ডিজিটেল ডেস্ক, ANEWS24X7:এলাহাবাদ উচ্চ ন্যায়ালয়ে ৰায়দান কৰিছে যে কেৱল পুৰুষেই নহয়, প্ৰয়োজন হ’লে মহিলাৰ বিৰুদ্ধেও ৰুজু হ’ব পাৰে দলবদ্ধ ধৰ্ষণৰ গোচৰ। ন্যায়াধীশ শেখৰ কুমাৰ যাদৱৰ একক ন্যায়াধীশৰ বিচাৰপীঠে ২০১৩ চনত সংশোধন কৰা ভাৰতীয় দণ্ডবিধি, ১৮৬০ৰ আইন নং ১৩ অনুসৰণ কৰি এইকথা ৰায়দান দিয়ে।
নিজ পৰ্যৱেক্ষণত ন্যায়াধীশ যাদৱে কয়, “কোনো মহিলাই ধৰ্ষণ কৰিব নোৱাৰে। কিন্তু যদি মহিলা এগৰাকীয়ে এদল লোকৰ সৈতে কাৰোবাক ধৰ্ষণ কৰাত সহায় কৰে, তেনেহ’লে তেওঁৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ বাবেও গোচৰ ৰুজু কৰিব পাৰি। তেওঁ ২০১৩ চনত সংশোধন কৰা ৩৭৫ আৰু ৩৭৬(ই)ৰ নতুন ব্যাখ্যা দি এইকথা কৈছিল।
ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৫ অনুসৰি, এগৰাকী মহিলাৰ ইচ্ছাৰ বিৰুদ্ধে আৰু বলপূৰ্বক বা ভাবুকিৰ দ্বাৰা, শাৰীৰিক সম্পৰ্ক থকাটো আইনৰ দৃষ্টিত আটাইতকৈ জঘন্য অপৰাধ। যদি মহিলাগৰাকীৰ বয়স ১৬ বছৰৰ তলৰ হয়, মহিলাগৰাকীৰ ইচ্ছা আৰু অনিচ্ছাৰ কথা নাই দুয়োকেই ইয়াক অপৰাধী বুলি গণ্য কৰা হ’ব। আনহাতে, ২০১২ চনত দিল্লীত নিৰ্ভয়া গোচৰৰ পিছত, ধৰ্ষণৰ শাস্তি ‘মৃত্যুলৈকে’ হ’ব পাৰে বুলি ধাৰা ৩৭৬(ই) যোগ কৰিবলৈ ফৌজদাৰী প্ৰক্ৰিয়া বিধি সংশোধন কৰা হৈছিল।
ন্যায়াধীশ যাদৱে কয় যে মহিলাসকলক ফৌজদাৰী প্ৰক্ৰিয়া বিধিৰ সকলো শাখাত অন্তৰ্ভুক্ত কৰিব পাৰি যাৰ অধীনত “দলবদ্ধ ধৰ্ষণৰ সৈতে জড়িত ব্যক্তিসকলৰ” বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্ধাৰণ কৰা হয়। এই সন্দৰ্ভত তেওঁ কয়, “ব্যক্তি শব্দটোৰ অৰ্থ কেৱল এই ক্ষেত্ৰত সংকীৰ্ণ ভাৱে পুৰুষ নহয়। ”