Wednesday, July 9, 2025
Homeঅসমপ্ৰবীণ কণ্ঠশিল্পী হীৰা দাস আৰু নাই..

প্ৰবীণ কণ্ঠশিল্পী হীৰা দাস আৰু নাই..

ডিজিটেল ডেস্ক, ২৯মাৰ্চ:  প্ৰবীণ কণ্ঠশিল্পী হীৰা দাস আৰু নাই…।গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ।

বিশিষ্ট কণ্ঠশিল্পী তথা সংগীত পৰিচালক জে.পি. দাসৰ পত্নী প্ৰয়াত হীৰা দাস। যোৱা ২৩ মাৰ্চত হঠাৎ অসুস্থ হৈ পৰিছিল হীৰা দাস। তাৰপিছতেই ভৰ্তি কৰা হৈছিল হাস্পতালত। কিন্তু, আজি শনিবাৰে পুৱতি নিশা ৩:২৬ বজাত এপ’ল’ ইণ্টাৰনেছনেল হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় সংগীত শিল্পীগৰাকীৰ। মৃত্যুৰ সময়ত হীৰা দাসৰ বয়স আছিল ৭৩ বছৰ। ব্ৰেইন ষ্ট্ৰোকত মৃত্যু হয় হীৰা দাসৰ

প্ৰবীণ কণ্ঠশিল্পী হীৰা দাসে কেইবাটাও কালজয়ী গীতেৰে জিনিছিল প্ৰতিগৰাকী শ্ৰোতাৰ হৃদয়। আকাশবাণীৰ ‘A’ গ্ৰেড স্বীকৃতিপ্ৰাপ্ত এগৰাকী শিল্পী প্ৰয়াত হীৰা দাস। পত্নীক হেৰুৱাই শোকত ভাগি পৰিছে বিশিষ্ট সংগীত শিল্পী জে.পি. দাস। জে.পি. দাসে কয়, “মই তেওঁৰ মাততেই প্ৰেমত পৰিছিলোঁ, নেদেখাকৈয়েই তেওঁৰ গান শুনি প্ৰেমত পৰিছিলোঁ। তেওঁ বহুত ভাল গান গাইছিল, ডিব্ৰুগড়ৰ অনাতাঁৰ কেন্দ্ৰটো গান গাইছিল। তেওঁ নিজেই সুৰ কৰিছিল।” আজি নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব কণ্ঠশিল্পী হীৰা দাসৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments