মেষ ৰাশি ফলাফল
আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। ভাই -ভণিৰ সহায়ত অৰ্থ লাভৰ পুৰ্ণ আশংকা আছে। নিজৰ ভাই ভণিৰ উপদেশ লওক। পঢ়া-শুনাত কম ৰুচি থকা হেতু আপোনাৰ সন্তান আপোনাক নিৰাশ কৰিব পাৰে। প্ৰেম আৰু ৰোমাঞ্চ আপোনাক সুখী আৰু আনন্দিত কৰি ৰাখিব। ডাঙৰ উদ্যোগপতিৰ লগত ভাগীদাৰ হলে আপোনাৰ ব্যৱসায়ত লাভজনক স্থিতি আহিব। আজি খালী সময়খিনি কোনোবা নিবনুৱাৰ বাবে শেষ হ’ব পাৰে। আজি আপুনি নিজৰ জীৱন সংংগীৰ লগত বহুত ঘনিষ্ঠ কথা বতৰাৰ আদান প্ৰদান কৰিব।
বৃষ ৰাশি ফলাফল
জীৱনত আৰু এটা উদাৰ ভাৱ ৰাখিব । আপোনাৰ অৱস্থাৰ অভিযোগ কৰি আৰু তাত দুখী হৈ কোনো এটা কাম আপোনাৰ সিদ্ধ নহ’ব । এই অধিক পোৱাৰ মনোভাৱ আপুনি বাদ দিয়াটো ভাল হ’ব কাৰণ এইটোয়ে আপোনাৰ জীৱনৰ সুগন্ধি বিনষ্ট কৰিব আৰু সন্তুষ্টতাৰে ভৰা জীৱনৰ আশা ভংগ কৰি দিব। বাকী থকা ধন আপুনি ঘুৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হব । সন্তানক সিহঁতৰ লগত জড়িত বিষয় বোৰত সহায় কৰাটো আৱশ্যকীয়। বিনা কাৰণৰ সন্দেহ সম্বন্ধ বেয়া কৰাত অৰিহনা যোগায়। আপোনাকো আপোনাৰ প্ৰেমাস্পদৰ ওপৰত সন্দেহ কৰিব নালাগে। যদি কিবা কথালৈ আপোনাৰ মনত তেখেতক লৈ সংশয় হৈছে তেন্তে তেখেতৰ লগত বহি এই কথা সমাধান কৰিব চেষ্টা কৰিব। আজিৰ দিন হল ভাল প্ৰদৰ্শন কৰাৰ আৰু বিশেষ কাম কৰাৰ। আজি আপুনিি নতুন চিন্তা ধাৰা ৰে পৰিপূৰ্ণ হব আৰু যি কামেই কৰিবৰ বাবে পচন্দ কৰিব ,তাতেই আপুনি প্ৰয়োজনতকৈ অধিক লাভ পাব। আপোনাৰ বৈবাহিক জীৱনৰ সকলো সুখ যেন নোহোৱা হৈ গৈছে ,আপোনাৰ জীৱন সংগীৰ লগত কথা পাতক আৰু কিছু জীৱন দায়িনী পৰিকল্পনা তৈয়াৰ কৰক।
মিথুন ৰাশি ফলাফল
নিজৰ ভাৱনাত বিশেষকৈ খঙত নিয়ন্ত্ৰণ ৰাখক। আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ লব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীবনত আগবাঢ়িব পাৰে। কোনোবা বৰিষ্ঠ আত্মীয়ক তেখেতৰ নিজৰ সমস্যা সমূহত সহায় কৰি আপুনি তেখেতৰ আশীৰ্বাদ লাভ কৰিব। যদিও প্ৰেমৰ দিশত নিৰাশা হাতত লাগিব পাৰে কিন্তু ভাঙি নপৰিব কাৰণ শেষত গৈ জয় সচাঁ প্ৰেমৰে হয়। আজিৰ দিনাখন আপুোনাৰ কঠোৰ পৰিশ্ৰম ফলদায়ক সিদ্ধ হব। আপোনাৰ আকৰ্ষণীয় আৰু চুম্বকীয় ব্যক্তিত্বই সকলো ব্যক্তিকে আপোনাৰ পিনে আকৰ্ষণ কৰিব। আপুনি আপোনাৰ জীৱন সংগীৰ পৰা অলপ কম যত্ন লাভ কৰা যেন অনুভৱ কৰিব,কিন্তু দিনৰ শেষত আপুনি অনুভৱ কৰিব যে তেখেত আপোনাৰ বাবেই কিবাকিবি কৰোতে ব্যস্ত আছিল।
কৰ্কট ৰাশি ফলাফল
আপুনি অৱসৰ সময়ত আনন্দ কৰিব পাৰিব। যদি আপুনি বিবাহিত তেন্তে নিজৰ সন্তানৰ ওপৰত বিশেষ ধ্যান দিয়ক যদি আপুনি এনেকুৱা নকৰে তেন্তে সিহতৰ শাস্থ্য বেয়া হব পাৰে আৰু ফলস্বৰূপে আপোনাৰ বহুত অৰ্থ ব্যয় হব পাৰে। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক , সিহঁতক অনুভৱ কৰাওক যে আপুনি সচাকৈয়ে মৰম কৰে ,সিহতৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিব সুযোগ নিদিব। আপোনাৰ চকুুপানী মচিবলৈ কোনোবা বিশেষ বন্ধু আপোনাৰ কাষত আহিব পাৰে। আজি আপুনি এনে এক পৰিযোজনা সম্পূৰ্ণ কৰি স্বস্তিৰ নিশ্বাস লব ,যি কাম আপুনি বহুত দিন আগতে আৰম্ভ অক্ৰিছিল। এইটো এনেকুৱা এটা দিন যিদিনাখন আপুনি নিজকে সময় দিব বিচাৰে কিন্তু সময় উলিৱাব নোৱাৰে। এইটো কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা ,কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰে পৰস্পৰৰ লগত সংযুক্ত হৈ যাব।
সিংহ ৰাশি ফলাফল
আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব।আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলে দি মালিচ কৰিব। গ্ৰহ- নক্ষত্ৰৰ স্থিতি আজি আপোনাৰ বাবে প্ৰতিকূল , আজি আপুনি আপোনাৰ ধন বিশেষ সুৰক্ষিত কৰি ৰাখিব লাগিব। যিমান আপুনি ভাৱি আছিল,আপোনাৰ ভাইটি তাতকৈ অধিক সহায়কাৰী হিচাপে প্ৰমাণ হব। আজি আপোনাৰ প্ৰেমৰ মিঠা জীৱনত বিয়পি পৰা চাব । আপুনি অনুভৱ কৰিব যে আপোনাৰ সৃজনাত্মক গুণ কৰোবাত যেন হেৰাই গৈছে আৰু নিৰ্ণয় লওতে আপুনি আজি বহুত সমস্যাৰ সন্মুখীন হব। আজি আপোনাৰ ওচৰত মন পচন্দৰ লোক সকলক লগ কৰিবৰ বাবে আৰু নিজৰ মনোকামনা সমূহ পূৰণ কৰিবলৈ পৰ্যাপ্ত সময় আছে। আজি বিবাহৰ পিনেদি চালে সকলো বোৰ বস্তু আজি আপোনাৰ দিশে ধাৱমান হোৱা পৰিলক্ষিত হব।
কন্যা ৰাশি ফলাফল
আপোনাৰ শাৰীৰিক অৱস্থা অধিক ভাললৈ আহিব যদিহে আপুনি নিজৰ সমস্যাসমূহ অন্যৰ লগত ভাগ বটৰা কৰে । কিন্তু মনত ৰাখিব যে এইবোৰ যদি আপুনি অৱহেলা কৰে তেন্তে পিছত আপোনাক অপকাৰ হব পাৰে। মা-দেউতাৰ সহায়ৰ বাবদ আপুনি আৰ্থিক লোকচানৰ পৰা বাহিৰ ওলাব পাৰিব। ঘৰত যিকোনো ধৰণৰ পৰিৱৰ্তন আনিবৰ বাবে আগতে নিজৰ বৰিষ্ঠ সকলৰ মতামত লওক ,নহ’লে তেখেত সকল আপোনাৰ ওপৰত খঙ কৰিব পাৰে। আজি হঠাৎ কাৰোবাৰ লগত ৰোমাণ্টিক সাক্ষাৎকাৰ হব পাৰে। এই ৰাশিৰ ব্যৱসায়ীসকল আজি নিবিচাৰিলেও যাত্ৰা কৰিবলগীয়া হব পাৰে। এই যাত্ৰা আপোনাক মানসিক অশান্তি দিব পাৰে। চাকৰি কৰি থকা লোক সকল আজি অফিচৰ যা- তা ক্থাৰ পৰা বাচি থাকিব। আপুনি যদি বিচাৰে সমস্যা সমূহৰ হাহিঁমুখে সমাধান কৰিব আৰে অথবা তাৰ মাজত পৰি চিন্তিত হব পাৰে , ইয়াৰ নিৰ্ণয় আপুনিয়ে ল’ব। আজিৰ দিনটো প্ৰকৃততে খুবেই ৰোমাণ্টিক , ভাল ভাল খোৱা বস্তু, ধুনীয়া সুগন্ধি আৰু সুখী বাতাবৰণৰ জৰিয়তে আপুনি আজি নিজৰ জীৱন লগৰীৰ লগত এটা ধুনীয়া সন্ধিয়া অতিবাহিত কৰিব পাৰিব।
তুলা ৰাশি ফলাফল
এই মানুহ গৰাকীৰ কথা ভালকৈ মন দিন শুনক ,হ’ব পাৰে আপুনি জীবনৰ বহুত সমস্যাৰ সমাধান লাভ কৰিব। আজি আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ লগতে মনত শান্তিও থাকিব। শিশু সমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব। আপোনাৰ প্ৰিয়জন আজি ৰোমাণ্টিক মুডত থাকিব। যদি আপুনি কিবা নতুন ব্যৱসায় আৰু যোজনা আৰম্ভ কৰাৰ কথা ভাৱিছে তেন্তে অতি সোনকালে নিৰ্ণয় লওক ,এইখিনি সময়ত আপোনাৰ নক্ষত্ৰ ভাল স্থিতিত আছে। আপুনি যি কৰিব বিচাৰে ,সেইপিনে পদক্ষেপ লওতে ভয় নাখাব। এই ৰাশিৰ জাতক সকল আজি ভাই – ভনীৰ লগত ঘৰত চিনেমা অথবা খেল দেখিব পাৰে।এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হব পাৰে।
বৃশ্চিক ৰাশি ফলাফল
আজি এটা সুখৰ দিন, আজি আপোনাৰ প্ৰত্যেকটো কাম আপোনাৰ মতে হ’ব। অৰ্থ্নৈতিক দিশত শক্তিশালী হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিলে তেন্তে সেই পইচা ঘুৰাই পোৱাৰ সম্ভাৱনা আছে। এনেকুৱা কাাম কৰক যিবোৰ কৰি আপুনি বহুত সুখ অনুভৱ কৰে, কিন্তু বেলেগৰ ভিতৰুৱা বিষয়ত হস্তক্ষেপ নকৰিব। আপোনাৰ প্ৰিয়জন আজি ৰোমাণ্টিক মুডত থাকিব। পৰিৱৰ্তিত সময়ৰ লগত চলিব বাবে নতুন শৈলী আপোন কৰি লোৱাটো বহুত গুৰুত্বপুৰ্ণ । দিন বহুত ভাল , আজিৰ দিনত অলপ সময় উলিয়াই নিজৰ গুণ আৰু দোষ বোৰ ভল্কৈ চালি-জাৰি চাওঁক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বত ধনাত্মক প্ৰভাৱ পৰিব। আপোনাৰ জীৱন সংগী আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেতৰ জীৱনত আপুনি কিমান মূল্যৱান হয়!
ধনু ৰাশি ফলাফল
ব্যস্ত দিনযোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব আপোনাৰ অতিৰিক্ত ধন সমূহ সুৰক্ষিত ঠাইত জমা কৰি ৰাখক ,যি আহিব লগা সময়ত আপুনি আকৌ ঘুৰাই পাব পাৰে। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ,যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। আজি আপুনি প্ৰেম পূৰ্ণ মনোভাৱত থাকিব ,এইবাবে প্ৰিয়জনৰ লগত কিছু ভাল সময় অতিবাহিত কৰাৰ যোজনা বনাব পাৰে। আপোনাৰ মানুহক নিয়ন্ত্ৰণ কৰা স্বভাৱ সমালোচনাৰ কাৰণ হব পাৰে। ঘৰত সিচৰিত হৈ থকা বস্তুবোৰ চিজিল লগাব আজি আপুনি পৰিকল্পনা কৰিব কিন্তু ইয়াৰ বাবে খালী সময় নাপাব। যেতিয়া আপোনাৰ জীৱন সংগী সকলো মতানৈক্য পাহৰি আপোনাৰ ওচৰলৈ ঘুৰি আহিব ,তেতিয়া জীৱন অধিক ধুনীয়া হৈ পৰিব।
মকৰ ৰাশি ফলাফল –
আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক,যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়।মস্তিষ্ক জীৱনৰ দুৱাৰ কাৰণ সকলো গতি বিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তা-ধাৰা দি মানুহক আলোকিত কৰিব পাৰে। আজি যদি আপুনি বেলেগৰ কথা মানি ক’ৰবাত অৰ্থ বিনিয়োগ কৰে তেন্তে আৰ্থিক লোকচান হোৱাটো এক প্ৰকাৰ নিশ্চিত। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব।। আপোনাাৰ প্ৰিয়জন আপোনাক সুখী আৰু আনন্দিত কৰিবলৈ কিবা বিশেষ এটা কৰিব। আপুনি আপোনাৰ সহযোগীৰ লগত ব্যৱসায়িক পৰিকল্পনা ইত্যাদি বাস্তৱত ৰূপায়িত কৰাত বহুত সমস্যাৰ সন্মুখীন হব । আজি আপোনাৰ ওচৰত বহুত খালী সময় থাকিব আৰু এই সময়ৰ ব্যৱহাৰ আপুনি ধ্যান যোগ কৰি অতিবাহিত কৰিব পাৰে । আপুনি আজি মানসিক শান্তি লাভ কৰিব পাৰে। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱন সংগী বহুত চেষ্টা কৰিব পাৰে।
কুম্ভ ৰাশি ফলাফল
ডিঙি/ ককাঁলত অনবৰতে বিষ হৈ থাকিব পাৰে আৰু ইয়াৰ ফলত আপুনি সমস্যা পাই থাকিব পাৰে।ইয়াক আপুনি অৱহেলা নকৰিব ,বিশেষ কৈ যেতিয়া আপুনি দুৰ্বলো অনুভৱ কৰিব। আজিৰ দিনা বিশ্ৰাম কৰাটো বহুত জৰুৰী। আজি কাৰ্য্যক্ষেত্ৰ অথবা ব্যৱসায়ত আপোনাৰ এটা সৰু অৱহেলাই আপোনাৰ আৰ্থিক লোকচান কৰাব পাৰে। বন্ধু সন্ধিয়া সময়ৰ বাবে এটা ভাল পৰিযোজনা বনাই আপোনাৰ দিন আৰু সুখী কৰি তুলিব। আপোনাৰ বন্ধুৰ লগত বহুত দিনৰ পিছত লগ কৰাৰ ভাৱনাই আপোনাৰ হৃদয়ত সুখৰ লহৰ আনিব পাৰে। যদি আপুনি পোনপটীয়াকৈ উত্তৰ নিদিয়ে তেন্তে আপোনাৰ সহযোগী বেয়া পাব পাৰে। আজি টিভি বা মোবাইলত চিনেমা চাওঁতে ইমানেই ব্যস্ত হৈ যাব যে জৰুৰী কাম কৰিবও পাহৰি যাব। আপুনি অনুভৱ কৰিব যে আপোোনাৰ জীৱন লগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও নাই হোৱা।
মীন ৰাশি ফলাফল
আপোনাৰ খঙ কেতিয়াবা আপোনালোকক বিপদত পেলাব পাৰে। যি আপোনাৰ পৰিয়ালৰ মানুহবোৰক বিবুধিত পেলাই দিব পাৰে। সেইবোৰ লোক ভাগ্যৱান হয় যি নিজৰ খঙক নিয়ন্ত্ৰণ কৰিব পাৰে,ইয়াৰ আগত যাতে আপোনাৰ খঙে আপোনাক ধ্বংস কৰি নিদিয়ে তাৰ বাবে আপুনি তাক শেষ কৰি দিয়ক। জীৱনৰ চকৰিটো সুচাৰুৰূপে চলাব বিচাৰিলে আপুনি ধনৰ বিষয় টোত বিশেষ মনযোগ দিয়া দৰকাৰ। জীৱন সংগীৰ লগত বজাৰ কৰি আপুনি ভাল পাব। আপুনি চিন্তা কৰাৰ কোনো আৱশ্যক নাই,আপোনাৰ মনত জমা হোৱা সকলো দুখ আজি বৰফৰ দৰে গলি যাব। চেমিনাৰ আৰু লেকচাৰ সমূহত অংশগ্ৰহণ কৰি আজি আপুনি কিছুমান নতুন চিন্তা ধাৰা লাভ কৰিব পাৰে। আজি আপোনাৰ ওচৰত মন পচন্দৰ লোক সকলক লগ কৰিবৰ বাবে আৰু নিজৰ মনোকামনা সমূহ পূৰণ কৰিবলৈ পৰ্যাপ্ত সময় আছে। আপুনি সুখেৰে ভৰা বিবাহিত জীৱনৰ গুৰুত্ব আজি বুজি পাব ।