মেষ ৰাশি ফলাফল
আজি আপুনি উৰ্জা আৰু শক্তিদি ভৰপূৰ হ’ব,আপুনি যি কাম সাধাৰণতে কৰোতে একদিন লাগে সেই কাম আজি আপুনি আজি আধা দিনতে সম্পুৰ্ন কৰিব পাৰিব। জীৱনৰ চকৰিটো সুচাৰুৰূপে চলাব বিচাৰিলে আপুনি ধনৰ বিষয় টোত বিশেষ মনযোগ দিয়া দৰকাৰ। ঘৰৰ পৰিৱেশত অলপ সাল-সলনি কৰাৰ আগতে গোটেই পৰিয়ালৰ মতামত জানি লোৱাৰ চেষ্টা কৰক। অবৈধ প্ৰেম সম্পৰ্ক আপোনাৰ মান-সন্মান শেষ কৰি দিব পাৰে। আজি এই ৰাশিৰ ছাত্ৰ সকল চিনেমা চাই নিজৰ সময় অপচয় কৰিব পাৰে। আপোনাৰ জীৱন সংগীৰ কিছু কামৰ বাবে আপুনি অন্যৰ আগত অসহজ অনুভৱ কৰিব পাৰে । কিন্তু পিছত আপুনি অনুভৱ কৰিব যে যি হৈছে ভালৰ বাবে হৈছে। কোনোব ঘনিষ্ঠ এজনক লৈ আপুনি আজি নিৰাশ হ’ব পাৰে।
বৃষ ৰাশি ফলাফল
অনিচ্ছাকৃত ভাৱে অহা চিন্তা ধাৰা সমূহ আপোনাৰ মগজুক নিয়ন্ত্ৰণ কৰিব নিদিব । শান্ত আৰু চিন্তিত নহ’বলৈ চেষ্টা কৰক, ইয়াৰ ফলত মানসিক দৃঢ়তা বাঢ়িব। আজি আপোনাৰ ধন হানি হোৱাৰ বহুত সম্ভাৱনা আছে ,সেয়ে লেন-দেনৰ লগত জড়িত কাম বোৰত অধিক সতৰ্ক হোৱাটো বাঞ্ছনীয়। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে ,সিহতৰ লগত কথা -বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি ভাল দিন হব। আপোোনাৰ প্ৰিয়জনৰ অবিহনে আজি আপুনি সময় অতিবাহিত কৰাত সমস্যাৰ অনুভৱ কৰিব। আপোনাৰ কথন শৈলী আৰু কাম কৰাৰ ক্ষমতা তথা শৈলী বহুত প্ৰশংসনীয়। যদি আপুনি আৰু আপোনাৰ জীৱন সংগী খোৱা-বোৱাত অলপ লগাতকৈ অধিক ধ্যান দিয়া আৰম্ভ কৰে তেন্তে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। সময়ক এনেই কটাই দিয়াতকৈ আজি বিদেশী ভাষা এটা শিকিলে আপোনাৰ বাৰ্তালাপ কৰাৰ এটা প্ৰক্ৰিয়া বৃদ্ধি হব ।
মিথুন ৰাশি ফলাফল
আজি আপোনাৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। দূৰণিবটীয়া যাত্ৰা ৰ বাবে ওলাইছে যদি নিজৰ বহুমুলীয়া বস্তুবোৰত বিশেষ মনযোগ দি ৰাখিব নহলে চুৰি হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। কোনোবা দূৰৰ আত্মীয়ৰ পৰা হঠাৎ অহা এক সংবাদে আপোনাৰ লগতে গোটেই পৰিয়ালক ৰোমাঞ্চিত কৰি তুলিব। যিয়ে নকওক কিয় ,ভালকৈ বুজি আৰু ভাৱি-চিন্তি কওক,কাৰণ ৰুক্ষ শব্দই শান্তি বিনষ্ট কৰে আৰু প্ৰিয়জনৰ লগত দূৰত্ব বঢ়াই তোলে। যিসকল লোক ঘৰৰ বাহিৰত থাকে সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি কৰবাত পাৰ্কত নাইবা একান্ত ঠাইত সময় অতিবাহিত কৰিব পচন্দ কৰিব। জীৱন সংগীৰ অসুুস্থতাৰ বাবে আপোনাৰ কাম-কাজত বেয়া প্ৰভাৱ পৰিব পাৰে। আপোনাৰ সন্তান শিক্ষাৰ ক্ষেত্ৰত ভাল কৰিব পাৰে যদি আপুনি সিহতঁৰ লগত সহযোগ কৰে।
কৰ্কট ৰাশি ফলাফল
অসীমিত পৰিমাণৰ উৰ্জা আৰু উৎসাহ আপোনাক আৱৰি ধৰিব আৰু আপোনাৰ সন্মুখত অহা বহুত সুযোগৰ আপুনি ধুনীয়াকৈ লাভ উঠাব পাৰিব। আপুনি আজি ধন সঞ্চয়ত অসফল হব পাৰে অৱশ্যে ইয়াত ভয় খাবলগীয়া কোনো কাৰণ নাই কিয়নো আপোনাৰ অৱস্থা সোনকালে ভাললৈ আহিব। দুপৰীয়াৰ পিছত কোনোবা পূৰণা বন্ধুৰ লগত দেখা হোৱা বাবে আপোনাৰ গোটেই দিনটো ধুনীয়া হৈ পৰিব। আপুনি এই সোণালী দিন সদায় মনত ৰাখিব। কোনোবা আজি আপোনাক তেখেতৰ আপোনাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিব। কৰ্মক্ষেত্ৰত আজি কাম এটা ৰৈ থকা বাবে আপোনাৰ সন্ধিয়াৰ মূল্যৱান সময়খিনি অপচয় হৈ যাব পাৰে। যদি আপুনি নিজৰ জীৱন সংগীৰ পৰা মৰম-স্নেহৰ আশা কৰি আছে,তেন্তে আজিৰ দিনাখন আপোনাৰ এই আশা পূৰণ হব পাৰে। সম্বন্ধতকৈ ডাঙৰ আপোনাৰ আন এটা পৃথিৱী আছে আৰু এই পৃথিৱী আপোনাৰ ওচৰত আহিব পাৰে।
সিংহ ৰাশি ফলাফল
আজি আপুনি উদ্দীপনাৰ যাদু পৃথিৱীত বিচৰণ কৰি আছে। যিসকল লোকে লোন লৈছিল আজিৰ তাৰিখত সিহঁতে সেই অৰ্থ ঘুৰাব নোৱাৰি বিপদত পৰিব পাৰে। পাৰিবাৰিক সদস্যসমূহৰ মাজত মতভেদ শেষ কৰি আপুনি আপোনাৰ উদ্দেশ্য সমূহ পূৰণ কৰাত সহজ হ’ব। আপোনাৰ প্ৰিয়জনক বুজাৰ চেষ্টা কৰক ,নহ’লে বিপদত পৰিব পাৰে। আজিৰ সময়ত নিজৰ বাবে সময় উলিওৱা বহুত কঠিন। তথাপি আজি এনেকুৱা এটা দিন যেতিয়া আপোনাৰ নিজৰ বাবে বহুত সময় থাকিব। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সচাঁ হয় ,আপোনাৰ জীৱনৰ লগৰীয়ে আপোনাৰ প্ৰকৃত প্ৰেয়সী। যদি বিবাহিত তেন্তে আজি আপোনাৰ সন্তানৰ অভিযোগ ঘৰত আহিব পাৰে যাৰ বাবে আপুনি চিন্তিত হৈ পৰিব পাৰে।
কন্যা ৰাশি ফলাফল
আপোনাৰ উৰ্জাৰ স্তৰ আকৌ বঢ়াবৰ বাবে বহুত বিশ্ৰাম কৰক ,কাৰণ ভাগৰুৱা শৰীৰে মগজুকো ভাগৰাই দিয়ে। আপুনি নিজৰ প্ৰকৃত ক্ষমতা চিনাক্ত কৰাৰ প্ৰয়োজন আছে, কাৰণ আপোনাৰ তাত ক্ষমতাৰ কম নাই হোৱা ,কম হৈছে ইচ্ছা শক্তিৰ । সেইবোৰ বিনিয়োগ যোজনা যি আপোনাক অনবৰতে আকৰ্ষিত কৰি আছে , সেইবোৰ বিষয়ত গভীৰ ভাৱে জনাৰ চেষ্টা কৰক আৰু যিকোনো পদক্ষেপ লোৱাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ নিশ্চয় লওক। বন্ধুৰ লগত কিবা কৰাৰ সময়ত নিজৰ হিতৰ কথা মনত ৰাখিব ,হ’ব পাৰে যে তেখেত আপোনাৰ প্ৰয়োজনক অধিক গম্ভীৰতাৰে নলবও পাৰে। আজিৰ দিনাখন আপোনাৰ প্ৰিয়জনৰ লগত কোনো ৰুক্ষ ব্যৱহাৰ নকৰিব লগতে খঙ নকৰিব। যিবোৰ বস্তু আপোনাৰ বাবে আৱশ্যক নহয় সেইবোৰ বস্তুত আপুনি আজি অধিকতম সময় অপচয় কৰিব পাৰে। বিয়া অকল এটা ঘৰত একেলগে থকাৰ নাম নহয়, পৰস্পৰে পৰস্পৰৰ লগত সময় অতিবাহিত কৰাও সিমানেই দৰকাৰী। আজি আপোনাৰ ব্যক্তিত্ব অন্য মানুহক নিৰাশ কৰিব পাৰে, সেয়ে নিজৰ ব্যক্তিত্বত আপুনি এক ধনাত্মক পৰিৱৰ্তন অনা দৰকাৰ।
তুলা ৰাশি ফলাফল
আজিৰ দিনটো এনে কাম কৰিবৰ বাবে বহুত উপযুক্ত ,যি কাম কৰিলে আপুনি বহুত ভাল অনুভৱ কৰি থাকে। কোনোবা নিকতৱৰ্তী আত্মীয়ৰ সহায়ত ব্যৱসায়ত উন্নতি হোৱাৰ আশাংকা আছে যাৰ ফলত আপোনাৰ ধন লাভ হব। ঘৰত সংবেদনশীল বিষয় সমূহক সমাধান কৰিবলৈ আপুনি আপোনাৰ প্ৰভাৱ আৰু বুদ্ধিদীপ্ততাৰ প্ৰয়োগ কৰিব লাগিব পাৰে। প্ৰেমৰ ফালেদি চাব গলে আজিৰ দিনটো বহুত ধুনীয়া ,প্ৰেমক সদায় উদযাপন কৰক। আজিৰ দিনটোৰ অধিকাংশ সময় বস্তু কিনোতে আৰু আন কিছুমান কাম কৰোতে শেষ হব । এক দীঘলীয়া সময়ৰ পৰা চলি অহা মতভেদ আজি আপোনাৰ আৰু জীৱন সংগীৰ মাজৰ পৰিস্থিতি অধিক জটিল কৰি তুলিব। অফিচৰ বন্ধুসকলৰ লগত বেছি সময় অতিবাহিত কৰাটো আপোনাৰ বাবে ভাল নহয় ,এনেকুৱা কৰিলে আপুনি ঘৰৰ মানুহৰ ক্ষোভৰ স্বীকাৰ হব।
বৃশ্চিক ৰাশি ফলাফল
কাজিয়াখোৰ স্বভাৱক নিয়ন্ত্ৰণত ৰাখক,নহলে সম্বন্ধত কেতিয়াও শেষ নোহোৱা টেঙা ভাৱ এটা আহি যাব ,ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ নিজৰ চিন্তা ধাৰা সমূহ মুক্ত কৰক আৰু চলিত চিন্তা ধাৰা সমূহ বাদ দিয়ক। অৰ্থ্নৈতিক দিশত শক্তিশালী হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিলে তেন্তে সেই পইচা ঘুৰাই পোৱাৰ সম্ভাৱনা আছে। যিকোনো ধাৰ্মিক স্থানত গ’লে আপুনি সাধু-সন্তক লগ পালে আপোনাৰ মন্ত শান্তি আৰু সন্তুষ্টি লাভ কৰিব। আপোনাৰ প্ৰেমিক অথবা প্ৰেমিকা আজি বহুত খংত থাকিব ইয়াৰ কাৰণ ঘৰত চলি থকা স্থিতি হব পাৰে। যদি তেখেত খংত থাকে তেখেতক শান্ত কৰিব চেষ্টা কৰিব। আজি আনে আপোনাৰ বিষয়ে কি ভাৱে সেইবিষয়ে আপুনি গুৰুত্ব নিদিয়ে ।আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিবও নিবিচাৰিব আৰু সম্পূৰ্ণ একান্ত ভৱে সময় কটাব বিচাৰিব। আজি আপুনি পুৱা বাহিৰত যাবলৈ ওলোৱাৰ সময়ত বিজুলী গুছি যোৱাত আপুনি বহুত সমস্যাৰ সন্মুখীন হব পাৰে।কিন্তু জীৱন সংগী ৰ ফালেদি এই বোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি বহুত সহায় লাভ কৰিব। প্ৰয়োজনতকৈ অধিক শোৱাটো আপোনাৰ শৰীৰৰ শক্তিৰ বাবে বেয়া ,সেইবাবে গোটেই দিন নিজকে সক্ৰিয় কৰি ৰাখক।
ধনু ৰাশি ফলাফল
আজি আপুনি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰা অভিপ্ৰায় লৈ থাকিব। ৰিয়েল এষ্টেট সম্বন্ধি নিৱেশত আপোনাৰ ভালেমান লাভ হব। আপোনাৰ জ্ঞান পিপাসু মন টোৰ বাবে নতুন বন্ধু বনোৱাত সহায় হব। যাক আপুনি ভাল পায় ,তাইৰ/তাৰ লগত কৰা বেয়া ব্যৱহাৰে আপোনাৰ সম্বন্ধত দূৰত্ব আনিব পাৰে। ব্যস্ত দিনযোৰাৰ পিছত যদি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিছে তেন্তে এই সময়ৰ সদ্ব্যৱহাৰ কৰা শিকক। আজি আপোনাৰ অনিচ্ছা সত্বেও আপোনাৰ জীৱন সংগী আপোনাক বাহিৰলৈ ফুৰিব যাবৰ বাবে জোৰ কৰিব পাৰে ,তেনেকৈ ওলাই গ’লে আপোনাৰ মন এনেও ভাল নাথাকিব। আজি বাহিৰত ওলাই গৈ আপোনাৰ বন্ধু অথবা পৰিয়ালৰ লগত খাবলৈ যাব পাৰে, যদিও বাহিৰত খোৱাটো অলপ খৰচী হব।
মকৰ ৰাশি ফলাফল
জটিিল পৰিস্থিতিৰ সন্মুখীন হব লগা হব পাৰে , সাহস হেৰুৱাই নেপেলাব আৰু ভাল ফল পাবৰ বাবে বহুত কষ্ট কৰিব লাগিব । এই অসফলতা সমূহক সফলতাৰ আধাৰ বনাওক । জটিল সময়ত আত্মীয় কামত আহিব। জীৱন সংগীৰ শাৰিৰীক অৱস্থা বেয়া হোৱা বাবে আপোনাৰ ধন খৰচ হব পাৰে কিন্তু ইয়াত চিন্তাৰ কোনো কাৰণ নাই কিয়নো ধন এনেকুৱা বিপদৰ সময়ৰ বাবেহে জমা কৰা হয়। জীৱন সংগিনীৰ লগত কাজিয়া হোৱাৰ বাবে আপুনি মানসিক ভাৱে অশান্ত হৈ যাব । অপ্ৰয়োজনীয় অশান্তি লোৱাৰ কোনো প্ৰয়োজন নাই , জীৱনৰ এটা ডাঙৰ শিক্ষা এইটোৱে যে জীৱনত সকলো বস্তু পচন্দ মতে পৰিৱৰ্তন কৰিব পাৰে। আপুনি আজি প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে যাৰ ফলত আপোনাৰ দিন ৰোমাঞ্চকৰ অনুভৱ কৰিব। ঘৰত পোৱা পুৰণি বস্তু এটা চাই আপুনি সুখী হব আৰু গোটেই দিন সেই বস্তুটো চাফা কৰাত অতিবাহিত কৰিব পাৰে। আপোনাৰ জীৱন সংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে ,যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। আজিৰ দিনটো বহুত বৰিং হব পাৰে ,সেইবাবে আপুনি আজি কিবা নতুন আৰু বিশেষ কৰি দিনটোক আগ্ৰহী কৰিব পাৰে।
কুম্ভ ৰাশি ফলাফল
আপোনাৰ উৰ্জা বহুত থাকিলেও আজি আপুনি এনেও কাৰোবাক মনত কৰিব যি এই মূহুৰ্তত আপোনাৰ লগত নাই। দীৰ্ঘৱতী লাভৰ বাবে ষ্টোক আৰু মিছুয়েল ফাণ্ড ইত্যাদিত নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। পঢ়া-শুনাত কম ৰুচি থকা হেতু আপোনাৰ সন্তান আপোনাক নিৰাশ কৰিব পাৰে। আপোনাৰ পৰপ্ৰিয়জন আপোনাক গোটেই দিন মনত কৰি থাকিব ,তেহেতক কিবা ধুনীয়া এক বস্তু চাৰপ্ৰাইজ দিয়াৰ পৰিকল্পনা কৰক আৰু এই দিনটোক তেখেতৰ বাবে স্মৰণীয় কৰক। যিসকল লোক যোৱা কিছুদিনৰ পৰা বহুত ব্যস্ত হৈ আছিল আজি সিহতঁ নিজৰ বাবে অলপ সময় মিলাব পাৰিব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন সংগিনী মৌতকৈও বহুত মিঠা। দেউতা অথবা ককাইদেউ আজি আপোনাক কিবা ভুলৰ বাবে গালি দিব পাৰে। তেখেতৰ কথা বুজিব চেষ্টা কৰিব।
মীন ৰাশি ফলাফল
আজি আপুুনি অফিচৰ পৰা সোনকালে ওলাব চেষ্টা কৰক আৰু সেই কাম কৰক যি কাম আপোনাৰ কৰি সচাকৈয়ে ভাল লাগে। আপোনাৰ মন ত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। আজি আপুুনি যি সামাজিক কাৰ্যক্ৰম ত যাব তাত আপুনি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। যদি আপুুনি আদেশ দিব চেষ্টা কৰিব তেনেতে আপোনাৰ আৰু প্ৰিয়জনৰ মাজত বহুত সমস্যা আহিব পাৰে। অসুবিধাক দ্ৰুত ভাৱে সন্মুখীন কৰাৰ আপোনাৰ ক্ষমতা আপোনাক আজি পৰিচয় প্ৰদান কৰিব। আপোনাৰ জীৱন সংগীক চাৰ প্ৰাইজ দি থাকক,নহ’লে তেখেতে নিজকে আপোনাৰ জীৱনত নিজক মহত্বহীন বুলি ভাৱিব ধৰিব। চুটীৰ দিনাখন কোনোবা আৰাম দায়ক চিনেমা হলত ভাল চিনেমা চোৱাতকৈ ভাল কাম আৰু কি হব পাৰে!