মেষ ৰাশি:
শাৰীৰিক আৰু মানসিক লাভৰ বাবে ধ্যান আৰু যোগা কৰাটো আপোনাৰ বাবে উপযোগী । অপ্ৰত্যাশিতভাৱে আগমণ হোৱা অতিথিৰ ভাগ্যৰ বলত আপোনাৰ আৰ্থিক লাভ হব। পৰিয়ালত এক নতুন সদস্যৰ অহাৰ খবৰে আপোনাক নথৈ আনন্দিত কৰি তুলিব ,সমাৰোহ আয়োজিত কৰি আপুনি এই সুখৰ বতৰা সকলোৰে লগত ভগাব বিচাৰিব। এই ব্যস্ত ভৰা জীৱনত আপুনি নিজকে ভাগ্যশালী বুলি অনুভৱ কৰিব কাৰণ আপোনাৰ প্ৰিয়জন সকলোতকৈ ভাল । যদি আপুনি বহুত দিনৰ পৰা অফিচত কাম কৰোতে অসুবিধা পাই আছে তেন্তে আজি আপুনি অলপ ভাল অনুভৱ কৰিব। আজি খালী সময়খিনি কোনোবা নিবনুৱাৰ বাবে শেষ হ’ব পাৰে। এই কথাৰ প্ৰবল সম্ভাৱনা আছে যে আপোনাৰ ওচৰে পাজৰে থকা মানুহবোৰে আপোনালোকৰ মাজত মতভেদ সৃষ্টি কৰাৰ চেষ্টা কৰিব সেইবাবে বাহিৰা মানুহৰ কথাত যিকোনো নিৰ্ণয় লোৱাটো আপোনাৰ বাবে ভাল বুলি প্ৰমাণিত নহব।
বৃষ ৰাশি:
আপোনাৰ শাৰীৰিক অৱস্থা অধিক ভাললৈ আহিব যদিহে আপুনি নিজৰ সমস্যাসমূহ অন্যৰ লগত ভাগ বটৰা কৰে । কিন্তু মনত ৰাখিব যে এইবোৰ যদি আপুনি অৱহেলা কৰে তেন্তে পিছত আপোনাক অপকাৰ হব পাৰে। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হব পাৰে। আপোনালোকৰ মাজৰ কোনোবাই গহনা অথবা ঘৰুৱা প্ৰয়োজনীয় বস্তু কিনিব পাৰে। বহুুত কাম পৰি থকা স্বত্তেও আপুনি ৰোমাঞ্চকৰ ঘুৰা-ফুৰা ইত্যাদি আপোনাৰ মন-মগজুত বিৰাজ কৰি থাকিব। বৰিষ্ঠ ব্যৱসায়ীৰ বাবে আজি এক ভাল দিন। টিভি আৰু মোবাইলৰ ব্যৱহাৰ ভুল নহয় কিন্তু প্ৰয়োজনতকৈ অধিক ব্যৱহাৰ আপোনাৰ জৰুৰী সময় নষ্ট কৰিব পাৰে। আপুনি অনুভৱ কৰিব যে আপোোনাৰ জীৱন লগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও নাই হোৱা।
মিথুন ৰাশি:
আজি নিজৰ স্বাস্থ্য আৰু মুখ মণ্ডলৰ যত্ন লবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। আজি আপুনি মাটি ,ৰিয়েল এষ্টেট অথবা সাংস্কৃতিক পৰিযোজনা সমূহত ধ্যান কেন্দ্ৰিত কৰাৰ প্ৰয়োজন আছে। কোনোবা ঘনিষ্ঠ আত্মীয় আৰু বন্ধুৰ তৰফৰ পৰা পোৱা ভাল খবৰৰ লগত দিনৰ আৰম্ভণি ভাল ভাৱে হব। প্ৰেমৰ ছায়া আজি বাৰুকৈয়ে আপোনাক ছানি ধৰিব। যদি আপুনি এদিনৰ বাবে ছুটী লব বিচাৰে তেন্তে চিন্তা নকৰিব ! আপোনাৰ অনুপস্থিতিত সকলো কাম ভাল ভাৱে চলিব আৰু যদি হঠাত কিব অসুবিধাও আহি পৰে তেন্তে আপুনি সোনকালে আহি সেই সমস্যা সমাধান কৰিব পাৰে। আজি এনেকুৱা বহুত বস্তু সংঘটিত হব ,যিবোৰৰ পিনে অতি সোনকালে গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। এই দিনটো আপোনাৰ সাধাৰণ বৈবাহিক জীৱনত কিছু বিশেষিকৰণ কৰিব পাৰে ,আপুনি আজি কিছু অসাধাৰণ বস্তুৰ অভিজ্ঞতা লাভ কৰিব পাৰে।
কৰ্কট ৰাশি:
ব্যস্ততা ভৰা দিন হোৱা স্বত্তেও আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। যি ব্যৱসায়ী নিজৰ ব্যৱসায়ৰ বাবে সঘনে ঘৰৰ পৰা বাহিৰত থাকে সিহতঁ আজি যাতে নিজৰ অৰ্থ বিশেষ ভাৱে সুৰক্ষিত ৰখে যেন, চুৰি হোৱাৰ সম্ভাৱনা আছে। ঘৰুৱা কাম ভাগৰাই দিব পৰা ধৰণৰ হব াৰু এইবাbএ মানসিক অশান্তিৰ কাৰণো হব পাৰে। গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ডক বেয়া ব্যৱহাৰ নকৰে যেন। নিজৰ কামত এনেকুৱা মানুহৰ সহায় লওক যাৰ চিন্তা-ধাৰা আপোনাৰ লগত মিলে ,সঠিক সময়ত সিহঁতৰ সহায় গুৰুত্বপূৰ্ণ আৰু লাভদায়ক হব । মেডিকেল ট্ৰাঞ্চক্ৰিপশ্বনৰ লগত জড়িত মানুহৰ বাবে এয়া বহুত ভাল দিন। যদি আপুনি আজি ভ্ৰমণ কৰি আছে তেন্তে সকলো গুৰুত্বপূৰ্ণ দস্তাৱেজ লগত ৰাখিবলৈ পাহৰি নাথাকিব। আপোনাৰ অতীতৰ এটা ৰহস্যই আপোনাৰ জীৱন সংগীক আজি নিৰাশ কৰিব পাৰে।
সিংহ ৰাশি: এনেকুৱা গতিবিধিৰ লগত নিজকে অন্তৰ্ভুক্ত কৰক যি ৰোমাঞ্চকৰ হয় আৰু আপোনাক সন্তুষ্টি প্ৰদান কৰে। আজি আপুনি বহুত পইচা আয় কৰিব পাৰে -কিন্তু এই পইচা হাতৰ পৰা যাব নিদিব মানে খৰচ হব নিদিব। সন্ধিয়াৰ সময়খিনি বন্ধুৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আটাইতকৈ ভাল সময় ,লগতে অৱসৰৰ দিনকেটাৰ বাবে কিছু যোজনাও বনিব পাৰে। প্ৰেমৰ ভৰপূৰ আনন্দ লওক। বিশেষ আৰু বিখ্যাত ব্যক্তিৰ লগত কথা পাতি থাকোতে নিজৰ চকু মগজু খুলি ৰাখক ,হব পাৰে যে আপোনাত কিবা কামত এই চিন্তা সমূহ আহিব পাৰে। দিন ভাল যাব , বেলেগৰ লগতে নিজৰ বাবেও সময় উলিয়াব পাৰিব। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱন সংগী বহুত চেষ্টা কৰিব পাৰে।
কন্যা ৰাশি:আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক । আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। আজি ধন লাভ হোৱাৰ সম্ভাৱনা আছে যদিও আপোনাৰ খঙাল স্বভাৱৰ বাবে আপুনি অৰ্থ লাভৰ সক্ষম নহবও পাৰে। আত্মীয় আপোনাৰ উদাৰচিতীয়া স্বভাৱৰ বেয়া লাভ উঠাবৰ চেষ্টা কৰিব , সাৱধানে থাকক নহ’লে পিছত গৈ আপুনি ঠগ খোৱাৰ দৰে অনুভৱ কৰিব। উদাৰতা এটা সীমা লৈ ভাল কিন্তু যদি এই সীমা পাৰ কৰিব লাগে তেন্তে সমস্যাৰ সৃষ্টি হব পাৰে। ৰোমাণ্টিক সাক্ষাৎকাৰ আপোনাক অধিক সুখ প্ৰদান কৰিব। সংযম আৰু সাহসৰ হাত ধৰি থাকক ,বিশেষকৈ যেতিয়া আপুনি অন্যৰ বিৰোধ কৰে ,যিটো কাম-কাজৰ সময়ত সম্ভাৱনা আছে। আপোনাৰ ব্যক্তিত্বই এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজবোধ কৰে আৰু নিজৰ বাবে সময় উলিওৱাৰ চেষ্টাত লাগি যায়। ইয়াৰ ওপৰত ভিত্তি কৰি এইটোৱে কব পাৰি যে আজিৰ দিন টো আপোনাৰ বহুত ভাল যাব তাৰ উপৰি আপুনি নিজৰ বাবে ঢেৰ সময় পাব। আজি আপোনাৰ বৈবাহিক জীৱন প্ৰেম,সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হব।
তুলা ৰাশি:জটিল পৰিস্থিতিক সন্মুখীন হোৱাৰ পৰা ভয় নাখাব । যেনেকৈ খোৱাত অলপ জ্বলা আৰু মছলা দিলে খোৱা সোৱাদযুক্ত হৈ পৰে , সেইদৰে এনেকুৱা পৰিস্থিতিত আপোনাৰ সুখ সমূহৰ সঠিক মূল্য নিৰ্ধাৰণ কৰিব পাৰে । আপোনাৰ মুড সলনি কৰিবলৈ যিকোনো সামাজিক আয়োজনত অংশগ্ৰহণ কৰক। সাৱধানেৰে আৰ্থিক নিৱেশ কৰক। শিশু সমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ জীৱিত দেৱ-দূতৰ দৰে হব ,এই মুহূৰ্ত বোৰক উদযাপন কৰক। নতুুন যোজনা সমূহ আকৰ্ষক হব আৰু ভাল আমদানি ৰ এক বাট বুলি পৰিগণিত হব। আজি ধাৰ্মিক কামত আপুনি সময় কটাব বিচাৰিব, এই সময়খিনিত আপুনি বিনাকথাৰ তৰ্ক নকৰিব। বৈবাহিক জীৱনৰ বহুত ধৰণৰ লাভ থাকে আৰু আপুনি আজি সেই লাভ প্ৰাপ্ত কৰিব পাৰে।
বৃশ্চিক ৰাশি:আপোনাৰ শক্তিশালী আৰু অভয়তা ৰ এই গুণ সমূহ আপোনাৰ মানসিক ক্ষমতাৰ বৃদ্ধি কৰিব। যিকোনো পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবৰ বাবে এই দ্ৰুত গতিক বাহাল ৰাখক । যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী কৰবাত আৰ্থিক বা অন্য কিবা পণ্য নিৱেশ কৰিছিল সিহঁতৰ আজি লাভ হোৱাৰ পুৰ্ণ সম্ভৱনা আছে। আপোনাৰ জীৱনত এক সংগীত আৰম্ভ কৰক, সমৰ্পনৰ মূল্য বুজক আৰু হৃদয়ত প্ৰেম অথবা কৃতজ্ঞতাৰ ফুল ফুলিব। আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন অধিক অৰ্থপূৰ্ণ হৈ উঠিব। আজিৰ দিনাখন আপুুনি এক প্ৰাকৃতিক মনোমোহা দৃশ্য চাই অভিভুত অনুভৱ কৰিব। কাম-কাজ ভাল চলি থকাৰ বাবে আপুনি আজি প্ৰশংসা লাভ কৰিব। আজি কোনোবা সহকৰ্মীৰ লগত সময় কটাব পাৰে কিন্তু অন্তত আপোনাৰ অনুভৱ হ’ব যে আপুনি অকল সময় বৰবাদ কৰিলে আৰু একো নহয়। আজিৰ আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল।
ধনু ৰাশি:আপোনাৰ দয়াবান প্ৰকৃতি আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব কাৰণ এই আশীৰ্বাদে আপোনাক সন্দেহ , অনৈতিকতা, লোভ আৰু হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব। আপোনাৰ অতিৰিক্ত ধন সমূহ সুৰক্ষিত ঠাইত জমা কৰি ৰাখক ,যি আহিব লগা সময়ত আপুনি আকৌ ঘুৰাই পাব পাৰে। পৰিয়ালৰ লগত সময় অতিবাহিত কৰি আপোনালোকৰ সম্বন্ধক নতুন জীৱন প্ৰদান কৰিব। আপোনাৰ বন্ধুৰ লগত বহুত দিনৰ পিছত লগ কৰাৰ ভাৱনাই আপোনাৰ হৃদয়ত সুখৰ লহৰ আনিব পাৰে। যদি আপুনি ব্যৱসায়ত কোনোবা নতুন অংশীদাৰক যোগ কৰাৰ কথা ভাৱি আছে তেন্তে আৱশ্যক হব যে তেখেতক প্ৰতিশ্ৰুতি দিয়াৰ আগতে আপুনি সকলো তথ্য এবাৰ ভাল কৈ জানি বুজি লওক। আজি আপুনি গুৰুত্বপূৰ্ণ বিষয় সমূহত মনোযোগ দিয়াৰ প্ৰয়োজন আছে। আজি আপোনাৰ বৈবাহিক জীৱন প্ৰেম,সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হব।
মকৰ ৰাশি:আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পুৰ্ণ সম্ভাৱনা অছে। আপোনাৰ ভাল শাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। আপোনাৰ কোনোবা বন্ধু আজি আপোনাৰ পৰা বৃহত পৰিমাণৰ ধন ঋণ হিচাপে বিচাৰিব পাৰে যদি আপুনি তেখেতক এই পৰিমাণৰ ধন দি দিলে আপুনি আৰ্থিক ভাৱে দূৰ্বল হৈ পৰিব। যি ব্যক্তি আগৰ পৰাই আপোনৰ প্ৰতি ভাল ভাৱ পোষণ কৰি থকা নাছিল তাৰ লগত আজিয়ে আপুনি সকলো কথা মীমাংসা কৰি লোৱা উচিত। সত্য আৰু পৱিত্ৰ প্ৰেমৰ অনুভূতিয়ে আপোনাক সুখী কৰিব। আপুনি যিয়ে কাম নকৰক কিয় বহুত ভালকৈ আৰু সুচাৰুৰূপে কৰিব।আপোনাৰ ধুনীয়া কাম আপোনাৰ মূল্য অন্যক জনাই দিব। কথাবোৰ সঠিক ভাৱে বুজি পাব চেষ্টা কৰিব লাগে ন’হলে খালী থকা সময়খিনিত এইবোৰ কথা ভাৱি বেছি সময় নষ্ট হয়। এই দিনটো বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন ,আপোনাৰ প্ৰেমৰ গভীৰতা আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰিব।
কুম্ভ ৰাশি: আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক । আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। সন্দিগ্ধ আৰ্থিক লেন দেনত ফচাৰ পৰা সাৱধানে থাকক। আপোনাাৰ সন্তান ভৱিষ্যতৰ ওপৰত বেছি গুৰুত্ব নিদি বাহিৰা কাম কাজত অধিক লিপ্ত হোৱা বাবে আপুনি নিৰাশ হৈ পৰিব। প্ৰেমত নিৰাশাই আপোনাক বেজাৰ কৰিব পাৰে। আজি আপোনাৰ লাভ হব পাৰে ,যদিহে আপুনি একাগ্ৰতাৰে নিজৰ চিন্তা ধাৰা সমূহ প্ৰকাশ কৰিব পাৰে আৰু কামত এক উৎসাহৰ নিদৰ্শন দিব পাৰে। আজি আপুনি অফিচৰ কামখিনি সময়ত শেষ কৰিব চেষ্টা কৰিব লাগে । মনত ৰাখিব যে ঘৰত কোনোবাই আপোনাৰ বাবে অপেক্ষা কৰি আছে। আপোনাৰ জীৱন সংগীৰ ৰুক্ষ ব্যৱহাৰে আপোনাক গোটেই দিন অশান্তিৰ্দি থাকিব।
মীন ৰাশি: কফী খোৱা এৰি দিয়ক ,বিশেষকৈ হৃদ ৰোগী সমূহ। বিদেশত থকা আপোনাৰ মাটি-বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত আপোনাৰ আৰ্থিক ভাৱে বহুত লাভ হব। ঘৰখনক সজাবৰ বাবে নিজৰ অৱসৰ সময়ৰ ব্যৱহাৰ কৰক ,ইয়াৰ বাবে পৰিয়ালৰ পৰা প্ৰশংসা লাভ কৰিব। নতুন প্ৰেম সম্বন্ধ হোৱাৰ সম্ভাৱনা অধিক ,কিন্তু ব্যক্তিগত আৰু গোপনীয় সূচনা প্ৰকাশ কৰাৰ পৰা বিৰত থাকক। যিকোনো খৰচী কাম অথবা যোজনাত হাত দিয়াৰ আগতে ভাল কৈ চিন্তা-চৰ্চা কৰি লওক। দিনৰ শেষত আজি আপুনি ঘৰৰ মানুহক সময় দিব বিচাৰিব কিন্তু এই সময়খিনিতেই ঘৰৰ কোনোবা নিকটতম এজনৰ লগত তৰ্ক লাগি আপোনাৰ মন বেয়া হব পাৰে। আপোনাৰ কোনোবা পুৰণি বন্ধু আজি আপোনাৰ ওচৰলৈ আপোনালোকৰ অৰ্থাৎ আপোনাৰ আৰু আপোনাৰ জীৱন লগৰীৰ বহুতো ধুনীয়া স্মৃতি লৈ আহিব।