Monday, July 7, 2025
Homeৰাশিফলকোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

কোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

মেষ ৰাশি ফলাফল
ব্যস্ততা ভৰা দিন হোৱা স্বত্তেও আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। আজি আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ লগতে মনত শান্তিও থাকিব। আপোনাৰ জীৱন সংগীৰ লগত অধিক বুজা-বুজি কৰিলে আপোনাৰ জীৱনত সুখ, সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমণ হব। সুখ আৰু আনন্দৰ বাবে নতুন সম্বন্ধৰ অপেক্ষা কৰক। কাৰ্যক্ষেত্ৰ ৰ পৰিস্থিতি আপোনাৰ পক্ষত আহিব বুলি অনুভৱ হব। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব সম্ভাৱনা আছে। খালি সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। আজিৰ দিনাখন জীৱন লগৰীৰ ওপৰত কৰা সন্দেহ আহিব লগীয়া দিন বোৰত আপোনাৰ বৈবাহিক জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাব।

 

বৃষ ৰাশি ফলাফল
উচ্চ কেলৰি যুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপুনি স্বাস্থ্য সন্মত হৈ থাকিব। আজি কোনোবা লেনদাৰ আপোনাৰ ঘৰত আহি আপোনাৰ পৰা ধন ফিৰত বিচাৰিব পাৰে। আপুনি ধন ঘুৰাই দিয়াৰ পিছত আৰ্থিক ভাৱে দূৰ্বল হব। আপোনাক পৰামৰ্শ দিয়া হল যে ঋন লোৱাৰ পৰা বিৰত থাকক। ঘৰুৱা বিষয় সমূহত অধিক সমস্যা দেখা দিব আৰু আপুনি কথা দিয়া ধৰণে এই বিষয় টো গুৰ্ত্ব দিয়ে যেন। বিবাহ-প্ৰস্তাৱৰ বাবে এয়াই ভাল সময় ,কাৰণ আপোনাৰ প্ৰেম জীৱন ভৰা এক যাত্ৰা লৈ সলনি হব পাৰে। আজি আপোনাৰ মনোযোগ অফিচৰ কামত নালাগিব। আজি আপোনাৰ মনত বহুত ভাৱনাৰ অগা দেৱা হব যিবোৰে আপোনাক প্ৰকাশ হব নিদিব। এই ৰাশিৰ জাতকসকল আজি এনে বহি থকা সময়ত আধ্যত্মিক কিতাপৰ অধ্যয়ন কৰা ভাল। এনেকুৱা কৰিলে আপোনাৰ বহুত সমস্যা সমাধান হব পাৰে। আপুনি বৈবাহিক জীৱন সম্বন্ধীয় কৌতুক চোছিয়েল মিডিয়াত পঢ়ি হাহিঁ থাকিব ,কিন্তু আজি যেতিয়া আপোনাৰ বৈবাহিক জীৱনৰ লগত জড়িত কিবা ভাল লগা বস্তু আপোনাৰ সন্মুখত আহিব তেতিয়া আপুনি ভাবুক হৈ পৰিব পাৰে।

 

মিথুন ৰাশি ফলাফল
আপোনাক নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সাৱধান হোৱাৰ দৰকাৰ আছে , বিশেষকৈ ৰক্তচাপৰ ৰোগী সকল যত্ন লোৱা উচিত। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। ঘৰখনক সজোৱাৰ লগতে ,লৰা-ছোৱালীৰো যতন লওক। সন্তান নোহোৱা ঘৰ আত্মা নথকা শৰীৰৰ দৰে , সেই শৰীৰ কিমানেই ধুনীয়া নহওক কিয়! সন্তান ঘৰখনত আনন্দ আৰু সুখৰ নিজৰা লৈ আহে। আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিব গ’লে জীৱনটোক উদযাপন কৰি সময় বোৰ অতিবাহিত কৰক। আজি অফিচত আপুনি কিবা ভাল খবৰ শুনিবলৈ পাব। আজি ঘৰত কথা পাতি থাকোঁতে আপোনাৰ মুখৰ পৰা এনেকুৱা কথা ওলাব পাৰে যে ঘৰৰ মানুহ আপোনাৰ ওপৰত খং কৰিব পাৰে।ইয়াৰ পিছত ঘৰৰ মানুহক মনাওতে বহুত সময় লাগি যাব পাৰে। আপুনি অনুভৱ কৰিব যে আপোোনাৰ জীৱন লগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও নাই হোৱা।

 

কৰ্কট ৰাশি ফলাফল
অনিচ্ছাকৃত ভাৱে অহা চিন্তা ধাৰা সমূহ আপোনাৰ মগজুক নিয়ন্ত্ৰণ কৰিব নিদিব । শান্ত আৰু চিন্তিত নহ’বলৈ চেষ্টা কৰক, ইয়াৰ ফলত মানসিক দৃঢ়তা বাঢ়িব। আজিৰ দিনটো ইমান লাভদায়ক নহ’ব,এইবাবে আপুনি নিজৰ পইচাৰ ওপৰত চকু দিয়া উচিত আৰু প্ৰয়োজনতকৈ অধিক খৰচ কৰা উচিত নহ’ব। যাক আপুনি বহুত বিশ্বাস কৰে ,তেখেত আপোনাক পূৰ্ণ সত্যৰ ঊমান নিদিয়াৰ সম্ভাৱনা আছে। আপোনাৰ অন্যক পতিয়ন নিয়াব পৰা ক্ষমতা আহিব লগা বহুত সমস্যাৰ সমাধান উলিওয়াত সক্ষম হব। আজিৰ দিনটো গোলাপৰ সুগন্ধি বিয়পাই দিব , আপোনাৰ প্ৰেমৰ আমেজ লওক। আপোনাৰ বিশেষজ্ঞতাৰ ব্যৱহাৰ প্ৰফেশ্বনাল বিষয় সমূহ সহজ কৰি সমাধান কৰাত কৰক। নিজৰ কাম সময়মতে কৰিব লাগে , কাম জমা কৰি থ’লে আপোনাৰে অসুবিধা হ’ব পিচলৈ ।কাম সোনকালে শেষ কৰিলে আজি আপুনি ধেৰ অৱসৰ সময় পাব। আপোনাৰ বৈবাহিক জীৱন ইয়াতকৈ অধিক ৰঙীণ কেতিয়াও নাছিল।

 

সিংহ ৰাশি ফলাফল
স্বাস্থ্যৰ ফালেদি চাব গলে আজিৰ দিনটো বহুত ভাল হ’ব ।আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। আৰ্থিক সমস্যাই আপোনাৰ সৃজনাত্মক ক্ষমতাটোক অকামিলা কৰি দিছে। যদি আপুনি সামাজিক অনুষ্ঠান আৰু কাৰ্যক্ৰম সমূহত অংশগ্ৰহণ কৰে, তেন্তে আপুনি নিজৰ সংগী আৰু বন্ধুৰ তালিকাখন আৰু দীঘল কৰিব পাৰে। আজি আপোনাৰ হাহিঁত কোনো আৱেগ অথবা অৰ্থ নাথাকিব, নাথাকিব কোনো শব্দ না কোনো চন্দ কাৰণ আপোনজনৰ অনুপস্থিতিত মনটো যেন উকা উৰুঙা হৈ থাকিব। আপুনি আজিি গম পাব যে বহুত দিনৰ পৰা বহি থকা বহুত সৰু সৰু কাম ,কিন্তু গুৰুত্ব পূৰ্ণ কাম আজি আপুনি সম্পূৰ্ণ কৰাত সফল হব। যদি আপুনি আজি ভ্ৰমণ কৰি আছে তেন্তে সকলো গুৰুত্বপূৰ্ণ দস্তাৱেজ লগত ৰাখিবলৈ পাহৰি নাথাকিব। ওৱৰ চুবুৰীয়াই আপোনালোকৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি কৰাৰ চেষ্টা কৰিব পাৰে ,কিন্তু আপুনি আৰু আপোনাৰ জীৱন সংগীৰ মাজৰ সম্পৰ্ক বহুত শক্তিশালী সেইবাবে এই সম্পৰ্ক ভঙাটো সহজ নহব।

 

কন্যা ৰাশি ফলাফল
আজি আপোনাৰ কাষত বহুত উৰ্জা অথবা শক্তি থাকিব কিন্তু কামৰ অধিক হেচাঁই অপোনাক খিংখিঙীয়া কৰি তুলিব পাৰে। সন্তানৰ বাবে অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে আৰু লগতে সুখ প্ৰাপ্তিও আছে। কিশোৰ সমূহে স্কুল প্ৰজেক্টৰ বাবে কিছু উপদেশ লোৱাৰ প্ৰয়োজন আছে। অনাকাংক্ষিত ভাৱে হোৱা ৰোমাণ্টিক সাক্ষাৎকাৰে আপোনাক দদুল্যমান অৱস্থাত পেলাব পাৰে। অফিচৰ ৰাজনীতি অথবা যিকোনো বিবাদত আপুনিয়ে আজি ৰাজত্ব কৰিব। বহু কাম এৰি আজি আপুনি আপোনাৰ ভাল লগা কাম কৰিব পাৰে কিন্তু কাম অধিকতৰ হোৱাৰ বাবে আপোনাৰ এই পৰিকল্পনা সফল নহ’ব। আপোনাৰ জীৱন লগৰীৰ মন-মেজাজ আজি খুবেই ভাল হব ,আপুনি কিবা চাৰপ্ৰাইজ লাভ কৰিব পাৰে।

 

তুলা ৰাশি ফলাফল
আজি আপোনাৰ আত্ম-বিশ্বাস বাঢ়িব আৰু প্ৰগতি নিশ্চিত হব। আজি আপুনি আপোনাৰ ঘৰৰ মানুহবোৰক ফুৰাব লৈ যাব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ধন খৰচ হব পাৰে বন্ধু সন্ধিয়া সময়ৰ বাবে এটা ভাল পৰিযোজনা বনাই আপোনাৰ দিন আৰু সুখী কৰি তুলিব। যদি আপুনি নিজৰ প্ৰিয়জনক পৰ্যাপ্ত সময় নিদিয়ে তেন্তে তেখেত বেয়া পাব পাৰে অথবা খঙো কৰিব পাৰে। কামত মনোযোগ দিয়ক আৰু ভাবুক হোৱাৰ পৰা বাচক। আজি এই ৰাশিৰ ছাত্ৰ সকল চিনেমা চাই নিজৰ সময় অপচয় কৰিব পাৰে। আপোনাৰ কাৰণে এয়া এক ধুনীয়া ৰোমাণ্টিক দিন ,কিন্তু স্বাস্থ্যৰ বাবে অলপ সমস্যাৰ সন্মুখীন হব পাৰে।

 

বৃশ্চিক ৰাশি ফলাফল
খেল অথবা অন্য বাহিৰা গতিবিধি সমূহত অংশগ্ৰহণ কৰিলে আপোনাৰ হেৰাই যোৱা শক্তি পুনৰ ঘুৰাই পাব। ব্যৱসায় শক্তিশালী কৰিবৰ বাবে আপুনি আজি কিবা ডাঙৰ পদক্ষেপ লব পাৰে যাৰ বাবে আপোনাক কোনোবা ঘনিষ্ঠ ই আৰ্থিক সহায় আগবঢ়াব পাৰে। আপোনাৰ জীৱন সংগী ৰ দায়িত্ব হীনতাৰ দৰে স্বভাৱৰ পৰা আপোনালোকৰ সম্বন্ধত দূৰত্ব বাঢ়ি যাব, লগত থাকি নিজৰ মূল্যবান সময় অতিবাহিত কৰক আৰু স্মৃতি বিজৰিত ঘটনা সমূহ মনত কৰি মনত সতেজতা আনক ,যাতে পূৰণি দিন সমূহ আকৌ ঘুৰাই আনিব পাৰে। প্ৰিয়জনৰ স্বাস্থ্য বেয়া হোৱা বাবে আপোনালোকৰ প্ৰেম সম্বন্ধত অশান্তি আহি পৰিব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ কাম কৰাৰ স্পৃহা ঘৰ ৰ সমস্যা লৈ কম থাকিব। এই ৰাশিৰ ব্যৱসায়ী সকল আজি নিজৰ অংশীদাৰৰ ওপৰত চকু দি থাকিব নহলে লোকচান হব পাৰে। আজি নিজৰ বিবেকৰ ব্যৱহাৰ কৰি ঘৰৰ সকলোৰে লগত কথা পাতক ,এনেকৈ নাপতিলে বিনাকৰণত কাজিয়া লাগি আপোনাৰ সময় নষ্ট হ’ব পাৰে। কোনোবা বন্ধু অথবা ওচৰ- চুবুৰীয়া অথবা আত্মীয়ৰ বাবে আপোনাৰ বৈবাহিক জীৱনত বাক -বিতণ্ডতা হব পাৰে

 

ধনু ৰাশি ফলাফল
সৃজনশীল কামে আপোনাক সন্তুষ্টি প্ৰদান কৰিব। আপোনাৰ ধন আজি বিভিন্ন কাৰণত ব্যয় হব পাৰে সেয়ে আপুনি এখন বাজেট তৈয়াৰ কৰাটো আৱশ্যক যাৰ ফলত আপোনাৰ বহুত সমস্যা সমাধান হব। কোনোবা এনেকুৱা আত্মীয় জন বহুত দূৰত থাকে তেখেতৰ লগত আজি সম্পৰ্ক স্থাপন হব পাৰে। ৰোমাঞ্চৰ বাবে আজি এক ভাল দিন। কাৰ্য ক্ষেত্ৰ ত আপোনাৰ কামৰ বহুত প্ৰশংসা হব। খালি সময়ত আজি আপুনি মোবাইলত ৱেব চিৰিজ চাব পাৰে। আপুনি আপোনাৰ জীৱন লগৰীৰ গুণ বোৰৰ বাবে আকৌ তেওঁৰ প্ৰেমত পৰিব পাৰে।

 

মকৰ ৰাশি ফলাফল – Makar Rashi Prediction in Assamese (Monday, September 16, 2024)
যদি আপুনি পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম নকৰেতেন্তে অপুনি বহু ভাগৰুৱা অনুভৱ কৰিব আৰু যাৰ ফলত আপোনাৰ বিশ্ৰাম কৰা সময়খিনি অধিকতৰ লব লাগিব। আপোনাৰ মাতৃপক্ষৰ পৰা আজি আপোনাৰ ধন লাভৰ পুৰ্ণ সম্ভাৱনা আছে। আপোনাৰ মামা অথবা ককাদেউতাই আপোনাক আৰ্থিক সহায় কৰিব পাৰে। আপোনাৰ জ্ঞান পিপাসু মন টোৰ বাবে নতুন বন্ধু বনোৱাত সহায় হব। প্ৰেমত নিৰাশাই আপোনাক বেজাৰ কৰিব পাৰে। কাৰ্যক্ষেত্ৰ ৰ পৰিস্থিতি আপোনাৰ পক্ষত আহিব বুলি অনুভৱ হব। যেতিয়া আপোনাৰ পৰা পৰামৰ্শ বিচাৰা হয় তেতিয়া সংকোচ নকৰিব ,কাৰণ ইয়াৰ বাবে আপুনি বহুত প্ৰশংসা লাভ কৰিব। আজি আপোনাৰ জীৱন সংগী আপোনাক তেখেতৰ ৰুক্ষ ৰূপ দেখুৱাব পাৰে।
কুম্ভ ৰাশি ফলাফল
শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিক ভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগাৰ আশ্ৰয় লওক। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হব পাৰে। আপোনাৰ নতুন পৰিযোজনা সমূহক লৈ আপোনাৰ মা-দেউতাকক বিশ্বাসত লোৱাৰ এয়াই সঠিক সময়। আজি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন প্ৰকৃততে আপোনাক বহুত গভীৰ ভাৱে ভাল পায়। আজিৰ দিন হল ভাল প্ৰদৰ্শন কৰাৰ আৰু বিশেষ কাম কৰাৰ। আপোনাৰ অৱসৰ সময় আজি অপ্ৰয়োজনীয় কামত বৰবাদ হৈ যাব পাৰে। আজি জীৱন সংগীৰ লগত কিছু মধুৰতম সময় ,ভাল খানা আৰু কিছু ৰোমাণ্টিক মুহুৰ্তই আপোনাৰ বাবে বিশেষ হব।

 

মীন ৰাশি ফলাফল
নিজে নিজৰ চিকিৎসা নকৰিব,কাৰণ ঔষধৰ ওপৰত আপোনাৰ নিৰ্ভৰশীলতা বৃদ্ধি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। আজি আপুনি ঘৰৰ পৰা ধনাত্মক ভাৱ এটা লৈ ওলাব যদিও মূল্যৱান বস্তু এটাৰ চুৰি হোৱা বাবে আপোনাৰ মন বেয়া হৈ যাব। বন্ধু সন্ধিয়া সময়ৰ বাবে এটা ভাল পৰিযোজনা বনাই আপোনাৰ দিন আৰু সুখী কৰি তুলিব। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ জীৱিত দেৱ-দূতৰ দৰে হব ,এই মুহূৰ্ত বোৰক উদযাপন কৰক। আপুনি কিবা এটা ডাঙৰ পৰিযোজনাৰ লগত জড়িত থাকিব ,যাৰ বাবে আপুনি সকলোৰে প্ৰশংসা লাভ কৰিব। যিসকল লোক যোৱা কিছুদিনৰ পৰা বহুত ব্যস্ত হৈ আছিল আজি সিহতঁ নিজৰ বাবে অলপ সময় মিলাব পাৰিব। এই দিনটো আপোনাৰ বৈবাহিক জীৱনৰ আটাইতকৈ মৰমেৰে পূৰ্ণ দিনৰ ভিতৰত এটা দিন হব।

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments