Tuesday, July 8, 2025
Homeৰাশিফলকোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

কোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

মেষ ৰাশি ফলাফল –
আপুনি কামত বহুত বেছি পিছুৱাই যাব ,কাৰণ আপোনাৰ স্বাস্থ্য ভালে নাথাকিব আৰু আপোনাৰ লগ নিদিব ,ইয়াৰ বাবে আপুনি বহুত জৰুৰী কাম মাজতে এৰি দিব লগা হব পাৰে,এনেকুৱা অৱস্থাত ধৈৰ্য আৰু সাহসেৰে কামৰ সন্মুখীন হওক। ঘৰৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি আজি আপুনি আপোনাৰ জীৱনসংগীৰ লগত আলোচনা কৰি মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰে যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়্যলৈ ঢাল খাব পাৰে। দিনৰ দ্বিতীয় প্ৰহৰত কিছু ধুনীয়া আৰু ৰোমাঞ্চকৰ কাম কৰিবৰ বাবে এয়াই বঢ়িয়া সময় হয়। আপোনাৰ প্ৰেমত আজি দুখৰ বৰষুণ হব পাৰে ,যি আপোনাক আহত কৰিব পাৰে। আজি আপুনি এনেকুৱা ব্যৱহাৰ কৰক যেনিবা আপুনি এজন বিখ্যাত ব্যক্তি ,কিন্তু আজি অকল প্ৰশংসাৰ যোগ্য কাম হে কৰক। জীৱন লগৰীৰ বেয়া হোৱা স্বাস্থ্য আপোনাৰ বাবে সমস্যাৰ কাৰণ হৈ উঠিব পাৰে। আজি আপুনি নিজকে সন্তুষ্ট কৰিবৰ বাবে অধিক সময় অতিবাহিত কৰিব যেনে চুলিত নতুন ডিজাইনৰ ষ্টাইল দিয়া ,স্পা কৰোৱা ,এইবোৰ কৰিলে আপুনি বহুত ভাল আৰু সতেজ অনুভৱ কৰিব।

বৃষ ৰাশি ফলাফল –
দূৰণিবটীয়া যাত্ৰা কৰাৰ পৰা বিৰত থাকক কাৰণ আপুনি যাত্ৰা কৰিবৰ বাবে বহুত বেছি দূৰ্বল। আজি আপুনি ভূলতো পইচা ধাৰলৈ নিদিব আৰু যদি দিয়াটো নিত্যান্তই জৰুৰী তেন্তে দিয়া জনৰ পৰা লিখিত ভাৱে লিখি ৰাখিব। কোনোবা এজন যাৰ লগত আপুনি একেলগে থাকে ,আপোনাৰ দায়িত্বহীনতা আৰু অনিশ্চিত ব্যৱহাৰৰ বাবে খঙ কৰিব পাৰে। আপুনি যত আছে ততে থাকিব কিন্তু নিজৰ প্ৰেমক এক নতুন দিশত লৈ যাব আৰু লাগতে আজি আপুনি ৰোমাণ্টিক যাত্ৰাত যাব পাৰে। আজি আপুনি গুৰুত্বপূৰ্ণ বিষয় সমূহত মনোযোগ দিয়াৰ প্ৰয়োজন আছে। যদি অলপ চেষ্টা কৰা যায় তেন্তে আপোনাৰ জীৱন সংগীৰ লগত আজিৰ দিনটো বহুত ৰোমাণ্টিক ধৰণে অতিবাহিত হব পাৰে। বহুত আলহীৰ আগমণে আপোনাৰ মন মেজাজ বেয়া কৰি দিব পাৰে, কিন্তু ভাল কথা এইটোয়ে যে আপুনি বহুত পূৰণি বন্ধু লগ কৰিব পাৰিব।

মিথুন ৰাশি ফলাফল –
হৃদ-ৰোগীৰ বাবে কোফি খোৱা এৰাৰ বাবে এইটোয়ে ভাল সময় । এতিয়া ইয়াৰ অলপ ব্যৱহাৰো আপোনাৰ হৃদয়ৰ ওপৰত বহুত বেয়া প্ৰভাৱ পেলাব পাৰে। যদিও পইচা আজি আপোনাৰ হাতৰ পৰা অধিক কৈ খৰচ হৈ থাকিব ,কিন্তু আপোনাৰ কুণ্ডলীত থকা ভাল নক্ষত্ৰ সমূহৰ বাবে আপোনাৰ অভাৱ নহ’ব। আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব দিয়া আপোনাৰ প্ৰাথমিকতা হব লাগে। আপোনাৰ প্ৰেম কাহিনীয়ে আজি এক নতুন অধ্যায় প্ৰাপ্ত কৰাৰ পুৰ্ণ সম্ভাৱনা আছে , আপোনাৰ প্ৰেমাস্পদ আজি বিয়াৰ কথালৈ আপোনাৰ লগত কথা পাতিব পাৰে। এনেতে যিকোনো নিৰ্ণয় লোৱাৰ আগতে বিচাৰ বিবেচনা নিশ্চয় কৰিব। নিজৰ কামৰ পৰা অব্যাহত লৈ আজি আপুনি কিচু সময় নিজৰ জীৱন সংগীৰ লগত কটাব পাৰিব । আপোনাৰ জীৱন লগৰী আপোনাক পাই নিজকে ভাগ্যৱান বুলি ভাৱিৱ ,এই মুহুৰ্ত সমূহৰ ভৰপূৰ ব্যৱহাৰ কৰক। নিজৰ পচন্দৰ গান শুনিলে আপুনি একাপ ছাহ খোৱাতকৈ অধিক সতেজ অনুভৱ কৰিব।

কৰ্কট ৰাশি ফলাফল –
আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। আপোনালৈ মোৰ এটাই পৰামৰ্শ যে ধূম্ৰপাণ আৰু মাদক দ্ৰব্য সেৱনৰ পৰা এৰাই চলক , এইবোৰে আপোনাৰ শাস্থ্যৰ অপকাৰিতাৰ লগতে আপোনাক আৰ্থিক ভাবে দূৰ্বলো কৰি তোলে। সাধাৰণ ভাৱে পৰিচিত মানুহৰ লগত প্ৰত্যেক কথা ভাগ-বতৰা কৰাৰ পৰা বিৰত থাকক। বিবাহ-প্ৰস্তাৱৰ বাবে এয়াই ভাল সময় ,কাৰণ আপোনাৰ প্ৰেম জীৱন ভৰা এক যাত্ৰা লৈ সলনি হব পাৰে। কৰ্ম-কাণ্ড/পূজা আদি আজি ঘৰত অনুষ্ঠিত হব। আজি আপুনি আৰু জীৱন সংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে। মাৰ লগত ভাল সময় অতিবাহিত কৰিব পাৰিব, আজি তেখেতে আপোনাক আপোনাৰ শৈশৱৰ কথা ক’ব পাৰে।

সিংহ ৰাশি ফলাফল –
আপোনাৰ দয়াবান প্ৰকৃতি আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব কাৰণ এই আশীৰ্বাদে আপোনাক সন্দেহ , অনৈতিকতা, লোভ আৰু হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। পৰিয়ালত কোনোবা সদস্যৰ অসুস্থ শৰীৰৰ কাৰণে আপোনালোকৰ ফুৰিব যোৱাৰ পৰিকল্পনাত যতি পৰিব পাৰে। যিসকল লোক নিজৰ প্ৰেমীৰ পৰা দূৰত থাকে আজি প্ৰেমীৰ কথা সিহতঁৰ মনত পৰিব পাৰে ।ৰাতি প্ৰেমাস্পদৰ লগত বহুত সময় ফোনত কথা হব পাৰে। আপুনি বেলেগক হহুঁৱাৰ স্বভাৱ টোৱে আপোনাৰ সকলোতকৈ ডাঙৰ সম্পত্তি। আজি আপুনি জীৱন সংগীৰ লগত ঘুৰা-ফুৰাৰ মজা লব আৰু একেলগে সময় অতিবাহিত কৰাৰ এটা ভাল সুযোগ লাভ কৰিব। নক্ষ ত্ৰৰ অৱস্থান অনুযায়ী আজি আপুনি বন্ধুৰ লগত এক অসাধাৰণ সন্ধিয়া অতিবাহিত কৰিব পাৰিব ,অকল এইটো কথা মনত ৰাখিব যে যিকোনো বস্ত আৱশ্যকতকৈ অধিক হোৱাটো ভাল নহয়।

কন্যা ৰাশি ফলাফল –
নিজৰ বিচাৰ সমূহক ধনাত্মক ভাৱে ৰাখক ,কাৰণ আপোনাৰ ভয় নামৰ দানৱ এটাৰ লগত সন্মুখীন কৰিব পাৰে,নহ’লে আপুনি নিষ্ক্ৰিয় হৈ ইয়াৰ চিকাৰ হৈ পৰিব পাৰে। আজি কোনোবা নিকটৱৰ্তী ব্যক্তিৰ লগত আপোনাৰ কাজিয়া হব পাৰে আৰু কথা আদালতলৈকে যাব পাৰে। যাৰ ফলত আপোনাৰ ভালেখিনি ধন খৰচ হব পাৰে। ঘৰত ভালকৈ চলি থাকিবলৈ সকলোৰে লগত মিলি-জুলি কাম কৰক। অপোনাৰ প্ৰিয়জন আজি বহুত বিৰক্তিত অনুভৱ কৰিব ,যি আপোনাৰ মগজুত অধিক চাপ প্ৰয়োগ কৰিব। নিজকে সুস্থ সবল কৰিব বাবে আপুনি আজিও ধেৰ পৰিকল্পনা কৰিব কিন্তু বাকীদিন বোৰৰ দৰে আজিও আপোনাৰ সকলো পৰিকল্পনা অসফল হব। কোনোবা ধুনীয়া স্মৃতিৰ কাৰণে আপুনি আৰু আপোনাৰ জীৱন সংগীৰ মাজত থকা বিবাদ সমাপ্ত হব পাৰে, এইবাবে বাদ-বিবাদ হোৱা সময়ত পূৰণা দিনৰ স্মৃতি সতেজ কৰিবলৈ নাপাহৰিব। নক্ষত্ৰই আজি দেখুৱাইছে যে আপুনি কোনোবা ওচৰৰ ঠাইলৈ ফুৰিব যাব পাৰে, এইটো এটা মনোৰঞ্জক যাত্ৰা হব আৰু আপুন নিজৰ প্ৰিয় মানুহখিনিকো লগ পাব।

তুলা ৰাশি ফলাফল –
নিজৰ ওজনৰ ওপৰত লক্ষ্য ৰাখক আৰু প্ৰয়োজনতকৈ বেছি আহাৰ গ্ৰহণ কৰিব। আগতীয়াকৈ নজনাই কোনোবা দেনদাৰে আপোনাৰ বেংক একাউণ্টত পইচা দিব পাৰে, যি কথা জানি আপুনি আচৰিত হোৱাৰ লগতে সুখীও হব। আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব দিয়া আপোনাৰ প্ৰাথমিকতা হব লাগে। আপুনি উদাৰতা আৰু স্নেহেৰে ভৰা প্ৰেমৰ উপহাৰ পাব পাৰে। ৰাতি আজি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰত থাকি ঘৰৰ চাদত বা ওচৰৰ পাৰ্কত খোজ কাঢ়ি ফুৰাটো পছন্দ কৰিব। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন ,আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়। ভাল বন্ধু কেতিয়াও আপোনাৰ লগ নেৰে এই কথা আজি আপুনি ভালকৈ বুজি পাব।

বৃশ্চিক ৰাশি ফলাফল –
মনখুলি হাঁহক কাৰণ হাঁহি আপোনাৰ সকলো সমস্যাৰ আটাইতকৈ ফলজনক চিকিৎসা। দূৰণি বটীয়া যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব ,কিন্তু যাত্ৰা আপোনাৰ বাবে আৰ্থিক দিশত লাভ কঢ়িয়াই আনিব পাৰে। পূৰণি পৰিচিতৰ লগত মিলি-জুলি আৰু পূৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন হয়। আজি আপোনাাৰ প্ৰিয়জন আপোনাৰ পৰা সময়ৰ লগতে উপহাৰৰ আশা কৰিব পাৰে। ঘৰৰ সৰু সদস্যক লগত লৈ আজি আপুনি পাৰ্ক বা শ্বপিং মললৈ ফুৰিব যাব পাৰে। আপোনাৰ জীৱন লগৰীৰ অসুখী স্বাস্থ্যৰ বাবে আপুনি বহুত চিন্তিত থাকিব পাৰে। আজি আপুনি কাৰোবাৰ বিয়াত যাব পাৰে, তাত মাদ্যদ্ৰব্য সেৱন কৰাটো আপোনাৰ বাবে ঘাতক বুলি পৰিগণিত হ’ব পাৰে।

ধনু ৰাশি ফলাফল –
ধৈৰ্য বনাই ৰাখক , কাৰণ আপোনাৰ বুজাৰ শক্তি আৰু প্ৰয়াস আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে অৱশ্যে ইয়াৰ লগতে আপুনি দান পূন্য ও কৰিব লাগিব কাৰণ ইয়াৰ জৰিয়তে আপোনাৰ মানসিক শান্তি প্ৰাপ্ত হব। ওচৰ-চুবুৰীয়াৰ লগত হোৱা কাজিয়াই আপোনাৰ মন বেয়া কৰিব পাৰে ।কিন্তু আপোনাৰ নিয়ন্ত্ৰণ হেৰুয়াই নেপেলাব, এনেকুৱা কৰিলে অকল জুই বেছিকৈহে জ্বলিব । যদি আপুনি সহযোগ নকৰে তেন্তে কোনো আপোনাৰ লাগত কাজিয়া কৰিব নোৱাৰে।সকলোতকৈ ভাল সম্বন্ধ বৰ্তাই ৰাখিবৰ চেষ্টা কৰক। দিনটোক বিশেষ কৰিবলৈ মৰম আৰু উদাৰতাৰ সৰু-সৰু উপহাৰ বেলেগক দিয়ক। চন্দ্ৰমাৰ স্থিতিক লক্ষ্য কৰি ক’ব পাৰি যে আজি আপোনাৰ বহুত খালী সময় হাতত থাকিব কিন্তু তথাপিও আপুনি সেই কাম কৰিব নোৱাৰিব যি আপুনি কৰিব বিচাৰিছিল। এইটো কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা ,কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰে পৰস্পৰৰ লগত সংযুক্ত হৈ যাব। সেইবোৰ লোকৰ কথালৈ মন বেয়া নকৰিব যাৰ কোনো গুৰুত্ব আপোনাৰ জীৱনত নাই।

মকৰ ৰাশি ফলাফল –
মানসিক ভাৱে আজি আপুনি অস্থিৰ থাকিবসেইবাবে অন্যৰ আগত ব্যৱহাৰ কৰোতে আৰু কথা পতোতে সজাগ থাকিব। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। ঘৰুৱা জীৱন সুখী আৰু সন্তুষ্টিৰে ভৰা হব। আপোনাৰ সাহসিকতা আপোনাক প্ৰেমত কৃতকাৰ্য হোৱাত সহায় কৰিব। দিন বহুত ভাল , আজিৰ দিনত অলপ সময় উলিয়াই নিজৰ গুণ আৰু দোষ বোৰ ভল্কৈ চালি-জাৰি চাওঁক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বত ধনাত্মক প্ৰভাৱ পৰিব। আজিৰ দিন হল উন্মাদ হৈ যোৱাৰ ,কাৰণ আপুনি প্ৰিয়জনৰ লগত প্ৰেমৰ উচ্চতা অনুভৱ কৰিব। যদি আপুনি কিবা খেলত পাৰ্গত হয় তেন্তে আপুনি সেইটো খেল খেলি থকাটো আপোনাৰ বাবে বহুত ভাল ।

কুম্ভ ৰাশি ফলাফল –
অসহজ হোৱা স্বভাৱটোয়ে আপোনাক মানসিক অশান্তি দিব পাৰে,কিন্তু কোনোবা বন্ধু আপোনাৰ সমস্যাৰ সমাধান উলিয়াওঁতে আপোনাক বহুত সহায় কৰিব । হতাশাৰ পৰা পৰিত্ৰাণ পাবলৈ শ্ৰুতি মধুৰ সংগীতৰ সহায় লওক । আপোনাৰ ধন আজি বিভিন্ন কাৰণত ব্যয় হব পাৰে সেয়ে আপুনি এখন বাজেট তৈয়াৰ কৰাটো আৱশ্যক যাৰ ফলত আপোনাৰ বহুত সমস্যা সমাধান হব। যদি কথা-বতৰা আপোনাৰ মতে নহয়, তেনেতে খঙতে আপুনি কঠোৰ কথা এটা কৈ দিব পাৰে আৰু যাক লৈ আপুনি পিছত পৰিতাপ কৰিবলগীয়া হব পাৰে,এইবাবে ভাৱি-চিন্তি কথা কোৱা শিকক। যদি আপুনি আজি নিজৰ অনুভৱ তথা মনৰ ভাৱনা সমূহ প্ৰকাশ কৰে ,তেনেতে আপোনাৰ প্ৰেম এক দেৱদূতৰ ৰূপত আপোনাৰ সন্মূখত হাজিৰ হ’ব। যিসকল লোকক ঘৰৰ মানুহে অনবৰতে অভিযোগ দিয়ে যে তেখেতে তেওঁলোকক পৰ্যাপ্ত সময় নিদিয়ে ,তেনেলোকে অধিক সময় দিয়াৰ কথা বিবেচনা কৰিব কিন্তু অধিক কাম হোৱা বাবে তেখেতে সময় দিব নোৱাৰিব। সৰু সৰু কথাক লৈ আপোনাৰ আৰু জীৱন সংগীৰ মাজত চলি থকা বিবাদ আপোনাৰ বৈবাহিক জীৱন অধিক জটিল হৈ পৰিব পাৰে । সেইবাবে অন্যৰ কথা শুনি নিজৰ জীৱন টো দুৰ্বিসহ কৰি নেপেলাব। কোনো কিল্ম বা নাটক চাই আপোনাৰ আজি পাহাৰত যাবলৈ মন যাব পাৰে।

মীন ৰাশি ফলাফল –
নিজৰ কামৰ বাবে বেলগৰ ওপৰত হেচা নিদিব,বেলেগৰ ইচ্ছা আৰু অনিচ্ছা সমূহক ভালকৈ মন কৰক ,ইয়াৰ ফলত আপোনাৰ সুখ অনুভৱ হব। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব-অন্য লোকক আগতে দিয়া পইচা আজি ঘুৰাই পাব পাৰে অথবা যিকোনো নতুন পৰিযোজনা ত পইচা লগাই ধন আৰ্জিব পাৰে। আপোনাৰ জীৱন মুখী ব্যৱহাৰে ঘৰৰ পৰিৱেশ ভাল কৰি তুলিব ,কিছুমান লোক হে এনেকুৱা মানুহৰ আকৰ্ষণৰ পৰা বাচিব পাৰে,যাৰ ওচৰত ইমান ধুনীয়া হাঁহি আছে। যেতিয়া আপুনি অন্য লোকৰ লগত থাকিব তেতিয়া আপোনাৰ সুগন্ধি ফুলৰ দৰে চাৰিওফালে বিয়পি পৰিব। প্ৰেমৰ ফালেদি আজি দিনটোত একো বিশেষ আশা কৰিব নোৱাৰি। ফুৰ্তি তথা আনন্দৰ বাবে ভ্ৰমণ সন্তোষজনক হব। বৈবাহিক জীৱনৰ ফালেদি চাব গলে আজি আপুনি সমস্যাৰ সন্মুখীন হব পাৰে। আজি বাহিৰৰ খোৱা বস্তুই আপোনাৰ পেত বেয়া কৰিব পাৰে। এইবাবে আজি বাহিৰত খোৱাটো পৰিহাৰ কৰক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments