Thursday, November 7, 2024
Homeৰাশিফলআজি দিনটো আপোনাৰ কেনেদৰে যাব, চাওঁক দিনটোৰ ৰাশিফল

আজি দিনটো আপোনাৰ কেনেদৰে যাব, চাওঁক দিনটোৰ ৰাশিফল

মেষ ৰাশি -জীৱনৰ পিনে গম্ভীৰ ধাৰণা এটা লৈ চলা ভাল নহয়। আজি আপুনি আপোনাৰ ঘৰৰ মানুহবোৰক ফুৰাব লৈ যাব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ধন খৰচ হব পাৰে যদি আপুুনি সামূহিক গতিবিধি সমূহত অংশগ্ৰহণ কৰে তেন্তে আপুনি নতুন বন্ধু লগ পাব পাৰে আৰু আপোনাৰ বন্ধুৰ তালিকাও বহুত দীঘল হৈ যাব। আপোনাৰ প্ৰিয়জনৰ ওচৰৰ পৰা দূৰ হোৱা স্বত্তেও আপুনি তেখেতৰ উপস্থিতি অনুভৱ কৰিব। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰ জন আপোনাৰ সহায় কৰিব পাৰে । আজি আপোনাৰ বৈবাহিক জীৱন প্ৰেম,সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হব। নিজৰ কামৰ প্ৰতি আজি আপোনাৰ দৃষ্টিকোণ অদ্ভুত হ’ব। আপোনা কাম চাই আজি আপোনাৰ বচ বহুত সুখী হ’ব ।

বৃষ ৰাশি – স্বাস্থ্য ভালে থাকিব। আপোনাৰ ভৱিষ্যত ক সম্বৃদ্ধ কৰিবৰ বাবে আপুনি অতীতত যিমান অৰ্থ বিনিয়োগ কৰিছিল সেইবোৰৰ ফলস্বৰূপ ফল আজি পাব। আত্মীয়জনৰ ঘৰত যাওতে কৰা সৰু যাত্ৰা আপোনাৰ ব্যস্ত দিনযোৰাৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। অলপ ভালকৈ তথা সাৱধানেৰে ,কাৰণ আপোনাৰ প্ৰিয়জন আপোনাক অধিক প্ৰশংসাৰে নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰিব যেনে মই তোমাক এৰি এই পৃথিৱীখনত আন কাৰোৱেই লগত থাকিব নোৱাৰিম। আপোনাৰ ব্যক্তিত্ব বেলেগতকৈ অলপ বেলেগ সেয়ে আপুনি অকলে সময় অতিবাহিত কৰি ভাল পায়। আজি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিব কিন্তু অফিচৰ কথাই আপোনাক চিন্তিত কৰি থাকিব। আজি আপুনি আৰু জীৱন সংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে। যিবোৰ কথা সচাঁ হয় সেইবোৰ উপস্থাপন কৰোতেও কম শব্দ খৰচ হয় । সেইবাবে আজি আপোনালৈ এই পৰামৰ্শ থাকিল যে নিজৰ কাম আৰু কথাত সততা ৰাখিব।

মিথুন ৰাশি -আলস্য জীবনত এক বিষৰ দৰে কাম কৰে সেইবাবে নিজকে কলাত্মক কামৰ লগত জড়িত কৰি ৰাখক আৰু এই বেমাৰৰ পৰা নিজকে উৎসাহিত কৰি ৰাখক। গহনা আৰু পূৰণি ঐতিহাসিক বস্তুৰ ব্যৱসায়ত ধন নিৱেশ কৰিলে লাভান্বিত হব আৰু সমৃদ্ধবান হব। বন্ধু আৰু পৰিয়াল বৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হব। কিছুমান ব্যক্তিৰ জীৱনত বিবাহৰ মুহূৰ্ত অতি সোনকালে আহিব পাৰে ,যেতিয়া নেকি আন কোনোবা এতিয়াহে জীৱন্ত নতুন প্ৰেমৰ অনুভূতি লাভ কৰিব। আজি আপুনি নতুন কিতাপ এখন কিনি আনি কোনোবা বন্ধ কোঠালীত গোটেই দিন অতিবাহিত কৰিব পাৰে। আপোনাৰ জীৱন সংগী আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেতৰ জীৱনত আপুনি কিমান মূল্যৱান হয়! আপোনাৰ সন্তান শিক্ষাৰ ক্ষেত্ৰত ভাল কৰিব পাৰে যদি আপুনি সিহতঁৰ লগত সহযোগ কৰে।

কৰ্কট ৰাশি – অধিক খাদ্য গ্ৰহণৰ পৰা বাচক আৰু নিজৰ ওজনৰ ওপৰত ধ্যান দিয়ক। গহনা আৰু পূৰণি ঐতিহাসিক বস্তুৰ ব্যৱসায়ত ধন নিৱেশ কৰিলে লাভান্বিত হব আৰু সমৃদ্ধবান হব। ঘৰ আৰু ঘৰৰ চাৰিওফালে অতি সোনকালে চাফাই কৰাটো খুবেই জৰুৰী, সদায় কৰাৰ দৰে এইবাৰো এই কাম পিছলৈ পেলাই নথব। ঘৰত সমস্যাৰ সৃ্ষ্টি হব পাৰে কিন্তু আপুনি জীৱন সংগীক সৰু সৰু কথাৰ বাবে কথা শুনোৱা বন্ধ কৰক। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে আজি এক বহুত শুভ দিন। আপোনাৰ জীৱন সংগীৰ বাবে আপোনাৰ সমাজীয় প্ৰতিষ্ঠাত আঘাত পাব পাৰে। যিবোৰ কথা সচাঁ হয় সেইবোৰ উপস্থাপন কৰোতেও কম শব্দ খৰচ হয় । সেইবাবে আজি আপোনালৈ এই পৰামৰ্শ থাকিল যে নিজৰ কাম আৰু কথাত সততা ৰাখিব।

সিংহ ৰাশি – আপোনাৰ আকাংক্ষা সমূহ এটি সুগন্ধিত ধুনীয়া ফুলৰ দৰে ফুলিব। ধনৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান হব পাৰে আৰু ফলস্বৰূপে আপোনাৰ অৰ্থ লাভ হব পাৰে। পৰিয়ালৰ সদস্যৰ লগত হাঁহি-খিকিন্দালিৰে ভৰা ব্যৱহাৰে ঘৰৰ পৰিৱেশক লঘু আৰু আনন্দৰে ভৰা কৰি তুলিব। গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ডক বেয়া ব্যৱহাৰ নকৰে যেন। জিৱনসংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আজি আপুনি অফিচৰ পৰা সোনকালে ওলাব পাৰে, কিন্তু বাটত অত্যাধিক ভিৰৰ বাবে আপুনি এনেকুৱা কৰাত ব্যৰ্থ হ’ব। আজি আপোনাৰ অনিচ্ছা সত্বেও আপোনাৰ জীৱন সংগী আপোনাক বাহিৰলৈ ফুৰিব যাবৰ বাবে জোৰ কৰিব পাৰে ,তেনেকৈ ওলাই গ’লে আপোনাৰ মন এনেও ভাল নাথাকিব। নিবনুৱা সকলৰ আজি মন পচন্দৰ চাকৰি পোৱাৰ ক্ষেত্ৰত অসুবিধা হব পাৰে। আপুনি নিজৰ প্ৰয়াস আৰু বঢ়াই দিয়াৰ প্ৰয়োজন আছে।

কন্যা ৰাশি -এনেকুৱা গতিবিধিৰ লগত সংযোগ ৰাখক ,যি আপোনাক সতেজতা প্ৰদান কৰে। নতুন যোজনা এটা আপোনাৰ চকুত লাভান্বিত দৰে দেখিব কিন্তু আশা কৰা মতে আপোনাক লাভ দিব নোৱাৰিব ,বিনিয়োগ কৰা সময়ত অতি সোনকালে কোনো নিৰ্ণয় নলয় যেন। বহুত বঢ়িয়া দিন যেতিয়া আপুনি বেলেগৰ মনোযোগ নিজৰ পিনে আকৰ্ষিত কৰিব , আপোনাৰ সন্মুখত পচন্দ কৰিবলৈ বহুত বস্তু থাকিব আৰু আপোনাৰ সমস্যা এইটোয়ে হব যে কোনটো আগত লোৱা যায়। কোনোবা মনোগ্ৰাহী ব্যক্তিৰ লগত দেখা হোৱাৰ প্ৰবল সম্ভাৱনা আছে। আপোনাৰ কথা-বতৰাত মৌলিকতা ৰাখক ,কাৰণ যিকোনো ধৰণৰ কৃত্ৰিমতাই আপোনাক একো লাভান্বিত কৰিব নোৱাৰে। আপোনাৰ চিনাকি মানুহৰ কিছু কামৰ বাবে আপোনাৰ জীৱন সংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে। কোনোব ঘনিষ্ঠ এজনক লৈ আপুনি আজি নিৰাশ হ’ব পাৰে।

তুলা ৰাশি – কৰ্ম ক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হব পাৰে যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ পাৰে। জীৱন সংগীৰ লগত পইচাৰ বিষয়লৈ তৰ্ক বিতৰ্ক হব পাৰে । আজি আপোনাৰ অযথা খৰচ কৰা অভ্যাসৰ ওপৰত আপোনাৰ সংগীয়ে আপোনাক সৰু সুৰা ভাষণ এটা দিব পাৰে। বন্ধু আৰু আত্মীয়ৰ লগত আনন্দ আৰু ফূৰ্তি কৰক। আপুনি আজি প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে যাৰ ফলত আপোনাৰ দিন ৰোমাঞ্চকৰ অনুভৱ কৰিব। বেলেগক মান্য কৰাব পৰা আপোনাৰ এই ব্যৱহাৰ আপ্নাক বহুত লাভ দিব পাৰে। বৈবাহিক সুখৰ দৃষ্টিকোণৰ ফালৰ পৰা আজি আপুনি কিবা বিশেষ উপহাৰ লাভ কৰিব পাৰে। প্ৰেমতকৈ ধুনীয়া অনুভূতি একো নাই ,এইবোৰ কথা মাজে মাজে আপুনি প্ৰেমাস্পদক ক’ব লাগে যাৰ ফলত তেখেতৰ আপোনাৰ বিশ্বাস গভীৰ হব লগতে প্ৰেমত এক নতুনত্ব প্ৰাপ্ত হ’ব।

বৃশ্চিক ৰাশি – আত্ম চিকিৎসাই আপোনাৰ স্বাস্থ্যৰ বাবে হানিকাৰক পৰিগণিত হব।যিকোনো ঔষধ খোৱাৰ আগত চিকিৎসকৰ উপদেশ লওক,নহ’লে আপোনাৰ পিছলৈ অসুবিধা হব পাৰে। আজি কাৰ্য্যক্ষেত্ৰ অথবা ব্যৱসায়ত আপোনাৰ এটা সৰু অৱহেলাই আপোনাৰ আৰ্থিক লোকচান কৰাব পাৰে। আপোনাৰ বেছিভাগ সময় বন্ধু আৰু পৰিয়ালৰ লগত অতিবাহিত হব। আজি ৰোমাঞ্চৰ বাবে ভাল বতৰ নহয় কাৰণ আপোনাৰ প্ৰিয়জনৰ আজি অলপ অধিক আশাবাদী হোৱাৰ আশংকা আছে। ঘৰৰ সৰুবোৰৰ লগত ক্থা পাতি আজি আপুনি নিজৰ অৱসৰ সময় খিনি খুব ভালকৈয়ে ব্যৱহাৰ কৰিব। ভাল কমিউনিকেশ্বন নোহোৱাৰ বাবে বহুতো সমস্যাৰ সৃষ্টি হব পাৰে,কিন্তু মিলি-জুলি বহি কথা পাতিলে বিষয় বস্তুবোৰ ঠিক হব পাৰে। আজি হঠাৎ আপুনি অসুস্থ হৈ পৰিব পাৰে যাৰ ফলত আপুনি গোটেই দিন হতাশ থাকিব।

ধনু ৰাশি – আজি আপুনি সাধাৰণতে হোৱাতকৈ অলপ কম উৰ্জা অনুভৱ কৰিব , নিজক প্ৰয়োজনতকৈ অধিক কামৰ বোজা নিদিব ,অলপ বিশ্ৰাম কৰক আৰু কামখিনি অন্য এদিন লৈ কৰক। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন পাৰম্পৰিক ভাৱে নিৱেশ কৰক। আপোনাক সম্পুৰ্ণ আশ্চৰ্যত ৰাখি আপোনাৰ ঢাল হৈ আপোনাৰ ভাই/ককায়েক আপোনাৰ সন্মুখত আহিব। আপুনি পৰস্পৰে পৰস্পৰৰ সুখৰ বাবে পৰস্পৰৰ সহযোগ আৰু লগত মিলি কাম কৰাটো জৰুৰী,মনত ৰাখিব যে সহযোগ জীৱনৰ কেন্দ্ৰ বিন্দু হয়। আজি আপুনি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ বাবে আপোনাৰ প্ৰেমাস্পদ দুখ পাব পাৰে। আজি আপুনি অফিচৰ পৰা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব, ফলস্বৰূপে মনত বহুত শান্তি পাবো। আপোনাৰ জীৱন লগৰীৰ লোকচানৰ বাবে আপুনি বহুত চিন্তিত থাকিব ,কিন্তু তেখেত আপোনাৰ বাবে কিছু বঢ়িয়া কাম কৰিব পাৰে। কাকো অৱগত নকৰাকৈ আজি আপুনি ঘৰত সৰু সুৰা পাৰ্টী পাতিব পাৰে।

মকৰ ৰাশি – আপোনাৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজিৰ দিনটো আপুনি খেলা ধুলা কৰি কটাই দিব পাৰে। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হব। আপোনাৰ বন্ধু আপোনাক এনেকুৱা সময়ত পৰিত্যাগ কৰিব যেতিয়া আপোনাৰ তেখেতক সকলোতকৈ অধিক প্ৰয়োজন হব। যদি আপুনি আজি নিজৰ অনুভৱ তথা মনৰ ভাৱনা সমূহ প্ৰকাশ কৰে ,তেনেতে আপোনাৰ প্ৰেম এক দেৱদূতৰ ৰূপত আপোনাৰ সন্মূখত হাজিৰ হ’ব। আজি আপুনি অফিচৰ পৰা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব, ফলস্বৰূপে মনত বহুত শান্তি পাবো। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন সংগিনী মৌতকৈও বহুত মিঠা। সদায় একে কাম কৰি থাকিলে যিকোনো মানুহ ভাগৰুৱা অনুভৱ কৰে , আজি আপোনাক এই সমস্যাই বহুত অসুবিধা দিব পাৰে।

কুম্ভ ৰাশি – ভাল খবৰ এটা পাব পাৰে। নিজকে আপুনি ৰোমাঞ্চকৰ পৰিস্থিতিত পাব পাৰে-যি আপোনাক আৰ্থিক লাভ দিব পাৰে। আপুনি অনুভৱ কৰিব যে আপোনাৰ বন্ধু-বান্ধৱ বহুত সহযোগী স্বভাৱৰ হয় ,কিন্তু আপুনি কি কয় তাৰ ওপৰত সাৱধানী বৰ্ধন কৰক। আজি আপুনি বহুুত ৰোমাঞ্চিত অনুভৱ কৰিব ,কাৰণ আপোনাৰ প্ৰিয়জনৰ লগত ফোনত কথা হব। এই ৰাশিৰ জাতক সকল নিজৰ বাবে বহুত সময় পাব। এই সময়ৰ সঠিক ব্যৱহাৰ আপুনি নিজৰ হবি বোৰ পূৰণ কৰাত কৰিব পাৰে। আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ সংগীত শুনিব পাৰে। আপোনাৰ জীৱনলগৰী সচাঁকৈয়ে আপোনাৰ বাবে দেৱদূতৰ দৰে আজি এই কথা আপুনি অনুভৱ কৰিব। দেউতাৰ লগত আজি এজন বন্ধুৰ দৰে আপুনি কথা পাতিব পাৰে । আপোনাৰ কথা শুনি তেখেত সুখী হ’ব।

মীন ৰাশি – মনৰ শান্তিৰ কাৰণে কিছু সময় নিজৰ ঘনিষ্ঠ বন্ধু বৰ্গৰ লগত অতিবাহিত কৰক। আজি আপোনাৰ মা দেউতাৰ মাজৰ যিকোনো এজনে পইচা সঞ্চয় কৰাৰ ওপৰত আপোনাক এটা সৰু সুৰা ভাষণ দিব পাৰে অৱশ্যে আপুনি এই কথাটো বহুত মনযোগ দি শুনাটো দৰকাৰ নহলে অদূৰ ভৱিষ্যতত আপুনি সমস্যাৰ সন্মুখীন হব পাৰে। কোনোবা দূৰৰ আত্মীয়ৰ পৰা হঠাৎ অহা এক সংবাদে আপোনাৰ লগতে গোটেই পৰিয়ালক ৰোমাঞ্চিত কৰি তুলিব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন আপোনাক কিমান ভাল পায়! যাত্ৰা আৰু শিক্ষাৰ লগত জড়িত কাম আপোনাক অধিক সজাগ কৰি তুলিব। জীৱন সংগীৰ লগত প্ৰেম, হাঁহি-ধেমালি ,আত্মীয়তা ইত্যাদিৰে আজিৰ দিনটো স্মৰণীয় হৈ ৰব। কাৰোবাক দিয়া ঋণ গুৰাই পাব পাৰে যাৰ ফলত আপোনাৰ আৰ্থিক সমস্যা দূৰ হ’ব পাৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments