তীৰ্থ বৰা, নগাঁও: অসম আৰক্ষীৰ এগৰাকী মহিলা কণিষ্টবলক ফৰিদাবাদৰ মেজিক এণ্ড আৰ্ট ইউনিভাৰ্চিটিয়ে প্ৰদান কৰিছে ডক্টৰেট সন্মান । এই সন্মান লাভ কৰা নগাঁও আৰক্ষীত কৰ্মৰত মহিলা কণিষ্টবল গৰাকী হৈছে জুনুমণি বৰা । নগাঁৱৰ ডিফলুৰ এই মহিলা গৰাকীয়ে ১৮০০ ছেকেণ্ডৰো অধিক সময় একেৰাহে চকুৰ টিপ নমৰাকৈ সূৰ্যলৈ চাই গঢ়িছিল বিশ্ব অভিলেখ ।
যাৰবাবে নাম অন্তভুর্ক্ত হৈছিল ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত । ইয়াৰোপৰি অভিনেত্ৰী আৰু গল্পকাৰ হিচাপেও পৰিচিত সৰবৰহী মহিলা জুনুমণি বৰাই এই অভিলেখৰ উপৰিও সামাজিক অৱদানৰ বাবে নেবকাছ ৰাষ্ট্ৰীয় বঁটা,ভাৰতৰত্ন ভূপেন হাজৰিকা নেচনেল এৱাৰ্ড,অসমীয়া নাৰী সন্মান,সমাজৰত্ন উপাধি আদিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা লাভ কৰিছে ডেৰকুৰিৰো অধিক বঁটা-সন্মান ।
শেহতীয়াকৈ ডক্টৰেট সন্মান লাভ কৰা নগাঁৱৰ মহিলা কণিষ্টবল গৰাকীক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ।