জন্মদিনৰ পুৱা কামাখ্যা মন্দিৰলৈ গৈ আশিস ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কামাখ্যাৰ আশিস লৈ মন্দিৰৰ পৰা ওলাই সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘কামাখ্যা মন্দিৰলৈ এটা ৰোপ ৱে’ নিৰ্মাণৰ কাম আৰম্ভ হ’ব, কামাখ্যা কৰিড’ৰৰো প্ৰস্তাৱ চলি আছে। এটা কথা আমি সকলোৱে জানো যে ই এটা প্ৰাচীন মন্দিৰ। ইয়াৰোপৰি, নীলাচল পাহাৰখনৰ সৰ্বত্ৰ বহু দেৱ-দেৱীৰ মন্দিৰ আছে। ইয়াত কেৱল টকা থাকিলেই উন্নয়নমূলক কাম কৰিব পৰা নাযায়, ইয়াৰ বাবে ‘মা’ৰ আশীৰ্বাদৰো প্ৰয়োজন।
উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ ৫৭ বছৰীয়া জন্মদিনৰ দিনা মাজনিশাৰে পৰা তেওঁৰ বাসভৱনত অনুৰাগীৰ ভিৰ হৈছিল। মাজনিশা সহস্ৰ অনুৰাগীয়ে গীতে-মাতে মুখৰিত কৰি তুলিছিল মুখ্যমন্ত্ৰীৰ বাসভৱন। বহু অনুৰাগীয়ে মুখ্যমন্ত্ৰীৰ বাবে কেক লৈ গৈছিল তেওঁৰ বাসভৱনলৈ। অনুৰাগীৰ মৰম আওকাণ নকৰি মুখ্যমন্ত্ৰীয়েও বাসভৱনৰ বাহিৰলৈ ওলাই গৈ অনুৰাগীসকলৰ সৈতে মত বিনিময় কৰে।
