মেষ ৰাশি ফলাফল
কোনো কাৰণ অবিহনে নিজৰ কথা আলোচনা কৰি থাকিলে আপোনাৰ আত্ম বিশ্বাস কম কৰি দিব পাৰে। প্ৰয়োজনতকৈ অধিক খৰচ আৰু চাতুৰীৰে ভৰা আৰ্থিক যোজনাৰ পৰা দূৰত থাকক। আপোনাৰ জীৱন-সংগীৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ উঠিব পাৰে আৰু তেখেতক চিকিৎসকৰ প্ৰয়োজন আছে। প্ৰেমৰ দিশেদি আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন হ’ব লগতে আনন্দৰে ভৰপূৰ হ’ব। আত্মীয় উন্নতি আৰু সমৃদ্ধিৰ বাবে নতুন যোজনা আপোনাৰ ওচৰত আনিব। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব সম্ভাৱনা আছে। খালি সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। আপোনাৰ আৰু জীৱনসংগীৰ মাজত আজি বিবাদ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে যাৰ অদূৰ ভৱিষ্যতৰ পৰিণাম বৈবাহিক জীৱনত নঞাৰ্থক প্ৰভাৱ পেলাব পাৰে।
বৃষ ৰাশি ফলাফল
যেনেকৈ মছলা আৰু সঠিক পৰিমাণৰ জ্বলাই খোৱাবস্তুৰ সোৱাদ বঢ়াই তোলে ঠিক তেনেকৈ অলপ দুঃখৰ এই জীৱনত প্ৰয়োজন আছে আৰু তেতিয়াহে আপুনি সুখৰ প্ৰকৃত মূল্য বুজি পাব। জীৱন সংগীৰ লগত পইচাৰ বিষয়লৈ তৰ্ক বিতৰ্ক হব পাৰে । আজি আপোনাৰ অযথা খৰচ কৰা অভ্যাসৰ ওপৰত আপোনাৰ সংগীয়ে আপোনাক সৰু সুৰা ভাষণ এটা দিব পাৰে। সেইসকল লোকৰ লগত কিছু সময় অতিবাহিত কৰক ,যি আপোনাক ভাল পায় আৰু আপোনাৰ যতন লয় আপোনাৰ প্ৰিয়জনক আজি নিৰাশ নকৰিব কাৰণ এনেকুৱা কৰা বাবে পিছত গৈ আপুনি পৰিতাপ কৰিব লগীয়া হব পাৰে। অংশীদাৰৰ ব্যৱসায়ৰ এক নতুন পৰিযোজনা আৰম্ভ কৰিবৰ বাবে এয়া এক ভাল দিন হব ,ইয়াৰ ফলত সকলোৰে লাভ হব ,কিন্তু অংশীদাৰৰ লগত হাত মিলোৱাৰ আগতে ভাল কৈ চিন্তা-চৰ্চা কৰি লওক। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে আজি এক বহুত শুভ দিন। আপোনাৰ জীৱন লগৰীৰ লোকচানৰ বাবে আপুনি বহুত চিন্তিত থাকিব ,কিন্তু তেখেত আপোনাৰ বাবে কিছু বঢ়িয়া কাম কৰিব পাৰে।
মিথুন ৰাশি ফলাফল
নিজক শান্ত কৰি ৰাখক কাৰণ আজি আপুনি এনেকুৱা বহুত বাধাৰ সন্মুখীন হ’ব পাৰে , যাৰ বাবে আপুনি বহুত বিপদত পৰিব পাৰে। বিশেষকৈ আপোনাৰ খঙত নিয়ন্ত্ৰণ কৰক কাৰণ খঙ একো নহয় অকল অলপ সময়ৰ মানসিক বিকৃতি । আপোনাৰ মন ত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। কোনোবা দূৰৰ আত্মীয়ৰ পৰা হঠাৎ পোৱা খবৰে আপোনাৰ দিন ভাল কৰি দিব পাৰে। ব্যক্তিগত সম্বন্ধ বহুত সংবেদনশীল আৰু কোমনীয় হয়। আজিৰ দিনাখন জানি বুজি পদক্ষেপ লোৱা উচিত,এই কাৰণে তেতিয়ালৈকে আপুনি নিজৰ চিন্তা ধাৰা ব্যক্ত কৰিব নালগে যেতিয়ালৈকে আপুনি সফলতাৰ বাবে নিজকে আশ্বাসত লব নোৱাৰে। সেইবস্তু বোৰ পুনৰাবৃত্ত কৰাটো যাৰ আপোনাৰ জীৱনত কোনো মহত্ব নাই , আপোনাৰ বাবে ঠিক নহয়। এনেকুৱা কৰাৰ ফলত আপোনাৰ সময়ৰ অপচয় হব আৰু একো নহয়। কোনোবা বন্ধু অথবা ওচৰ- চুবুৰীয়া অথবা আত্মীয়ৰ বাবে আপোনাৰ বৈবাহিক জীৱনত বাক -বিতণ্ডতা হব পাৰে।
কৰ্কট ৰাশি ফলাফল
উচ্চ কেলৰি যুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপুনি স্বাস্থ্য সন্মত হৈ থাকিব আৰু নিয়মিত ব্যায়াম কৰক। আজিৰ দিনটোত এনেকুৱা বস্তু কিনি ৰখা ভাল হব ,যাৰ দাম আগলৈ গৈ বাঢ়িব পাৰে। আত্মীয় আৰু বন্ধু ৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। অকল এবাৰ আপুনি নিজৰ প্ৰিয়জনক একেবাৰৰ বাবে নিজৰ কৰি লওক তেন্তে জীৱনত আপোনাৰ আৰু একো বস্তুৰে প্ৰয়োজন নাই ,এই কথাক বহুত গভীৰ ভাৱে আপুনি হৃদয়ংগম কৰিব। অন্য ই আপোনাৰ পৰা বহুত সময় দাবী কৰিব পাৰে , সিহঁতক যিকোনো প্ৰতিশ্ৰুতি দিয়াৰ আগতে এইটো চাই লওক যে আপোনাৰ কাম যাতে তাৰ ফলত প্ৰভাৱিত নহয় আৰু লগতে আপোনাৰ উদাৰ স্বভাৱ আৰু সুহৃদয়তাৰ যাতে তেখেতে বেয়া লাভ নুঠায়। আজি যিমান পাৰে লোকৰ পৰা দুৰত থাকক। বেলেগক সময় দিয়াতকৈ নিজক সময় দিওঁক। জীৱন লগৰীৰ লগত আত্মিকতা আজি আপোনাক সুখী কৰিব।
সিংহ ৰাশি ফলাফল
নিঃসংগতা আৰু হতাশাৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিয়ালৰ লগত সময় অতিবাহিত কৰক। উপদেশ অবিহনে আজি কতো ধন বিনিয়োগ নকৰিব। পাৰিবাৰিক সমস্যা সমাধান কৰিবলৈ আপোনাৰ শিশুসুলভ ব্যৱহাৰে বহুত ডাঙৰ অৰিহণা যোগাব। আজি আপোনাৰ হাহিঁত কোনো আৱেগ অথবা অৰ্থ নাথাকিব, নাথাকিব কোনো শব্দ না কোনো চন্দ কাৰণ আপোনজনৰ অনুপস্থিতিত মনটো যেন উকা উৰুঙা হৈ থাকিব। আপোনাৰ অংশীদাৰ আপোনাৰ নতুন যোজনা সমূহ আৰু চিন্তা তথা বিচাৰ সমূহক সমৰ্থন কৰিব। জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পচন্দৰ কামো কৰাত সফল হব। যদি আপুনি নিজৰ জীৱন সংগীৰ সৰু সৰু কথা সমূহক গুৰুত্ব প্ৰদান নকৰে তেন্তে তেখেতে বেয়া পাব পাৰে।
কন্যা ৰাশি ফলাফল
আজি আপুনি অফিচৰ পৰা সোনকালে ওলাব চেষ্টা কৰক আৰু সেই কাম কৰক যি কাম আপোনাৰ কৰি সচাকৈয়ে ভাল লাগে। আজি আপোনাৰ ভণ্টী বা ভাইটিৰ সহযোগত ধন লাভৰ যোগ আছে। ঘৰুৱা বিষয় সমূহত অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে ।আপোনাৰ ফালৰ পৰা হোৱা ভুলৰ বাবে আপুনি বহুত লোকচান ভৰিব লাগে। কামৰ চাপত মানসিক অৱস্থা আপোনাৰ বেয়া হব পাৰে আৰু সমস্যাৰ সন্মূখীন হব পাৰে,দিনৰ শেষত অধিক চিন্তিত নহ’ব আৰু বিশ্ৰাম কৰক। আপোনাৰ কঠিন পৰিশ্ৰম আজি পুৰস্কৃত হব কাৰণ আজি আপোনাৰ পদোন্নতি হব পাৰে। আৰ্থিক লাভৰ বিষয়ে ভাৱিৱ নালাগে কাৰণ আগলৈ গৈ আপোনাৰ বহুত লাভ হব। আজি আপুনি গোটেই দিন পৰিয়ালৰ লগত সময় কটাব ফলত আপুনি সম্বন্ধৰ বান্ধ কেনেকুৱা বুজি পাব। জীৱন সংগীৰ স্বাস্থ্য আজি অলপ বেয়াৰ ফালে ঢাল খাব পাৰে।
তুলা ৰাশি ফলাফল
আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব কিন্তু যাত্ৰা আপোনাৰ বাবে ভাগৰ আৰু হতাশা কঢ়িয়াই আনিব। আৰ্থিক দিশত শুধৰণি হোৱাৰ বাবে প্ৰয়োজনীয় বস্তু কিনাত সুবিধা হব। কোনো চিঠি অথবা ই-মেইল গোটেই পৰিয়ালৰ বাবে ভাল খবৰ কঢ়িয়াই লৈ আহিব। আপুনি চিন্তা কৰাৰ কোনো আৱশ্যক নাই,আপোনাৰ মনত জমা হোৱা সকলো দুখ আজি বৰফৰ দৰে গলি যাব। আজি কৰ্মক্ষেত্ৰত হঠাৎ আপোনাৰ কামৰ পৰ্যাৱেক্ষণ হব পাৰে, এনেতে আপুনি যদি কিবা ভুল কৰিছে তেনে তাৰ পৰিণতি আপুনি ভুগিব লাগিব , এই ৰাশিৰ ব্যৱসায়ীসকল আজি নিজৰ ব্যৱসায়ক নতুন দিশ দিয়াৰ বাবে চিন্তা চৰ্চা কৰিব। যেতিয়া আপোনাৰ পৰা পৰামৰ্শ বিচাৰা হয় তেতিয়া সংকোচ নকৰিব ,কাৰণ ইয়াৰ বাবে আপুনি বহুত প্ৰশংসা লাভ কৰিব। জীৱন লগৰীৰ পূৰ্ণ সহযোগ নোপোৱা বাবে আপুনি আজি নিৰাশ হৈ পৰিব পাৰে
বৃশ্চিক ৰাশি ফলাফল
বহুতদিনৰ পৰা অনুভৱ হৈ থকা ভাগৰতা আৰু অশান্তিৰ পৰা আপুনি আৰাম পাব। এই সমস্যা সমূহৰ পৰা স্থায়ী ভাৱে পৰিত্ৰাণ পাবৰ বাবে জীৱন-শৈলীত সাল-সলনি অনাৰ প্ৰয়োজন আছে। আজি আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হব পাৰে কিন্তু নিজৰ বিচাৰ বিবেচনাৰ জৰিয়তে আপুনি এই সমস্যাও সমাধান কৰিব সক্ষম হব। যি সকল লোক আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ , সিহঁতক কিছুমান কথা বুজোৱাত আপুনি অধিক জটিলতাৰ সন্মুখীন হব পাৰে। প্ৰেমত নিৰাশাই আপোনাক বেজাৰ কৰিব পাৰে। যদি আপুনি পোনপটীয়াকৈ উত্তৰ নিদিয়ে তেন্তে আপোনাৰ সহযোগী বেয়া পাব পাৰে। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশিৰ গৃহিনী সকল গোটেই দিন আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰিব। আপোনাৰ জীৱন সংগীৰ আব্দাৰ বোৰে আপোনাক আশান্তি প্ৰদান কৰিব পাৰে।
ধনু ৰাশি ফলাফল
বন্ধু আজি আপোনাক কোনোবা বিশেষ মানুহৰ চিনাকী কৰাই দিব ,যিয়ে আপোনাৰ জীৱনত এক গভীৰ প্ৰভাৱ পেলাব। জীৱন সংগীৰ শাৰিৰীক অৱস্থা বেয়া হোৱা বাবে আপোনাৰ ধন খৰচ হব পাৰে কিন্তু ইয়াত চিন্তাৰ কোনো কাৰণ নাই কিয়নো ধন এনেকুৱা বিপদৰ সময়ৰ বাবেহে জমা কৰা হয়। ঘৰত সংবেদনশীল বিষয় সমূহক সমাধান কৰিবলৈ আপুনি আপোনাৰ প্ৰভাৱ আৰু বুদ্ধিদীপ্ততাৰ প্ৰয়োগ কৰিব লাগিব পাৰে। সুখী আৰু আনন্দিত থাকক আৰু প্ৰেমৰ বাটত অহা প্ৰত্যেক বাধাৰ সন্মূখীন হোৱাৰ বাবে তৈয়াৰ থাকক। দিনৰ আৰম্ভণিৰ পৰা শেষলৈকে নিজৰ শক্তিৰ কম অনুভৱ নকৰিব। যাত্ৰাৰ ফলত সোনকালে লাভ নহ’ব কিন্তু ইয়াৰ বাবে ভাল ভৱিষ্যতৰ খুটি পুতিব পাৰে। বিয়া অকল এটা ঘৰত একেলগে থকাৰ নাম নহয়, পৰস্পৰে পৰস্পৰৰ লগত সময় অতিবাহিত কৰাও সিমানেই দৰকাৰী।
মকৰ ৰাশি ফলাফল
সামাজিক মিলাপ্ৰীতি আদিৰ প্ৰতি থকা ভয় ভাৱে আপোনাক বিচলিত কৰি তুলিব পাৰে, নিজৰ আত্ম বিশ্বাসক বঢ়াওক ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ। দিন শেষ হোৱাৰ ফালে আপোনাৰ ধন লাভ হব। নৱজাত শিশুৰ বেয়া স্বাস্থ্যৰ বাবে সমস্যাৰ সৃষ্টি হব পাৰে ।এইফালে অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। ডাক্টৰ ৰ পৰা ভালকৈ পৰামৰ্শ লওক কাৰণ অৱহেলা আৰু দায়িত্বহীনতাই আপোনাৰ স্বাস্থ্যৰ অৱস্থা বেছি বেয়া কৰিব পাৰে। আপোনাৰ সংগী আপোনাৰ ভাল চিন্তা কৰে বাবে মাজে মাজে আপোনাক খঙো কৰে, তেখেতে খং কৰিলে আপুনি বেয়া নাপাই তেখেতৰ কথা বুজিবলৈ চেষ্টা কৰিব। যিকোনো ব্য্যৱসায় কৰাৰ আগতে এবাৰ নিজৰ অন্তৰ আত্মাক শুধি চাব আৰু সেইমতে আগ বাঢ়িব। আজি আপুনি সকলো কাম পেলাই থৈ সেইবোৰ কাম কৰিব পচন্দ কৰিব যিবোৰ আপুনি নিজৰ শৈশৱত কৰি ভাল পাইছিল। আত্মীয়ৰ বাবে জীৱন সংগীৰ লগত বাদ-বিবাদ হব পাৰে, কিন্তু অন্তত সকলো সমস্যাৰ সমাধান হৈ যাব।
কুম্ভ ৰাশি ফলাফল
শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিক ভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগাৰ আশ্ৰয় লওক। মা-দেউতাৰ সহায়ৰ বাবদ আপুনি আৰ্থিক লোকচানৰ পৰা বাহিৰ ওলাব পাৰিব। বিবাদ,মতভেদ আৰু বেলেগৰ আপোনাক সমালোচনা কৰাৰ অভ্যাস টোক গুৰুত্ব নিদিব। আজি প্ৰিয়জনৰ এক নতুন দিশ আপুনি দেখিব পাৰিব। কাম কৰাৰ বাবে সুযোগ আপোনাৰ চিনাকি মহিলা সহকৰ্মীৰ ফালৰ পৰা আহিব পাৰে। ঘৰত পোৱা পুৰণি বস্তু এটা চাই আপুনি সুখী হব আৰু গোটেই দিন সেই বস্তুটো চাফা কৰাত অতিবাহিত কৰিব পাৰে। আজি আপুনি অনুুভৱ কৰিব যে আপোনাৰ জীৱন সংগীয়ে আপোনাৰ চিৰন্তনৰ লগৰী আৰু তেখেতেই আপোনাৰ একমাত্ৰ লগৰী।
মীন ৰাশি ফলাফল
আজি আপুনি উদ্দীপনাৰ যাদু পৃথিৱীত বিচৰণ কৰি আছে। যদিও পইচা আজি আপোনাৰ হাতৰ পৰা অধিক কৈ খৰচ হৈ থাকিব ,কিন্তু আপোনাৰ কুণ্ডলীত থকা ভাল নক্ষত্ৰ সমূহৰ বাবে আপোনাৰ অভাৱ নহ’ব। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব।। আজি প্ৰেমৰ জুইত লাহে লাহে কিন্তু অনবৰতে জ্বলি থাকিব। সতেজ অনুভৱ কৰিবৰ বাবে আৰু মনোৰঞ্জনৰ বাবে আজি এক বঢ়িয়া দিন ,কিন্তু যদি আপুনি আজি কাম কৰি আছে তেন্তে ব্যৱসায়িক লেন্ন-দেন সাৱধানেৰে কৰক। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব সম্ভাৱনা আছে। খালি সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। আপোনাৰ জীৱন সংগীক চাৰ প্ৰাইজ দি থাকক,নহ’লে তেখেতে নিজকে আপোনাৰ জীৱনত নিজক মহত্বহীন বুলি ভাৱিব ধৰিব।