মেষ ৰাশি ফলাফল –
আজিৰ দিনটো কৰা দান-পূণ্যৰ কাম আপোনাক মানসিক শান্তি আৰু সন্তুষ্টি দিব। দিন শেষ হোৱাৰ ফালে আপোনাৰ ধন লাভ হব। আপুনি আপোনাৰ জীৱনৰ কিছু সময় আপোনাৰ হবি ,ইচ্চা পূৰণ কৰাত আৰু পৰিয়ালৰ সদস্যসকলক সহায় কৰাত অতিবাহিত কৰক। আজি আপুনি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ বাবে আপোনাৰ প্ৰেমাস্পদ দুখ পাব পাৰে। বহুুত বিখ্যাত ব্যক্তিৰ লগত উঠা-বহা কৰিলে আপোনাৰ নতুন যোজনা আৰু চিন্তা সমূহত বহুত অৰিহণা লাভ কৰিব। আজিৰ দিনাখন ঘটনা সমূহ ভাল হব কিন্তু সেই হিচাপে আপোনাক অশান্তিও প্ৰদান কৰিব ,যাৰ বাবে আপুনি ভাগৰ আৰু অসুবিধা অনুভৱ কৰিব। আজি আপুনি পুৱা বাহিৰত যাবলৈ ওলোৱাৰ সময়ত বিজুলী গুছি যোৱাত আপুনি বহুত সমস্যাৰ সন্মুখীন হব পাৰে।কিন্তু জীৱন সংগী ৰ ফালেদি এই বোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি বহুত সহায় লাভ কৰিব।
বৃষ ৰাশি ফলাফল –
অনিচ্ছাকৃত ভাৱে অহা চিন্তা ধাৰা সমূহ আপোনাৰ মগজুক নিয়ন্ত্ৰণ কৰিব নিদিব । শান্ত আৰু চিন্তিত নহ’বলৈ চেষ্টা কৰক, ইয়াৰ ফলত মানসিক দৃঢ়তা বাঢ়িব। যিবোৰ মানুহ পইচা ধাৰে ল’বলৈ আপোনাৰ কাষ চাপে ,তেখেত সকলক এৰাই চলক। কোনোবা এজন যাৰ লগত আপুনি একেলগে থাকে ,আপোনাৰ দায়িত্বহীনতা আৰু অনিশ্চিত ব্যৱহাৰৰ বাবে খঙ কৰিব পাৰে। কোনোবাই আপোনাক মনেদি প্ৰশংসা কৰিব। আজিৰ দিনাখন অফিচত পৰিৱেশ বহুত ভাল হৈ থাকিব। দিনটো কেনেকৈ ভাল কৰা যায় তাৰ বাবে নিজৰ বাবে সময় উলিওৱা শিকক। আপুনি এগৰাকী ভাল জীৱন লগৰী পোৱাৰ সকলো সুখ আজি অনুভৱ কৰিব ।
মিথুন ৰাশি ফলাফল –
বাহিৰত ঘুৰা মেলা তথা বন্ধু বৰ্গৰ লগত দূৰণিৰ ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। যিসকল বিবাহিত সিহতঁৰ আজি নিজৰ সন্তানৰ পঢ়া শুনাৰ ওপৰত বৃহৎ পৰিমাণৰ ধন খৰচ হব। আপোনাৰ জীৱন সংগী আপোনাক সহায় আগ -বঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হব। প্ৰেমৰ পিনেদি এই দিন বহুত বিশেষ হব। যদি আপুনি অনুভৱ কৰে যে বেলেগৰ সহায় অবিহনে কিবা গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে তেন্তে আপুনি বহুত ভুল ভাৱি আছে। জীৱনৰ আনন্দ ল’ব বাবে আপুনি আপোনাৰ বন্ধুসকলক সময় দিব লাগে।যদি আপুনি সমাজৰ পৰা দুৰ হৈ থাকে তেনেতে আৱশ্যকীয় সময়ত আপোনাক কোনো সহায় নকৰিব। আজি আপুনি গম পাব যে কিয় বিয়াৰ সম্পৰ্ক স্বৰ্গতে নিৰ্ধাৰণ হয় ।
কৰ্কট ৰাশি ফলাফল –
কামৰ হেচা আজি অলপ হতাশা আৰু ভাগৰতা লৈ আহিব। অতিৰিক্ত ধন আপুনি ৰিয়েল এষ্টেট ত নিৱেশ কৰিব পাৰে। আপোনাৰ নতুন পৰিযোজনা সমূহক লৈ আপোনাৰ মা-দেউতাকক বিশ্বাসত লোৱাৰ এয়াই সঠিক সময়। প্ৰেমৰ যাদু যেন আপোনাক নিয়ন্ত্ৰণ কৰাত কোনো প্ৰকাৰে বাদ দিয়া নাই , ইয়াক অনুভৱ কৰক। আজি কৰ্মক্ষেত্ৰত আপোনাৰ কাম কৰাৰ স্পৃহা ঘৰ ৰ সমস্যা লৈ কম থাকিব। এই ৰাশিৰ ব্যৱসায়ী সকল আজি নিজৰ অংশীদাৰৰ ওপৰত চকু দি থাকিব নহলে লোকচান হব পাৰে। আজি আপুনি সকলো কাম পেলাই থৈ সেইবোৰ কাম কৰিব পচন্দ কৰিব যিবোৰ আপুনি নিজৰ শৈশৱত কৰি ভাল পাইছিল। জীৱন সংগীৰ কাৰণে আজি আপুনি অনুভৱ কৰিব যে তেখেতৰ বাবে আপুনিয়ে সকলো।
সিংহ ৰাশি ফলাফল –
নাৰ্ভাচ ব্ৰেকডাউন আপোনাৰ ভৱাৰ শক্তিক আৰু শৰীৰৰ প্ৰতিৰোধ ক্ষমতাক কমাই দিয়ে ,ধনাত্মক চিন্তাৰ জৰিয়তে নিজকে বেমাৰৰ লগত যুঁজ দিবৰ বাবে উৎসাহিত কৰক। আজি আপোনাৰ মা দেউতাৰ মাজৰ যিকোনো এজনে পইচা সঞ্চয় কৰাৰ ওপৰত আপোনাক এটা সৰু সুৰা ভাষণ দিব পাৰে অৱশ্যে আপুনি এই কথাটো বহুত মনযোগ দি শুনাটো দৰকাৰ নহলে অদূৰ ভৱিষ্যতত আপুনি সমস্যাৰ সন্মুখীন হব পাৰে। আপুনি সৰু লৰা-ছোৱালী অথবা কম অনুভৱী লোকসকলৰ ধৈৰ্য ধৰি কাম কৰাৰ প্ৰয়োজন আছে। আজি আপুনি আপোনাৰ বন্ধুৰ সুগন্ধ তাৰ অনুপস্থিতিত অনুভৱ কৰিব। নিজৰ কামক লৈ আজি ব্যস্ত থাকক আৰু বেলেগৰ ভৰষা কৰি নাথাকিব সকলো কাম নিজে কৰিবলৈ চেষ্টা কৰিব কাৰণ আজি কোনো আপোনাৰ সহায় কৰিব নাহে। যদি আপুনি দীঘলীয়া সময়ৰ পৰা আপোনাৰ জীৱনত কিবা আকৰ্ষণীয় ঘটনা এটা হোৱাৰ বাবে অপেক্ষা কৰি আছে ,তেন্তে নিশ্চয় আপুনি তাৰ সংকেত আগতীয়াকৈ দেখা পাব পাৰে। বৈবাহিক জীৱনত এক জটিল সময় পাৰ কৰাৰ পিছত আজি আপুনি এক আশাৰ কিৰন দেখিবলৈ পাব।
কন্যা ৰাশি ফলাফল –
নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক, ইয়াৰ ফলত আপোনাৰ আত্ম-বিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ’ব যেনে ভয়, ঈৰ্ষা আৰু ঘৃণা আদি নকৰাত্মক মনোভাৱ কমি যাব। সেইবোৰ বিনিয়োগ যোজনা যি আপোনাক অনবৰতে আকৰ্ষিত কৰি আছে , সেইবোৰ বিষয়ত গভীৰ ভাৱে জনাৰ চেষ্টা কৰক আৰু যিকোনো পদক্ষেপ লোৱাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ নিশ্চয় লওক। জীৱন-সংগিনী আপোনাৰ ধুম্ৰ পাণৰ দৰে বদ-অভ্যাস এৰুৱাওৰ সময়ত বহুত সহায় কৰিব লগতে আপোনাৰ প্ৰেৰণাৰ মুখ্য উৎস তেখেতেই হব। আন বেয়া অভ্যাস এৰাবৰ বাবেও এয়াই ভাল সময় ,কাৰণ যেতিয়া মনোবল অটুট থাকে তেতিয়াই জটিল পদক্ষেপ লোৱা উচিত । আজি আপোনাৰ কাৰোবাৰ লগত চকুৰ চাৰিমিলন ঘটিব পাৰে-যদি আপুনি নিজৰ সমাজত উঠা- বহা কৰে। আপুনি নিজৰ তলতীয়া কৰ্মচাৰীৰ কাম চাই অসুখী হৈ যাব ,কাৰণ আপোনাৰ আশা কৰা মতে কাম নাই হোৱা। সেইবস্তু বোৰ পুনৰাবৃত্ত কৰাটো যাৰ আপোনাৰ জীৱনত কোনো মহত্ব নাই , আপোনাৰ বাবে ঠিক নহয়। এনেকুৱা কৰাৰ ফলত আপোনাৰ সময়ৰ অপচয় হব আৰু একো নহয়। বৈবাহিক জীৱনত এক জটিল সময় পাৰ কৰাৰ পিছত আজি আপুনি এক আশাৰ কিৰন দেখিবলৈ পাব।
তুলা ৰাশি ফলাফল –
মানসিক শান্তিৰ বাবে হতাশাৰ কাৰণ সমূহ সমাধান কৰক। কোনোবা ডাঙৰ সজাতি দল এটাত অংশীদাৰ হোৱাটো আপোনাৰ বাবে ভাল বুলি পৰিগণিঅত হব পাৰে,অৱশ্যে আপোনাৰ সেই হিচাপে খৰচো বাঢ়িব পাৰে। ঘৰৰ পৰিৱেশত অলপ সাল-সলনি কৰাৰ আগতে গোটেই পৰিয়ালৰ মতামত জানি লোৱাৰ চেষ্টা কৰক। বহুত দেৰিলৈকে আপোনাৰ প্ৰিয়জনক ফোন নকৰি তেখেতক বিৰক্ত কৰিব পাৰে। কামত মনোযোগ দিয়ক আৰু ভাবুক হোৱাৰ পৰা বাচক। অআজি যি ব্যক্তিয়ে আপোনাক লগ পাব তাৰ লগতেই বিনম্ৰ আৰু ভদ্ৰ ব্যৱহাৰ কৰিব ,বহুত কম মানুহেহে আপোনাৰ এই আকৰ্ষণীয় ব্যক্তন্ত্বৰ ৰহস্য জানিব পাৰে। আপুনি অথবা আপোনাৰ জীৱন সংগী আজি বিচনাত দুখ পাব পাৰে সেইবাবে এজনে আনজনৰ যত্ন লোৱাটো উচিত।
বৃশ্চিক ৰাশি ফলাফল –
আজি গোটেই দিন আপোনাৰ মুখত হাঁহি লাগি থাকিব আৰু অচিনাকী সমূহো চিনাকী যেন অনুভৱ হব। আজি আপুনি আপোনাৰ ঘৰৰ মানুহবোৰক ফুৰাব লৈ যাব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ধন খৰচ হব পাৰে আপোনাৰ জীৱন মুখী ব্যৱহাৰে ঘৰৰ পৰিৱেশ ভাল কৰি তুলিব ,কিছুমান লোক হে এনেকুৱা মানুহৰ আকৰ্ষণৰ পৰা বাচিব পাৰে,যাৰ ওচৰত ইমান ধুনীয়া হাঁহি আছে। যেতিয়া আপুনি অন্য লোকৰ লগত থাকিব তেতিয়া আপোনাৰ সুগন্ধি ফুলৰ দৰে চাৰিওফালে বিয়পি পৰিব। প্ৰেমৰ দিশেদি চাব গ’লে আজিৰ দিনটো অলপ কষ্টকৰ হব। আপোনাৰ তাত বহুত কিবা-কিবি আহৰণ কৰাৰ ক্ষমতা আছে -এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। যদি আপুনি বস্তু কিনিব গৈ আছে অথবা বজাৰ কৰিব গৈ আছে তেন্তে প্ৰয়োজনতকৈ বেছি খৰচ কৰাৰ পৰা বিৰত থাকক। আপোনাৰ জীৱন সংগীৰ ৰুক্ষ ব্যৱহাৰে আপোনাক গোটেই দিন অশান্তিৰ্দি থাকিব।
ধনু ৰাশি ফলাফল –
আপোনাৰ বেপৰোৱা স্বভাৱৰ বাবে স্বাস্থ্যত অসুবিধা ৰ সৃষ্টি হব পাৰে। আজি এই ৰাশিৰ চাকৰি বিচাৰি থকা কিছুমান লোকে চাকৰি পাব পাৰে আৰু সিহঁতৰ আৰ্থিক অৱস্থাৰ উন্নতি হব পাৰে। দূৰৰ আত্মীয়ৰ ইয়াৰ পৰা প্ৰাপ্ত আকস্মিক ভাল খবৰে আপোনাৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। আপুনি আজিয়ে আপোনাৰ প্ৰিয়জনক নিজৰ মনৰ বতৰা প্ৰকাশ কৰাৰ প্ৰয়োজন আছে ,কাৰণ আজিয়ে নক’লে কাইলৈ ৰখিলে বহুত দেৰি হৈ যাব। আপুনি আপোনাৰ সহযোগীৰ লগত ব্যৱসায়িক পৰিকল্পনা ইত্যাদি বাস্তৱত ৰূপায়িত কৰাত বহুত সমস্যাৰ সন্মুখীন হব । যেতিয়াই আপোনাৰ অনুভৱ হয় যে আপোনাৰ হাতত আপোনাৰ পৰিয়াল আৰু বন্ধুগণক দিবলৈ সময়ৰ অভাৱ তেতিয়াই আপোনাৰ মন বেয়া হৈ যায় ,আজিও আপোনাৰ মনৰ স্থিতি এনেকুৱাই থাকিব। আপোনাৰ জীৱন লগৰীৰ অসুখী স্বাস্থ্যৰ বাবে আপুনি বহুত চিন্তিত থাকিব পাৰে।
মকৰ ৰাশি ফলাফল –
বেমাৰ আপোনাৰ মন বেয়া হোৱাৰ এটা কাৰণ হব পাৰে। আপোনাৰ পৰিয়ালত সুখৰ পৰিৱেশ এটা বনাবলৈ অতি সোনকালে ইয়াৰ পৰা বাহিৰ হওক। চিন্তা নকৰাকৈ কাকো নিজৰ গাঁঠীৰ ধন বেলেগক দিব নালাগে, নহলে আহিবলগীয় সময়ত আপুনি ডাঙৰ সমস্যাৰ সন্মূখীন হব পাৰে। নিজৰ কিছু সময় বেলেগক দিয়াৰ বাবে এইটো খুব ভাল সময়। যেতিয়া আপুনি আপোনাৰ প্ৰিয়জনৰ লগত বাহিৰত যাব তেতিয়া সাজ-সজ্জা আৰু ব্যৱহাৰ এক নতুনত্ব আনক। যি কাম আপুনি নিজে কৰিব নিবিচাৰে ,বেলেঅক সেই কাম কৰাৰ বাবে চাপ নিদিব। আজি খালি থকা সময়ৰ সঠিক ব্যৱহাৰ কৰি পূৰণি বন্ধু সকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। ৰোমাঞ্চৰ পিনেদি চাব গলে আজি আপোনাৰ বৈবাহিক জীৱনৰ এটা ভাল দিন।
কুম্ভ ৰাশি ফলাফল –
নিজৰ বিচাৰ সমূহক ধনাত্মক ভাৱে ৰাখক ,কাৰণ আপোনাৰ ভয় নামৰ দানৱ এটাৰ লগত সন্মুখীন কৰিব পাৰে,নহ’লে আপুনি নিষ্ক্ৰিয় হৈ ইয়াৰ চিকাৰ হৈ পৰিব পাৰে। আজি আপুনি বহুত পইচা আয় কৰিব পাৰে -কিন্তু এই পইচা হাতৰ পৰা যাব নিদিব মানে খৰচ হব নিদিব। সম্বন্ধীয় আত্মীয়ৰ পৰা আপুনি সহায় লাভ কৰিব। সময়,কামকাজ ,পইচা, বন্ধু-বান্ধৱ ,আত্মীয় সকলো একপিনে আৰু আপুনি আৰু আপোনাৰ প্ৰিয়জন আন এক পিনে ,দুয়ো প্ৰেমতে বিলীন হৈ থাকিব, আজি আপোনালোক নিজৰ মুডতে থাকিব। আপোনাৰ আত্ম বিশ্বাস ত বৃদ্ধি হৈ আছে আৰু ইয়াত আপোনাৰ উন্নতি স্পষ্ট ভাৱে দেখা যাব। জীৱনৰ জটিলতা বুজিবলৈ আজি ঘৰ বৰিষ্ঠ জনৰ লগত আজি সময় অতিবাহিত কৰিব পাৰে। এই দিনটো আপোনাৰ বৈবাহিক জীৱনৰ আটাইতকৈ মৰমেৰে পূৰ্ণ দিনৰ ভিতৰত এটা দিন হব।
মীন ৰাশি ফলাফল –
নিজৰ স্বাস্থ্যৰ যত্ন লওক। জীৱনৰ বেয়া সময়ত ধন আপোনাৰ কামত আহিব সেইকাৰণে আজিৰ পৰা আপুনি অৰ্থ সঞ্চয় কৰাৰ কথা চিন্তা কৰক আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰৰ চাৰিওফালৰ লোককো প্ৰভাৱিত কৰিব। আপোনাৰ প্ৰেম কাহিনীয়ে আজি এক নতুন অধ্যায় প্ৰাপ্ত কৰাৰ পুৰ্ণ সম্ভাৱনা আছে , আপোনাৰ প্ৰেমাস্পদ আজি বিয়াৰ কথালৈ আপোনাৰ লগত কথা পাতিব পাৰে। এনেতে যিকোনো নিৰ্ণয় লোৱাৰ আগতে বিচাৰ বিবেচনা নিশ্চয় কৰিব। আজিৰ দিন হল ভাল প্ৰদৰ্শন কৰাৰ আৰু বিশেষ কাম কৰাৰ। আজি আপুনি আপোনাৰ জীৱনসংগীক চাৰপ্ৰাইজ দিব পাৰে , আপোনাৰ সকলো কাম এৰি আজি আপুনি তেখেতৰ লগত সময় অতিবাহিত কৰিব পাৰে। আপুনি অনুভৱ কৰিব যে বৈবাহিক জীৱন সচাঁকৈয়ে আপোনাৰ বাবে সৌভাগ্য কঢ়িয়াই আনিছে।