Wednesday, March 11, 2026
Homeৰাশিফলকেনে যাব আজিৰ দিনটো… ৰাশিফল চাই জানি লওক

কেনে যাব আজিৰ দিনটো… ৰাশিফল চাই জানি লওক

মেষ ৰাশি ফলাফল
নিজৰ নঞাৰ্থক ভাৱনা সমূহ আৰু বৃত্তিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। আপোনাৰ ৰক্ষণশীল চিন্তা/ পূৰণি কলীয়া ভাৱনা আপোনাৰ প্ৰগতিত বাধা হৈ থিয় দিব পাৰে, অথবা তাৰ দিশ পৰিৱৰ্তন কৰিব পাৰে আৰু আপোনাৰ ৰাস্তাত আগত বহুত বাধা হব পাৰে। ঘৰৰ সৰু সৰু বস্তুৰ ওপৰত আপোনাৰ আজি বহুত ধন খৰচ হৈ যাব পাৰে যাৰ ফলত আপুনি মানসিক অশান্তিত ভূগিব পাৰে। দেউতাৰ ৰুক্ষ ব্যৱহাৰৰ বাবে আপুনি খঙ কৰিব পাৰে। কিন্তু পৰিস্থিতিক নিয়ন্ত্ৰণত ৰাখিবৰ বাবে আপুনি শান্ত হৈ থকা উচিত । ইয়াৰ ফলত আপোনাৰ লাভ হব। আজি আপোনাৰ কাৰোবাৰ লগত চকুৰ চাৰিমিলন ঘটিব পাৰে-যদি আপুনি নিজৰ সমাজত উঠা- বহা কৰে। আজি ধাৰ্মিক কামত আপুনি সময় কটাব বিচাৰিব, এই সময়খিনিত আপুনি বিনাকথাৰ তৰ্ক নকৰিব। আজি আপুনি নিজৰ বৈবাহিক জীৱনত অকল ভাল খোৱা আৰু ভাল টোপনি পাব আশা আছে। আপুনি অলপ সময় নিজৰ পচন্দৰ কামবোৰ কৰাত সময় দিয়ক যেনে গান শুনা ,নাচা আৰু বাগিচাৰ কাম কৰা ,ইত্যাদি কৰিলে আপোনাৰ সন্তুষ্টতা অনুভৱ হব।
বৃষ ৰাশি ফলাফল
আপুনি আজি মানসিক আৰু শাৰীৰিক ভাৱে অলপ দুৰ্বল অনুভৱ কৰিব পাৰে , অলপ ব্যায়াম আৰু ভাল খাদ্যই আপোনাৰ সেই শক্তি পুনৰ ঘুৰাই অনাত আপোনাক সহায় কৰিব। এই ৰাশিৰ বিবাহিত ব্যক্তি সকলক শহুৰৰ ঘৰৰ পৰা অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। কিছুমান লোক আপোনাৰ অশান্তিৰ কাৰণ হব পাৰে ,সিহতক ভ্ৰূক্ষেপ নকৰিব। আপোনাক কোনোবাই প্ৰথম চাৱনিতে পচন্দ কৰিব পাৰে। আপুনি যদি বিচাৰে সমস্যা সমূহৰ হাহিঁমুখে সমাধান কৰিব আৰে অথবা তাৰ মাজত পৰি চিন্তিত হব পাৰে , ইয়াৰ নিৰ্ণয় আপুনিয়ে ল’ব। আপোনাৰ চিনাকি মানুহৰ কিছু কামৰ বাবে আপোনাৰ জীৱন সংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে। আজিিৰ দিনটো আপোনাৰ বাবে এটা লেখত লবল’গীয়া দিন হ’ব পাৰে ,, আপোনাৰ আজি বন্ধু আৰু আত্মীয়ৰ লগত চিনেমা চাবলৈ যোৱাৰ পৰিকল্পনা হব পাৰে।
মিথুন ৰাশি ফলাফল
ব্যস্ত দিনযোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। এই সময় এই কথাটো বুজাৰ সময় যে খঙ পাগলামীৰ প্ৰথম স্তৰ আৰু ই আপোনাক প্ৰত্যেক দিশেদি হানি কৰিব পাৰে আৰু আপোনাক লোকচানৰ মুখত পেলাব পাৰে। আপোনাৰ প্ৰেম কাহিনীয়ে আজি এক নতুন অধ্যায় প্ৰাপ্ত কৰাৰ পুৰ্ণ সম্ভাৱনা আছে , আপোনাৰ প্ৰেমাস্পদ আজি বিয়াৰ কথালৈ আপোনাৰ লগত কথা পাতিব পাৰে। এনেতে যিকোনো নিৰ্ণয় লোৱাৰ আগতে বিচাৰ বিবেচনা নিশ্চয় কৰিব। আজি আনে আপোনাৰ বিষয়ে কি ভাৱে সেইবিষয়ে আপুনি গুৰুত্ব নিদিয়ে ।আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিবও নিবিচাৰিব আৰু সম্পূৰ্ণ একান্ত ভৱে সময় কটাব বিচাৰিব। বহুুত দীঘলীয়া সময়ৰ অন্তত আপুনি আজি নিজৰ জীৱন লগৰীৰ লগত বহুত সময় অতিবাহিত কৰাৰ সুযোগ লাভ কৰিব। ল’ৰা- ছোৱালীৰ লগত সময় কেনেকৈ পাৰ হয় গমে পোৱা নাযায় ,এই কথাটো আজি আপুনি সন্তানৰ লগত সময় অতিবাহিত কৰা সময়ত গম পাব।
কৰ্কট ৰাশি ফলাফল
আপোনাৰ ওচৰত স্বাস্থ্য আৰু ৰেহ-ৰূপ ভাল কৰিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। ঘৰৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি আজি আপুনি আপোনাৰ জীৱনসংগীৰ লগত আলোচনা কৰি মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰে যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়্যলৈ ঢাল খাব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব দিয়া আপোনাৰ প্ৰাথমিকতা হব লাগে। আজি আপোনাৰ প্ৰেমাস্পদক লৈ কৰবাত ফুৰিব যাব পাৰে কিন্তু কিবা জৰুৰী কামৰ বাবে এই পৰিকল্পনা সফল নহব পাৰে ফলস্বৰূপে আপোনাৰ মাজত কলহৰ সৃষ্টি হব পাৰে। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশিৰ গৃহিনী সকল গোটেই দিন আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰিব। আপোনাৰ জীৱন লগৰী আপোনাক বিশেষ সময় দিবলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপুনি নিজৰ ব্যক্তিত্ব ভাল কৰাত ব্যতিত কৰিব পাৰে, এনেই বহি থকাতকৈ এনেকুৱা কাম কৰাটো বেছি ভাল।
সিংহ ৰাশি ফলাফল
শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিক ভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগাৰ আশ্ৰয় লওক। আপোনাৰ অস্থাৱৰ সম্পত্তি কোনোবাই আজি চুৰি কৰিব পাৰে সেইবাবে যিমান পাৰে এই বিশয়ত গুৰুত্ব দিব। যাৰ লগত আপুনি থাকে ,তেখেতৰ লগত বাদ-বিবাদ কৰাৰ পৰা বিৰত থাকক,যদি কোনো সমস্যা আছে তেন্তে সেই বিষয় শান্তিৰে আলোচনা কৰি সমাধান কৰক। অনাকাংক্ষিত ভাৱে হোৱা ৰোমান্টিক সাক্ষাৎকাৰ আপোনাৰ গোটেই দিনটোকে সজীৱ কৰি তুলিব। আপোনাৰ কথা পতাৰ বা ভাৱ ব্যক্ত কৰাৰ শৈলী বহুত প্ৰশংসনীয় হব। বিয়াৰ আগৰ ধুনীয়া দিনৰ স্মৃতিখিনি আজি সতেজ হব পাৰে ,সেই আগৰ দৰে ঘুৰি ফুৰা, হাঁহি -ধেমালি ,আৰু ফূৰ্তি ইত্যাদি বোৰে আপোনালোকৰ বাবে উপহাৰ। আজি আপুনি আপোনাৰ বন্ধুৰ বাবে কোনোব ডাঙৰ সমস্যাত পৰাৰ পৰা বাচিব পাৰে।
কন্যা ৰাশি ফলাফল
আপোনাৰ হতাশাই আপোনাৰ স্বাস্থ্য বেয়া কৰি দিব পাৰে।পূৰণা কথা সমূহত ৰৈ থাকিলে সেয়ে আৰাম কৰিব চেষ্টা কৰক। বেপাৰ-বাণিজ্যত আজি বিশেষ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি নিজৰ ব্যৱসায়ক এক উচ্চ স্তৰ প্ৰদান কৰিব পাৰে। সকলোকে আপোনাৰ আয়োজিত পাৰ্টীত নিমন্ত্ৰণ দিয়ক ,কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত উৰ্জা আছে ,যি আপোনাক পাৰ্টী অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। আজি আপোনাৰ হাহিঁত কোনো আৱেগ অথবা অৰ্থ নাথাকিব, নাথাকিব কোনো শব্দ না কোনো চন্দ কাৰণ আপোনজনৰ অনুপস্থিতিত মনটো যেন উকা উৰুঙা হৈ থাকিব। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশিৰ গৃহিনী সকল গোটেই দিন আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰিব। আপোনাৰ ব্যস্ত দিনচৰ্যাৰ বাবে আপোনাৰ জীৱন সংগী আপোনাৰ ওপৰত সন্দেহ কৰিব পাৰে,কিন্তু দিনৰ অন্তত তেখেত আপোনাক বুজি পাব আৰু আকৌ আপোনাক আপোন কৰি লব। পৰিয়ালত কোনোবা সদস্যৰ লগত তৰ্কা তৰ্কি চলি থকাৰ বাবে ঘৰত অলপ অৱস্থা বেয়া চলি থাকিব পাৰে কিন্তু যদি আপুনি নিজকে শান্ত ৰাখে আৰু ধৈৰ্য ধৰি থাকে তেন্তে সকলোৰে মন ভালে থাকিব।
তুলা ৰাশি ফলাফল
আজি আপোনাক বিশ্ৰামৰ বহুত প্ৰয়োজন লগতে ঘনিষ্ঠ বন্ধু আৰু আত্মীয় তথা পৰিয়ালৰ সদস্যৰ লগত অলপ সময় অতিবাহিত কৰাটো জৰুৰী। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব । গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। বন্ধু আৰু জীৱন সংগী আপোনাক আৰাম আৰু সুখ দিব ,নহ’লে বাকী থকা দিন খিনি হতাশা আৰু নিৰস ভাৱে অতিবাহিত হব। প্ৰেমৰ ফালেদি আজি দিনটোত একো বিশেষ আশা কৰিব নোৱাৰি। আপোনাৰ ওচৰত সময় পৰ্যাপ্ত পৰিমাণে থাকিব কিন্তু মনে বিচৰা কাম আপুনি কৰিব নোৱাৰিব। অধিক খৰচ কৰাৰ বাবে জীৱন সংগীৰ লগত অলপ বিবাদ হব পাৰে। বিনাকাৰণৰ কথাত নিজৰ সময় বৰবাদ নকৰিব ,এইটোয়ে আপোনাৰ বাবে ভাল হ’ব।
বৃশ্চিক ৰাশি ফলাফল
আপোনাৰ বিনম্ৰ স্বভাৱৰ সকলোৱে প্ৰশংসা কৰিব ,কিছুমান মানুহে আপোনাক অতি প্ৰশংসা দি উপচাই দিব পাৰে। যিকোনো বস্তু কিনাৰ আগতে সেই বস্তুক ব্যৱহাৰ কৰি চাওক ,যি আপোনাৰ লগত আগৰে পৰা আছে। যাক আপুনি ভাল পায় ,সিহতৰ লগত উপহাৰৰ আদান প্ৰদান কৰাৰ বাবে আজি ভাল দিন । মনত ৰাখিব মানুহৰ চকুয়ে কেতিয়াও মিছা কথা নকয়।আজি আপোনাৰ প্ৰিয়জনৰ চকু আপোনাক সচাকৈয়ে এক বিশেষ কথা কৈ যাব। ঘৰত পৰি থকা পুৰণি বস্তু এটা আপুনি পাব পাৰে যাৰ বাবে আপোনাৰ শৈশৱৰ দিনৰ ক্থা মনত পৰিব আৰু গোটেই দিন অকলে কটাব। যদি আপুনি আৰু আপোনাৰ জীৱন লগৰী যোৱা কেইদিনৰ পৰা অলপ অসুখী অনুভৱ কৰি আছে তেন্তে আজি পৰিস্থিতি অলপ ভাললৈ ঢাল খাব ,আপুনি দুয়োজনেই আজি ভাল আৰু সুখী অনুভৱ কৰিব। আজি ঘৰত থাকিব কিন্তু ঘৰৰ সমস্যাই আপোনাক চিন্তিত কৰি তুলিব পাৰে।
ধনু ৰাশি ফলাফল
আপোনাৰ বিনম্ৰ স্বভাৱৰ সকলোৱে প্ৰশংসা কৰিব ,কিছুমান মানুহে আপোনাক অতি প্ৰশংসা দি উপচাই দিব পাৰে। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হব পাৰে। ঘৰুৱা বিষয় আৰু আকৌ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল দিন বুলি পৰিগণিত হব। ৰোমাাঞ্চৰ ফালেদি চাব গ’লে আজি বহুত ভাল দিন নহয়, কাৰণ আজি আপুনি সচা প্ৰেমক বিচাৰোতে বিফল হব। ঘৰৰ পৰা বাহিৰত ওলাই আজি আপুনি সতেজ বতাহত খোজঁ কাঢ়িব ভাল পাব। আজি আপোনাৰ মন শান্ত থাকিব যিটোৰ লাভ আপুনি গোটেই দিন পাব পাৰে। জীৱন সংগীৰ লগত এক আৰামদায়ক দিন অতিবাহিত কৰিব পাৰিব। কামৰ অত্যধিক চাপে আজি আপোনাক মানসিক ভাৱে চিন্তিত কৰিব পাৰে। অৱশ্যে সন্ধিয়া সময়ত অলপ সময় ধ্যান কৰিলে আপুনি নিজৰ শক্তি ঘুৰাই পাব।
মকৰ ৰাশি ফলাফল
নিজৰ ওজনৰ ওপৰত লক্ষ্য ৰাখক আৰু প্ৰয়োজনতকৈ বেছি আহাৰ গ্ৰহণ কৰিব। যিসকলে ইতিমধ্যে শ্বেয়াৰ মাৰ্কেটত অৰ্থ বিনিয়োগ কৰি আহিছে সিহতঁৰ আজি লোকচান হব পাৰে । সময় থাকোঁতেই যদি সচেতন হৈ যায় তেন্তে আপোনাৰ বাবেই ভাল। যাক আপুনি ভাল পায় ,সিহতৰ লগত উপহাৰৰ আদান প্ৰদান কৰাৰ বাবে আজি ভাল দিন । একপক্ষীয় ভাল লগা আপোনাৰ মন ভঙাৰ কাম কৰিব। জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পচন্দৰ কামো কৰাত সফল হব। আজি আপোনাৰ জীৱন সংগী আপোনাৰ স্বাস্থ্যৰ প্ৰতি একেবাৰেই অসংবেদনশীল হব পাৰে। আপোনাৰ প্ৰিয়জনৰ লগত পৰ্যাপ্ত সময় অতিবাহিত কৰাৰ আজি সম্ভাৱনা আছে ,এনেকুৱা কিছুমান মুহুৰ্তই আপোনজনৰ লগত থকা সম্পৰ্ক প্ৰগাঢ় কৰে।
কুম্ভ ৰাশি ফলাফল
স্বাস্থ্যৰ ফালেদি চাব গলে আজিৰ দিনটো বহুত ভাল হ’ব ।আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। আপুনি আগতে যিমান পইচা ব্যয় কৰিছে তাৰ পৰিণতিৰ মুখামুখি হব লাগিব। আজি আপোনাৰ পইচাৰ দৰকাৰ হব কিন্তু পইচা আপোনাৰ হাতত নাহিব। ব্যক্তিগত বিষয় সমূহ সমাধান কৰিবলৈ আপুনি অলপ উদাৰ হোৱা উচিত ,কিন্তু নিজৰ জিভাক অলপ নিয়ন্ত্ৰণ কৰক যাতে আপোনাৰ কথাৰ বাবে কোনো মানুহে দুখ নাপায় বিশেষকৈ জনে আপোনাক বহুত ভাল পায় আৰু আপোনাক বহুত স্নেহ কৰে। পূৰণি স্মৃতিক আকৌ মনত কৰি আপোনাৰ বন্ধুত্বক পুনঃ জীৱিত কৰক আৰু সতেজ কৰাৰ এয়াই উত্তম সময়। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব সম্ভাৱনা আছে। খালি সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। আজি আপুনি আৰু জীৱন সংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে। ঘৰৰ এজন সদস্য আজি আপোনৰ বিৰুদ্ধে কথা ক’ব পাৰে যাৰ বাবে আপুনি আহত হ’ব পাৰে।
মীন ৰাশি ফলাফল
আপোনাৰ সন্ধিয়াৰ সময়খিনি বহুত ধৰণৰ অনুভূতিৰে আৱৰি থাকিব আৰু এইবাবে আপুনি হতাশো হৈ যাব পাৰে। কিন্তু অধিক চিন্তা কৰাৰ প্ৰয়োজন নাই ,কাৰণ আপোনাৰ সুখ আপোনাৰ নিৰাশা বোৰৰ তুলনাত বহুত বেছি আনন্দ আপোনাক দিব। যদি আপুনি বহুত দিনৰ পৰা আৰ্থিক লোন লোৱাৰ বাবে যোগাযোগ কৰি আছে তেন্তে আজি আপুনি লোন পাব পাৰে। পূৰণি পৰিচিতৰ লগত মিলি-জুলি আৰু পূৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন হয়। আজিৰ দিনাখন নিজৰ প্ৰিয়জনৰ ভাৱনাক বুজাৰ চেষ্টা কৰক। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে আজি এক বহুত শুভ দিন। যদি আপুনি চেষ্টা কৰে তেন্তে আপুনি নিজৰ জীৱনৰ লগৰীৰ লগত নিজৰ জীৱনৰ সকলোতকৈ ভাল সময় অতিবাহিত কৰিব পাৰে। কাৰোবাক দিয়া ঋণ গুৰাই পাব পাৰে যাৰ ফলত আপোনাৰ আৰ্থিক সমস্যা দূৰ হ’ব পাৰে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments