মেষ ৰাশি –আজি আপোনাক বিশ্ৰামৰ বহুত প্ৰয়োজন লগতে ঘনিষ্ঠ বন্ধু আৰু আত্মীয় তথা পৰিয়ালৰ সদস্যৰ লগত অলপ সময় অতিবাহিত কৰাটো জৰুৰী। যিসকলে আত্মীয়ৰ পৰা পইচা ধাৰলৈ লৈছিল আজি সেই ঋণ তেখেত সকলে কিবা প্ৰকাৰে হলেও ঘুৰাবলগীয়া হব পাৰে। এক পাৰিবাৰিক আয়োজনত আপোনাৰ সকলো ধ্যান কেন্দ্ৰীভূত হব। চোছিয়েল মিডিয়াত প্ৰিয়জনৰ আগৰ কিছুমান পষ্ট দেখিব ,এইবোৰ চাই আপুনি বহুত ভাল অনুভৱ কৰিব। ব্যৱসায়িক আলোচনাৰ মাজত কথকী আৰু ভাৱুক নহব ,যদি আপুনি নিজৰ কথাক নিয়ন্ত্ৰণত নাৰাখে তেন্তে আপুনি অতি সহজতে প্ৰতিষ্ঠা ভূমিত মিলাই দিব পাৰে। কোনো খবৰ নিদিয়াকৈ আপোনাৰ কোনোব দুৰৰ আলহী আপোনাৰ ঘৰত আহিব পাৰে যাৰ বাবে আপোনাৰ মূল্যৱান সময় তেখেতক আপ্যায়ন কৰোতে গুছি যাব। জীৱন সংগীৰ লগত এক বঢ়িয়া দিন অতিবাহিত হব পাৰে।
বৃষ ৰাশি – আজি আপোনাাৰ স্বাস্থ্য ভালে থাকিব,যাৰ বাবে আপোনাৰ সফলতা আৰু সোনকালে হ’ব। এনেকুৱা প্ৰত্যেক বস্তুৰ পৰা দূৰত থাকক যাৰ ফলত আপোনাৰ শক্তিৰ অপচয় হওক। আজি ধন লাভ হোৱাৰ সম্ভাৱনা আছে যদিও আপোনাৰ খঙাল স্বভাৱৰ বাবে আপুনি অৰ্থ লাভৰ সক্ষম নহবও পাৰে। পৰিয়ালৰ সদস্য সমূহৰ লগত অলপ অৱসৰৰ সময় অতিবাহিত কৰক। আজি আপুনি আপোনাৰ বন্ধুৰ সুগন্ধ তাৰ অনুপস্থিতিত অনুভৱ কৰিব। নতুন যোজনা সমূহ আকৰ্ষক হব আৰু ভাল আমদানি ৰ এক বাট বুলি পৰিগণিত হব। আজি আপুনি এনেকুৱা ব্যৱহাৰ কৰক যেনিবা আপুনি এজন বিখ্যাত ব্যক্তি ,কিন্তু আজি অকল প্ৰশংসাৰ যোগ্য কাম হে কৰক। বিয়াৰ আগৰ ধুনীয়া দিনৰ স্মৃতিখিনি আজি সতেজ হব পাৰে ,সেই আগৰ দৰে ঘুৰি ফুৰা, হাঁহি -ধেমালি ,আৰু ফূৰ্তি ইত্যাদি বোৰে আপোনালোকৰ বাবে উপহাৰ।
মিথুন ৰাশি – সন্দেহযুক্ত স্বভাৱৰ বাবে আপুনি পৰাজয়ৰ সন্মুখীন হব পাৰে। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব । গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। নিজৰ অতিৰিক্ত সময় নিঃস্বাৰ্থ সেৱাত অৰ্পন কৰক ,এই কামে আপোনাক আৰু আপোনাৰ পৰিয়ালক সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। মন বেয়া নকৰিব, কেতিয়াব বিফলতাৰ সোৱাদ পোৱাটো একো বেয়া কথা নহয় , এয়া তো জীৱনৰ এক সৌন্দৰ্য। অফিচৰ কথা যদি কয় তেনেতে আজি আপোনাৰ টীমৰ সকলোঅতকৈ অধিক অস্থিৰ ব্যক্তি আজি বহুত বুধিয়কৰ দৰে কথা কব। আজি কোনোবা সহকৰ্মীৰ লগত সময় কটাব পাৰে কিন্তু অন্তত আপোনাৰ অনুভৱ হ’ব যে আপুনি অকল সময় বৰবাদ কৰিলে আৰু একো নহয়। জীৱন সংগী আজি অলপ অধিক আত্ম কেন্দ্ৰিকৰ দৰে ব্যৱহাৰ কৰিব।
