ডিজিটেল ডেস্ক, ANEWS24X7: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মাতৃ হিৰাবেন মোডী অসুস্থ। আহমেদাবাদৰ ৰাষ্ট্ৰসংঘৰ মেহতা ইনষ্টিটিউট অৱ কাৰ্ডিঅ’লজি এণ্ড ৰিচাৰ্চ চেণ্টাৰত ভৰ্তি হিৰাবেন মোডীক।
অসুস্থ মাতৃক চাবলৈ গুজৰাটত উপস্থিত প্ৰধানমন্ত্ৰী মোডী। বৰ্তমান বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চলি আছে চিকিৎসা।
মঙলবাৰে নিশা প্ৰধানমন্ত্ৰীৰ মাতৃ হীৰাবেন মোডীৰ অৱস্থাৰ অৱনতি ঘটে। ইয়াৰ পিছতে তেওঁক আহমেদাবাদৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।চলিত বৰ্ষৰ জুন মাহত ১০০ বছৰ সম্পূৰ্ণ কৰা হিৰাবেন বৰ্তমান চিকিৎসাধীন হৈ আছে।
