Friday, November 8, 2024
Homeৰাশিফলকেনেদৰে যাব আপোনাৰ আজিৰ দিনটো, জানিবলৈ চাওঁক আজিৰ দিনটোৰ ৰাশিফল 

কেনেদৰে যাব আপোনাৰ আজিৰ দিনটো, জানিবলৈ চাওঁক আজিৰ দিনটোৰ ৰাশিফল 

মেষ ৰাশি: আজি আপোনাৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। বহুত দিনৰ পৰা পৰি থকা বিষয় এটা আৰু নতুনকৈ হোৱা খৰচে আপোনাৰ মন আৰু মগজুত অনবৰতে আৱৰি থাকিব। আপোনাৰ জীৱন সংগীৰ লগত প্ৰেম,নিজস্বতা আৰু মৰম অনুভৱ কৰক। আপোনাৰ উৰ্জা জাতীয় শক্তি আজি বহুত উচ্চমানৰ থাকিব -কাৰণ আপোনাৰ প্ৰিয়জন আপোনাৰ বাবে বহুত আনন্দ আৰু সুখ কঢ়িয়াই লৈ আহিব। আপোনাৰ সহকৰ্মী আৰু তলতীয়া কৰ্মচাৰী আজি আপোনাক বহুত চিন্তাজনিত কাৰণ দিব পাৰে। প্ৰেমাস্পদক সময় দিব চেষ্টা কৰিব কিন্তু লাগতিয়াল কাম এটা আহি পৰাত আপুনি এই পৰিকল্পনাত সফল হব নোৱাৰিব। এইটো কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা ,কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰে পৰস্পৰৰ লগত সংযুক্ত হৈ যাব।

 

বৃষ ৰাশি: আজিৰ দিনটোত আপোনাক ফুৰ্ত্তিৰ সৰু সৰু যাত্ৰাবোৰ আৰু সামাজিক মেল মিটিং আদিয়ে সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। অৰ্থ্নৈতিক দিশত শক্তিশালী হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিলে তেন্তে সেই পইচা ঘুৰাই পোৱাৰ সম্ভাৱনা আছে। আপুনি নিজৰ দৈনন্দিন কামৰ পৰা ছুটী লৈ আজি বন্ধুৰ লগত সময় অতিবাহিত কৰিব পাৰে,লগতে ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে। প্ৰেম ঈশ্বৰক উপাসনা কৰাৰ দৰে পৱিত্ৰ হয়। এই প্ৰেমে আপোনাক ধৰ্ম তথা আধ্যাত্মিকতাৰ দিশত লৈ যাব পাৰে। কাম-কাজৰ ফালেদি চালে আজিৰ দিনটো সুচাৰু ৰূপে পাৰ হব । আজি মানুহ আপোনাৰ বহুত প্ৰশংসা কৰিব ,যি আপুনি শুনিব বিচাৰি আছিল। আজি জীৱন টো বহুত ধুনীয়া হৈ পৰিব,কাৰণ আপোনাৰ জীৱন লগৰী আপোনাৰ বাবে কিছুমান বিশেষ যোজনাৰ পৰিকল্পনা কৰিছে।

 

মিথুন ৰাশি: আজি আপোনাৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। বেপাৰ-বাণিজ্যত আজি বিশেষ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি নিজৰ ব্যৱসায়ক এক উচ্চ স্তৰ প্ৰদান কৰিব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব দিয়া আপোনাৰ প্ৰাথমিকতা হব লাগে। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰাটো অতিকৈ প্ৰয়োজনীয়, যাতে আপোনালোক এজনে আনজনক ভালকৈ বুজি পায়। আজিৰ দিনাখন জানি বুজি পদক্ষেপ লোৱা উচিত,এই কাৰণে তেতিয়ালৈকে আপুনি নিজৰ চিন্তা ধাৰা ব্যক্ত কৰিব নালগে যেতিয়ালৈকে আপুনি সফলতাৰ বাবে নিজকে আশ্বাসত লব নোৱাৰে। আজিৰ সময়ত নিজৰ বাবে সময় উলিওৱা বহুত কঠিন। তথাপি আজি এনেকুৱা এটা দিন যেতিয়া আপোনাৰ নিজৰ বাবে বহুত সময় থাকিব। বাহিৰৰ মানুহ আপোনাৰ বৈবাহিক জীৱনত হস্তক্ষেপ কৰিলে আপোনাৰ জীৱনত বহুতো সমস্যাৰ উৎপন্ন হব পাৰে।

 

কৰ্কট ৰাশি: স্বাস্থ্যৰ অধিক যতন লোৱা উচিত। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব-অন্য লোকক আগতে দিয়া পইচা আজি ঘুৰাই পাব পাৰে অথবা যিকোনো নতুন পৰিযোজনা ত পইচা লগাই ধন আৰ্জিব পাৰে। পাৰিবাৰিক সদস্যৰ সহায় আপোনাৰ প্ৰয়োজনৰ ধ্যান ৰাখিব। যিসকল লোক এতিয়ালৈকে অকলশৰীয়া আছিল আজি সিহতঁৰ কোনোবা বিশেষ মানুহৰ লগত ভেট হব পাৰে অৱশ্যে কথা আগবঢ়োৱাৰ আগত এইটো নিশ্চয় জানি লব যে তেখেত যাতে আগৰ পৰা বেলেগৰ লগত কোনো প্ৰেম জনিত সম্বন্ধৰ লগত জড়িত নহয়। যিকোনো ব্য্যৱসায় কৰাৰ আগতে এবাৰ নিজৰ অন্তৰ আত্মাক শুধি চাব আৰু সেইমতে আগ বাঢ়িব। কৰ্মক্ষেত্ৰত আজি কাম এটা ৰৈ থকা বাবে আপোনাৰ সন্ধিয়াৰ মূল্যৱান সময়খিনি অপচয় হৈ যাব পাৰে। কিছুমান মানুহে বিবাহ সম্পৰ্ক টো অকল কাজিয়া আৰু যৌন সম্পৰ্কক কেন্দ্ৰ কৰি ঘূৰি থাকে বুলি কব খোজে, কিন্তু আজি আপুনি সকলোবোৰ অৱস্থা শান্ত বুলি অনুভৱ কৰিব।

 

সিংহ ৰাশি: আজি খেল ধূলা ত অংশগ্ৰহণ কৰাটো জৰুৰী ,কাৰণ চিৰযৌৱনৰ ৰহস্য এইটোৱে হয়। আপোনাৰ কোনোবা বন্ধু আজি আপোনাৰ পৰা বৃহত পৰিমাণৰ ধন ঋণ হিচাপে বিচাৰিব পাৰে যদি আপুনি তেখেতক এই পৰিমাণৰ ধন দি দিলে আপুনি আৰ্থিক ভাৱে দূৰ্বল হৈ পৰিব। সন্ধিয়া সময়ত বন্ধুৰ লগত কটোৱা সময় বহুত বঢ়িয়া হব। যেতিয়া আপুনি আপোনাৰ প্ৰিয়জনৰ লগত বাহিৰত যাব তেতিয়া সাজ-সজ্জা আৰু ব্যৱহাৰ এক নতুনত্ব আনক। এই ৰাশিৰ জাতক সকল কৰ্মক্ষেত্ৰত লগাত কৈ অধিক কথা কোৱাৰ পৰা বিৰত থাকক নহলে আপোনাৰ ছবিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব ।এই ৰাশিৰ ব্যৱসায়ীসকলক পূৰণা বিনিয়োগৰ বাবে লোকচান হব পাৰে। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰ জন আপোনাৰ সহায় কৰিব পাৰে । আপোনাৰ জীৱন লগৰী মৰমেৰে আপোনাৰ সকলো সমস্যা মুহুৰ্ততে দূৰ কৰি দিব পাৰে।

 

কন্যা ৰাশি: আপোনাৰ ৰুক্ষ স্বভাৱে আপোনাৰ জীৱন সংগীৰ লগত অসুবিধাৰ সৃষ্টি কৰিব পাৰে।যিকোনো এনেকুৱা কাম কৰাৰ আগত ইয়াৰ পৰিণাম আগতে ভাৱি লোৱা উচিত,যদি সম্ভৱ হয় তেতে আপোনাৰ মন ভাল কৰিবলৈ আপুনি ক’ৰবাত বেলেগ ঠাইত যাওক। আপোনাৰ পিতৃৰ পৰামৰ্শমতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যোগ আছে। অন্যক প্ৰভাৱিত কৰিবৰ বাবে আপোনাৰ ক্ষমতা আপোনাক ধনাত্মক বস্তু বহুত প্ৰদান কৰিব।। জীৱনত এক নতুনত্ব আহিব পাৰে ,যি প্ৰেম আৰু ৰোমাঞ্চক এক নতুনত্ব প্ৰদান কৰিব পাৰে। যি খ্যতি আৰু পুৰস্কাৰৰ আশা আপুনি কৰি আছিল ,সেইখিনি পিছলৈ ৰখি যাব পাৰে আৰু তাৰ ফলত আপুনি হতাশাৰ সন্মুখীন হব পাৰে। এই ৰাশিৰ জাতকসকল আজি এনে বহি থকা সময়ত আধ্যত্মিক কিতাপৰ অধ্যয়ন কৰা ভাল। এনেকুৱা কৰিলে আপোনাৰ বহুত সমস্যা সমাধান হব পাৰে। আপুনি আৰু আপোনাৰ জীৱনলগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক সুৱনি কৰি তুলিব।

 

তুলা ৰাশি: আপোনাৰ খঙ কেতিয়াবা আপোনালোকক বিপদত পেলাব পাৰে। যি আপোনাৰ পৰিয়ালৰ মানুহবোৰক বিবুধিত পেলাই দিব পাৰে। সেইবোৰ লোক ভাগ্যৱান হয় যি নিজৰ খঙক নিয়ন্ত্ৰণ কৰিব পাৰে,ইয়াৰ আগত যাতে আপোনাৰ খঙে আপোনাক ধ্বংস কৰি নিদিয়ে তাৰ বাবে আপুনি তাক শেষ কৰি দিয়ক। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। সন্তানৰ স্বাস্থ্য আপোনাৰ অশান্তিৰ কাৰণ হব পাৰে। আজি ৰোমাঞ্চৰ বাবে ভাল বতৰ নহয় কাৰণ আপোনাৰ প্ৰিয়জনৰ আজি অলপ অধিক আশাবাদী হোৱাৰ আশংকা আছে। অংশীদাৰৰ ব্যৱসায়ৰ এক নতুন পৰিযোজনা আৰম্ভ কৰিবৰ বাবে এয়া এক ভাল দিন হব ,ইয়াৰ ফলত সকলোৰে লাভ হব ,কিন্তু অংশীদাৰৰ লগত হাত মিলোৱাৰ আগতে ভাল কৈ চিন্তা-চৰ্চা কৰি লওক। যদি আপুনি দীঘলীয়া সময়ৰ পৰা আপোনাৰ জীৱনত কিবা আকৰ্ষণীয় ঘটনা এটা হোৱাৰ বাবে অপেক্ষা কৰি আছে ,তেন্তে নিশ্চয় আপুনি তাৰ সংকেত আগতীয়াকৈ দেখা পাব পাৰে। জীৱন লগৰীৰ লগত মৰম আৰু ভাল পোৱা কৰিব বাবে বহুত সময় পাব আপুনি ,কিন্তু আপোনাৰ স্বাস্থ্য বেয়া হৈ থাকিব পাৰে।

 

বৃশ্চিক ৰাশি: প্ৰভাৱশালী লোক সকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। আজি আপুনি আপোনাৰ সেইবোৰ আত্মীয়ক পইচা ধাৰে দিব নালাগে যিহতে আপোনাক আগৰ ধাৰে লোৱা পইচাই ঘুৰাই দিয়া নাই। পৰিয়ালৰ লগত নিজৰ সমস্যা আলোচনা কৰিলে আপুনি বহুত শান্তি অনুভৱ কৰিব কিন্তু বহু সময়ত মানুহ নিজৰ অহমিকা আগত ৰাখি এইবোৰ কথা কব নিবিচাৰে। আপুনি এনেকুৱা কৰিব নালাগে কথা লুকাই ৰাখিলে মনোকষ্ট বাঢ়ে। গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ডক বেয়া ব্যৱহাৰ নকৰে যেন। যি সকল ব্যক্তি আপোনাৰ সফলতাৰ আগত আহি আছিল সিহঁত আজি আপোনাৰ সন্মুখতে তললৈ যাব পাৰে। ঘৰৰ সদস্য এজনে আপোনাৰ লগত সময় অতিবাহিত কৰিব জেদ্‌ কৰিব পাৰে সেইবাবে আপোনাৰ সময় অলপ অপচয় হ’ব। জীৱন সংগীৰ ফালৰ পৰা পোৱা অশান্তিৰ বাবে আপোনাৰ শৰীৰত বেয়া প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।

 

ধনু ৰাশি: উচ্চ কেলৰি যুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপুনি স্বাস্থ্য সন্মত হৈ থাকিব। যিবোৰ লোকে টেক্স ৰ আদায় সময়মতে নকৰে সিহতঁ আজি কিবা ডাঙৰ সমস্যাৰ সন্মুখীন হব পাৰে। সেইবাবে আপোনাক উপদেশ দিয়া হয় যে টেক্স ৰ আদায় সময়মতে কৰিব লাগে। ঘৰুৱা বিষয় আৰু আকৌ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল দিন বুলি পৰিগণিত হব। আপোনাৰ হৃদয়ে আজি প্ৰেমৰ ৰাগ বুকুৰ ধপধপনিৰ দৰে বজাব কাৰণ আজি আপুনি প্ৰিয়জনৰ লগত গোটেই দিন ভালকৈ কাটিব। দৰমহাত বৃদ্ধি আপোনাৰ উৎসাহ অধিক কৰি তুলিব পাৰে , এই সময় আপোনাৰ সকলো হতাশা আৰু সমস্যাবোৰ শেষ কৰাৰ। আজিৰ দিনাখন ঘটনা সমূহ ভাল হব কিন্তু সেই হিচাপে আপোনাক অশান্তিও প্ৰদান কৰিব ,যাৰ বাবে আপুনি ভাগৰ আৰু অসুবিধা অনুভৱ কৰিব। আপোনাৰ নিজৰ জীৱনসংগীৰ লগত এক হতাশাপূৰ্ণ সম্পৰ্ক থাকিব পাৰে , যিমান দূৰ সম্ভৱ কথা আগ বাঢ়িব নিদিব।

 

মকৰ ৰাশি: যদি সম্ভৱ হয় তেন্তে দীঘল যাত্ৰা কৰাৰ পৰা বিৰত থাকক,কাৰণ দূৰণি বটীয়া যাত্ৰাৰ বাবে আপুনি বহুত দূৰ্বল আৰু এনে কৰিলে আপুনি আৰু অধিক দুৰ্বল হৈ পৰিব। আপুনি বেলেগৰ ওপৰত অধিক খৰচ কৰিব পাৰে। সামাজিক গতিবিধি আজি বহুত ৰোমাঞ্চকৰ হব,কিন্তু আপুনি এই ৰহস্য যাতে বেলেগৰ আগত প্ৰকাশ নকৰিব। আপোনাৰ চকু উজ্বল হব আৰু কলিজা বহুত জোৰকৈ ধপধপাব ধৰিব যেতিয়া আপুনি নিজৰ সপোনৰ ৰাজকুমাৰীক প্ৰথম লগ পাব। নিজকেে অভিব্যক্ত কৰিবৰ বাবে এয়াই ভাল সময় আৰু এনেকুৱা পৰিকল্পনা সমূহত কাম কৰক যি সৃজনাত্মক ধৰণৰ হয়। ছাত্ৰৰ মূৰত আজি প্ৰেমৰ ভূত লম্ভিব পাৰে আৰু এইবাবে সিহতৰ বহুত সময় লোকচান হব পাৰে। আপোনাৰ জীৱনলগৰী সচাঁকৈয়ে আপোনাৰ বাবে দেৱদূতৰ দৰে আজি এই কথা আপুনি অনুভৱ কৰিব।
কুম্ভ ৰাশি: বয়স্ক লোক সকলে নিজৰ স্বাস্থ্যৰ যতন লোৱা উচিত। আজি আপুনি অৰ্থ সম্বন্ধীয় সমস্যাৰ বাবে চিন্তিত থকিব পাৰে । ইয়াৰ বাবে আপুনি কোনোবা জনা শুনা ব্যক্তিৰ পৰামৰ্শ লব পাৰে। আপোনাৰ সন্তান আজি এক ৰোমাঞ্চকৰ খবৰ আনিব পাৰে। গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ডে আপোনাক প্ৰতাৰণা কৰিব পাৰে। আজি আপোনাৰ ধন তথা সম্পত্তি বৃদ্ধি কৰিবৰ বাবে ক্ষমতা আৰু জ্ঞান দুয়োটাই থাকিব। আজি আপুনি জীৱনসংগীক ফুৰাব লৈ যোৱাৰ পৰিকল্পনা কৰিব কিন্তু তেখেতৰ গা বেয়া হোৱা বাবে আপোনালোক যাব নোৱাৰিব। জীৱন সংগীৰ অসুুস্থতাৰ বাবে আপোনাৰ কাম-কাজত বেয়া প্ৰভাৱ পৰিব পাৰে।

 

মীন ৰাশি: আজি আপোনাৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব, সেইবাবে এই সুযোগৰ লাভ উঠাওক আৰু সুস্থ স্বাস্থ্যৰ বাবে খোজ কাঢ়ি ঘুৰি ফুৰক যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। আজিৰ দিনটো আনন্দৰে ভৰা হ’ব ,কাৰণ আপোনাৰ জীৱন সংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। আপোনাৰ প্ৰিয়জনৰ সততাৰ ওপৰত সন্দেহ নকৰিব। যোগ্য কৰ্মীৰ পদোন্নতি আৰৰু আৰ্থিক লাভ হব পাৰে। আজি মগজুৰ বহুত ব্যায়াম হব পাৰে , আপোনালোকৰ মাজত আজি দবা খেল অনুষ্ঠিত হব পাৰে লগতে বৰ্গ সাথঁৰৰ খেলো হব পাৰে ,আন কিছুমানে গল্প,চুটি গল্প আৰু কবিতা আৰু ভৱিষ্যতৰ যোজনা ইত্যাদি কৰি সময় অতিবাহিত কৰিব। আপুনি নিজৰ জীৱন সংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহুৰ্ত সমূহো বহুত সহজ ভাৱে সন্মুখীন হব পাৰে।

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments