২৫০ টকা অৰুণোদয় বাবদত ধন লাভ কৰিলে। মাহত ২০৫০ টকা বিনামূলীয়াকৈ লাভ কৰিলে। চিলিণ্ডাৰ কিনিলে ৪০০ টকা সাহায্য পালে। তাৰ লগতে ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিলে। ৰেচন কাৰ্ডৰ সহায়ত বিনামূলীয়াকৈ চিকিৎসাৰ বাবে লাভ কৰিলে। কংগ্ৰেছৰ দিনত ধূতি, কম্বলৰ সলনি আমাৰ দিনত এটা অৰুণোদয় পৰিয়ালে আমাৰ দিনত ২০৫০ৰ পৰা ৫৫০০ টকাৰ সুবিধা লাভ কৰি আছে।’’

মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘কিছুমানে অৰুণোদয় নালাগে বুলি কৈছে, যদি কোনোবা চাকৰি লাভ কৰিছে অৰুণোদয় এৰি দিয়ক। প’ৰ্টেলত অৰুণোদয় নালাগে বুলি কৈ দিলেই হ’ল। যাক অৰুণোদয় নালাগে ৱেব ছাইটত বুটাম টিপিলেই কাম হৈ যাব। বিহু আৰু পূজাৰ সময়ত অৰুণোদয় ধন অধিক দিয়া হ’ব।

মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘মই এক লাখৰ ঠাইত ২ লাখক চাকৰি দিছোঁ, বেছিকৈ জোকাৰিলে ২ লাখৰ ঠাইত মই ৪ লাখক দি দিম। অসমত এতিয়া এটকাও নিদিয়াকৈ চাকৰি লাভ কৰিছে।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments