মেষ ৰাশি ফলাফল :
ধ্যান কৰিলে শান্তি লাভ কৰিব। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হব। ৰুক্ষ স্বভাৱ হোৱা স্বত্বেও আপোনাৰ জীৱন সংগিনী আপোনাক পূৰ্ণ সহযোগ কৰিব। মনত ৰাখিব মানুহৰ চকুয়ে কেতিয়াও মিছা কথা নকয়।আজি আপোনাৰ প্ৰিয়জনৰ চকু আপোনাক সচাকৈয়ে এক বিশেষ কথা কৈ যাব। অফিচত কোনোবাই আপোনাক কিছু বঢ়িয়া খবৰ অথবা সংবাদ দিব পাৰে। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে কিন্তু আপুনি নিজৰ পৃথিৱীতেই মচগুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সচাঁকৈ আনন্দ লাভ কৰিব। আজি বিবাহৰ পিনেদি চালে সকলো বোৰ বস্তু আজি আপোনাৰ দিশে ধাৱমান হোৱা পৰিলক্ষিত হব।
বৃষ ৰাশি:
স্বাস্থ্য ভালে থাকিব। আপুনি এনেেকুৱা অনুভৱ কৰিব পাৰে যে আপুনি জানে যে অন্য লোক আপোনাৰ পৰা কি বিচাৰে -কিন্তু আজি আপুনি নিজৰ খৰচ সমূহ খৰচ হৈ যোৱাৰ পৰা বাচক। আপোনাৰ মূল্যৱান সময় সন্তানৰ ল্লগত অতিবাহিত কৰক। এয়াই সকলোতকৈ ভাল ঔষধ মানসিক শান্তিৰ,শিশু কেতিয়াও শেষ নোহোৱা সুখৰ উৎস বুলি প্ৰমাণিত হয়। আপোনাৰ প্ৰেম-প্ৰসংগৰ বিষয়ে বেছি ইফালে-সিফালে কথা কৈ নুফুৰিব। পৰিস্থিতিত বিকশিত কৰা ব্যৱসায়িক সম্বন্ধৰ বাবে আপোনাৰ বহুত লাভ হব। ঘৰৰ সৰুবোৰৰ লগত ক্থা পাতি আজি আপুনি নিজৰ অৱসৰ সময় খিনি খুব ভালকৈয়ে ব্যৱহাৰ কৰিব। আপোনাৰ জীৱন সংগী আপোনাৰ ওপৰত খঙ কৰি থাকিব পাৰে, কাৰণ আপুনি কিবা গুৰুত্বপূৰ্ণ কথা তেখেতক কবলৈ পাহৰি গৈছে।
মিথুন ৰাশি :
ৰক্তচাপ থকা ৰোগীবোৰে অনুগ্ৰহ কৰি নিজৰ যত্ন লোৱা আৰম্ভ কৰক আৰু আপুনি ঔষধ গ্ৰহণ কৰাৰ আৱশ্যক আছে আৰু আপুনি ৰেড ৱাইন গ্ৰহণ কৰিলেও বহুত আৰাম পাব, লগতে আপোনাৰ কলেষ্ট্ৰলো নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰক,এনেকুৱা কৰাটো আপোনাৰ বাবে অধিক লাভদায়ক বুলি পৰিগণিত হ’ব। আপোনাৰ অতিৰিক্ত ধন সমূহ সুৰক্ষিত ঠাইত জমা কৰি ৰাখক ,যি আহিব লগা সময়ত আপুনি আকৌ ঘুৰাই পাব পাৰে। পঢ়া-শুনাত কম ৰুচি থকা হেতু আপোনাৰ সন্তান আপোনাক নিৰাশ কৰিব পাৰে। শাৰীৰিক ব্যায়ামৰ যেন এতিয়া কোনো প্ৰয়োজন নাই , আপুনি যে অনবৰতে প্ৰেমৰ ভাৱনাতে ডুব গৈ থাকে আপোনাৰ মূল্যৱান সময় অকল পৰিকল্পনা বনাওতে নষ্ট নকৰিব যদি পাৰে কামৰ প্ৰতি আগ বাঢ়ক আৰু তাৰ ওপৰত আমোল কৰক। আজি আপুনি প্ৰেমাস্পদৰ লগত সময় অতিবাহিত কৰিব পাৰিব আৰু তেখেতৰ সন্মুখত নিজৰ অনুভুতি বোৰ প্ৰকাশ কৰিব পাৰিব। সম্পৰ্ক স্বৰ্গত নিৰ্ধাৰণ হয় আৰু আপোনাৰ জীৱন সংগী আজি এই কথা প্ৰমাণ কৰিব।
কৰ্কট ৰাশি:
আপুুনি শৰীৰৰ যিকোনো অংগত বিষ অথবা অশান্তি জাতীয় সমস্যাৰ সন্মুখীন হ’ব পাৰে। আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাতো সক্ষম হব। পাৰম্পৰিক নিয়ম আৰু কোনোবা পৱিত্ৰ আয়োজন ঘৰত কৰা উচিত । ৰোমাণ্টিক মনোভাৱ সমূহত হঠাতে পৰিৱৰ্তন আহিব পাৰে। আপুনি আজি ব্যৱসায়িক লেন দেন সমূহ সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব লগতে মনোৰঞ্জনৰ লগত জড়িত যিকোনো পৰিযোজনাৰ লগত বহুত ব্যক্তিক সংযোগ কৰাব পাৰে। আপুনি সেই স্থানৰ পৰা ওলাবলগীয়া হৈ পৰিছে ,আৰু অন্যৰ লগত চিনাকি বঢ়াবৰ আৱশ্যকতা আছে ,যিবোৰ ব্যক্তি আগৰে পৰা সমাজত এক উচ্চ স্থান অধিকাৰ কৰি আছে। আপোনাৰ জীৱন সংগীৰ বাবে আপোনাৰ সমাজীয় প্ৰতিষ্ঠাত আঘাত পাব পাৰে।
সিংহ ৰাশি:
আজি আপুনি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰা অভিপ্ৰায় লৈ থাকিব। আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হব। আপুোনাৰ লগত বাস কৰা লোকজন আপোনাৰ নতুন ব্যৱহাৰৰ বাবে অতিকৈ অসহ্য অনুভৱ কৰিব। বেলগৰ হস্তক্ষেপ আপোনাৰ গতিৰোধত বাধাৰ সৃষ্টি কৰিব। আজি আপোনাৰ কোনোবা লুকাই থকা বিৰোধী আপোনাক ভুল বুলি প্ৰমাণিত কৰিবলৈ বহুত চেষ্টা চলাব। আপোনাৰ ব্যক্তিত্ব বেলেগতকৈ অলপ বেলেগ সেয়ে আপুনি অকলে সময় অতিবাহিত কৰি ভাল পায়। আজি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিব কিন্তু অফিচৰ কথাই আপোনাক চিন্তিত কৰি থাকিব। আপোনাৰ ব্যযস্ত দিনযোৰাৰ বাবে আপোনাৰ জীৱন সংগী আজি নিজকে আপোনাৰ জীৱনত গুৰুত্বহীন বুলি ভাৱিব পাৰে আৰু তেখেত এই বিষয় সন্ধিয়া আপোনাক প্ৰকাশ কৰিব পাৰে।
কন্যা ৰাশি :
আপোনাৰ ইচ্ছা শক্তি উৎসাহিত হব কাৰণ আপুনি বহুত জটিল অৱস্থাৰ পৰা বাহিৰ হ’বলৈ সক্ষম হ’ব। ভাবুক নিৰ্ণয় লোৱাৰ সময়ত নিজৰ যুক্তিসংগতা এৰি নিদিব। আপুনি আজি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে যাৰ ফলত আপোনাৰ মনত শান্তি অৰ্জন কৰাৰ পুৰ্ণ সম্ভাৱনা আছে। যি সকল লোক আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ , সিহঁতক কিছুমান কথা বুজোৱাত আপুনি অধিক জটিলতাৰ সন্মুখীন হব পাৰে। আপোনাৰ প্ৰিয়জনৰ জেদী স্বভাৱে আপোনাক চিন্তিত কৰি তুলিব পাৰে, চাকৰি কৰা মানুহ আজি সমস্যাৰ সন্মুখীন হব পাৰে। আজি নজনাকৈ আপুনি কিবা ভুল কৰি পেলাব যাৰ বাবে আপুনি ওপৰৱালাৰ পৰা গালি শুনিব লগা হব পাৰে।ব্যৱসায়ীসকলৰ বাবে আজিৰ দিন সাধাৰণ থাকিব। ছাত্ৰ-ছাত্ৰী আজিৰ কাম কাইলৈ পেলাই নথ’ব ,যেতিয়াই খালী সময় পাব তেতিয়াই কামখিনি পুৰা কৰি লব।এইটো আপোনাৰ বাবেই হিতকৰ। আপুনি নিজৰ জীৱন সংগীৰ কঠিন আৰু ৰুক্ষ ব্যৱহাৰ দেখিবলৈ পাব পাৰে, যাৰ বাবে আপুনি অসহজ অনুভৱ কৰিব।
তুলা ৰাশি :
আপোনাৰ আকাংক্ষা সমূহ এটি সুগন্ধিত ধুনীয়া ফুলৰ দৰে ফুলিব। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ,যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। আপোনাৰ বন্ধুৰ লগত বহুত দিনৰ পিছত লগ কৰাৰ ভাৱনাই আপোনাৰ হৃদয়ত সুখৰ লহৰ আনিব পাৰে। সহকৰ্মী আৰু বৰিষ্ঠ জনৰ পূৰ্ণ সহায় সহযোগিতাৰ বাবে অফিচত আপোনাৰ কাম বহুত দ্ৰুত গতিত সম্পূৰ্ণ হব। দিনটো কেনেকৈ ভাল কৰা যায় তাৰ বাবে নিজৰ বাবে সময় উলিওৱা শিকক। যদি আপুনি চেষ্টা কৰে তেন্তে আপুনি নিজৰ জীৱনৰ লগৰীৰ লগত নিজৰ জীৱনৰ সকলোতকৈ ভাল সময় অতিবাহিত কৰিব পাৰে।
বৃশ্চিক ৰাশি:
পূৰণি পৰিকল্পনাসমূহত লাভ কৰা সফলতাই আপোনাক আত্ম বিশ্বাসী কৰি তুলিব। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। এনেকুৱা বিষয়ত কথা কোৱাৰ পৰা বিৰত থাকক যাক লৈ প্ৰিয়জনৰ লগত বাদ বিবাদ হব পাৰে। আজি আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত কোনোবা তৃতীয় ব্যক্তি আহিব পাৰে। নতুুন যোজনা সমূহ আকৰ্ষক হব আৰু ভাল আমদানি ৰ এক বাট বুলি পৰিগণিত হব। স্পষ্ট ভাৱে নিজৰ মনৰ কথা প্ৰকাশ কৰোতে ভয় নাখাব। জীৱন সংগীৰ লগত এক আৰামদায়ক দিন অতিবাহিত কৰিব পাৰিব।
ধনু ৰাশি :
কিছু সৃজনাত্মক কাম কৰিবৰ বাবে অফিচৰ পৰা সোনকালে ওলাব যত্ন কৰক। আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ লব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীবনত আগবাঢ়িব পাৰে। বহুত বঢ়িয়া দিন যেতিয়া আপুনি বেলেগৰ মনোযোগ নিজৰ পিনে আকৰ্ষিত কৰিব , আপোনাৰ সন্মুখত পচন্দ কৰিবলৈ বহুত বস্তু থাকিব আৰু আপোনাৰ সমস্যা এইটোয়ে হব যে কোনটো আগত লোৱা যায়। আপুনি কেতিয়াবা গোলাপ আৰু কেৱড়া জল একেলগে শুঙি চাইছেনে ? আজি আপোনাৰ জীৱন প্ৰেমৰ বাবে এনেই সুগন্ধৰে মল-মলাই থাকিব। এই ৰাশিৰ ব্যৱসায়ীসকল আজি নিবিচাৰিলেও যাত্ৰা কৰিবলগীয়া হব পাৰে। এই যাত্ৰা আপোনাক মানসিক অশান্তি দিব পাৰে। চাকৰি কৰি থকা লোক সকল আজি অফিচৰ যা- তা ক্থাৰ পৰা বাচি থাকিব। যেতিয়া আপোনাৰ পৰা পৰামৰ্শ বিচাৰা হয় তেতিয়া সংকোচ নকৰিব ,কাৰণ ইয়াৰ বাবে আপুনি বহুত প্ৰশংসা লাভ কৰিব। আজি জীৱন টো বহুত ধুনীয়া হৈ পৰিব,কাৰণ আপোনাৰ জীৱন লগৰী আপোনাৰ বাবে কিছুমান বিশেষ যোজনাৰ পৰিকল্পনা কৰিছে।
মকৰ ৰাশি :
শাৰীৰিক ব্যায়াম আৰু ওজন কমোৱাৰ উপায়বোৰ মানি চলিলে আপোনাৰ ৰেহ-ৰূপ উজ্বলি উঠাত সহায় হ’ব। যদি আপুনি বহুত দিনৰ পৰা আৰ্থিক লোন লোৱাৰ বাবে যোগাযোগ কৰি আছে তেন্তে আজি আপুনি লোন পাব পাৰে। আজি অকল অচিনাকি ব্যক্তি নহয় আনকি নিজৰ বন্ধু-বান্ধৱৰ পৰাও সাৱধানে থকাৰ প্ৰয়োজন আছে। প্ৰেম ঈশ্বৰক উপাসনা কৰাৰ দৰে পৱিত্ৰ হয়। এই প্ৰেমে আপোনাক ধৰ্ম তথা আধ্যাত্মিকতাৰ দিশত লৈ যাব পাৰে। ব্যৱসায়ী সকলৰ বাবে আজি বহুত ভাল দিন ,কাৰণ সিহঁত হঠাতকৈ লাভান্বিত হব পাৰে। আজি খালী সময়ত আপুনি নিজৰ পচন্দ মতে কাম কৰিব বিচাৰিব কিন্তু আলহীৰ হঠাৎ আগমনে আপোনাৰ এই পৰিকল্পনা শেষ কৰি দিব পাৰে। আজি আপুনি গম পাব যে কিয় বিয়াৰ সম্পৰ্ক স্বৰ্গতে নিৰ্ধাৰণ হয় ।
কুম্ভ ৰাশি :
আজি আপোনাৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব । গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। আপোনাৰ সন্তান আপোনাৰ আশা অনুযায়ী প্ৰদৰ্শন কৰাবলৈ উৎসাহিত কৰক,অৱশ্যে একো চমৎকাৰী কিবা ঘটিব বুলি ভাৱি নাথাকিব । আপোনাৰ উৎসাহ নিশ্চিত ভাৱে আপোনাৰ সন্তানৰ আত্ম-বিশ্বাস বঢ়াই তুলিব। প্ৰেম এক পৱিত্ৰ সম্পৰ্ক ,ইয়াত কাকো কাৰো তলতীয়াৰ দৰে ব্যৱহাৰ নকৰিব। আপোনাৰ আত্ম বিশ্বাস ত বৃদ্ধি হৈ আছে আৰু ইয়াত আপোনাৰ উন্নতি স্পষ্ট ভাৱে দেখা যাব। যাত্ৰা আৰু ভ্ৰমণৰ সুযোগ হাতৰ পৰা ওলাই যাব নিদিব। জীৱন লগৰীৰ বেয়া হোৱা স্বাস্থ্য আপোনাৰ বাবে সমস্যাৰ কাৰণ হৈ উঠিব পাৰে।
মীন ৰাশি:
দৈনিক গতিবিধিত গৰ্ভ্বতী মহিলা সকল সাৱধানী বৰ্তাই চলাটো আৱশ্যক। ৰাতিৰ সময়চোৱাত আপোনাৰ অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব পাৰে। আজি আপুনি ধৈৰ্য শীল ভাৱে চলিব নোৱাৰিব,সেইবাবে সংযমতা ৰাখক কাৰণ আপোনাৰ ৰুক্ষ ব্যৱহাৰ ওচৰৰ পাজৰৰ মানুহক কষ্ট দিব পাৰে। আপুনি নিজৰ প্ৰিয়জনক নিজৰ পৰিস্থিতি বুজাবলৈ গৈ অলপ সমস্যাৰ সন্মুখীন হব পাৰে। কাম-কাাজত আহি থকা পৰিৱৰ্তনৰ বাবে আপুনি লাভান্বিত হব। দিনটো কেনেকৈ ভাল কৰা যায় তাৰ বাবে নিজৰ বাবে সময় উলিওৱা শিকক। জীৱন সংগীক নোসোধাকৈ কিছু পৰিকল্পনাৰ যোজনা কৰিলে তেখেতৰ ফালৰ আপুনি ঋণাত্মক সহাঁৰি পাব পাৰে।
