ডিজিটেল ডেস্ক, ১৪ফেব্ৰুৱাৰী: বিধানসভাৰ বাজেট অধিৱেশনৰ মাজতে অসমৰ ৰাজনীতিত ধুমুহা। পুনৰ দুগৰাকীকৈ কংগ্ৰেছৰ বিধায়কে সমৰ্থন দিব বিজেপি চৰকাৰক। কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ আৰু কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী বসন্ত দাসে সমৰ্থন দিব বিজেপি চৰকাৰক।
তাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়াঃ ‘কোনো MLA ৰাহুল গান্ধীৰ সৈতে নাই, সকলো আমাৰ লগতেই আছে।ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা নহয় ভাৰত টোড়ো যাত্ৰা হে। ‘
‘‘দুইজনৰ আগমনে আমাক অধিক শক্তিশালী কৰিব। কংগ্ৰেছৰ নতুন নিয়ম অনুসৰি বিধায়কে মন্ত্ৰীৰ অনুষ্ঠানত যাব নোৱাৰে। আৰু বহু বিধায়কৰ সৈতে যোগাযোগ আছে। বিজেপিত যোগদান বিষয়টো নিৰ্বাচনৰ আগত দেখা যাব। মই তেওঁলোকৰ সমষ্টিত গ’লে তেওঁলোকৰ ঘৰত যাব। তেওঁলোকে বিজেপি বিধায়িনী দলৰ স্থানত বহিব।’’
‘‘অসমত কোনো বিৰোধী নাই। দেহাকেইটা কংগ্ৰেছ দলৰ সতে আছে, মনটো বিজেপিৰ লগত আছে। কোনো বিধায়ক ৰাহুল গান্ধীৰ সতে নাই। ৰাহুল গান্ধীৰ ভাৰত জোড়ো নহয়, কংগ্ৰেছ তড়ো যাত্ৰা আছিল বুলিও কটাক্ষ মুখ্যমন্ত্ৰী। গোচৰ চলি থাকিব নিয়ম মাফিক ভাৱে। ৰাজীৱ ভৱনত আমাৰে মানুহ আছে বুলি মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।