কৰ্কট ৰাশি – আজিৰ দিনটোত আপোনাক ফুৰ্ত্তিৰ সৰু সৰু যাত্ৰাবোৰ আৰু সামাজিক মেল মিটিং আদিয়ে সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন পাৰম্পৰিক ভাৱে নিৱেশ কৰক। আপোনাৰ ঘনিষ্ঠ লোকৰ সন্মুখত এনেকুৱা কথা নকব যি কথাই সিহঁতক দুখ দিব পাৰে। আজি আপুনি প্ৰেমৰ অভাৱ অনুভৱ কৰিব পাৰে। আজিৰ দিনাখন আপুনি অফিচত কিবা এটা ভাল কৰিব পাৰে। এই ৰাশিৰ ছাত্ৰ-ছাত্ৰী আজি নিজৰ মূল্যৱান সময় নষ্ট কৰিব পাৰে।আজি মোবাইল বা টিভিত প্ৰয়োজনতকৈ বেছি সময় নষ্ট কৰিব পাৰে।। দিনত জীৱন সংগীৰ লগত তৰ্ক কৰাৰ অন্তত আপোনালোকে এক ধুনীয়া সন্ধিয়া অতিবাহিত কৰিব পাৰিব।
সিংহ ৰাশি – আজি ফুৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। পৰিয়ালৰ কোনোবা এগৰাকী সদস্যৰ বেমাৰৰ বাবে আপোনাৰ আৰ্থিক সমস্যা হব পাৰে , অৱশ্যে আপুনি এই সময়ত ধনৰ কথা চিন্তা নকৰি তেখেতৰ শাস্থ্যৰ কথা চিন্তা কৰাটোহে বেচি প্ৰয়োজনীয়। আপোনাৰ কথা আৰু কৰ্মৰ ফলত যাতে কোনো মনত আঘাত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক আৰু ভালভাৱে চলিব চেষ্টা কৰক। পাৰিবাৰিক প্ৰয়োজনৰ প্ৰতিও লক্ষ্য ৰাখিব অনাকাংক্ষিত ৰোমাণ্টিক আকৰ্ষণৰ সম্ভাৱনা আছে। আপোনাৰ অংশীদাৰ আপোনাৰ নতুন যোজনা সমূহ আৰু চিন্তা তথা বিচাৰ সমূহক সমৰ্থন কৰিব। খালী থকা সময়ৰ সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈও নিজৰ পচন্দৰ কাম কৰিব লাগে।এনেকুৱা কৰাৰ বাবে আপোনাৰ ধনাত্মক পৰিৱৰ্তন হব। আজি আপুনি আৰু জীৱন সংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে।
কন্যা ৰাশি – কোনোবা সন্ত পুৰুষৰ আশীৰ্বাদে আপোনাৰ মনত মানসিক শান্তি প্ৰদান কৰিব। আপোনাৰ মনোকামনা আৰু আশা প্ৰাৰ্থনাৰ জৰিয়তে পূৰ্ণ হব আৰু সৌভাগ্য আপোনাৰ পিনে আহিব আৰু লগতে অহা দিন বোৰত আপোনাৰ কৰি অহা কষ্ট সমূহ সফল হব। আপুনি সৰু লৰা-ছোৱালী অথবা কম অনুভৱী লোকসকলৰ ধৈৰ্য ধৰি কাম কৰাৰ প্ৰয়োজন আছে। অলপ মনোমালিন্য হোৱাৰ পিছতো আজি আপোনাৰ প্ৰেম জীবন ভালে যাব , আপুনি নিজৰ সংগীক সুখ দিয়াত সফল হব। যি ব্যক্তি কলা আৰু ৰংগ মঞ্চৰ লগত জড়িত সিহঁতক আজি নিজৰ কৌশল দেখুৱাবলৈ বহুত সুযোগ প্ৰাপ্ত হব। আজি আপুনি অৱসৰ সময়ত নতুন কাম এটা কৰিব পাৰে কিন্তু এই কামটোত আপুনি ইমান ব্যস্ত হৈ পৰিব যে আপোনাৰ জৰুৰী কামো এৰা খাই যাব পাৰে। সময়ৰ অভাৱৰ বাবে আপোনালোক দুয়ো জনৰ মাজত নিৰাশা অথবা কুণ্ঠতা ভাৱ আহিব পাৰে।
তুলা ৰাশি – ব্যস্ততা ভৰা দিন হোৱা স্বত্তেও আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। আপুনি বেলেগৰ ওপৰত অধিক খৰচ কৰিব পাৰে। পাৰিবাৰিক সমাৰোহ অথবা অনুষ্ঠান আৰু মহত্বপূৰ্ণ উৎসৱৰ বাবে এয়া এক ভাল দিন হিচাপে বিবেচিত হব। নিজৰ প্ৰিয়জনৰ পূৰণি কথা বোৰৰ বাবে ক্ষমা কৰি দিয়ক ,যি আপোনাৰ জীৱন ভাল কৰাত অৰিহনা যোগাব। এই ৰাশিৰ ব্যৱসায়ী সকল আজি কোনোবা ঘনিষ্ঠই দিয়া ভুল উপদেশৰ বাবে চিন্তিত থাকিব। চাকৰি কৰাবোৰও আজি সাৱধানে চলা উচিত। এই ৰাশিৰ বয়সীয়াল লোকসকল আজি খালি সময়ত পূৰণী মিত্ৰক লগ কৰিব যাব পাৰে। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হব পাৰে।
বৃশ্চিক ৰাশি – আজিকালিৰ মনোৰঞ্জনৰ লগত বাহিৰৰ গতিবিধি তথা খেল ধেমালিও সংযোগ কৰিব লাগে। এই কথা ভালকৈয়ে বুজি লওক যে দুখৰ সময়ত আপোনাৰ সঞ্চিত ৰাশিয়ে কামত আহিব সেয়ে আজিয়ে ধন সঞ্চয় কৰাৰ কথা বিচাৰ কৰক। আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব লগতে জীৱনগামী আৰু শক্তিৰে ভৰা ব্যৱহাৰ আপোনাৰ ওচৰে পাজৰে থকা লোকসকলোকো সুখী কৰি তুলিব। ৰোমাাঞ্চৰ ফালেদি চাব গ’লে আজি বহুত ভাল দিন নহয়, কাৰণ আজি আপুনি সচা প্ৰেমক বিচাৰোতে বিফল হব। সন্তোষজনক পৰিণাম পাবৰ বাবে কামক যোজনাবদ্ধ ভাৱে কৰিব চেষ্টা, অফিচত সমস্যা সমাধান কৰিবলৈ গ’লে মানসিক অশান্তিৰ সন্মূখীন হব পাৰে। হিতকাৰী গ্ৰহ আজি এনেকুৱা কাৰণ সৃষ্টি কৰিব যাৰ ফলত আপুনি সুখৰ অনুভতি লাভ কৰিব। কোনোবা অচিনাকী ব্যক্তি আপোনাৰ জীৱনত বহুত আগ্ৰহ দেখুৱাব পাৰে,কিন্তু দিনৰ অন্তত আপুনি অনুভৱ কৰিব যে ইয়াত কিবা ভুল আছে।
ধনু ৰাশি – আপোনাৰ হিংসা প্ৰবৃতি আপোনাক দুখী আৰু হতাশ কৰিব পাৰে কাৰণ এই খিনি অকল আপোনাক কষ্ট দিব পাৰে সেইবাবে আপুনি যিমান পাৰে সোনকালে এইবোৰ বাদ দিয়ক। বেলেগৰ লগত সুখ দুখৰ ভাগ বটৰা কৰিলে আপোনাৰ স্বভাৱ ভাল হব। আপুনি পইচা আয় কৰিবলৈ বহুত উৎসৰ সন্ধান পাব। আপোনাৰ ঘনিষ্ঠ লোক সমূহে আপোনাৰ জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। একপক্ষীয় ভাল লগা আপোনাৰ মন ভঙাৰ কাম কৰিব। আপোনাৰ মানুহক নিয়ন্ত্ৰণ কৰা স্বভাৱ সমালোচনাৰ কাৰণ হব পাৰে। আজি আপুনি সকলো কাম পেলাই থৈ সেইবোৰ কাম কৰিব পচন্দ কৰিব যিবোৰ আপুনি নিজৰ শৈশৱত কৰি ভাল পাইছিল। অধিক খৰচ কৰাৰ বাবে জীৱন সংগীৰ লগত অলপ বিবাদ হব পাৰে।
মকৰ ৰাশি – আজি আপুনি খেলা ধুলাত অংশগ্ৰহণ কৰিব পাৰে যি আপোনাক সুস্থ কৰি ৰাখিব। ব্যৱসায়ীসকলৰ আজি ব্যৱসায়ত লোকচান হব পাৰে আৰু ব্যৱসায় ভাল কৰিবৰ বাবে পইচা খৰচ কৰিব লগাত পৰিব পাৰে। যদি আপুনি পাৰ্টী কৰাৰ কথা ভাৱি আছে তেন্তে আপুনি নিজৰ ভাল বন্ধুসকলক এই অনুষ্ঠানত মাতক ,এনেকুৱা লোক সকলৰ উপস্থিতিয়ে আপোনাৰ উৎসাহ বহু গুণে বঢ়াব। আপোনাৰ সংগী আপোনাৰ ভাল চিন্তা কৰে বাবে মাজে মাজে আপোনাক খঙো কৰে, তেখেতে খং কৰিলে আপুনি বেয়া নাপাই তেখেতৰ কথা বুজিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক অংশীদাৰৰ সহযোগত আপুনি বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। যাত্ৰা কৰাটো লাভদায়ক কিন্তু খৰচী বুলি প্ৰমাণিত হব। যদি আপুনি নিজৰ জীৱন সংগীৰ সৰু সৰু কথা সমূহক গুৰুত্ব প্ৰদান নকৰে তেন্তে তেখেতে বেয়া পাব পাৰে।
কুম্ভ ৰাশি – নিজৰ চিন্তা ধাৰা আৰু উৰ্জা অথবা শক্তি সেইবোৰ কামত লগাওক যিবোৰ সপোন আপুনি দিঠকত পৰিণত কৰিব পাৰে ,অকল আকাশত চাং পাতি থাকিলে একো নহ’ব । এতিয়া আপোনাৰ লগত এইটোয়ে সমস্যা যে আপুনি চেষ্টা নকৰি অকল ইচ্ছা হে কৰে। আজি কোনোবা নিকটৱৰ্তী ব্যক্তিৰ লগত আপোনাৰ কাজিয়া হব পাৰে আৰু কথা আদালতলৈকে যাব পাৰে। যাৰ ফলত আপোনাৰ ভালেখিনি ধন খৰচ হব পাৰে। কামৰ চিন্তাই আপোনাৰ মগজুত বেয়া প্ৰভাৱ পেলাব পাৰে,যাৰ বাবে পৰিয়াল আৰু বন্ধু-বান্ধৱৰ বাবে সময় উলিয়াব নোৱাৰিব। গোটেই বিশ্বব্ৰহ্মাণ্ডৰ শক্তি যেন আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত সোমাই আছে, কাৰণ প্ৰেমৰ অনুভূতি বোৰ এনেকুৱাই , আপুনিয়েই সেই ভাগ্যৱান যি এই অনুভৱ অনুভূতি লাভ কৰিছে। কাম আৰু ঘৰৰ চাপ আপোনাক খঙাল কৰিব পাৰে। আজি আনে আপোনাৰ বিষয়ে কি ভাৱে সেইবিষয়ে আপুনি গুৰুত্ব নিদিয়ে ।আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিবও নিবিচাৰিব আৰু সম্পূৰ্ণ একান্ত ভৱে সময় কটাব বিচাৰিব। বিবাহ এক দৈৱিকীও আশীৰ্বাদ হয় আৰু আপুনি আজি এই কথাটো অনুভৱ কৰিব।
মীন ৰাশি – আজি আপুনি উৰ্জা আৰু শক্তিদি ভৰপূৰ হ’ব,আপুনি যি কাম সাধাৰণতে কৰোতে একদিন লাগে সেই কাম আজি আপুনি আজি আধা দিনতে সম্পুৰ্ন কৰিব পাৰিব। মনোৰঞ্জন আৰু সৌন্দৰ্যৰ বৃদ্ধিৰ বাবে প্ৰয়োজনতকৈ অধিক সময় খৰচ নকৰিব। কিছুমান লোকৰ বাবে পৰিয়ালত আনন্দ আৰু উল্লাস ৰ মুহুৰ্ত লৈ আহিব। শাৰীৰিক ব্যায়ামৰ যেন এতিয়া কোনো প্ৰয়োজন নাই , আপুনি যে অনবৰতে প্ৰেমৰ ভাৱনাতে ডুব গৈ থাকে এটা সময়ত সকলো সুযোগ যেনে চাকৰি আৰু ব্যৱসায়ৰ নতুন প্ৰস্তাৱ একেলগে আহিব ,আপোনাৰ দিন বহুত ধুনীয়া হব। আজিৰ দিনটো আপুনি বহুত ব্যস্ত থাকিব কিন্তু গধূলিৰ সময়ত আপুনি নিজৰ পচন্দৰ কাম কৰিবৰ বাবে পৰ্যাপ্ত সময় পাব। সৰু সৰু কথাক লৈ আপোনাৰ আৰু জীৱন সংগীৰ মাজত চলি থকা বিবাদ আপোনাৰ বৈবাহিক জীৱন অধিক জটিল হৈ পৰিব পাৰে । সেইবাবে অন্যৰ কথা শুনি নিজৰ জীৱন টো দুৰ্বিসহ কৰি নেপেলাব।