Thursday, November 7, 2024
Homeৰাশিফলআজি দিনটো আপোনাৰ কেনেদৰে যাব, চাওক দিনটোৰ ৰাশিফল

আজি দিনটো আপোনাৰ কেনেদৰে যাব, চাওক দিনটোৰ ৰাশিফল

মেষ ৰাশি – ধনাত্মক চিন্তা ধাৰা সমূহে মনত আহিব দিয়ক। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়া শুনা অথবা চাকৰি কৰিছে তেন্তে সেইবোৰ মানুহৰ পৰা দূৰত থাকক যাৰ বাবে আপোনাৰ সময় আৰু ধনৰ অপচয় হয়। নৱজাত শিশুৰ বেয়া স্বাস্থ্যৰ বাবে সমস্যাৰ সৃষ্টি হব পাৰে ।এইফালে অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। ডাক্টৰ ৰ পৰা ভালকৈ পৰামৰ্শ লওক কাৰণ অৱহেলা আৰু দায়িত্বহীনতাই আপোনাৰ স্বাস্থ্যৰ অৱস্থা বেছি বেয়া কৰিব পাৰে। আপুনি নিজৰ প্ৰিয়জনক নিজৰ পৰিস্থিতি বুজাবলৈ গৈ অলপ সমস্যাৰ সন্মুখীন হব পাৰে। নতুন বস্তু এটা শিকাৰ আপোনাৰেই আগ্ৰহ প্ৰশংসাজনক। চেমিনাৰ আৰু প্ৰদৰ্শনী আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। কোনোবা আত্মীয় আজি হঠাৎ আপোনাৰ ঘৰলৈ আহিব পাৰে ,যাৰ বাবে আপোনাৰ সকলো পৰিকল্পনা বাতিল হৈ যাব পাৰে।

বৃষ ৰাশি – নিজৰ জীৱন সংগীৰ কথাত হস্তক্ষেপ কৰা বন্ধ কৰক। নিজৰ কামত কাম ৰাখিলেই আপোনাৰ ভাল হব, অলপ দখল দিলে একো নাই ,ইয়াতকৈ বেছি দিলে নিৰ্ভৰতা বাঢ়িব পাৰে। কিছুমান জৰুৰী যোজনা ক্ৰিয়ান্বিত হৈছে আৰু সতেজ আৰ্থিক লাভ হব। আজিৰ দিনটো আনন্দৰে ভৰা হ’ব ,কাৰণ আপোনাৰ জীৱন সংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। আজি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন প্ৰকৃততে আপোনাক বহুত গভীৰ ভাৱে ভাল পায়। আপোনাৰ সংগীক আপোনাৰ সম্পত্তি বুলি ভাৱি ভুল নকৰিব। আপোনাৰ ওচৰত সময় পৰ্যাপ্ত পৰিমাণে থাকিব কিন্তু মনে বিচৰা কাম আপুনি কৰিব নোৱাৰিব। সৰু সৰু কথাক লৈ আপোনাৰ আৰু জীৱন সংগীৰ মাজত চলি থকা বিবাদ আপোনাৰ বৈবাহিক জীৱন অধিক জটিল হৈ পৰিব পাৰে । সেইবাবে অন্যৰ কথা শুনি নিজৰ জীৱন টো দুৰ্বিসহ কৰি নেপেলাব।

মিথুন ৰাশি – বাহিৰত ঘুৰা মেলা তথা বন্ধু বৰ্গৰ লগত দূৰণিৰ ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। বেংকৰ লগত জড়িত লেন দেন সমূহত বহুত সাৱধান হোৱাৰ দৰকাৰ আছে। কাম-কাজত প্ৰয়োজনতকৈ অধিক অশান্তি চলি থকাৰ বাবে পৰিয়ালৰ প্ৰয়োজন আৰু ইচ্ছাসমূহক অৱহেলা নকৰিব। কাৰোবাৰ প্ৰেমত সফলতা লাভ কৰিবৰ বাবে কল্পনাক সত্যত ৰূপায়িত কৰক। অংশীদাৰ ব্যৱসায়ে লাভত কৈ অধিক আপোনাক সমস্যা প্ৰদান কৰিব , কোনোবাই আপোনাৰ বেয়া দিশেদি লাভ উঠাব পাৰে আৰু তাৰ বাবে আপুনি নিজকে খঙ কৰিব পাৰে। আজি সময়ৰ গতিৰ প্ৰতি লক্ষ্য ৰাখি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিব।কিন্তু অফিচৰ এটা কাম হঠাৎ আহি যোৱা বাবে আপুনি আৰু সময় নাপাব। বৈবাহিক জীৱনত এক জটিল সময় পাৰ কৰাৰ পিছত আজি আপুনি এক আশাৰ কিৰন দেখিবলৈ পাব।

কৰ্কট ৰাশি – নিজৰ স্বাস্থ্যৰ যত্ন লওক। জীৱন সংগীৰ শাৰিৰীক অৱস্থা বেয়া হোৱা বাবে আপোনাৰ ধন খৰচ হব পাৰে কিন্তু ইয়াত চিন্তাৰ কোনো কাৰণ নাই কিয়নো ধন এনেকুৱা বিপদৰ সময়ৰ বাবেহে জমা কৰা হয়। ঘৰুৱা জীৱনত কিছু হতাশাৰ সন্মুখীন হব পাৰে। আপোনাৰ প্ৰিয়জনৰ সততাৰ ওপৰত সন্দেহ নকৰিব। আপুনি আজি যিয়ে কৰিব , আপুনি এক প্ৰভাৱশালী স্থিতিতে বিৰাজ কৰিব। আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত আজি আপুনি অৱসৰ সময়ত আনন্দ উপভোগ কৰাৰ পৰিকল্পনা বনাব পাৰে। আপুনি আৰু আপোনাৰ জীৱনলগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক সুৱনি কৰি তুলিব।

সিংহ ৰাশি – বন্ধু আজি আপোনাক কোনোবা বিশেষ মানুহৰ চিনাকী কৰাই দিব ,যিয়ে আপোনাৰ জীৱনত এক গভীৰ প্ৰভাৱ পেলাব। আপোনাৰ ওচৰত হঠাৎ বহুত ধন আহি যাব , যি আপোনাৰ খৰচ আৰু বিল ইত্যাদি গোটেই জোৰা মাৰিব। ভাৱনাত্মক দিশেদি যদি কোনো বিপদ গোটাই লয় তেন্তে আপোনাৰ পক্ষত আহিব। আপুনি যত আছে ততে থাকিব কিন্তু নিজৰ প্ৰেমক এক নতুন দিশত লৈ যাব আৰু লাগতে আজি আপুনি ৰোমাণ্টিক যাত্ৰাত যাব পাৰে। আজি আপুনি যি নতুন জ্ঞান আহৰণ কৰিছে সেইবোৰে আপোনাক লগৰ সহপাঠীত কৈ আগ বঢ়াত সহায় কৰিব। কথাবোৰ সঠিক ভাৱে বুজি পাব চেষ্টা কৰিব লাগে ন’হলে খালী থকা সময়খিনিত এইবোৰ কথা ভাৱি বেছি সময় নষ্ট হয়। আপোনাৰ জীৱন লগৰীৰ আন্তৰিক সৌন্দৰ্য বাহ্যিক ফালেদিও আপুনি অনুভৱ কৰিব পাৰিব ।

কন্যা ৰাশি – আজি আপুনি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰা অভিপ্ৰায় লৈ থাকিব। এই ৰাশিৰ ডাঙৰ ব্যৱসায়ী বোৰক আজি বহুত ভাৱি চিন্তি অৰ্থ বিনিয়োগ কৰাটো আৱশ্যকীয়। যিসকল লোকৰ লগত আপুনি থাকে সিহঁত আপোনাৰ লগত ইমান সুখী নহ’ব ,তাৰ কৰণে আপুনি লাগিলে যিমানেই চেষ্টা নকৰক কিয় !! অবৈধ প্ৰেম সম্পৰ্ক আপোনাৰ মান-সন্মান শেষ কৰি দিব পাৰে। প্ৰফেশ্বনাল দিশত কৰা ভাল কামৰ বাবে আপোনাক অফিচত বহুত প্ৰশংসা কৰিব। যদি আপুনি বস্তু কিনিব গৈ আছে অথবা বজাৰ কৰিব গৈ আছে তেন্তে প্ৰয়োজনতকৈ বেছি খৰচ কৰাৰ পৰা বিৰত থাকক। আপুনি নিজৰ জীৱন সংগীৰ কঠিন আৰু ৰুক্ষ ব্যৱহাৰ দেখিবলৈ পাব পাৰে, যাৰ বাবে আপুনি অসহজ অনুভৱ কৰিব।

তুলা ৰাশি – কিছু সৃজনাত্মক কাম কৰিবৰ বাবে অফিচৰ পৰা সোনকালে ওলাব যত্ন কৰক। আপোনাৰ পিতৃৰ পৰামৰ্শমতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যোগ আছে। পাৰিবাৰিক অথবা সাংসাৰিক দায়িত্ব আপোনাৰ বৃদ্ধি পাব ,যি আপোনাক মানসিক ভাৱে হতাশ কৰি তুলিব পাৰে। আপোনাৰ প্ৰেমক নিয়ন্ত্ৰণত ৰাখক ,নহ’লে এই সম্পৰ্কক আপুনি শলঠেকত পেলাব পাৰে। অফিচত শান্ত আৰু সন্তুষ্টিৰে ভৰা চিন্তা বিচাৰ আপোনাৰ মনক উৎসাহিত কৰিব। ভৱিষ্যতৰ যোজনাসমূহৰ বাবে আপুনি নতুন সম্পৰ্ক বনোৱা উচিত । ই কেৰিয়াৰৰ উন্নতিত বহুত সহায়কাৰী হব। আজি আপুনি গুৰুত্বপূৰ্ণ বিষয় সমূহত মনোযোগ দিয়াৰ প্ৰয়োজন আছে। আপোনাৰ ব্যস্ত দিনচৰ্যাৰ বাবে আপোনাৰ জীৱন সংগী আপোনাৰ ওপৰত সন্দেহ কৰিব পাৰে,কিন্তু দিনৰ অন্তত তেখেত আপোনাক বুজি পাব আৰু আকৌ আপোনাক আপোন কৰি লব।

বৃশ্চিক ৰাশি – আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব।আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলে দি মালিচ কৰিব। নতুন যোজনা এটা আপোনাৰ চকুত লাভান্বিত দৰে দেখিব কিন্তু আশা কৰা মতে আপোনাক লাভ দিব নোৱাৰিব ,বিনিয়োগ কৰা সময়ত অতি সোনকালে কোনো নিৰ্ণয় নলয় যেন। নাতি-পুতিৰ বাবে আজি আপুনি বহুত সুখ প্ৰাপ্ত কৰিব । প্ৰেমৰ দিশেদি চাব গ’লে আজিৰ দিনটো অলপ কষ্টকৰ হব। সাহসিকতাৰে ভৰা পদক্ষেপ আৰু নিৰ্ণয় আপোনাক অনুকূল পুৰস্কাৰ দিব। ছাত্ৰসকলক পৰামৰ্শ দিয়া হল যে বন্ধুত্বৰ খাতিৰত সিহতে যাতে সময় অপচয় নকৰে । বন্ধু আহিব লগা সময়তো হ’ব কিন্তু পঢ়িব বাবে এই সময় উপযোগী। আপোনাৰ জীৱন সংগী বৈবাহিক জীৱনৰ ওপৰত খং কৰি আপোনাৰ ওপৰত ইয়াৰ প্ৰতিশোধ লব পাৰে।

ধনু ৰাশি – শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিক ভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগাৰ আশ্ৰয় লওক। দিন শেষ হোৱাৰ ফালে আপোনাৰ ধন লাভ হব। ঘৰুৱা বিষয় আৰু আকৌ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল দিন বুলি পৰিগণিত হব। আজিৰ দিনটো প্ৰেমৰ ৰংত ৰঙীন হব কিন্তু ৰাতিৰ সময়ত পুৰণি কথা লৈ আপোনালোকৰ কাজিয়া হব পাৰে। বৰিষ্ঠ ব্যৱসায়ীৰ বাবে আজি এক ভাল দিন। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে কিন্তু আপুনি নিজৰ পৃথিৱীতেই মচগুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সচাঁকৈ আনন্দ লাভ কৰিব। ৰোমাণ্টিক গান , সুগন্ধি মমবাতি , ভাল খোৱা বস্তু আৰু পানীয় আজি এইবোৰেই অপোনাৰ জীৱন লগৰীৰ লগত কটওৱা সময়ত ৰহন সানিব।

মকৰ ৰাশি – সন্ধিয়াৰ সময়ত অপোনাৰ জীৱন সংগীৰ লগত কোনোবা চিনেমা ,থিয়েটাৰ আৰু ৰেষ্টুৰেণ্টত সময় অতিবাহিত কৰিলে আপুনি বহুত সুখ অনুভৱ কৰিবাৰু বহুত সতেজ অনুভৱ কৰিব। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমান লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। বন্ধু আৰু পাৰিয়ালৰ সদস্যৰ লগত সন্ধিয়াৰ বাবে এক জোৰদাৰ আয়োজন কৰিব। প্ৰেম জীৱনত আশাৰ নতুন কিৰণ নামি আহিব। আপোনাৰ চাৰিওফালে হৈ থকা গতিবিধিক গুৰুত্ব সহকাৰে লওক ,কাৰণ আপোনাৰ কামৰ শ্ৰেয় আন কোনোবাই লব পাৰে। নিজৰ আত্ম-বিশ্বাসৰ লাভ লওক ,বাহিৰলৈ ওলাই আহক আৰু কিছু নতুন সম্পৰ্ক তথা বন্ধু বনাওক। বৈবাহিক জীৱনত সকলো বিষয় ভাল অনুভৱ হব।

কুম্ভ ৰাশি – শিশু আপোনাৰ সন্ধিয়াৰ সুখৰ মাজত অধিক চমক আনিব। ভাগৰুৱা আৰু হতাশাৰে ভৰা দিন বোৰক সামৰণি মৰাৰ দিন আহি গৈছে তাৰ বাবে আপুনি এক নৈশ ভোজনৰ আয়োজন কৰা উচিত । দূৰণিবটীয়া যাত্ৰা ৰ বাবে ওলাইছে যদি নিজৰ বহুমুলীয়া বস্তুবোৰত বিশেষ মনযোগ দি ৰাখিব নহলে চুৰি হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। সঠিক সময়ত আপোনাৰ সহায়তাই কাৰোবাক ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰে। শাৰীৰিক ব্যায়ামৰ যেন এতিয়া কোনো প্ৰয়োজন নাই , আপুনি যে অনবৰতে প্ৰেমৰ ভাৱনাতে ডুব গৈ থাকে এই ৰাশিৰ মানুহ যিবিলাল ৰচনাত্মক কাৰ্য্যৰ লগত জড়িত সিহতঁ আজি সমস্যাৰ সন্মুখীন হব পাৰে । সিহতঁৰ এনেকুৱা অনুভৱ হব পাৰে যে সিহতঁ ইয়াতকৈ ভাল চাকৰি পাব পাৰিলহেতেঁন। আজি মগজুৰ বহুত ব্যায়াম হব পাৰে , আপোনালোকৰ মাজত আজি দবা খেল অনুষ্ঠিত হব পাৰে লগতে বৰ্গ সাথঁৰৰ খেলো হব পাৰে ,আন কিছুমানে গল্প,চুটি গল্প আৰু কবিতা আৰু ভৱিষ্যতৰ যোজনা ইত্যাদি কৰি সময় অতিবাহিত কৰিব। বৈবাহিক জীৱনৰ বহুত ধৰণৰ লাভ থাকে আৰু আপুনি আজি সেই লাভ প্ৰাপ্ত কৰিব পাৰে।

মীন ৰাশি – অন্যৰ ইচ্চাৰ লগত আপোনাৰ ইচ্চা মনত ৰাখিবলৈ গৈ গণ্ডগোলৰ সৃষ্টি হ’ব পাৰে আৰু সেই কাম কৰক যি কাম কৰিলে আপুনি শান্তি লাভ কৰিব। আজি আপোনাৰ সহোদৰ আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে আৰু সিহতঁৰ সহায় কৰি আপুনি আৰ্থিক বিপদত পৰিব পাৰে যদিও অৱস্থা সোনকালে ভাললৈ আহিব। ঘৰত বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময় লৈ সম্পুৰ্ণ কৰিব পাৰিব। আজি এই ধুনীয়া দিন টোত প্ৰেম-সম্বন্ধত থকা আপোনাৰ সকলো অভিমান নোহোৱা হব। দীঘল পৰিযোজনা সম্পূৰ্ণ কৰাৰ দিশত আগ বাঢ়িব । আজি আনে আপোনাৰ বিষয়ে কি ভাৱে সেইবিষয়ে আপুনি গুৰুত্ব নিদিয়ে ।আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিবও নিবিচাৰিব আৰু সম্পূৰ্ণ একান্ত ভৱে সময় কটাব বিচাৰিব। যোৱাকেইদিন ধৰি আপোনাৰ জীৱন টো বহুত জটিল অৱস্থা পাৰ কৰি আছে, কিন্তু আজি আপুনি অলপ সহজ অনুভৱ কৰিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments