মেষ ৰাশি ফলাফল
আপোনাৰ জীৱন সংগীৰ মৰম লগা ব্যৱহাৰে আপোনাৰ দিন আনন্দৰে ভৰা কৰি তুলিব পাৰে। আপুনি পইচা আয় কৰিবলৈ বহুত উৎসৰ সন্ধান পাব। বন্ধু আৰু আত্মীয়ৰ লগত আনন্দ আৰু ফূৰ্তি কৰক। আপোনাৰ দামী উপহাৰ আপোনাৰ প্ৰিয়জনৰ মুখত হাহিঁ অনাত অসফল হব,কাৰণ সেই উপহাৰে তেখেতক প্ৰভাৱিত কৰাত বিফল হব। অফিচত প্ৰগতিশীল আৰু ডাঙৰ পৰিৱৰ্তনৰ বাবে সহৰ্মী আপোনাক সম্পূৰ্ণ ৰূপে সহায় কৰিব ,আপুনি দ্ৰুত গতিত পদক্ষেপ লোৱাৰ বাবে তৈয়াৰ থকা উচিত ,আপোনাৰ তলতীয়া কৰ্মীক অনবৰতে উৎসাহ প্ৰদান কৰিলে ফলাফল ধনাত্মক পোৱা যাব। আজি আপুনি হঠাৎ ক’ৰবালৈ যাব লগা হ’ব পাৰে যাৰ ফলত ঘৰত সময় অতিবাহিত কৰিব বিচাৰা পৰিকল্পনাত যতি পৰিব পাৰে। ওচৰ -চুবুৰীয়া আজি আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ আগত আপোনালোকৰ বৈবাহিক জীৱনৰ এক ব্যক্তিগত দিশ বেয়া ভাৱে প্ৰকাশ কৰিব পাৰে।
বৃষ ৰাশি ফলাফল
আজি আপোনাৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। আপোনাৰ ভৱিষ্যত ক সম্বৃদ্ধ কৰিবৰ বাবে আপুনি অতীতত যিমান অৰ্থ বিনিয়োগ কৰিছিল সেইবোৰৰ ফলস্বৰূপ ফল আজি পাব। যিকোনো চতুৰতাৰে ভৰা কাম কৰাৰ পৰা বাচক । মানসিক শান্তিৰ বাবে এই প্ৰকাৰৰ কামৰ পৰা দূৰত থাকক। প্ৰেম আৰু ৰোমাঞ্চ আপোনাক সুখী আৰু আনন্দিত কৰি ৰাখিব। নতুন প্ৰস্তাৱ আকৰ্ষক হব কিন্তু সোনকালে নিৰ্ণ লব যোৱাটো বুধিয়কৰ কাম নহয়। যাত্ৰা কৰাটো লাভদায়ক কিন্তু খৰচী বুলি প্ৰমাণিত হব। সাধাৰণৰ বিবাহিত জীৱনত আজি ৰ দিনটো এটা সুস্বাদু মিঠাইৰ দৰে।
মিথুন ৰাশি ফলাফল
আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। আজি আপুনি কোনোবা নতুন এটা আৰ্থিক যোজনাৰ লগত পৰিচিত হব আৰু কোনোবা নিৰ্ণয় কৰাৰ আগত ভাল আৰু বেয়া সমূহত বিশেষ গুৰুত্ব আৰোপ কৰক। কিছুমান যিমান কৰিব পাৰে ,তাতকৈ বহুত বেছি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে, এনেকুৱা লোকৰ লগত সম্পৰ্ক নৰখাই শ্ৰেয় যি অকল নিজৰ গুণ গান গাই থাকে আৰু কোনো ধৰণৰ পৰিণাম নিদিয়ে। মন বেয়া নকৰিব, কেতিয়াব বিফলতাৰ সোৱাদ পোৱাটো একো বেয়া কথা নহয় , এয়া তো জীৱনৰ এক সৌন্দৰ্য। বৰিষ্ঠ সকলৰ সহযোগ আৰু প্ৰশংসা আপোনাৰ আত্ম বিশ্বাস আৰু উৎসাহক দুগুণ কৰি দিব। আজি আপুনি খালী থকা সময়খিনি নিজৰ মাকৰ সেৱা কৰিম বুলি ভাৱি আছিল কিন্তু সেই সময়তে কামৰ বাবে আপুনি ভৱামতে কাম নহব ।এই ক্থাটোয়ে আপোনাক চিন্তিত কৰি তুলিব। জীৱন সংগীৰ ফালৰ পৰা আপুনি আজি মনত আঘাত পাব পাৰে ,যাৰ বাবে আপুনি হতাশ হৈ যাব পাৰে।
কৰ্কট ৰাশি ফলাফল
আজিৰ দিনটো এনে কাম কৰিবৰ বাবে বহুত উপযুক্ত ,যি কাম কৰিলে আপুনি বহুত ভাল অনুভৱ কৰি থাকে। অকল এটা দিনক চালি জাৰি চাই জীয়াই থকাৰ বাসনাটোক নিয়ন্ত্ৰণ কৰক আৰু প্ৰয়োজনতকৈ অধিক সময় পইচা মনোৰঞ্জনত খৰচ নকৰিব। এনেকুৱা বন্ধুৰ লগত বাহিৰত যাওক,যি ধনাত্মক আৰু সহায়কাৰী স্বভাৱৰ হব। আজি আপুনি আপোনাৰ বন্ধুৰ সুগন্ধ তাৰ অনুপস্থিতিত অনুভৱ কৰিব। নতুন গ্ৰাহকৰ লগত কথা পাতিবৰ বাবে আজি বহুত ভাল দিন । অৱসৰ সময়ত আপুনি যিকোনো ফিল্ম চাব পাৰে কিন্তু ফিল্ম খন আপোনাৰ মনপুত নহব যাৰ বাবে আপুনি সময় অপচয় কৰাৰ দৰে অনুভৱ হ’ব। বিয়াৰ আগৰ ধুনীয়া দিনৰ স্মৃতিখিনি আজি সতেজ হব পাৰে ,সেই আগৰ দৰে ঘুৰি ফুৰা, হাঁহি -ধেমালি ,আৰু ফূৰ্তি ইত্যাদি বোৰে আপোনালোকৰ বাবে উপহাৰ।
সিংহ ৰাশি ফলাফল
নিৰাশাবাদী ব্যৱহাৰ আপুনি পৰিহাৰ কৰা উচিত কাৰণ ই আপোনাৰ সম্ভাৱনাপুৰ্ণ সুযোগ সমূহ নোহোৱা কৰিব পাৰে,নহলে ই আপোনাৰ আভ্যন্তৰীণ সন্তুলন ভংগ কৰিব পাৰে। অপ্ৰত্যাশিতভাৱে আগমণ হোৱা অতিথিৰ ভাগ্যৰ বলত আপোনাৰ আৰ্থিক লাভ হব। প্ৰয়োজনৰ সময়ত আপোনাৰ বন্ধুৰ সহযোগ লাভ কৰিব। ৰোমাণ্টিক সাক্ষাৎকাৰ আপোনাক অধিক সুখ প্ৰদান কৰিব। এইটো তেনেকুৱা ভাল লগা দিন বোৰৰ এটা দিন যিদিনা আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ ভাল অনুভৱ হব । আজি আপোনাৰ সহকৰ্মী আপোনাৰ কামৰ প্ৰশংসা কৰিব আৰু আপোনাৰ ওপৰ বিষয়াও আপোনাৰ কামত বহুত সুখী হব। ব্যৱসায়ী সকলোৰো আজি ব্যৱসায়ত লাভ ৰ যোগ আছে। হতাশাৰে ভৰা দিন হব ,যেতিয়া ঘনিষ্ঠ ব্যক্তি সমূহৰ লগত আপোনাৰ মতভেদ হব পাৰে। বৈবাহিক জীৱনক অধিক সুখময় কৰিবৰ বাবে আপোনাৰ প্ৰয়াস আপোনাৰ আশাতকৈ অধিক ফলপ্ৰসূ হ’ব ।
কন্যা ৰাশি ফলাফল
আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পুৰ্ণ সম্ভাৱনা অছে। আপোনাৰ ভাল শাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। যিসকলৰ এতিয়ালৈ মহিলী দৰমহা নাই অহা সিহতৰ পইচাৰ অভাৱ হব পাৰে আৰু বন্ধুৰ পৰা পইচা ঋণ লব পৰা অৱস্থা আহিব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যসমূহক নিয়ন্ত্ৰণ কৰা স্বভাৱটো েৰাৰ এয়াই ভাল সময় । জীৱনৰ খোলা-বমাত সিহঁতৰ খোজত খোজ মিলাই সহযোগ কৰক । আপোনাৰ পৰিৱৰ্তিত ব্যৱহাৰ সিহঁতৰ বাবে আনন্দৰ কাৰক হৈ উঠিব। আপোনাৰ উৰ্জা জাতীয় শক্তি আজি বহুত উচ্চমানৰ থাকিব -কাৰণ আপোনাৰ প্ৰিয়জন আপোনাৰ বাবে বহুত আনন্দ আৰু সুখ কঢ়িয়াই লৈ আহিব। যোগ্য কৰ্মীৰ পদোন্নতি আৰৰু আৰ্থিক লাভ হব পাৰে। সন্ধিয়া সময়খিনি ভালকৈ কাটক তাৰ বাবে আপুনি গোটেই দিন মন লগাই কাম কৰাটো জৰুৰী। জীৱন সংগীৰ লগত অলপ হাঁহি -খিকিন্দালি ,অলপ ধেমালিয়ে আপোনাৰ কৈশোৰৰ স্মৃতি ঘুৰাই অনাত সক্ষম হ’ব।
তুলা ৰাশি ফলাফল
আপোনাৰ জীৱন সংগীৰ স্বাস্থ্য বেয়া হোৱা বাবে আপোনাৰ মানসিক অশান্তি বাঢ়িব পাৰে। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। বন্ধু আৰু পৰিয়াল বৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হব। ৰোমাাঞ্চৰ ফালেদি চাব গ’লে আজি বহুত ভাল দিন নহয়, কাৰণ আজি আপুনি সচা প্ৰেমক বিচাৰোতে বিফল হব। আজিৰ দিনাখন জানি বুজি পদক্ষেপ লোৱা উচিত,এই কাৰণে তেতিয়ালৈকে আপুনি নিজৰ চিন্তা ধাৰা ব্যক্ত কৰিব নালগে যেতিয়ালৈকে আপুনি সফলতাৰ বাবে নিজকে আশ্বাসত লব নোৱাৰে। যদি কৰোবাত বাহিৰত যোৱাৰ পৰিকল্পনা আছে তেনেতে এই যোজনা শেষ সময়ত বাতিল হৈ যাব পাৰে। আপোনাক আৰু আপোনাৰ জীৱন লগৰীক বৈবাহিক জীৱনত কিছু নিজস্বতাৰ আৱশ্যক আছে।
বৃশ্চিক ৰাশি ফলাফল
আপোনাৰ বিনম্ৰ স্বভাৱৰ সকলোৱে প্ৰশংসা কৰিব ,কিছুমান মানুহে আপোনাক অতি প্ৰশংসা দি উপচাই দিব পাৰে। আজি আপুনি বহুত পইচা আয় কৰিব পাৰে -কিন্তু এই পইচা হাতৰ পৰা যাব নিদিব মানে খৰচ হব নিদিব। ভুল কথা সমূহক ভুল সময়ত কোৱাৰ পৰা বাচক, যাক আপুনি ভাল পায় তেখেতৰ মনত দুখ দিয়াৰ পৰা বিৰত থাকক। মনত ৰাখিব মানুহৰ চকুয়ে কেতিয়াও মিছা কথা নকয়।আজি আপোনাৰ প্ৰিয়জনৰ চকু আপোনাক সচাকৈয়ে এক বিশেষ কথা কৈ যাব। কোনো এটা বস্তু হোৱাৰ বাবে ৰখি নাথাকিব ,নিজে বাহিৰত ওলাই যাওক আৰু সুযোগৰ সন্ধান কৰক। বেলেগক এইটো কবলৈ অধিক উত্তেজিত নহব যে আপুনি আজি কেনেকুৱা অনুভৱ কৰি আছে। চকুয়ে মনৰ কথা সকলো ব্যক্ত কৰি দিয়ে । এই দিনটো আপোনাৰ জীৱন সংগীৰ লগত এই ভাষাতে কথা পতাৰ দিন।
ধনু ৰাশি ফলাফল
আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। আপোনাৰ ধাৰণাৰ ফলত লাভ হব পাৰে। পাৰিবাৰিক মৰ্চাত সকলো বস্তু ভাল ভাৱে গৈ থাকিব আৰু আপোনাৰ যোজনা সমূহৰ বাবে আপুনি পূৰ্ণ সহযোগ লাভ কৰিব। বন্ধুত্ব বহুত গভীৰ হোৱা বাবে প্ৰেমৰ পোহাৰ মেলিব পাৰে। দিনৰ আৰম্ভণিৰ পৰা শেষলৈকে নিজৰ শক্তিৰ কম অনুভৱ নকৰিব। নতুন বিচাৰ আৰু চিন্তা পৰীক্ষা কৰাৰ বহুত ভাল সময়। আজিৰ দিনটো প্ৰকৃততে খুবেই ৰোমাণ্টিক , ভাল ভাল খোৱা বস্তু, ধুনীয়া সুগন্ধি আৰু সুখী বাতাবৰণৰ জৰিয়তে আপুনি আজি নিজৰ জীৱন লগৰীৰ লগত এটা ধুনীয়া সন্ধিয়া অতিবাহিত কৰিব পাৰিব।
মকৰ ৰাশি ফলাফল
আপোনাৰ বেলেগক সমালোচনা কৰাৰ স্বভাৱৰ বাবে অন্যই আপোনাক সমালোচনা কৰিব পাৰে। আপোনাৰ চেন্স অফ হিউমাৰ ৰাখক আৰু এনে কৰিলে আপুনি সমালোচনা কৰিলেও তাক ভাল ভাৱে গ্ৰহণ কৰিব পাৰিব। পইচাৰ নাটনিয়ে আজি ঘৰত কলহৰ সৃষ্টি কৰিব পাৰে এনেকুৱা স্থিতিত ঘৰ ৰ মানুহৰ লগত বিচাৰ বেবচনাৰে কথা পাতিব আৰু সিহতঁৰ পৰা পৰামৰ্শ লওক। সন্ধিয়াৰ বেছিভাগ সময় আত্মীয়ৰ লগত অতিবাহিত হব। ভুল সংবাদ অথবা ভুল বুজাবুজিয়ে আপোনাৰ দিন বেয়া কৰিব পাৰে। নিজৰ কাৰ্যশীলতা বৃদ্ধি কৰিবলৈ নতুন নতুন টেক নিকৰ সহায় লওক ,আপোনাৰ শৈলী আৰু কাম কৰাৰ এই নতুন শৈলী অন্যৰ মনত আগ্ৰহ আনিব পাৰে,যি আপোনাক আগ্ৰহেৰে গুৰুত্ব প্ৰদান কৰে। অধিবক্তাৰ ওচৰলৈ গৈ আপুনি আইনী পৰামৰ্শ লোৱাৰ বাবে আজি বহুত ভাল দিন । আপুনি নিজৰ জীৱন সংগীক বুজাত ভুল কৰিব পাৰে ,যাৰ বাবে আজি গোটেই দিন বেয়া ভাৱে অতিবাহিত হ’ব পাৰে।
কুম্ভ ৰাশি ফলাফল
আপোনাৰ উৰ্জা স্তৰ আজি অধিক থাকিব। নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হব লগতে উচিত মূল্যৰ ধন জমা হব। সৰু ল’ৰা -ছোৱালী আপোনাক ব্যস্ত কৰি ৰাখিব আৰু মনটো সন্তুষ্টি লাভ কৰিব। সুখী আৰু আনন্দিত থাকক আৰু প্ৰেমৰ বাটত অহা প্ৰত্যেক বাধাৰ সন্মূখীন হোৱাৰ বাবে তৈয়াৰ থাকক। নতুন গ্ৰাহকৰ লগত কথা পাতিবৰ বাবে আজি বহুত ভাল দিন । কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰ জন আপোনাৰ সহায় কৰিব পাৰে । বেলেগ কাৰোবাৰ কথা শুনি আজি আপোনাৰ জীৱন সংগী আপোনাৰ লগত কাজিয়া কৰিব পাৰে, কিন্তু মৰম আৰু ভাল পোৱা আদিৰে বিষয়টো ভাল হৈ যাব।
মীন ৰাশি ফলাফল
আপোনাৰ মন বেয়া হোৱা বাবে নিজৰ পাৰিবাৰিক জীৱনত কন্দলৰ সৃষ্টি নকৰিব।ইয়াৰ পৰা বাচিবলৈ চেষ্টা কৰক,নহলে পিছত পৰিতাপ কৰিব লগা হব পাৰে। এই ৰাশিৰ কিছুমান লোকৰ আজি সন্তানৰ পৰা আৰ্থিক লাভ হোৱাৰ আশা আছে। আজি আপুনি নিজৰ সন্তানক লৈ বাৰুকৈয়ে গৌৰভ অনুভৱ কৰিব। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক , সিহঁতক অনুভৱ কৰাওক যে আপুনি সচাকৈয়ে মৰম কৰে ,সিহতৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিব সুযোগ নিদিব। বহুত ধুনীয়া আৰু মৰমীয়াল ব্যক্তিৰ লগত সাক্ষাৎকাৰ হোৱাৰ প্ৰবল সম্ভাৱনা আছে। পৰ প্ৰতিযোগিতা চলি থকা বাবে কাম-কাজ ত আপুনি বেছি ভাগৰুৱা হৈ পৰিব। আপোনাৰ ব্যক্তিত্ব বেলেগতকৈ অলপ বেলেগ সেয়ে আপুনি অকলে সময় অতিবাহিত কৰি ভাল পায়। আজি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিব কিন্তু অফিচৰ কথাই আপোনাক চিন্তিত কৰি থাকিব। আজিৰ দিনটোয়ে আপোনাক আপোনাৰ প্ৰিয়জনৰ ৰোমাণ্টিক ভাৱনা সমূহ সম্পূৰ্ণ ৰূপে দেখুৱাব ।