ডিজিটেল ডেস্ক, ANEW24X7: সমাগত ত্ৰিপুৰা বিধানসভা নিৰ্বাচন ৷ ইতিমধ্যে ত্ৰিপুৰাত আৰম্ভ হৈছে ৰাজনৈতিক প্ৰস্তুতি ৷ বৃহস্পতিবাৰে ত্ৰিপুৰাত উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ৷ গৃহমন্ত্ৰী অমিত শ্বাহে ত্ৰিপুৰাৰ ধৰ্মনগৰত উদ্বোধন কৰে বিজেপিৰ ‘ৰথ যাত্ৰা’৷
ৰথ যাত্ৰা উদ্বোধন কৰি গৃহমন্ত্ৰী অমিত শ্বাহে আক্ৰমণৰ লক্ষ্য কৰি লয় ৰাজ্যখনৰ মূলবিৰোধী ৰাজনৈতিক দল চিপিএমক ৷ আমিত শ্বাহে কয় যে ,‘‘ ২০২৩ চনৰ ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ পিছতে ত্ৰিপুৰা বিধানসভাত সম্পূৰ্ণৰূপে বাওঁমুক্ত হ’ব ৷’’আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ শ্লোগান হ’ব ‘‘ উন্নত ত্ৰিপুৰা , শ্ৰেষ্ঠ ত্ৰিপুৰা , সমৃদ্ধ ত্ৰিপুৰা ৷’’
ধৰ্মনগৰৰ সমান্তৰালকৈ বৃহস্পতিবাৰে দক্ষিণ ত্ৰিপুৰাৰ চাব্ৰুমৰ পৰা ‘জন বিশ্বাস যাত্ৰা’ আৰম্ভ কৰে ৷ এই ৰথ যাত্ৰাই ত্ৰিপুৰাৰ ৬০ টা বিধানসভা সমষ্টিত মুঠ ১,০০০ কিলোমিটাৰ সামৰি ল’ব ৷ বিধানসভা নিৰ্বাচনলৈ দুমাহ বাকী থকাৰ সময়তে গৃহমন্ত্ৰীৰ ৰথ যাত্ৰাই ত্ৰিপুৰাৰ ৰাজনীতিত নতুন মাত্ৰা প্ৰদান কৰিছে ৷