Friday, November 8, 2024
Homeৰাশিফলকেনেদৰে যাব আপোনাৰ আজিৰ দিনটো,জানিবলৈ চাওঁক আজিৰ দিনটোৰ ৰাশিফল 

কেনেদৰে যাব আপোনাৰ আজিৰ দিনটো,জানিবলৈ চাওঁক আজিৰ দিনটোৰ ৰাশিফল 

 

মেষ ৰাশিঃ শিশুৰ লগত খেলি সময় অতিবাহিত কৰিলে ভাল আৰু সতেজ তথা সন্তুষ্ট লাভ কৰিব। আজি আপোনাৰ ভণ্টী বা ভাইটিৰ সহযোগত ধন লাভৰ যোগ আছে। যদি আপুনি আপোনাৰ ঘৰুৱা দায়িত্ব সমূহক নেদেখাৰ ভাও জোৰে তেন্তে কিছুমান এনেকুৱা লোক আপোনাক খঙ কৰিব পাৰে যি সকল আপোনাৰ লগত একেলগে বাস কৰে। সতেজ ফুলৰ দৰে আপোনাৰ প্ৰেমতো সতেজতা বাহাল ৰাখক। অংশীদাৰী ব্যৱসায়ত বিনিয়োগ কৰাৰ পৰা বিৰত থাকক,কাৰণ অংশীদাৰ সকল আপোনাৰ বেয়া ভাৱে লাভ উঠাব পাৰে। আজি আপুনি অফিচৰ পৰা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব, ফলস্বৰূপে মনত বহুত শান্তি পাবো। জীৱন সংগীৰ লগত অলপ হাঁহি -খিকিন্দালি ,অলপ ধেমালিয়ে আপোনাৰ কৈশোৰৰ স্মৃতি ঘুৰাই অনাত সক্ষম হ’ব।

শুভ নম্বৰ :- ৩
শুভ ৰং :- কেশৰী আৰু হালধীয়া

প্ৰতিকাৰ :- ঘৰত দূষিত পানী জমা হবলৈ নিদিব , এনে হলে আপোনাৰ কেৰিয়াৰত বেয়া প্রভাৱ পৰিব পাৰে।

বৃষ ৰাশিঃ মানসিক শান্তিৰ বাবে দান পূণ্যৰ কামত সহযোগিতা কৰক। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব । গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। কোনোবা পূৰণি পৰিচিত ব্যক্তি আপোনাৰ সমস্যাৰ কাৰণ হব পাৰে। আপোনাৰ প্ৰিয়জনৰ মুড আজি ভাল নহ’ব ,এইবাবে জানি-বুজি সকলো কাম কৰিব। ব্যযৱসায় আৰু অংশীদাৰৰ পৰা দূৰত থাকক। অৱসৰ সময়ৰ সঠিক ব্যৱহাৰ কৰা আপুনি শিকিবি লাগিব নহ’লে জীৱনত আপুনি বহু লোকৰ পিছ পৰি থাকিবলগীয়া হ’ব পাৰে। প্ৰয়োজনৰ সময়ত আপোনাৰ জীৱন সংগী আপোনাৰ মা-দেউতাতকৈ নিজৰ মা-দেউতাক অধিক গুৰুত্ব প্ৰদান কৰাটো আপোনাৰ পৰিলক্ষিত হ’ব।

শুভ নম্বৰ :-২
শুভ ৰং :- ৰূপালী আৰু বগা
প্ৰতিকাৰ :- পৰিয়ালত সুখ শান্তি বজাই ৰাখিবৰ বাবে ব্ৰাহ্মণ ক কেঁচা হালধি , 5 টা আঁহত গছৰ পাত , 1.25 কেজি হালধীয়া দালি, কেশৰ , সূৰ্যমুখী ফুল এটা আৰু হালধীয়া কাপোৰ এখন দান কৰক।

মিথুন ৰাশিঃ আপোনাৰ খোৱাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু সুস্থ থাকিবৰ বাবে নিয়মিত ব্যায়াম কৰক। আজি কাৰ্য্যক্ষেত্ৰ অথবা ব্যৱসায়ত আপোনাৰ এটা সৰু অৱহেলাই আপোনাৰ আৰ্থিক লোকচান কৰাব পাৰে। পৰিয়ালৰ সদস্যৰ লগত হাঁহি-খিকিন্দালিৰে ভৰা ব্যৱহাৰে ঘৰৰ পৰিৱেশক লঘু আৰু আনন্দৰে ভৰা কৰি তুলিব। আপোনাৰ প্ৰিয়জনৰ লগত অলপ মতভেদ হ’ব পাৰে লগতে আপোনাৰ লগৰীয়াক আপোনাৰ দৃষ্টি ভংগী বুজাত সমস্যাৰ সন্মূখীন হ’ব পাৰে। নিজৰ কামক লৈ আজি ব্যস্ত থাকক আৰু বেলেগৰ ভৰষা কৰি নাথাকিব সকলো কাম নিজে কৰিবলৈ চেষ্টা কৰিব কাৰণ আজি কোনো আপোনাৰ সহায় কৰিব নাহে। আজি ধাৰ্মিক কামত আপুনি সময় কটাব বিচাৰিব, এই সময়খিনিত আপুনি বিনাকথাৰ তৰ্ক নকৰিব। আজি আপোনাৰ জীৱন সংগী আপোনাৰ বাবে পৰ্যাপ্ত সময় ওলোৱাত অসম্ভৱ হ’ব।

শুভ নম্বৰ :- ৯
শুভ ৰং :- ৰঙা আৰু মেৰুণ
প্ৰতিকাৰ :- কেৰিয়াৰত সফলতা অর্জনৰ বাবে ঘৰত অথবা মন্দিৰত তিলৰ তেলেদি চাকি জলাওক।

কৰ্কট ৰাশিঃ নিজক শান্ত কৰি ৰাখক কাৰণ আজি আপুনি এনেকুৱা বহুত বাধাৰ সন্মুখীন হ’ব পাৰে , যাৰ বাবে আপুনি বহুত বিপদত পৰিব পাৰে। বিশেষকৈ আপোনাৰ খঙত নিয়ন্ত্ৰণ কৰক কাৰণ খঙ একো নহয় অকল অলপ সময়ৰ মানসিক বিকৃতি । আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব । গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। আপোনাৰ জীৱন সংগীৰ লগত অধিক বুজা-বুজি কৰিলে আপোনাৰ জীৱনত সুখ, সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমণ হ’ব। অলপ মনোমালিন্য হোৱাৰ পিছতো আজি আপোনাৰ প্ৰেম জীবন ভালে যাব , আপুনি নিজৰ সংগীক সুখ দিয়াত সফল হ’ব। ব্যৱসায়িক অংশীদাৰৰ সহযোগত আপুনি বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। দৰকাৰী কামক সময় নিদিয়া আৰু অদৰকাৰী কামত সময় অপচয় কৰা আজি আপোনাৰ বাবে ঘাতক প্ৰমাণিত হ’ব পাৰে। আপোনাৰ জীৱন লগৰী এগৰাকী দেৱদূতৰ দৰে সদায় আপোনাৰ যত্ন ল’ব।

শুভ নম্বৰ :- ৩
শুভ ৰং :- কেশৰী আৰু হালধীয়া
প্ৰতিকাৰ :- হনুমান মন্দিৰত গুৰ আৰু বুটৰ প্ৰসাদ নিবেদন কৰিলে স্বাস্থ্য ভালে যাব।

সিংহ ৰাশিঃ শাৰীৰিক আৰু মানসিক লাভৰ বাবে ধ্যান আৰু যোগা কৰাটো আপোনাৰ বাবে উপযোগী । ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হব লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ,যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। প্ৰেমৰ ফালেদি চাব গলে আজিৰ দিনটো বহুত ধুনীয়া ,প্ৰেমক সদায় উদযাপন কৰক। অফিচত আজি আপুনি বহুত প্ৰশংসা পাব। আজিৰ দিনাখন ঘটনা সমূহ ভাল হ’ব কিন্তু সেই হিচাপে আপোনাক অশান্তিও প্ৰদান কৰিব ,যাৰ বাবে আপুনি ভাগৰ আৰু অসুবিধা অনুভৱ কৰিব। বৈবাহিক জীৱনত বহুত ভাল বেয়া সময়ৰ পিছত আজিয়ে সেইটো দিন যিদিনা আপুনি এজনে আনজনৰ প্ৰতি থকা মৰম আৰু ভাল পোৱা সমূহ উপলব্ধি কৰিব।

শুভ নম্বৰ :- ২
শুভ ৰং :- ৰূপালী আৰু বগা
প্ৰতিকাৰ :- বগা ৰঙৰ গাই গৰুক ৰুটী খোৱালে আপোনাৰ স্বাস্থ্য ভালে থাকিব।

কন্যা ৰাশিঃ শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিক ভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগাৰ আশ্ৰয় লওক। অকল ভালকৈ ভাৱি চিন্তি কৰা নিৱেশৰ ফলত আপুনি লাভান্বিত হ’ব -এইকাৰণে নিজৰ আয়ৰ পইচা ভাৱি চিন্তি নিৱেশ কৰাতহে লাভ আছে। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব। আপোনাৰ প্ৰেমৰ এই সমন্ধত যেন এক যাদু আছে ,ইয়াৰ সৌন্দৰ্য অনুভৱ কৰক। আপোনাৰ কামৰ গুণাৱলী চাই বৰিষ্ঠ সকল বহুত সুখী হ’ব। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। আপোনাৰ জীৱন সংগী অন্য দিনতকৈ আজি আপোনাৰ অধিক যত্ন কৰিব।

শুভ নম্বৰ :- ৯
শুভ ৰং :- ৰঙা আৰু মেৰুণ
প্ৰতিকাৰ :- নিজৰ ইষ্ট-দেৱতা হালধীয়া ফুল অৰ্পন কৰক ইয়াৰ ফলত আৰ্থিক স্থিতি ভালে থাকিব।

তুলা ৰাশিঃ মনখুলি হাঁহক কাৰণ হাঁহি আপোনাৰ সকলো সমস্যাৰ আটাইতকৈ ফলজনক চিকিৎসা। আপোনাৰ পিতৃৰ পৰামৰ্শমতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যোগ আছে। আপোনাৰ বন্ধু অথবা আত্মীয়ক আপোনাৰ আৰ্থিক কাম-কাজ আৰু পইচা-পাতিৰ প্ৰদৰ্শন নকৰিব, নহ’লে অতি সোনকালে আপোনাৰ খৰচ বাজেটতকৈ অধিক হোৱা আৰম্ভ হ’ব। আপোনাৰ প্ৰপ্ৰিয়জন আপোনাৰ পৰা প্ৰতিশ্ৰুতি বিচাৰিব,কিন্তু এনেকুৱা প্ৰতিশ্ৰুতি নিদিব যি আপুনি সম্পূৰ্ণ কৰিব নোৱাৰে। যদি আপুনি প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্ক অটুট ৰাখে তেন্তে কেৰিয়াৰত আৰু অধিক উন্নতি কৰিব আৰু ডাঙৰ পদক্ষেপ কৰিব। আপুনি যদি বিচাৰে সমস্যা সমূহৰ হাহিঁমুখে সমাধান কৰিব আৰে অথবা তাৰ মাজত পৰি চিন্তিত হ২ব পাৰে , ইয়াৰ নিৰ্ণয় আপুনিয়ে ল’ব। আজিৰ দিনাখন জীৱন লগৰীৰ ওপৰত কৰা সন্দেহ আহিব লগীয়া দিন বোৰত আপোনাৰ বৈবাহিক জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাব।

শুভ নম্বৰ :-৩
শুভ ৰং :- কেশৰী আৰু হালধীয়া
প্ৰতিকাৰ :- সোণৰ হাৰ যিটো আপোনাৰ ককাঁললৈকে আহিব পিন্ধিলে সুস্থ-সবল গৃহস্থ জীৱন পাব

বৃশ্চিক ৰাশিঃ সফলতা ওচৰত থকা স্বত্ত্বেও আপোনাৰ শক্তি বহুত পৰিমাণে কমি যাব। আজি আপুনি আপোনাৰ সেই বন্ধুবোৰৰ পৰা দূৰত থাকিব যিসকলে আপোনাৰ পৰা পইচা ধাৰত লৈ ঘুৰাই নিদিয়ে। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্ব আছে। আজি কাৰোবাৰ লগত আপোনাৰ চাৰি চকুৰ মিলন হ’ব পাৰে। কিছুমান ব্য্যক্তি ব্যৱসায়িক আৰু শৈক্ষিক দিশত লাভ কৰিব। যেতিয়াই আপোনাৰ অনুভৱ হয় যে আপোনাৰ হাতত আপোনাৰ পৰিয়াল আৰু বন্ধুগণক দিবলৈ সময়ৰ অভাৱ তেতিয়াই আপোনাৰ মন বেয়া হৈ যায় ,আজিও আপোনাৰ মনৰ স্থিতি এনেকুৱাই থাকিব। জীৱন সংগী ৰ লগত আপুনি নিজৰ মনৰ সকলো কথা ভাগ বতৰা কৰিবৰ বাবে ভৰপুৰ সময় পাব।

শুভ নম্বৰ :- ৪
শুভ ৰং :- মটীয়া আৰু ছাই ৰং
প্ৰতিকাৰ :- ভৰিৰ দুই আঙুলিত ক’লা আৰু বগা সূতা মিলাই বান্ধিলে স্বাস্থ্যত বহুত উন্নতি আহে।

ধনু ৰাশিঃ তেল আৰু মছলাযুক্ত খাদ্য গ্ৰহণৰ পৰা বিৰত থাকক। ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়ীৰ মুখত হাহিঁ বিৰিঙাবলৈ সক্ষম হ’ব। আজিৰ দিনাখন বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য লোক সকলৰ ধ্যান নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। এক ধুনীয়া খবৰৰ বাবে আজিৰ দিনটো প্ৰসন্নতা আৰু আনন্দৰে ভৰি পৰিব। অংশীদাৰ ব্যৱসায়ে লাভত কৈ অধিক আপোনাক সমস্যা প্ৰদান কৰিব , কোনোবাই আপোনাৰ বেয়া দিশেদি লাভ উঠাব পাৰে আৰু তাৰ বাবে আপুনি নিজকে খঙ কৰিব পাৰে। নিজৰ সন্তানক আজি সময়ৰ সদ্ব্যৱহাৰকৰিবলৈ উপদেশ দিব। যদি আপুনি নিজৰ জীৱন সংগীৰ পৰা মৰম-স্নেহৰ আশা কৰি আছে,তেন্তে আজিৰ দিনাখন আপোনাৰ এই আশা পূৰণ হ’ব পাৰে।

শুভ নম্বৰ :- ১
শুভ ৰং :- সুমথিৰা আৰু সোণালী
প্ৰতিকাৰ :- পায়স বনাই লৈ সফলতা পূৰ্ণ কৰ্মজীৱনৰ বাবে বয়সীয়াল মহিলাসকলক খুৱাওক।

মকৰ ৰাশিঃ ঘৰুৱা সমস্যা আপোনাক মানসিক অশান্তি দিব পাৰে। আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হ’ব। অন্যক প্ৰভাৱিত কৰিবৰ বাবে আপোনাৰ ক্ষমতা আপোনাক ধনাত্মক বস্তু বহুত প্ৰদান কৰিব।। দিনটোক বিশেষ কৰিবলৈ মৰম আৰু উদাৰতাৰ সৰু-সৰু উপহাৰ বেলেগক দিয়ক। নতুন পৰিযোজনা আৰু খৰচ কৰাৰ পৰা বিৰত থাকক। সময়ৰ সদ্ব্যৱহাৰ কৰিবৰ বাবে আপুনি আজি পাৰ্কত ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে কিন্তু তাত কোনোবা অচিনাকি লোকৰ লগত আপোনাৰ তৰ্ক হোৱাৰ বাবে আপোনাৰ মন বেয়া হৈ যাব। আপোনাৰ জীৱন সংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হ’ব ।

শুভ নম্বৰ :- ১
শুভ ৰং :- সুমথিৰা আৰু সোণালী
প্ৰতিকাৰ :- তামৰ খাৰু পিন্ধিলে স্বাস্থ্য ভালে থাকিব।

কুম্ভ ৰাশিঃ গৰ্ভৱতী মহিলা সমূহৰ বাবে বহুত ভাল দিন । চলা ফিৰা আৰু ফুৰা চকা সময়ত বিশেষ ধ্যান ৰখা উচিত। উপদেশ অবিহনে আজি কতো ধন বিনিয়োগ নকৰিব। যি সকল লোক আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ , সিহঁতে আপোনাৰ বেয়া ভাৱে লাভ উঠাব বিচাৰিব। আপোনাৰ সততা আৰু মৰমেৰে ভৰা প্ৰেমত যাদু কৰাৰ ক্ষমতা আছে। বৰিষ্ঠ সহকৰ্মী আৰু আত্মীয় আপোনাক সহায়ৰ হাত আগ বঢ়াব । খেলা-ধূলা জীৱনৰ অবিচ্ছেদ্য অংশ কিন্তু খেলা-ধুলাত ইমানো ব্যস্ত নহ’ব যে আপোনাৰ পঢ়াত ইয়াৰ প্ৰভাৱ পৰক। আপুনি আৰু আপোনাৰ জীৱনলগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক সুৱনি কৰি তুলিব।

শুভ নম্বৰ :- 8
শুভ ৰং :- ক’লা আৰু নীলা
প্ৰতিকাৰ :- ভাটৌ চৰাইক জলকীয়া খুৱাওঁক।

মীন ৰাশিঃ স্বাস্থ্য ভালে থাকিব। জীৱন সংগীৰ লগত পইচাৰ বিষয়লৈ তৰ্ক বিতৰ্ক হব পাৰে । আজি আপোনাৰ অযথা খৰচ কৰা অভ্যাসৰ ওপৰত আপোনাৰ সংগীয়ে আপোনাক সৰু সুৰা ভাষণ এটা দিব পাৰে। ঘৰ সলনি কৰাৰ বাবে আজি বহুত ভাল দিন। বেলগৰ হস্তক্ষেপ আপোনাৰ গতিৰোধত বাধাৰ সৃষ্টি কৰিব। এই ৰাশিৰ জাতক সকল কৰ্মক্ষেত্ৰত লগাত কৈ অধিক কথা কোৱাৰ পৰা বিৰত থাকক নহলে আপোনাৰ ছবিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব ।এই ৰাশিৰ ব্যৱসায়ীসকলক পূৰণা বিনিয়োগৰ বাবে লোকচান হ’ব পাৰে। যদি কৰোবাত বাহিৰত যোৱাৰ পৰিকল্পনা আছে তেনেতে এই যোজনা শেষ সময়ত বাতিল হৈ যাব পাৰে। জটিল সময়ৰ পৰা ওলোৱাত আপোনাক আপোনাৰ জীৱন সংগীয়ে ইমান এটা সহযোগ নিদিব।

শুভ নম্বৰ :- ৬
শুভ ৰং :- স্বচ্ছ আৰু গুলপীয়া
প্ৰতিকাৰ :- যিকোনো কামৰ বাবে বাহিৰত যোৱা সময়ত কপালত ৰঙা টিকা পৰিধান কৰি গ’লে আৰ্থিল পক্ষ সবল হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments