মহেন্দ্ৰ পগাগ,বিহালী: বিহালীৰ জৰাবাৰী গাওঁ পঞ্চায়তত আজি ১১ টা বুথত নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী পিযুছ হাজৰিকাই। বিধায়ক দিগন্ত কলিতা, সাংসদ ৰঞ্জিত দত্ত, জিলা সভাপতি দিগন্ত ঘাটোৱাৰক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী পিযূছ হাজৰিকাই ৷ সংবাদ মাধ্যমৰ আগত মন্ত্ৰী গৰাকীয়ে কয় যে গৌৰৱ গগৈ বিহালীত ফেক্টৰ হব বুলি মই নাভাবো ।
জয়ন্ত বৰাই দল ত্যাগ কৰা সন্দৰ্ভত কয় যে জয়ন্ত বৰা এটা পৰিভ্ৰমী চৰাই। কেতিয়াবা বিজেপি কেতিয়াবা কংগ্ৰেছ কেতিয়াবা আকৌ আপ। বিজেপিৰ পৰা টিকট বিচাৰিছিল নাপাই নিৰ্দলীয় হ’ল ৷ নিৰ্বাচনৰ পিছত বিজেপিত পুনৰ যোগদান কৰিছিল ৷ এইবাৰ আকৌ দল ত্যাগ কৰিছে। যাৰ লক্ষ্য টিকট তাক কোনে ৰাখিব ৷ কংগ্ৰেছৰ মানুহ নাই কাৰনে জয়ন্ত বৰাক টিকট দিবলৈ ওলাইছে।
আগত কৈ বেছি ভোট লাভ কৰাৰ লক্ষ্যৰে ১৭ টা পঞ্চায়তত ১৭ জন বিধায়কক দায়িত্ব দিয়া হৈছে বুলি মন্তব্য পিযুছ হাজৰিকাৰ। ইফালে চামগুৰিৰ ঘটনা সন্দৰ্ভত সাংসদ ৰকিবুল হুচেইনে পিযুচ হাজৰিকাক কৰা আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে ৰকিবুল হুছেইনে মোক গাড়ি দিয়া নাই। ২০০৩ চনত মই এখন মাৰুতি কাৰ কিনিছিলো। ৰকিবুল হুছেইন যেতিয়া পৰ্যটন মন্ত্ৰী আছিল। মোৰ খুৰাৰ লৰা দুটাক পৰ্যটন বিভাগৰ অধীনত গাড়ী পাইছিল। মোক একো গাড়ী কিনি দিয়া নাই। মোক ৰহাত টিকট দিছিল ৰাহুল গান্ধীয়ে ৰকিবুলে নহয়। তেতিয়া মই যুৱ কংগেছৰ সভাপতি আছিলো। ৰকিবুল হুছেইনৰ স্মৃতি শক্তিৰ দোষ হৈছে।
