মেষ ৰাশি ফলাফল –
আপোনাৰ শক্তিশালী আৰু অভয়তা ৰ এই গুণ সমূহ আপোনাৰ মানসিক ক্ষমতাৰ বৃদ্ধি কৰিব। যিকোনো পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবৰ বাবে এই দ্ৰুত গতিক বাহাল ৰাখক । আজি আপোনাৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচা প্ৰাপ্ত হব পাৰে, যাৰ বাবে আপোনাৰ বহুতো আৰ্থিক সমস্যা দূৰ হব পাৰে। আপোনাৰ নিজস্ব জীৱনত বহুত ভাল পৰামৰ্শ আপোনাৰ বন্ধুবৰ্গে আগ-বঢ়াব পাৰে। আপোনাৰ প্ৰেমত আজি দুখৰ বৰষুণ হব পাৰে ,যি আপোনাক আহত কৰিব পাৰে। আজিৰ দিন হল ভাল প্ৰদৰ্শন কৰাৰ আৰু বিশেষ কাম কৰাৰ। নিজৰ কামৰ পৰা অব্যাহত লৈ আজি আপুনি কিচু সময় নিজৰ জীৱন সংগীৰ লগত কটাব পাৰিব । আজি আপুনি জীৱন সংগীৰ লগত ৰোমাণ্টিক ভাৱে কটাব পাৰে
বৃষ ৰাশি ফলাফল –
আপোনাৰ সন্তানৰ সৰল মনোভাৱ আজি আপোনাকো অনুভৱ হব আৰু আপুনিও আজি ফুৰ্তিৰ অভিপ্ৰায় লৈ থাকিব। সন্দিগ্ধ আৰ্থিক লেন দেনত ফচাৰ পৰা সাৱধানে থাকক। সন্ধিয়াৰ সময়ত অলপ হাঁহিৰে ভৰা সময় নিজৰ সন্তানৰ লগত অতিবাহিত কৰক। যদি আপুুনি আদেশ দিব চেষ্টা কৰিব তেনেতে আপোনাৰ আৰু প্ৰিয়জনৰ মাজত বহুত সমস্যা আহিব পাৰে। অফিচত প্ৰগতিশীল আৰু ডাঙৰ পৰিৱৰ্তনৰ বাবে সহৰ্মী আপোনাক সম্পূৰ্ণ ৰূপে সহায় কৰিব ,আপুনি দ্ৰুত গতিত পদক্ষেপ লোৱাৰ বাবে তৈয়াৰ থকা উচিত ,আপোনাৰ তলতীয়া কৰ্মীক অনবৰতে উৎসাহ প্ৰদান কৰিলে ফলাফল ধনাত্মক পোৱা যাব। কাম সোনকলে শেষ কৰি ঘৰলৈ যোৱাটো আপোনাৰ বাবে ভাল হব , ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ লোকবোৰো সুখী হব আৰু আপুনিও সতেজ অনুভৱ কৰিব । দিনত জীৱন সংগীৰ লগত তৰ্ক কৰাৰ অন্তত আপোনালোকে এক ধুনীয়া সন্ধিয়া অতিবাহিত কৰিব পাৰিব
মিথুন ৰাশি ফলাফল –
আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। যিকোনো বস্তু কিনাৰ আগতে সেই বস্তুক ব্যৱহাৰ কৰি চাওক ,যি আপোনাৰ লগত আগৰে পৰা আছে। আপুোনাৰ পৰিয়ালৰ সদস্যৰ ভাৱনাত আঘাত কৰাৰ পৰা বাচিবৰ বাবে নিজৰ খঙ নামক ইন্দ্ৰীয়ক নিয়ন্ত্ৰণ কৰক। আজি প্ৰিয়জনৰ লগত দূৰ হোৱাৰ দুখে আপোনাক আহত কৰি দিব। বৰিষ্ঠ ব্যৱসায়ীৰ বাবে আজি এক ভাল দিন। যাত্ৰা কৰাটো লাভদায়ক কিন্তু খৰচী বুলি প্ৰমাণিত হব। বৈবাহিক জীৱনত কঠিন সময় গুছি যোৱাৰ পিছত আপুনি আজি অলপ শান্তি অনুভৱ কৰিব ।
কৰ্কট ৰাশি ফলাফল –
কৰ্ম ক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হব পাৰে যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ পাৰে। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হব পাৰে। আজিৰ দিনটোত কামৰ বোজা কম থাকিব আৰু আপুনি আপোনাৰ মূল্যৱান সময় পৰিয়ালৰ লগত কটাব পাৰিব। আপোনাৰ সাহসিকতা আপোনাক প্ৰেমত কৃতকাৰ্য হোৱাত সহায় কৰিব। কোনো এটা বস্তু হোৱাৰ বাবে ৰখি নাথাকিব ,নিজে বাহিৰত ওলাই যাওক আৰু সুযোগৰ সন্ধান কৰক। ঘৰত পোৱা পুৰণি বস্তু এটা চাই আপুনি সুখী হব আৰু গোটেই দিন সেই বস্তুটো চাফা কৰাত অতিবাহিত কৰিব পাৰে। আজি আপুনি নিজৰ জীৱন সংগীৰ লগত বহুত ধুনীয়া মুহুৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে।
সিংহ ৰাশি ফলাফল –
ক্ষনিক খঙ ,বিবাদ আপোনাৰ দূৰ্ভাৱনাৰ কাৰণ হব পাৰে। বেপৰোৱা ভাৱে জীয়াই থকাৰ আপোনাৰ এই প্ৰবৃতিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু মনোৰঞ্জনৰ বস্তু সমূহত প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব। আপোনাৰ ভৰপুৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশা দূৰ কৰিব। আপোনাক প্ৰিয়জনক ভাৱনাত্মক ফালৰ পৰা ব্লেক মেইল কৰাৰ পৰা বিৰত থাকক। পইচা অৰ্জন কৰাৰ সেই নতুন নিয়ম বোৰৰ ব্যৱহাৰ কৰক যিবোৰ আপুনি আগতীয়াকৈ ভাৱি থৈ দিছে। যিকোনো পৰিস্থিতিত আপুনি সময়ত ধ্যান দিব লাগে ,যদি আপুনি সময়ক গুৰুত্ব নিদিয়ে তেন্তে আপোনাৰ লোকচান হ’ব। জীৱন সংগী আজি অলপ অধিক আত্ম কেন্দ্ৰিকৰ দৰে ব্যৱহাৰ কৰিব।
কন্যা ৰাশি ফলাফল – আপোনাৰ বেলেগক হহুৱাই ৰাখিব পৰা দক্ষতা ,নিজৰ বেমাৰ ঠিক কৰিবৰ বাবে ইয়াৰ প্ৰয়োগ কৰিব পাৰে। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব-অন্য লোকক আগতে দিয়া পইচা আজি ঘুৰাই পাব পাৰে অথবা যিকোনো নতুন পৰিযোজনা ত পইচা লগাই ধন আৰ্জিব পাৰে। সন্ধিয়াৰ সময়খিনিত হঠাৎ লাভ কৰা কোনো ভাল খবৰ আপোনাৰ গোটেই পৰিয়ালকে সুখ আৰু উৎসাহৰ এক কাৰণ বুলি প্ৰমাণ হব। আপোনাৰ গিৰিয়েক অথবা ঘৈনীয়েকৰ পৰিয়ালৰ সদস্যৰ বাবে আপওনাৰ দিন অলপ সমস্যা জড়িত যাব পাৰে। যিবিলাক লোক এতিয়ালৈ বেকাৰ হৈ আছে সিহতে আজি ভাল চাকৰি পাবলৈ আজিৰ পৰা দুগুণ কষ্ট কৰিবৰ দৰকাৰ। কষ্ট কৰাৰ ফল এদিন নিশ্চয় পাব। ফুৰ্তি তথা আনন্দৰ বাবে ভ্ৰমণ সন্তোষজনক হব। জীৱন সংগী আপোনাক এইটো কথা বাৰে বাৰে বুজাব খুজি আছে যে আপুনি লগত থকাৰ বাবে তেখেত কি কি সমস্যাৰ সন্মুখীন হব লগা হৈ আছে।
তুলা ৰাশি ফলাফল – সমস্যাৰ সৃষ্টি কৰিব পাৰে, সোনকালে আৰাম পাবলৈ ভাল চিকিৎসকক অৱগত কৰাওক আৰু উপদেশ মতে চলক। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। সন্তানক আপোনাৰ উদাৰ ভাৱৰ অনাহকত লাভ উঠাব নিদিব। আজি কাৰোবাৰ লগত আপোনাৰ চাৰি চকুৰ মিলন হব পাৰে। আপোনাৰ অংশীদাৰ আপোনাৰ নতুন যোজনা সমূহ আৰু চিন্তা তথা বিচাৰ সমূহক সমৰ্থন কৰিব। বেলেগক মান্য কৰাব পৰা আপোনাৰ এই ব্যৱহাৰ আপ্নাক বহুত লাভ দিব পাৰে। জীৱন লগৰীৰ লগত ভাল ধৰণৰ কথা বতৰা হব ,আপুনি অনুভৱ কৰিব যে আপোনালোক দুজনৰ মাজত কিমান মৰম আৰু ভাল পোৱা আছে!
বৃশ্চিক ৰাশি ফলাফল –
ভাল লগা কিবা পঢ়ি মগজুৰ ব্যায়াম কৰিব। আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ লব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীবনত আগবাঢ়িব পাৰে। সন্তানক আপোনাৰ উদাৰ ভাৱৰ অনাহকত লাভ উঠাব নিদিব। আপুনি চিন্তা কৰাৰ কোনো আৱশ্যক নাই,আপোনাৰ মনত জমা হোৱা সকলো দুখ আজি বৰফৰ দৰে গলি যাব। কাম- কাজৰ দিশত আপুনি সকলোৰে মৰম আৰু সহযোগ পাব পাৰে। জিৱনসংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আজি আপুনি অফিচৰ পৰা সোনকালে ওলাব পাৰে, কিন্তু বাটত অত্যাধিক ভিৰৰ বাবে আপুনি এনেকুৱা কৰাত ব্যৰ্থ হ’ব। আজি সম্ভৱপৰ হব পাৰে যে আপুনি আৰু আপোনাৰ জীৱন লগৰী আজি বহুত খৰছ কৰিব পাৰে ,তদুপৰি আপুনি এই সময়খিনিৰ ভাল কৈয়ে মজা লব পাৰিব।
ধনু ৰাশি ফলাফল –
আজিৰ দিনটো এনে কাম কৰিবৰ বাবে বহুত উপযুক্ত ,যি কাম কৰিলে আপুনি বহুত ভাল অনুভৱ কৰি থাকে। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হব পাৰে। মা-দেউতাৰ স্বাস্থ্যৰ উন্নতি হব আৰু তেখেত নিজৰ গোটেই মৰম আপোনাৰ ওপৰত বিলাই দিব। ৰোমাঞ্চ অধিক আনন্দায়ী আৰু ৰোমাঞ্চকৰ হব। আজিৰ দিনাখন আপুনি অফিচত কিবা এটা ভাল কৰিব পাৰে। দৰকাৰী কামক সময় নিদিয়া আৰু অদৰকাৰী কামত সময় অপচয় কৰা আজি আপোনাৰ বাবে ঘাতক প্ৰমাণিত হ’ব পাৰে। এই দিনটো আপোনাৰ সাধাৰণ বৈবাহিক জীৱনত কিছু বিশেষিকৰণ কৰিব পাৰে ,আপুনি আজি কিছু অসাধাৰণ বস্তুৰ অভিজ্ঞতা লাভ কৰিব পাৰে।
মকৰ ৰাশি ফলাফল –
আপোনাৰ ধনাত্মক ব্যৱহাৰ আৰু আত্মবিশ্বাস ৰ বাবে ওচৰ পাজৰৰ লোকসমূহ বহুত প্ৰভাৱিত হব। যিসকল লোকে নিজৰ ষষ্ঠ ইন্দ্ৰীয়ক নিয়ন্ত্ৰন কৰিব নোৱাৰি ইমান দিনে পইচা উৰুৱাই আছিল সিহতে নিজকে নিয়ন্ত্ৰন কৰাটো অত্যন্ত প্ৰয়োজনীয়। নিজৰ কিছু সময় বেলেগক দিয়াৰ বাবে এইটো খুব ভাল সময়। স্পষ্টকৈ বুজাৰ পিছতহে আপুনি আপোনাৰ পত্নী অথবা গিৰিয়েকক ভাৱনাত্মক ভাৱে সহায় কৰিব পাৰিব। যিবিলাক লোক বিদেশ ব্যৱসায়ৰ লগত জড়িত সিহতঁৰ আজি যথেষ্ঠ লাভ হোৱাৰ সম্ভাৱনা আছে।ইয়াৰ লগতে চাকৰি ৰ লগত জড়িত এই ৰাশিৰ জাতক সকল নিজৰ প্ৰতিভাৰ ব্যৱহাৰ কৰ্মক্ষেত্ৰত পুৰাদমে কৰিব পাৰিব। অসুবিধাক দ্ৰুত ভাৱে সন্মুখীন কৰাৰ আপোনাৰ ক্ষমতা আপোনাক আজি পৰিচয় প্ৰদান কৰিব। আজিৰ দিনাখন জীৱন লগৰীৰ ওপৰত কৰা সন্দেহ আহিব লগীয়া দিন বোৰত আপোনাৰ বৈবাহিক জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাব।
কুম্ভ ৰাশি ফলাফল –
আপোনাৰ সাহসী আৰু স্পষ্ট চিন্তাধাৰাই আপোনাৰ বন্ধুক দুখ দিব পাৰে। নিজকে আপুনি ৰোমাঞ্চকৰ পৰিস্থিতিত পাব পাৰে-যি আপোনাক আৰ্থিক লাভ দিব পাৰে। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ,যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। আপোনাৰ প্ৰেম এক নতুন স্তৰ লাভ কৰিব , দিনৰ আৰম্ভণি হব আপোনাৰ প্ৰিয়জনৰ এক হাহিঁদি আৰু ৰাতিৰ সমাপ্ত হব এই সপোনেদি । আহিবলগীয়া সময়ত আপুনি আজি অফিচত কৰি থকা কামটোৱে আপোনাক লাভৰ মুখ দেখুৱাব। এই ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ দিনটোত পঢ়াত মনোযোগ বহুৱাত সমস্যাৰ সন্মুখীন হব। আজি আপোনাৰ মূল্যৱান সময় বন্ধুৰ পিচত বৰবাদ কৰিব পাৰে। চকুয়ে মনৰ কথা সকলো ব্যক্ত কৰি দিয়ে । এই দিনটো আপোনাৰ জীৱন সংগীৰ লগত এই ভাষাতে কথা পতাৰ দিন।
মীন ৰাশি ফলাফল –
আপোনাৰ সন্তানৰ সৰল মনোভাৱ আজি আপোনাকো অনুভৱ হব আৰু আপুনিও আজি ফুৰ্তিৰ অভিপ্ৰায় লৈ থাকিব। আপোনাৰ মাতৃপক্ষৰ পৰা আজি আপোনাৰ ধন লাভৰ পুৰ্ণ সম্ভাৱনা আছে। আপোনাৰ মামা অথবা ককাদেউতাই আপোনাক আৰ্থিক সহায় কৰিব পাৰে। অনাকাংক্ষিতভাৱে সন্ধিয়া আগমণ হোৱা আত্মীয়ৰ বাবে আপোনাৰ ঘৰ ভৰি থাকিব পাৰে। আজি হৃদয়ৰ ধপধপনি আপোনাৰ প্ৰিয়জনৰ লগত তাল মিলাই থাকোতেই যাব ,ইয়াৰ মানে হল আপুনি প্ৰেমত বাৰুকৈয়ে পাগল ! আজি আপোনাৰ কলাত্মক আৰু সৃজনাত্মক কামে বহুত প্ৰশংসা প্ৰাপ্ত কৰিব আৰু ইয়াৰ বাবে হঠাত লাভৰ সম্ভাৱনাও আছে। দিনৰ শেষত আজি আপুনি ঘৰৰ মানুহক সময় দিব বিচাৰিব কিন্তু এই সময়খিনিতেই ঘৰৰ কোনোবা নিকটতম এজনৰ লগত তৰ্ক লাগি আপোনাৰ মন বেয়া হব পাৰে। দীঘলীয়া সময়ৰ অন্তত আপুনি নিজৰ জীৱন সংগীৰ লগত আত্মীয়তা বোধ এটাৰ অনুভৱ কৰিব।