Thursday, November 7, 2024
Homeসাংস্কৃতিকঐতিহাসিক আকাশীগংগা শিৱথানত পাঁচদিনীয়াকৈ মহাশিৱৰাত্ৰি

ঐতিহাসিক আকাশীগংগা শিৱথানত পাঁচদিনীয়াকৈ মহাশিৱৰাত্ৰি

ডিজিটেল ডেস্ক, ANEWS24X7:ঐতিহাসিক আকাশীগংগা শিৱথানত পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাশিৱৰাত্ৰিৰ ব্যাপক আয়োজন কৰিছে ৷ প্ৰায় দুই লক্ষাধিক ভক্তপ্ৰাণ লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে লগতে আজিৰে পৰা আৰম্ভ হব বিশাল মেলাৰ ৷ ইপিনে আকাশীগংগাত থকা ঐতিহ্যমণ্ডিত আকাশীগংগা শিৱ থানত বিগত বৰ্ষৰ দৰে এইবছৰ পাঁচদিনীয়া কাৰ্যসূচীৰে মহাশিৱৰাত্ৰিৰ পূজা আৰু মেলাৰ আয়োজন কৰা পৰিলক্ষিত হৈছে ৷

কাৰ্যসূচী অনুসৰি, ১৮ ফেব্ৰুৱাৰী ৰাতিপুৱা ঊষা কীৰ্তন, ধৰ্মধ্বজা উত্তোলন, স্মৃতিচাৰণ সভা, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, স্থানীয় আয়তীসকলৰ দ্বাৰা নাম প্ৰসংগ, মহাশিৱৰাত্ৰি উপলক্ষে মহাযজ্ঞৰ আয়োজন কৰিছে । ১৯ ফেব্ৰুৱাৰী ৰাতিপুৱা ঊষা কীৰ্তন, নাম প্ৰসংগ, ভাগৱত পাঠ আদিৰ আয়োজন কৰিছে।

ৰাতি ‘আকাশীগংগাৰ কন্ঠ’ নামৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ২০ ফেব্ৰুৱাৰী দিনজোৰা কাৰ্যসূচীৰ অন্তত নিশা ‘পাৰিজাত হৰণ’ নামৰ অংকীয়া ভাওনাৰ আয়োজন কৰা হৈছে ৷ ইপিনে ২১ ফেব্ৰুৱাৰীত দিনৰ কাৰ্যসূচীৰ অন্তত ৰাতি বাৰে বৰণীয়া কৃষ্টি প্ৰদৰ্শনৰ দিহা কৰিছে আয়োজক সমিতিয়ে।

উক্ত কাৰ্যসূচীসমূহত অংশ গ্ৰহণ কৰিবলৈ সমাজকৰ্মী, বিষয়া, ৰাজনীতিৰ নেতা, জনপ্ৰতিনিধিসকলক আমন্ত্ৰণ জনোৱা হৈছে। মহাশিৱৰাত্ৰি কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তুলিবলৈ সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে পৰিচালনা কমিটিয়ে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments