মেষ ৰাশি ফলাফল
নিজৰ ভাৱনাত বিশেষকৈ খঙত নিয়ন্ত্ৰণ ৰাখক। বেলেগৰ সহযোগিতা অবিহনে আপোনাৰ অৰ্থ লাভৰ সামৰ্থ্য আছে অকল নিজৰ ওপৰত বিশ্বাস ৰাখিব। পৰিয়ালৰ লোক সকল আপোনাৰ আশা-আকাংক্ষা থিয় হব নোৱাৰিব । এই কথা কেতিয়াও নাভাবিব যে তেখেত আপোনাৰ সকলো কথা মানি লব অথবা আপোনাৰ মতে কাম কৰিব , আনকি নিজৰ কাম কৰাৰ পদ্ধতিৰ সলনি কৰক। কিছুমান মানুহৰ বাবে নতুন ৰোমাঞ্চ সতেজতা আনিব আৰু গোটেই দিন আনন্দিত থাকিব। অফিচত আপুনি গম পাব যে যাক আপুনি শত্ৰু বুলি ভাৱি আছিল তেখেত আচলতে আপোনাৰ শুভাকাংক্ষী হে হয়। আপোনাৰ কথন শৈলী আৰু কাম কৰাৰ ক্ষমতা তথা শৈলী বহুত প্ৰশংসনীয়। এই সময় জীৱনত আপোনাক বৈবাহিক সম্পৰ্কৰ বাবে অধিক সুখ তথা আনন্দ প্ৰদান কৰিব।
বৃষ ৰাশি ফলাফল
যদি আপুনি যোৱা কিছু সময়ৰ পৰা হতাশাৰ লগত যুজি আছে তেন্তে আপুনি মনত ৰখা উচিত যে সঠিক কৰ্ম আৰু বিচাৰৰ দ্বাৰা আপোনাৰ বাবে বহু প্ৰতীক্ষিত ৰেহাই লৈ আহিব। আৰ্থিক দিশত ভাল চলি থকা বাবে আপুনি জৰুৰী বস্তু বোৰ কিনাত সহজ হব। আপোনাাৰ সন্তান ভৱিষ্যতৰ ওপৰত বেছি গুৰুত্ব নিদি বাহিৰা কাম কাজত অধিক লিপ্ত হোৱা বাবে আপুনি নিৰাশ হৈ পৰিব। ৰোমাঞ্চৰ বাবে আগ-বঢ়োৱা পদক্ষেপ কামত নাহিবও পাৰে। কিছুমাান মানুহক অফিচত উন্নতি প্ৰাপ্ত হব। পৰিয়ালৰ প্ৰয়োজন পুৰ কৰোতে-কৰোতে কেতিয়াবা নিজৰ বাবে সময় উলিওৱাটো টান হৈ পৰে। কিন্তু আজি আপুনিসকলোৰ পৰা দুৰ হৈ নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব। কোনোবা আত্মীয় আজি হঠাৎ আপোনাৰ ঘৰলৈ আহিব পাৰে ,যাৰ বাবে আপোনাৰ সকলো পৰিকল্পনা বাতিল হৈ যাব পাৰে।
মিথুন ৰাশি ফলাফল
আপোনাৰ শক্তিশালী আৰু অভয়তা ৰ এই গুণ সমূহ আপোনাৰ মানসিক ক্ষমতাৰ বৃদ্ধি কৰিব। যিকোনো পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবৰ বাবে এই দ্ৰুত গতিক বাহাল ৰাখক । আজি আপোনাৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচা প্ৰাপ্ত হব পাৰে, যাৰ বাবে আপোনাৰ বহুতো আৰ্থিক সমস্যা দূৰ হব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব দিয়া আপোনাৰ প্ৰাথমিকতা হব লাগে। আপোনাৰ প্ৰেমিক অথবা প্ৰেমিকা আজি বহুত খংত থাকিব ইয়াৰ কাৰণ ঘৰত চলি থকা স্থিতি হব পাৰে। যদি তেখেত খংত থাকে তেখেতক শান্ত কৰিব চেষ্টা কৰিব। যদি আপুনি বহুত দিনৰ পৰা অফিচত কাম কৰোতে অসুবিধা পাই আছে তেন্তে আজি আপুনি অলপ ভাল অনুভৱ কৰিব। আপুনি সেই স্থানৰ পৰা ওলাবলগীয়া হৈ পৰিছে ,আৰু অন্যৰ লগত চিনাকি বঢ়াবৰ আৱশ্যকতা আছে ,যিবোৰ ব্যক্তি আগৰে পৰা সমাজত এক উচ্চ স্থান অধিকাৰ কৰি আছে। জীৱন সংগীক নোসোধাকৈ কিছু পৰিকল্পনাৰ যোজনা কৰিলে তেখেতৰ ফালৰ আপুনি ঋণাত্মক সহাঁৰি পাব পাৰে।
কৰ্কট ৰাশি ফলাফল
অকল আপুনিহে জানে আপোনাৰ বাবে কি ভাল হব ,এইবাবে শক্তিশালী আৰু স্পষ্টবাদী বনক আৰু সোনকালে নিৰ্ণয় লোৱা শিকক আৰু তাৰ পৰিণামো সন্মুখীন কৰিবৰ বাবে তৈয়াৰ হৈ যাওক। যদি আপুনি ছাত্ৰ হয় আৰু বিদেশত গৈ পঢ়া শুনা কৰিব বিচাৰিছে তেন্তে আপোনাৰ ঘৰৰ আৰ্থিক সংকটে আপোনাৰ ভাগ্য বিষম কৰিব পাৰে। আপুনি চিনি পোৱা কোনোবাই আৰ্থিক সমস্যা লৈ ঘৰত অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। বহুত মানুহৰ বাবে আজিৰ ৰোমাণ্টিক সন্ধিয়া ধুনীয়া উপহাৰ আৰু ফুলেদি ভৰপূৰ হব। নক্ষত্ৰই আজি আপোনাক অসাধাৰণ শক্তি প্ৰদান কৰিব ,এইবাবে এনেকুৱা নিৰ্ণয় লওক যি আৱশ্যকীয় হয় আৰু আহিব লগীয়া সময় আপোনাক সঠিক তথা শুদ্ধ বাট দেখুৱাব পাৰে যাতে। দিনৰ শেষত আজি আপুনি ঘৰৰ মানুহক সময় দিব বিচাৰিব কিন্তু এই সময়খিনিতেই ঘৰৰ কোনোবা নিকটতম এজনৰ লগত তৰ্ক লাগি আপোনাৰ মন বেয়া হব পাৰে। যিসকল মানুহ বিয়াক অকল যৌন প্ৰবৃতি নিৰ্মূলৰ এক আহিলা হিচাপে গন্য কৰে ,সিহতঁৰ ধাৰণা ভুল ,কাৰণ আজি আপুনি সচাঁ প্ৰেমৰ অনুভূতি লাভ কৰিব।
সিংহ ৰাশি ফলাফল
বাহিৰত অৰ্থাত যেতিয়া খোলা দোকান সমুহত আপুনি খাদ্য গ্ৰহণ কৰে তেতিয়া বিশেষকৈ নিজৰ ওপৰত ধ্যান দিয়া প্ৰয়োজন । তথাপি কোনো কাৰণ অবিহনে চিন্তিত নহ’ব ,কাৰণ অধিক মানসিক কষ্ট পাব পাৰে। আৰ্থিক জীৱনৰ স্থিতি আজি ভাল বুলি কোৱা নাযাব, আজি আপোনাৰ ধন সঞ্চয় কৰাত বহুত সমস্যা হব পাৰে। আপুনি মানক বা নামানক, আপোনাৰ ওচৰে পাজৰে থকা কোনোবা ব্যক্তিয়ে আপোনাৰ বহুত ধ্যান দি বহুত দিনৰ পৰা লক্ষ্য কৰি আছে আৰু তেখেত আপোনাক আদৰ্শ হিচাপে গণ্য কৰে। সেইবাবে এনেকুৱা কাম কৰক ,যি প্ৰশংসাৰ যোগ্য হওক আৰু আপোনাৰ প্ৰতিষ্ঠাক বৃদ্ধি কৰক। আজিৰ দিনাখন আপোনাৰ প্ৰিয়জনৰ লগত কোনো ৰুক্ষ ব্যৱহাৰ নকৰিব লগতে খঙ নকৰিব। আজি অফিচত আপুনি ভাল ফলাফল লাভ নকৰিব। আপোনাৰ কোনোব বিশেষে আজি আপোনাৰ লগত বিশ্বাসঘাতকতা কৰিব পাৰে যাৰ ফলত আপুনি গোটেই দিন চিন্তিত থাকিব। আজি মগজুৰ বহুত ব্যায়াম হব পাৰে , আপোনালোকৰ মাজত আজি দবা খেল অনুষ্ঠিত হব পাৰে লগতে বৰ্গ সাথঁৰৰ খেলো হব পাৰে ,আন কিছুমানে গল্প,চুটি গল্প আৰু কবিতা আৰু ভৱিষ্যতৰ যোজনা ইত্যাদি কৰি সময় অতিবাহিত কৰিব। কোনোবা অচিনাকী ব্যক্তি আপোনাৰ জীৱনত বহুত আগ্ৰহ দেখুৱাব পাৰে,কিন্তু দিনৰ অন্তত আপুনি অনুভৱ কৰিব যে ইয়াত কিবা ভুল আছে।
কন্যা ৰাশি ফলাফল
আজি ফুৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। আজি আপুনি অৰ্থ সম্বন্ধীয় সমস্যাৰ বাবে চিন্তিত থকিব পাৰে । ইয়াৰ বাবে আপুনি কোনোবা জনা শুনা ব্যক্তিৰ পৰামৰ্শ লব পাৰে। পৰিয়ালৰ সদস্য বহুত বস্তু বিচাৰিব পাৰে। যিসকল লোক নিজৰ প্ৰেমীৰ পৰা দূৰত থাকে আজি প্ৰেমীৰ কথা সিহতঁৰ মনত পৰিব পাৰে ।ৰাতি প্ৰেমাস্পদৰ লগত বহুত সময় ফোনত কথা হব পাৰে। অংশীদাৰ আপোনাৰ ব্যৱসায়িক যোজনাৰ প্ৰতি উৎসাহী আৰু আগ্ৰহী হব। সময়ৰ গতিৰ লগত চলা লগতে নিজকো সময় দিয়া উচিত। এই কথাটো আপোনাৰ আজি অনুভৱ হব কিন্তু তথাপিও আপোনাৰ ঘৰৰ মানুহৰ বাবে হাতত সময়ৰ নাটনি হব। আপুনি চাগে জানেই সাৱটি ধৰাৰ ভাল গুণাগুণ বোৰ সেইবাবে আজি আপুনি এই ঔষধ নিজৰ জীৱন লগৰীৰ পৰা বহুত পাব।
তুলা ৰাশি ফলাফল
স্বাস্থ্য ভালে থাকিব। দীৰ্ঘৱতী লাভৰ বাবে ষ্টোক আৰু মিছুয়েল ফাণ্ড ইত্যাদিত নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। শিশু সমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব। ব্যক্তিগত সম্বন্ধ বহুত সংবেদনশীল আৰু কোমনীয় হয়। নতুনকৈ আৰম্ভ কৰা পৰিযোজনা আশা কৰামতে পৰিণাম নিদিব। যদি আজি আপুনি সামগ্ৰী কিনিবলৈ বাহিৰলৈ ওলায় তেন্তে নতুন পোছাক এযোৰ লব পাৰে। অত্যাধিক খৰচে বৈবাহিক জীৱনত মনোমালিন্যৰ সৃষ্টি কৰিব পাৰে।
বৃশ্চিক ৰাশি ফলাফল
আজি নিজৰ স্বাস্থ্য আৰু মুখ মণ্ডলৰ যত্ন লবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। আজি ওচৰ চুবৰীয়া ৰ কোনোবা এজন আপোনাৰ ওচৰত ধন বিচাৰি আহিব পাৰে, আপোনাক পৰামৰ্শ দিয়া হল যে ঋণ দিয়াৰ আগতে এবাৰ তেওঁৰ বিশ্বাসযোগ্যতা চাই লব নহলে পইচাৰ লোকচান হব পাৰে। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সমন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ পিনেদি এই দিন বহুত বিশেষ হব। নিজকেে অভিব্যক্ত কৰিবৰ বাবে এয়াই ভাল সময় আৰু এনেকুৱা পৰিকল্পনা সমূহত কাম কৰক যি সৃজনাত্মক ধৰণৰ হয়। জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পচন্দৰ কামো কৰাত সফল হব। এনেই জীৱনটোৱে প্ৰত্যেক ক্ষণতেই কিবা নতুন আৰু বিশেষ ধৰণৰ চাৰপ্ৰাইজ আপোনাৰ সন্মুখত আনি থাকে ,কিন্তু আজি আপুনি নিজৰ জীৱন লগৰীৰ এটা নতুন আৰু ধুনীয়া ব্যক্তিত্ব চাই আকৌ আপ্লুত হৈ পৰিব।
ধনু ৰাশি ফলাফল
নঞাৰ্থক চিন্তা মানসিক বেমাৰৰ ৰূপ লোৱাৰ আগতে আপুনি সেই ধাৰণাক শেষ কৰি দিয়ক।এইটো আপুনি দান পূণ্য আদি কামৰ জৰিয়তে কৰিব পাৰিব,যিয়ে আপোনাক মানসিক প্ৰশান্তি প্ৰদান কৰিব। যিসকল লোকে আজি পৰ্যন্ত পইচা বিনা কাৰণত খৰচ কৰিছিল, সিহতেঁ আজি পইচাৰ মূল্য বুজি পাব যেতিয়া সিহতঁক পইচাৰ আৱশ্যকতা হব কিন্তু সিহতঁৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থ নাথাকিব। আপুনি আজি নিজৰ সন্তানৰ পৰা কিছু শিক্ষা লব পাৰে , সিহঁতৰ সহজ সৰল ব্যৱহাৰে ওচৰ পাজৰৰ লোকক স্নেহ আৰু উৎসাহ প্ৰদান কৰিব আৰু বেলেগৰ মাজত পৰিৱৰ্তন আনিব। ৰোমাণ্টিক সাক্ষাৎকাৰ আপোনাক অধিক সুখ প্ৰদান কৰিব। নিজকেে অভিব্যক্ত কৰিবৰ বাবে এয়াই ভাল সময় আৰু এনেকুৱা পৰিকল্পনা সমূহত কাম কৰক যি সৃজনাত্মক ধৰণৰ হয়। আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত আজি আপুনি অৱসৰ সময়ত আনন্দ উপভোগ কৰাৰ পৰিকল্পনা বনাব পাৰে। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱন সংগী বহুত চেষ্টা কৰিব পাৰে।
মকৰ ৰাশি ফলাফল
হৃদ-ৰোগীৰ বাবে কোফি খোৱা এৰাৰ বাবে এইটোয়ে ভাল সময় । এতিয়া ইয়াৰ অলপ ব্যৱহাৰো আপোনাৰ হৃদয়ৰ ওপৰত বহুত বেয়া প্ৰভাৱ পেলাব পাৰে। যদি আপুনি ঘৰৰ কোনোবা সদস্যৰ পৰা অৰ্থ ঋণ লৈ থৈছে তেন্তে অনতিপলমে ঘুৰাই দিয়াৰ ব্যৱস্থা কৰক নহলে আপোনাৰ ওপৰত আইনী ব্যৱস্থা লব পাৰে। দুপৰীয়াৰ পিছত কোনোবা পূৰণা বন্ধুৰ লগত দেখা হোৱা বাবে আপোনাৰ গোটেই দিনটো ধুনীয়া হৈ পৰিব। আপুনি এই সোণালী দিন সদায় মনত ৰাখিব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন আপোনাক কিমান ভাল পায়! দিনৰ আৰম্ভণিৰ পৰা শেষলৈকে নিজৰ শক্তিৰ কম অনুভৱ নকৰিব। আপুনি আজি অৱসৰ সময় মোবাইল অথবা টিভি চাই শেষ কৰিব । ইয়াৰ ফলত আপোনাৰ জীৱন সংগী বিৰক্ত হৈ পৰিব কাৰণ আপোনাৰ তেখেতৰ লগত কথা পাতিব সময় নাই। বৰষুণক সদায় প্ৰেমৰ লগত জড়িত বুলি মানি অহা হৈছে আৰু আজি আপুনি নিজৰ লগৰীৰলগত প্ৰেমৰ বৰষুণত তিতি আকৌ এক অজান প্ৰেমৰ অনুভৱ কৰিব।
কুম্ভ ৰাশি ফলাফল
আপোনাৰ উৰ্জা স্তৰ আজি অধিক থাকিব। যিসকল ব্যৱসায়ীৰ সম্বন্ধ বিদেশী ব্যৱসায়ীৰ লগত আছে সিহতঁৰ আজি অৰ্থ হানি হোৱাৰ সম্ভাৱনা আছে সেইবাবে আজিৰ দিনটো ভাৱি চিন্তি চলিব। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভুতি প্ৰদান কৰিব। তাই/সি আপোনাৰ আশা-আকাংক্ষাৰ ওপৰত থিয় হব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত পৰিণত হোৱা দেখিব। প্ৰেমৰ ভৰপূৰ আনন্দ লওক। ছাত্ৰী-ছাত্ৰ সকলৰ বাবে এয়া এক ভাল দিন , সিহঁত পৰীক্ষাত ভাল ফলাফল দেখুৱাব , অৱশ্যে এই সফলতাৰ বাবে কাম কৰাৰ বাদ নিদিব আৰু ইয়াৰ পৰা প্ৰেৰণা লৈ অধিক কষ্ট কৰক। কথাবোৰ সঠিক ভাৱে বুজি পাব চেষ্টা কৰিব লাগে ন’হলে খালী থকা সময়খিনিত এইবোৰ কথা ভাৱি বেছি সময় নষ্ট হয়। আজিৰ আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল।
মীন ৰাশি ফলাফল
জীৱনটোক ভৰপূৰভাৱে উদযাপন কৰিবলৈ নিজৰ উচ্চাকাংক্ষা সমূহক নিয়ন্ত্ৰণ কৰক আৰু যোগৰ সহায় লৈ আধ্যাত্মিক,মানসিক অৰু শাৰীৰিক ভাৱে আপোনাক মন আৰু মগজুক অধিক শক্তিশালী কৰক। আপুনি বেলেগৰ ওপৰত অধিক খৰচ কৰিব পাৰে। পাৰিবাৰিক সমস্যা অথবা জীৱন সংগীৰ লগত চলি থকা অশান্তি আপোনাৰ মানসিক অশান্তিৰ কাৰণ হব পাৰে। ৰোমাাঞ্চৰ ফালেদি চাব গ’লে আজি বহুত ভাল দিন নহয়, কাৰণ আজি আপুনি সচা প্ৰেমক বিচাৰোতে বিফল হব। আপোনাৰ তাত বহুত কিবা-কিবি আহৰণ কৰাৰ ক্ষমতা আছে -এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। যেতিয়া আপোনাৰ পৰা পৰামৰ্শ বিচাৰা হয় তেতিয়া সংকোচ নকৰিব ,কাৰণ ইয়াৰ বাবে আপুনি বহুত প্ৰশংসা লাভ কৰিব। বিয়া অকল এটা ঘৰত একেলগে থকাৰ নাম নহয়, পৰস্পৰে পৰস্পৰৰ লগত সময় অতিবাহিত কৰাও সিমানেই দৰকাৰী।