মেষ ৰাশি ফলাফল –
নিজৰ জীৱন সংগীৰ কথাত হস্তক্ষেপ কৰা বন্ধ কৰক। নিজৰ কামত কাম ৰাখিলেই আপোনাৰ ভাল হব, অলপ দখল দিলে একো নাই ,ইয়াতকৈ বেছি দিলে নিৰ্ভৰতা বাঢ়িব পাৰে। আৰ্থিক জীৱনৰ স্থিতি আজি ভাল বুলি কোৱা নাযাব, আজি আপোনাৰ ধন সঞ্চয় কৰাত বহুত সমস্যা হব পাৰে। আজিৰ দিনাখন আপুনি কিছুমান সমস্যাৰ সন্মুখীন হব পাৰে। যথাৰ্থবাদী ব্যৱহাৰ আকোৱালি লওক আৰু জনে আপোনাক সহায়ৰ হাত আগ-বঢ়াব তেখেতেৰ পৰা চম্ৎকাৰৰ আশা নকৰিব। আপুনি প্ৰথম দেখাতে কাৰোবাক ভাল পাব পাৰে। সহকৰ্মী আৰু বৰিষ্ঠ জনৰ পূৰ্ণ সহায় সহযোগিতাৰ বাবে অফিচত আপোনাৰ কাম বহুত দ্ৰুত গতিত সম্পূৰ্ণ হব। অৱসৰ সময়ত আজি আপুনি খেল ধুলা কৰিব পাৰে কিন্তু খেলি থাকোতে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে বাবে ভালকৈ থাকিব। যেতিয়া আপোনাৰ জীৱন সংগী সকলো মতানৈক্য পাহৰি আপোনাৰ ওচৰলৈ ঘুৰি আহিব ,তেতিয়া জীৱন অধিক ধুনীয়া হৈ পৰিব।
বৃষ ৰাশি ফলাফল –
মা-দেউতাকক অৱহেলা কৰিলে আপোনাৰ ভৱিষ্যতৰ সম্ভাৱনা শেষ হৈ যাব পাৰে।ভাল সময় বহুত বেছি দিন লৈকে নাথাকে ,মানুহৰ কৰ্ম ধ্বনি তৰংগৰ নিচিনা হয়, লাগত মিলি ই এক সংগীত তৈয়াৰ কৰে যি নিজৰ মাজত ঘৰ্ষণ কৰি সংগীত সৃষ্টি কৰে। আমি যি ৰুও সেইটোৱে পাওঁ। আজি আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হব পাৰে কিন্তু নিজৰ বিচাৰ বিবেচনাৰ জৰিয়তে আপুনি এই সমস্যাও সমাধান কৰিব সক্ষম হব। পূৰণি পৰিচিতৰ লগত মিলি-জুলি আৰু পূৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন হয়। বেলগৰ হস্তক্ষেপ আপোনাৰ গতিৰোধত বাধাৰ সৃষ্টি কৰিব। আপুনি যদি কৰ্মক্ষেত্ৰত ভাল ফল পাব বিচাৰিছে তেন্তে নিজৰ কামৰ প্ৰতি অধিক গুৰুত্ত্ব দিয়ক নহলৰ বচঁৰ দৃষ্টিত সদায় বেয়া হৈ থাকিব। কেতিয়াব মোবাইল চলাওতে চলাওতে সময়ৰ ক্থা মনতে নাথাকে , সময় অপচয় কৰাৰ পিছত আপোনাৰআনুভৱ হয় যে আপুনি ভুল কাম কৰিলে। জীৱন সংগীৰ বেয়া ব্যৱহাৰ আপোনাৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাব পাৰে।
মিথুন ৰাশি ফলাফল –
ভাগ্যৰ ওপৰত ভৰষা কৰি বহি নাথাকিব , আপোনাৰ স্বাস্থ্য আৰু জীৱন ভাল কাৰিবলৈ হ’লে আপুনি নিজে কষ্ট কৰিব লাগিব কাৰণ একো নকৰাকৈ বহি থাকিলে জীৱনত কোনো ধৰণৰ পৰিৱৰ্তন নাহিব। এতিয়া সময় আহি গৈছে যে আপুনি নিজৰ ওজন নিয়ন্ত্ৰণত আনক আৰু স্বাস্থ্য ভালে ৰাখিবৰ বাবে নিয়মিত ব্য়ায়াম কৰক । কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমান লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। আজিৰ দিনাখন অন্যৰ কথা শুনাত আৰু সেইবোৰত অমল কৰাত গুৰুত্ব প্ৰদান কৰক। যিসকল লোক প্ৰেমৰ সংগীতত ডুবি আছে সিহঁতেই অকল প্ৰেমৰ ৰাগৰ আনন্দ ল’ব পাৰে। আজিৰ দিনাখন আপুনি সেই সংগীতক অনুভৱ কৰিব পাৰে ,যি আপোনাক পৃথিৱীৰ আন সংগীত ক পাহৰাই দিব। আজি আপোনাৰ লাভ হব পাৰে ,যদিহে আপুনি একাগ্ৰতাৰে নিজৰ চিন্তা ধাৰা সমূহ প্ৰকাশ কৰিব পাৰে আৰু কামত এক উৎসাহৰ নিদৰ্শন দিব পাৰে। আপোনাৰ অতীতৰ লগত জড়িত কোনোবা ব্যক্তি আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে আৰু যাৰ ফলত আজি দিনটো স্মৰণীয় হৈ যাব। আজি বিবাহৰ পিনেদি চালে সকলো বোৰ বস্তু আজি আপোনাৰ দিশে ধাৱমান হোৱা পৰিলক্ষিত হব।
কৰ্কট ৰাশি ফলাফল –
উচ্চ কেলৰি যুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপুনি স্বাস্থ্য সন্মত হৈ থাকিব আৰু আপুনি অধিক ধাৰ্মিক ভাৱে থাকিব পাৰিব। মনোৰঞ্জন আৰু সৌন্দৰ্যৰ বৃদ্ধিৰ বাবে প্ৰয়োজনতকৈ অধিক সময় খৰচ নকৰিব। বন্ধু আৰু আত্মীয় আপোনাৰ সহায় কৰিব আৰু আপুনি সিহতৰ লগত বহুত সুখী অনুভৱ কৰিব। কামৰ চাপত মানসিক অৱস্থা আপোনাৰ বেয়া হব পাৰে আৰু সমস্যাৰ সন্মূখীন হব পাৰে,দিনৰ শেষত অধিক চিন্তিত নহ’ব আৰু বিশ্ৰাম কৰক। আপোনাৰ প্ৰফেশ্বনাল দক্ষতাক বৃদ্ধি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে ।আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে ,আপোনাৰ সকলো ক্ষমতাক আৰু ভাল কৰি আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। আপোনাৰ সংগী অকল আপোনাৰ পৰা অলপ সময় বিচাৰে কিন্তু আপুনি তেখেতক সময় দিব নোৱাৰে যাৰ বাবে তেখেত হতাশ হৈ যায়। আজি তেখেতৰ হতাশা স্পৰ্শ ভাৱে প্ৰকাশ পাব। যদি আপুনি আজি দিনটো ভালকৈ কটাব বিচাৰিছে তেন্তে চুপ-চাপে থকাই মংগল হব নহ’লে আপোনাৰ জীৱন সংগীৰ মন মেজাজ বেয়া হৈ যাব পাৰে।
সিংহ ৰাশি ফলাফল –
স্বাস্থ্য ভালে থাকিব। ৰিয়েল এষ্টেট সম্বন্ধি নিৱেশত আপোনাৰ ভালেমান লাভ হব। মা-দেউতাৰ লগত নিজৰ আনন্দ ভাগ বতৰা কৰক। সিহতক অনুভৱ কৰিব দিয়ক যে আপোনাৰ বাবে তেখেত বহুত গুৰুত্বপূৰ্ণ ,ইয়াৰ ফলত সিহঁতৰ নিঃ সংগতাৰ অনুভূতি দূৰ হব । আপোনাৰ জীৱনৰ কি লাভ যদি আমি এজনে আনজনক সহায় কৰিব নোৱাৰো আৰু জীৱনটো অলপ সহজ কৰিব নোৱাৰো। আজি আপোনাৰ হাহিঁত কোনো আৱেগ অথবা অৰ্থ নাথাকিব, নাথাকিব কোনো শব্দ না কোনো চন্দ কাৰণ আপোনজনৰ অনুপস্থিতিত মনটো যেন উকা উৰুঙা হৈ থাকিব। যি কাম আপুনি নিজে কৰিব নিবিচাৰে ,বেলেঅক সেই কাম কৰাৰ বাবে চাপ নিদিব। দিনৰ আৰম্ভণি কিমানেই ক্লান্তিকৰ নহওক কেলেই যেনেকৈ দিন আগ বাঢ়ি থাকিব তেনেকৈ আপোনাৰ ভাল ফল প্ৰাপ্ত হৈ থাকিব। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোব ঘনিষ্ঠক লগ কৰি এই সময়ৰ সদ ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ ঘৰুৱা সহায়কাৰী আজি কামত নহা বাবে আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত সমস্যাৰ সৃষ্টি হব পাৰে আৰু অশান্তিৰ সৃষ্টি হব পাৰে।
কন্যা ৰাশি ফলাফল –
আজি এটা সুখৰ দিন, আজি আপোনাৰ প্ৰত্যেকটো কাম আপোনাৰ মতে হ’ব। আজি কোনোবা লেনদাৰ আপোনাৰ ঘৰত আহি আপোনাৰ পৰা ধন ফিৰত বিচাৰিব পাৰে। আপুনি ধন ঘুৰাই দিয়াৰ পিছত আৰ্থিক ভাৱে দূৰ্বল হব। আপোনাক পৰামৰ্শ দিয়া হল যে ঋন লোৱাৰ পৰা বিৰত থাকক। পাৰিবাৰিক সমস্যা সমাধান কৰিবলৈ আপোনাৰ শিশুসুলভ ব্যৱহাৰে বহুত ডাঙৰ অৰিহণা যোগাব। ৰোমাাঞ্চৰ ফালেদি চাব গ’লে আজি বহুত ভাল দিন নহয়, কাৰণ আজি আপুনি সচা প্ৰেমক বিচাৰোতে বিফল হব। নতুন সম্পৰ্ক গঠন কৰাৰ বাবে আৰু ব্যৱসায়িক উদ্দেশ্যৰ বাবে কৰা যাত্ৰা লাভদায়ক বুলি প্ৰমাণিত হব। সেইসকল লোকৰ লগত মিলা-প্ৰীতি কমাই দিওঁক যাৰ লগত আপোনাৰ সময়ৰ অপচয় হয়। কোনোবা ধুনীয়া স্মৃতিৰ কাৰণে আপুনি আৰু আপোনাৰ জীৱন সংগীৰ মাজত থকা বিবাদ সমাপ্ত হব পাৰে, এইবাবে বাদ-বিবাদ হোৱা সময়ত পূৰণা দিনৰ স্মৃতি সতেজ কৰিবলৈ নাপাহৰিব।
তুলা ৰাশি ফলাফল –
আপোনাৰ ইচ্ছা আৰু উচ্চাকাংক্ষা সমূহত ভয়ৰ ছায়া পৰিব পাৰে । ইয়াৰ সন্মূখীন হবলৈ হলে আপুনি কাৰোবাৰ উপদেশ লওক। আজি আপোনাৰ মা দেউতাৰ মাজৰ যিকোনো এজনে পইচা সঞ্চয় কৰাৰ ওপৰত আপোনাক এটা সৰু সুৰা ভাষণ দিব পাৰে অৱশ্যে আপুনি এই কথাটো বহুত মনযোগ দি শুনাটো দৰকাৰ নহলে অদূৰ ভৱিষ্যতত আপুনি সমস্যাৰ সন্মুখীন হব পাৰে। সন্ধিয়াৰ সময়ত অলপ হাঁহিৰে ভৰা সময় নিজৰ সন্তানৰ লগত অতিবাহিত কৰক। প্ৰেমৰ শক্তিয়ে আপোনাক প্ৰেম কৰাৰ এক কাৰণ দিব। কিছুুমানৰ বাবে পাৰ্ট টাইম চাকৰি ভাল উপায় বুলি পৰিগণিত হব। আজি জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ কথা লৈ আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰিব পাৰে। আপোনাৰ কথা ঘৰৰ মানুহক চিন্তিত কৰি তুলিব পাৰে কিন্তু ইয়াৰ সমাধান নিশ্চয় ওলাব। আপোনাৰ জীৱন সংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হব ।
বৃশ্চিক ৰাশি ফলাফল –
নিজকে সৃজনাত্মক কামৰ লগত জড়িত কৰক ,আপোনাৰ এই বহি থাকি কৰা কামৰ বাবে মানসিক্ভাৱে আপোনাক শান্ত কৰিব পাৰে। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। আপোনাৰ উপযোগিতাৰ শক্তিক ধনাত্মক চিন্তা আৰু কথা বতৰাৰ জৰিয়তে বিকসিত কৰক যাতে আপোনাৰ পৰিয়ালৰ লাভ হওক। আজিৰ দিনাখন আপুুনি এক প্ৰাকৃতিক মনোমোহা দৃশ্য চাই অভিভুত অনুভৱ কৰিব। অফিচত এক আনন্দৰ পৰিৱেশৰ সৃষ্টি হব। নিজৰ আত্ম-বিশ্বাসৰ লাভ লওক ,বাহিৰলৈ ওলাই আহক আৰু কিছু নতুন সম্পৰ্ক তথা বন্ধু বনাওক। এইদিন টো বিবাহিত জীৱনৰ আটাইতকৈ বিশেষ দিনৰ ভিতৰত এটা দিন হব।
ধনু ৰাশি ফলাফল –
কোনোবা কাজিয়াখোৰ ব্যক্তিৰ লগত হোৱা বাদ বিবাদে আপোনাৰ মন বেয়া কৰিব পাৰে। জ্ঞানী দৰে চিন্তা কৰক আৰু যিমান দূৰ সম্ভৱ এইবোৰৰ পৰা আতৰি ফুৰক কাৰণ এইবোৰে আপোনাৰ একো ভাল নকৰিব। খৰচত বৃদ্ধি হব,কিন্তু লগতে আমদানী ত হোৱা বৃদ্ধিত ইয়াত হোৱা গোটেই খৰচ সন্তুলিত হৈ যাব। কোনোবাই আপোনাক অপকাৰ কৰিব চেষ্টা কৰিব বিচাৰিব। বহুত শক্তিশালী মানুহ আপোনাৰ বিৰুদ্ধে কাম কৰিব , আপুনি এনেকুৱা পদক্ষেপ লোৱাৰ পৰা বিৰত থাকিব লাগে যে যাৰ বাবে আপোনাৰ আৰু তেখেতৰ সাক্ষাতকাৰ হওক। যদি আপুনি হিচাপ সমান সমান কৰিব বিচাৰে তেন্তে এনেকুৱা পদ্ধতিতে কৰিব লাগিব। আজি সন্ধিয়া সময়ত প্ৰিয়জনৰ লগত কৰোবাত ফুৰিব গৈ ,লগতে ৰোমাণ্টিক ভাৱে ৰাতিৰ আহৰ গ্ৰহণ কৰাৰ বাবে আজি সকলোতকৈ ভাল দিন। নতুন গ্ৰাহকৰ লগত কথা পাতিবৰ বাবে আজি বহুত ভাল দিন । আজি আপুনি হঠাৎ ক’ৰবালৈ যাব লগা হ’ব পাৰে যাৰ ফলত ঘৰত সময় অতিবাহিত কৰিব বিচাৰা পৰিকল্পনাত যতি পৰিব পাৰে। আপুনি বভাৱে নেকি বিয়া অকল এটা চুক্তি ? যদি আপুনি হয় বুলি ভাৱে ,তেন্তে আজি আপুনি প্ৰকৃততা অনুভৱ কৰিব আৰু অনুভৱ কৰিব যে এইটো আপোনাৰ জীৱনৰ সকলোতকৈ ভাল ঘটনা আছিল।
মকৰ ৰাশি ফলাফল –
হতাশাৰ পৰা বাচিবৰ বাবে আপোনাৰ মূল্যৱান সময় আপোনাৰ সন্তানৰ লগত কটাওক। আপুনি সন্তানৰ উপচৰ্যা কৰাৰ বাবে এক অজান শক্তি অনুভৱ কৰিব, আপোনাৰ সন্তান পৃথিৱীৰ ভিতৰত সকলোতকৈ অধিক শক্তিশালী আৰু ভাৱনাত্মক জীৱ। সন্তানৰ লগত থাকিলে আপুনি নিজেও উৰ্জা লাভ কৰিব। আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাতো সক্ষম হব। আপোনাৰ আত্মীয় যাৰ স্বাস্থ্য বহুত দিনৰ বেয়া হৈ আছে তেখেতক আজি আপুনি দেখিব যাব পাৰে। আপোনাৰ হাঁহি আপোনাৰ প্ৰিয়জনৰ মনত সুখৰ লহৰ আনিবলৈ সকলোতকৈ ভাল উপাদান। আজি অনুভৱী লোক সমূহৰ লগত কথা পাতি জানিব বিচাৰক যে তেখেত সকল আপোনাক কি জ্ঞান দিব পাৰে। যাত্ৰা আৰু ভ্ৰমণ আপোনাক আনন্দ প্ৰদান কৰিব আৰু বহুত শিক্ষণীয়ও হব। জীৱন সংগীৰ লগত অলপ হাঁহি -খিকিন্দালি ,অলপ ধেমালিয়ে আপোনাৰ কৈশোৰৰ স্মৃতি ঘুৰাই অনাত সক্ষম হব।
কুম্ভ ৰাশি ফলাফল –
আপোনাৰ খোৱাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু সুস্থ থাকিবৰ বাবে নিয়মিত ব্যায়াম কৰক। আজিৰ দিনটোত আপুনি মাদ্যদ্ৰব্যৰ পৰা আতঁৰি থকাটো ভাল নহলে নিচা ৰ ৰাগিত আপুনি মূল্যৱান বস্তু হেৰুৱাব পাৰে। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে ,সিহতৰ লগত কথা -বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি ভাল দিন হব। আপোনাৰ প্ৰেমত আপুনি সমৰ্থন নাপাবও পাৰে। আজিৰ দিনাখন কাম কৰি থকা সময়ত আপুনি কোনো বিশেষ অসুবিধা নাপাব আৰু আপুনি এক বিজেতাৰ দৰে ওলাই আহিব। যদি আপুনি দীঘলীয়া সময়ৰ পৰা আপোনাৰ জীৱনত কিবা আকৰ্ষণীয় ঘটনা এটা হোৱাৰ বাবে অপেক্ষা কৰি আছে ,তেন্তে নিশ্চয় আপুনি তাৰ সংকেত আগতীয়াকৈ দেখা পাব পাৰে। জীৱন সংগীৰ লগত কিছু মতভেদ হব পাৰে দিনটোত কিন্তু সন্ধিয়া খোৱা সময়ত সকলো ভুল বুজাবুজি ভাল হৈ যাব।
মীন ৰাশি ফলাফল –
আপোনাৰ খঙ কেতিয়াবা আপোনালোকক বিপদত পেলাব পাৰে। এই ৰাশিৰ যিসকল লোক বিদেশত ব্যবসায় কৰে ভাল পৰিমাণৰ অৰ্থ লাভ হব পাৰে। কোনো পূৰণি বন্ধু সন্ধিয়া সময়ত ফোন কৰি নিজৰ স্মৃতি বিজৰিত ঘটনা সমূহ ৰোমন্থন কৰিব। অনাকাংক্ষিত ৰোমাণ্টিক আকৰ্ষণৰ সম্ভাৱনা আছে। অফিচত কিছু ধনাত্মক পৰিৱৰ্তন দেখিব পাব। আপোনাৰ কথা পতাৰ বা ভাৱ ব্যক্ত কৰাৰ শৈলী বহুত প্ৰশংসনীয় হব। আজিৰ দিন হল উন্মাদ হৈ যোৱাৰ ,কাৰণ আপুনি প্ৰিয়জনৰ লগত প্ৰেমৰ উচ্চতা অনুভৱ কৰিব।