Thursday, November 7, 2024
Homeৰাশিফলকোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

কোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

মেষ ৰাশি ফলাফল
নিজক শান্ত কৰি ৰাখক কাৰণ আজি আপুনি এনেকুৱা বহুত বাধাৰ সন্মুখীন হ’ব পাৰে , যাৰ বাবে আপুনি বহুত বিপদত পৰিব পাৰে। বিশেষকৈ আপোনাৰ খঙত নিয়ন্ত্ৰণ কৰক কাৰণ খঙ একো নহয় অকল অলপ সময়ৰ মানসিক বিকৃতি । যিবোৰ মানুহ দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভূগি আছিল সিহঁতৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে যাৰ ফলত সিহঁতৰ বহুখিনি অসুবিধা দূৰ হব। আত্মীয়জনৰ ঘৰত যাওতে কৰা সৰু যাত্ৰা আপোনাৰ ব্যস্ত দিনযোৰাৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। যদি আপুুনি আদেশ দিব চেষ্টা কৰিব তেনেতে আপোনাৰ আৰু প্ৰিয়জনৰ মাজত বহুত সমস্যা আহিব পাৰে। আপুনি যোৱাকেইদিন অফিচৰ কাম আধৰুৱা থৈ দিছিলে যাৰ ফলস্বৰূপে আপুনি আজি অৱসৰ সময়তো অফিচৰ কাম কৰিব লাগিব। যদি আপুনি আৰু আপোনাৰ জীৱন সংগী খোৱা-বোৱাত অলপ লগাতকৈ অধিক ধ্যান দিয়া আৰম্ভ কৰে তেন্তে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। আপোনাৰ কথাত যদি গুৰুত্ব দিয়া হোৱা নাই তেন্তে খ্ং নকৰি পৰিস্থিতি বুজাৰ চেষ্টা কৰিব।

 

 

বৃষ ৰাশি ফলাফল
নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক, ইয়াৰ ফলত আপোনাৰ আত্ম-বিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ’ব যেনে ভয়, ঈৰ্ষা আৰু ঘৃণা আদি নকৰাত্মক মনোভাৱ কমি যাব। নিকটতম আত্মীয়ৰ ঘৰত ফুৰিব গলে আজি আপোনাৰ আৰ্থিক হানি হব পাৰে। অপ্ৰয়োজনীয় বস্তুৰ ওপৰত পইচা খৰচ কৰি আপুনি আপোনাৰ জীৱন সংগীক হতাশ কৰিব পাৰে। আজি কোনোবা এনেকুৱা ব্ব্যক্তিৰ লগত সাক্ষাত হোৱাৰ সম্ভাৱনা আছে ,জন আপোনাক গভীৰ ভাৱে প্ৰভাৱিত কৰিব। আজি অৱসৰ সময় এনেই বিনা কথাৰ তৰ্কত অপচয় হ’ব যাৰ বাবে দিনৰ শেষত আপুনি হতাশ হৈ যাব। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱন সংগী বহুত চেষ্টা কৰিব পাৰে। নিজৰ প্ৰিয়জনৰ যত্ন লোৱা ভাল কথা কিন্তু সিহতঁৰ যত্ন লোওঁতে লোওঁতে নিজৰ শাস্থ্য বেয়া নকৰিব।

 

 

মিথুন ৰাশি ফলাফল
তেল আৰু মছলাযুক্ত খাদ্য গ্ৰহণৰ পৰা বিৰত থাকক। আপোনাৰ মাতৃপক্ষৰ পৰা আজি আপোনাৰ ধন লাভৰ পুৰ্ণ সম্ভাৱনা আছে। আপোনাৰ মামা অথবা ককাদেউতাই আপোনাক আৰ্থিক সহায় কৰিব পাৰে। যাক ভাৱনাত্মক সম্বলৰ বহুত প্ৰয়োজন ,সিহঁতে মন কৰিব যে সহায় কৰিবলৈ আপুনি কাষ চাপি আহিছে। আপোনাৰ চকুুপানী মচিবলৈ কোনোবা বিশেষ বন্ধু আপোনাৰ কাষত আহিব পাৰে। কৰ্মক্ষেত্ৰত এটা কামৰ বিসংগতিৰ বাবে আজি আপুনি চিন্তিত থাকিব আৰু এই বিষয়ে ভাৱি ভাৱি সময়ো বৰবাদ কৰি দিব। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হব পাৰে। আজিিৰ দিনটো আপোনাৰ বাবে এটা লেখত লবল’গীয়া দিন হ’ব পাৰে ,, আপোনাৰ আজি বন্ধু আৰু আত্মীয়ৰ লগত চিনেমা চাবলৈ যোৱাৰ পৰিকল্পনা হব পাৰে।

 

 

কৰ্কট ৰাশি ফলাফল
ভাগ্যৰ ওপৰত ভৰষা কৰি বহি নাথাকিব , আপোনাৰ স্বাস্থ্য আৰু জীৱন ভাল কাৰিবলৈ হ’লে আপুনি নিজে কষ্ট কৰিব লাগিব কাৰণ একো নকৰাকৈ বহি থাকিলে জীৱনত কোনো ধৰণৰ পৰিৱৰ্তন নাহিব। এতিয়া সময় আহি গৈছে যে আপুনি নিজৰ ওজন নিয়ন্ত্ৰণত আনক আৰু স্বাস্থ্য ভালে ৰাখিবৰ বাবে নিয়মিত ব্য়ায়াম কৰক । যিকোনো ডাঙৰ যোজনা আৰু বিচাৰ আপোনাৰ মন আকৰ্ষিত কৰিব পাৰে । যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগত সেই ব্যক্তিৰ বিষয়ে ভালকৈ সোধ পোছ কৰি লোৱা ভাল হব। আপোনাৰ বন্ধুৰ জৰিয়তে আপুনি কিছুমান বিশেষ লোকৰ লগত পৰিচয় হব পাৰে ,যি আগলৈ গৈ আপোনাৰ বাবে লাভদায়ক বুলি প্ৰমাণিত হব পাৰে। আপোনাৰ সাক্ষাত এনে বন্ধুৰ লগত হব ,যি আপোনাক মনত ৰাখিছে আৰু আপোনাক বুজি পায়। চিঠি-পত্ৰ ,লাগতিয়াল কাগজ আদি অতি সাৱধানে আৰু যতনেৰে সৰহ বৰাহ কৰা উচিত। আজি আপুনি আকৌ এবাৰ সময়ৰ সোতঁত পিছলৈ গৈ বিয়া হোৱাৰ প্ৰাৰম্ভিক দিন সমূহত থকা প্ৰেম আৰু ভালপোৱাৰ সুখানুভ বোৰ আকৌ ৰোমন্থন কৰিব পাৰিব। ব্যৱসায়ত লাভ আজি এই ৰাশিৰ ব্যৱসায়ীৰ বাবে সোণোৱালী সপোন সচাঁ হোৱাৰ দৰে হ’ব।

 

 

সিংহ ৰাশি ফলাফল
খেলা-ধূলাই আপোনাক আকৰ্ষিত কৰিব আকৌ ধ্যান আৰু যোগ আপোনাক লাভান্বিত কৰিব। যিসকল লোকে আজি পৰ্যন্ত পইচা বিনা কাৰণত খৰচ কৰিছিল, সিহতেঁ আজি পইচাৰ মূল্য বুজি পাব যেতিয়া সিহতঁক পইচাৰ আৱশ্যকতা হব কিন্তু সিহতঁৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থ নাথাকিব। অন্যৰ ভুল ধৰা আৰু অপ্ৰয়োজনীয় সমালোচনা কৰা আপোনাৰ এই দোষটো আপোনাৰ আত্মীয়ই আপোনাক সমালোচনা কৰিব পাৰে। আপুনি অনুভৱ কৰিব পাৰে যে এইটো আন একো নহয় অকল সময়ৰ অপচয় আৰু ইয়াৰ ফলত আপুনি একো প্ৰাপ্ত কৰিব নোৱাৰে। আপুনি নিজৰ এই অভ্যাস সলনি কৰাটোয়ে আপোনাৰ পক্ষে ভাল হ’ব। ব্যক্তিগত দিকদৰ্শনে আপোনাৰ সম্বন্ধৰ মাজত শুধৰণি আনিব। আপোনাৰ ব্যক্তিত্বই এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজবোধ কৰে আৰু নিজৰ বাবে সময় উলিওৱাৰ চেষ্টাত লাগি যায়। ইয়াৰ ওপৰত ভিত্তি কৰি এইটোৱে কব পাৰি যে আজিৰ দিন টো আপোনাৰ বহুত ভাল যাব তাৰ উপৰি আপুনি নিজৰ বাবে ঢেৰ সময় পাব। আপুনি বভাৱে নেকি বিয়া অকল এটা চুক্তি ? যদি আপুনি হয় বুলি ভাৱে ,তেন্তে আজি আপুনি প্ৰকৃততা অনুভৱ কৰিব আৰু অনুভৱ কৰিব যে এইটো আপোনাৰ জীৱনৰ সকলোতকৈ ভাল ঘটনা আছিল। আজি আপোনাৰ সন্তানৰ লগত সময় অতিবাহিত কৰি কিছু সন্তুষ্টিৰে ভৰা সময় পাৰ কৰক।

 

 

কন্যা ৰাশি ফলাফল
কিছু সৃজনাত্মক কাম কৰিবৰ বাবে অফিচৰ পৰা সোনকালে ওলাব যত্ন কৰক। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমান লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। ঘৰত আজি নিয়ম ৰাজি কিছুমান হব। কোনোবা মনোগ্ৰাহী ব্যক্তিৰ লগত দেখা হোৱাৰ প্ৰবল সম্ভাৱনা আছে। যাত্ৰা আৰু ভ্ৰমণ আপোনাক আনন্দ প্ৰদান কৰিব আৰু বহুত শিক্ষণীয়ও হব। আজিৰ দিনটোয়ে আপোনাক আপোনাৰ প্ৰিয়জনৰ ৰোমাণ্টিক ভাৱনা সমূহ সম্পূৰ্ণ ৰূপে দেখুৱাব । জীৱনৰ আনন্দ নিজৰ লোকসকলক লগত লৈ চলাতহে হয়। এই কথা আজি আপুনি স্পষ্টভাৱে বুজি পাব।

 

তুলা ৰাশি ফলাফল
কোনো কাৰণ অবিহনে নিজৰ কথা আলোচনা কৰি থাকিলে আপোনাৰ আত্ম বিশ্বাস কম কৰি দিব পাৰে। সোনকালে ভৱা -চিন্তা নকৰাকৈ কোনো দিশত বিনিয়োগ নকৰিব ,যদি আপুনি গুৰুত্বপূৰ্ণ কোণ সমূহ ভালকৈ চালি জাৰি নাচাই তেন্তে আপোনাৰ লোকচান হব পাৰে। অফিচত কাম -কাজ অধিক হৈ থকা বাবে আপুনি আপোনাৰ জীৱন সংগীৰ লগত অধিক সময় অতিবাহিত কৰিব নোৱাৰিব ,যাৰ ফলত ঘৰৰ পৰিৱেশ হতাশাগ্ৰস্থ হোৱাৰ সম্ভাৱনা আছে আজি হৃদয়ৰ ধপধপনি আপোনাৰ প্ৰিয়জনৰ লগত তাল মিলাই থাকোতেই যাব ,ইয়াৰ মানে হল আপুনি প্ৰেমত বাৰুকৈয়ে পাগল ! অন্যাকাংক্ষিত উৎসৰ পৰা আজি আপোনালৈ গুৰুত্বপুৰ্ণ কামৰ বাবে নিমন্ত্ৰণী পত্ৰ আহিব। আজিৰ দিনটো আপোনাৰ বাবে খুব এটা বিশেষ নহব কাৰণ বহুত বিষয়ত আপোনাৰ লগত বহুতৰে অসহমতি হব পাৰে আৰু ইয়াৰ বাবে অন্যৰ লগত আপোনাৰ সম্পৰ্কও বেয়া হৈ যাব পাৰে। নিজৰ কামৰ প্ৰতি আজি আপোনাৰ দৃষ্টিকোণ অদ্ভুত হ’ব। আপোনা কাম চাই আজি আপোনাৰ বচ বহুত সুখী হ’ব ।

 

বৃশ্চিক ৰাশি ফলাফল
কোনোবা বন্ধুৰ পৰা পোৱা জ্যোতিষী উপদেশ আপোনাক শাৰীৰিক ফালৰ পৰা বহুত উপকৃত কৰিব। আপোনাৰ বহুত উৎসৰ পৰা লাভ হব। আত্মীয় আৰু বন্ধু ৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। যিসকল লোক নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰি আছে ,সিহঁতৰ বাব এই সময় খিনি লেখতলব’লগীয় মূহূৰ্ত হব। অচিনাকি লোকৰ লগত কথা পতা ভাল কিন্তু তেখেতক ভাল্কৈ নজনাকৈ নিজৰ জীৱনৰ কথা কৈ আপুনি অকল নিজৰ সময়হে অপচয় কৰিব। আজিৰ আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল। সময়ৰ ভাল কৈ ব্যতিত কৰিবলৈ আপুনি টিভি চাই অধিক সময় নষ্ট কৰিব পাৰে সেইবাবে আপুনি আপোনাৰ চকুৰ বহুত ভাল কৈ যত্ন লব পাৰে।

 

ধনু ৰাশি ফলাফল
আধ্যাত্মিকতাৰ সহায়তা লোৱাৰ এইটো সঠিক সময় ,কাৰণ মানসিক অশান্তি দূৰ কৰিবৰ বাবে এইটো সকলোতকৈ ভাল বিকল্প হয় ,ধ্যান আৰু যোগ আপোনাৰ মানসিক শক্তি বঢ়োৱাত বহুত বেছি সহায় কৰিব। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন পাৰম্পৰিক ভাৱে নিৱেশ কৰক। আপোনাৰ উচ্চাকাংক্ষা সমূহক ডাঙৰ কাৰোবাৰ লগত ভাগ-বতৰা কৰক ,যি জনে আপোনাক সহায়ৰ হাত আগ বঢ়াব পাৰে। যদি আপুনি নিজৰ প্ৰিয়জনক পৰ্যাপ্ত সময় নিদিয়ে তেন্তে তেখেত বেয়া পাব পাৰে অথবা খঙো কৰিব পাৰে। আপোনাৰ বিশেষত্ব আৰু ভৱিষ্যতৰ পৰিকল্পনা সমূহৰ ওপৰত আকৌ এবাৰ বিবেচনা কৰাৰ এয়া সঠিক সময়। আপুনি আপোনাৰ জীৱন সংগীৰ পৰা অলপ কম যত্ন লাভ কৰা যেন অনুভৱ কৰিব,কিন্তু দিনৰ শেষত আপুনি অনুভৱ কৰিব যে তেখেত আপোনাৰ বাবেই কিবাকিবি কৰোতে ব্যস্ত আছিল। আধ্যাত্মিকতাৰ প্ৰতি আজি আপুনি অলপ লীন হ’ব পাৰে আৰু কোনোবা আধ্যাত্মিক গুৰুক লগ কৰিব যাব পাৰে।

 

 

মকৰ ৰাশি ফলাফল
ৰক্তচাপ থকা ৰোগীবোৰে অনুগ্ৰহ কৰি নিজৰ যত্ন লোৱা আৰম্ভ কৰক আৰু আপুনি ঔষধ গ্ৰহণ কৰাৰ আৱশ্যক আছে আৰু আপুনি ৰেড ৱাইন গ্ৰহণ কৰিলেও বহুত আৰাম পাব, লগতে আপোনাৰ কলেষ্ট্ৰলো নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰক,এনেকুৱা কৰাটো আপোনাৰ বাবে অধিক লাভদায়ক বুলি পৰিগণিত হ’ব। আজি মাটি বা আন কোনো সম্পত্তিৰ ওপৰত বিনিয়োগ কৰাটো আপোনাৰ বাবে মাৰাত্মক হব পাৰে । যিমান পাৰে এইবোৰ বস্তুৰ ওপৰত নিৱেশ কৰাৰ পৰা দূৰত থাকক। পৰিয়ালৰ সদস্যৰ লগত হাঁহি-খিকিন্দালিৰে ভৰা ব্যৱহাৰে ঘৰৰ পৰিৱেশক লঘু আৰু আনন্দৰে ভৰা কৰি তুলিব। যিসকল লোক প্ৰেমৰ সংগীতত ডুবি আছে সিহঁতেই অকল প্ৰেমৰ ৰাগৰ আনন্দ ল’ব পাৰে। আজিৰ দিনাখন আপুনি সেই সংগীতক অনুভৱ কৰিব পাৰে ,যি আপোনাক পৃথিৱীৰ আন সংগীত ক পাহৰাই দিব। যিসকল লোক ঘৰৰ বাহিৰত থাকে সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি কৰবাত পাৰ্কত নাইবা একান্ত ঠাইত সময় অতিবাহিত কৰিব পচন্দ কৰিব। আপোনাৰ আৰু জীৱনসংগীৰ মাজত আজি বিবাদ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে যাৰ অদূৰ ভৱিষ্যতৰ পৰিণাম বৈবাহিক জীৱনত নঞাৰ্থক প্ৰভাৱ পেলাব পাৰে। আপোনাৰ সহকৰ্মী হঠাৎ অসুস্থ হোৱা বাবে আজি আপুনি তেখেতক পুৰ্ণ সমৰ্থন আগবঢ়াব।

 

 

কুম্ভ ৰাশি ফলাফল
খাই থকা সময়ত সাৱধান থাকক, অৱহেলা বেমাৰৰ কাৰণ বনিব পাৰে। কিছুমান নিশ্চিত গুৰুত্বপুৰ্ণ কাম আপোনাৰ অভাৱীয় আৰ্থিক পৰিস্থিতিৰ বাবে মাজতে ৰৈ যাব পাৰে। কোনো নতুন সম্বন্ধ আপোনাৰ বাবে লাভদায়ক হোৱাৰ লগতে দীঘলীয়া সময়ৰ বাবেও অটুট থাকিব। বন্ধুত্ব বহুত গভীৰ হোৱা বাবে প্ৰেমৰ পোহাৰ মেলিব পাৰে। নিজৰ ব্যক্তিত্ব আৰু ৰূপ-ৰং ক ভাল কৰিবৰ বাবে কৰা চেষ্টআ সন্তুষ্ট জনক হব। আপোনাৰ জীৱন লগৰী আপোনাক পাই নিজকে ভাগ্যৱান বুলি ভাৱিৱ ,এই মুহুৰ্ত সমূহৰ ভৰপূৰ ব্যৱহাৰ কৰক। প্ৰেমতকৈ ধুনীয়া অনুভূতি একো নাই ,এইবোৰ কথা মাজে মাজে আপুনি প্ৰেমাস্পদক ক’ব লাগে যাৰ ফলত তেখেতৰ আপোনাৰ বিশ্বাস গভীৰ হব লগতে প্ৰেমত এক নতুনত্ব প্ৰাপ্ত হ’ব।

 

 

মীন ৰাশি ফলাফল
নিজৰ ওজনৰ ওপৰত লক্ষ্য ৰাখক আৰু প্ৰয়োজনতকৈ বেছি আহাৰ গ্ৰহণ কৰিব। আজি ওচৰ চুবৰীয়া ৰ কোনোবা এজন আপোনাৰ ওচৰত ধন বিচাৰি আহিব পাৰে, আপোনাক পৰামৰ্শ দিয়া হল যে ঋণ দিয়াৰ আগতে এবাৰ তেওঁৰ বিশ্বাসযোগ্যতা চাই লব নহলে পইচাৰ লোকচান হব পাৰে। ঘৰত বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময় লৈ সম্পুৰ্ণ কৰিব পাৰিব। আজিৰ দিনটো ৰোমাঞ্চেদি ভৰপুৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ ওচৰত সময় পৰ্যাপ্ত পৰিমাণে থাকিব কিন্তু মনে বিচৰা কাম আপুনি কৰিব নোৱাৰিব। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হব। আজি বতৰ ৰ দৰে আপোনাৰ মানসিক অৱস্থাৰো ঘনে ঘনে পৰিৱৰ্তন হৈ থাকিব।

 

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments