মেষ ৰাশি ফলাফল
জীৱন সংগী সুখৰ কাৰক হৈ উঠিব। নিজকে আপুনি ৰোমাঞ্চকৰ পৰিস্থিতিত পাব পাৰে-যি আপোনাক আৰ্থিক লাভ দিব পাৰে। আপুনি নিজৰ ঘৰ খনত কিছু ধনাত্মক পৰিৱৰ্তন আনিব লাগিব। কামৰ চাপত মানসিক অৱস্থা আপোনাৰ বেয়া হব পাৰে আৰু সমস্যাৰ সন্মূখীন হব পাৰে,দিনৰ শেষত অধিক চিন্তিত নহ’ব আৰু বিশ্ৰাম কৰক। আপুনি ধৈৰ্য আৰু কষ্ট ৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হব পাৰিব। কৰ্ম-কাণ্ড/পূজা আদি আজি ঘৰত অনুষ্ঠিত হব। জীৱন সংগীৰ ফালৰ পৰা আপুনি আজি মনত আঘাত পাব পাৰে ,যাৰ বাবে আপুনি হতাশ হৈ যাব পাৰে।
বৃষ ৰাশি ফলাফল
শিশু আপোনাৰ সন্ধিয়াৰ সুখৰ মাজত অধিক চমক আনিব। ভাগৰুৱা আৰু হতাশাৰে ভৰা দিন বোৰক সামৰণি মৰাৰ দিন আহি গৈছে তাৰ বাবে আপুনি এক নৈশ ভোজনৰ আয়োজন কৰা উচিত । আপুনি আজি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে যাৰ ফলত আপোনাৰ মনত শান্তি অৰ্জন কৰাৰ পুৰ্ণ সম্ভাৱনা আছে। আপোনাৰ আত্মীয়ক বেয়া ব্যৱহাৰ নকৰিব । আপোনাৰ এনেকুৱা ব্যৱহাৰ আপোনাৰ পৰিয়ালক দুখ দিব পাৰে , আনকি সম্বন্ধ তো দূৰত্ব আহি যাব পাৰে। আজি আ[পোনাৰ প্ৰিয়জনক ক্ষমা কৰিবলৈ নাপাহৰিব। বহুুত বিখ্যাত ব্যক্তিৰ লগত উঠা-বহা কৰিলে আপোনাৰ নতুন যোজনা আৰু চিন্তা সমূহত বহুত অৰিহণা লাভ কৰিব। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰ জন আপোনাৰ সহায় কৰিব পাৰে । আজি আপুনি জীৱন সংগীৰ লগত ৰোমাণ্টিক ভাৱে কটাব পাৰে , এনেকৈ দুয়োজনৰে সম্বন্ধ অধিক শক্তিশালী হব।
মিথুন ৰাশি ফলাফল
বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক উজ্জল হ’ব। আজি আপুনি বহুত পইচা আয় কৰিব পাৰে -কিন্তু এই পইচা হাতৰ পৰা যাব নিদিব মানে খৰচ হব নিদিব। ঘৰৰ সদস্যৰ লগত মিলি আজি কিবা বেলেগ ধৰণৰ ৰোমাঞ্চকৰ কিবা এটা কৰক। প্ৰেম এক পৱিত্ৰ সম্পৰ্ক ,ইয়াত কাকো কাৰো তলতীয়াৰ দৰে ব্যৱহাৰ নকৰিব। অফিচত কোনোোবা বিশেষ ব্যক্তিৰ লগত আপোনাৰ দেখা হব পাৰে। দৰকাৰী কামক সময় নিদিয়া আৰু অদৰকাৰী কামত সময় অপচয় কৰা আজি আপোনাৰ বাবে ঘাতক প্ৰমাণিত হ’ব পাৰে। জীৱন লগৰীৰ বেয়া হোৱা স্বাস্থ্য আপোনাৰ বাবে সমস্যাৰ কাৰণ হৈ উঠিব পাৰে।
কৰ্কট ৰাশি ফলাফল
অন্যৰ ইচ্চাৰ লগত আপোনাৰ ইচ্চা মনত ৰাখিবলৈ গৈ গণ্ডগোলৰ সৃষ্টি হ’ব পাৰে আৰু সেই কাম কৰক যি কাম কৰিলে আপুনি শান্তি লাভ কৰিব। যিসকল লোকে কৰবাত বিনিয়োগ কৰি থৈছিলে আজিৰ দিনটোত আপোনাৰ আৰ্থিক লোকচান হোৱাৰ সম্ভাৱনা আছে । জীৱন সংগী আপোনাৰ বহুত যত্ন লব। আপোনাৰ হাঁহি আপোনাৰ প্ৰিয়জনৰ মনত সুখৰ লহৰ আনিবলৈ সকলোতকৈ ভাল উপাদান। কেৰিয়াৰৰ লগত জড়িত নিৰ্ণয় নিজে কৰক ,পিছত হোৱা এই লাভ বোৰ আপুনি লাভ কৰিব। চন্দ্ৰমাৰ স্থিতিক লক্ষ্য কৰি ক’ব পাৰি যে আজি আপোনাৰ বহুত খালী সময় হাতত থাকিব কিন্তু তথাপিও আপুনি সেই কাম কৰিব নোৱাৰিব যি আপুনি কৰিব বিচাৰিছিল। আপোনাৰ জীৱনলগৰী সচাঁকৈয়ে আপোনাৰ বাবে দেৱদূতৰ দৰে আজি এই কথা আপুনি অনুভৱ কৰিব।
সিংহ ৰাশি ফলাফল
আপোনাৰ সন্তানৰ উন্নতমানৰ প্ৰদৰ্শনে আপোনাক নথৈ আনন্দিত কৰিব। যিসকলে আত্মীয়ৰ পৰা পইচা ধাৰলৈ লৈছিল আজি সেই ঋণ তেখেত সকলে কিবা প্ৰকাৰে হলেও ঘুৰাবলগীয়া হব পাৰে। পাৰিবাৰিক সমস্যা সমূহৰ সমাধান উলিয়াবৰ বাবে আপোনাৰ শিশুসুলভ ব্যৱহাৰে ডাঙৰ অৰিহণা আগ-বঢ়াব। বেলগৰ হস্তক্ষেপ আপোনাৰ গতিৰোধত বাধাৰ সৃষ্টি কৰিব। পইচা অৰ্জন কৰাৰ সেই নতুন নিয়ম বোৰৰ ব্যৱহাৰ কৰক যিবোৰ আপুনি আগতীয়াকৈ ভাৱি থৈ দিছে। যিসকল লোকক ঘৰৰ মানুহে অনবৰতে অভিযোগ দিয়ে যে তেখেতে তেওঁলোকক পৰ্যাপ্ত সময় নিদিয়ে ,তেনেলোকে অধিক সময় দিয়াৰ কথা বিবেচনা কৰিব কিন্তু অধিক কাম হোৱা বাবে তেখেতে সময় দিব নোৱাৰিব। আত্মত্মীয় সমূহক লৈ আজি আপোনাৰ আৰু জীৱন সংগীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে।
কন্যা ৰাশি ফলাফল
আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। জীৱন সংগীৰ শাৰিৰীক অৱস্থা বেয়া হোৱা বাবে আপোনাৰ ধন খৰচ হব পাৰে কিন্তু ইয়াত চিন্তাৰ কোনো কাৰণ নাই কিয়নো ধন এনেকুৱা বিপদৰ সময়ৰ বাবেহে জমা কৰা হয়। আপোনাৰ পত্নী/গিৰিয়েকৰ লগত পিকনিক যোৱাৰ বাবে আজি বহুত ধুনীয়া দিন,এই দিনটো আপোনাৰ মন ভাল কৰাৰ লগতে দুয়োজনৰ মাজত থকা মতভেদ দূৰ কৰিব। প্ৰেম যে পৃথিৱীৰ প্ৰত্যেক বেমাৰ ঔষধ সেই কথা আজি আপুনি অনুভৱ কৰিব পাৰে। নিজৰ উদ্দেশ্যৰ দিশে শান্তিৰে আগ বাঢ়ি থাকক আৰু সফলতা প্ৰাপ্ত হ’লেহে নিজৰ উদ্দেশ্য অন্যৰ আগত প্ৰকাশ কৰিব। কিবা ৰচক মেগাজিন বা উপন্যাস পঢ়ি আজিৰ দিন ভালকৈ অতিবাহিত কৰিব পাৰিব। যদি অলপ চেষ্টা কৰা যায় তেন্তে আপোনাৰ জীৱন সংগীৰ লগত আজিৰ দিনটো বহুত ৰোমাণ্টিক ধৰণে অতিবাহিত হব পাৰে।
তুলা ৰাশি ফলাফল
শাৰীৰিক অসুস্থতাৰ ঠিক হোৱাৰ বহত সম্ভাৱনা আছে আৰু এই বাবে আপুনি অতি সোনকালে খেলা ধুলাত অংশ গ্ৰহণ কৰিব পাৰিব। যি লোকসকলে অতীতত নিজৰ ধন বিনিয়োগ কৰিছিল আজি সেই ধনৰ জৰিয়তে অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। বিপদৰ সময়ত পৰিয়াল ৰ পৰা আপুনি সহায় আৰু পৰামৰ্শ লাভ কৰিব। আপুনি অন্যক লক্ষ্য কৰি বহুত কিছু শিক্ষা আহৰণ কৰিব পাৰে,এয়া আপোনাৰ আত্ম-বিশ্বাসক শক্তিশালী কৰি তুলিবৰ বাবে বহুত প্ৰয়োজনীয়। কোনোৱে আপোনাৰ প্ৰেমৰ পৰা দূৰত ৰাখিব নোৱাৰে। আজিৰ দিনাখন আপুনি অফিচত কিবা এটা ভাল কৰিব পাৰে। ছাত্ৰ-ছাত্ৰী আজিৰ কাম কাইলৈ পেলাই নথ’ব ,যেতিয়াই খালী সময় পাব তেতিয়াই কামখিনি পুৰা কৰি লব।এইটো আপোনাৰ বাবেই হিতকৰ। এই দিনটো আপোনাৰ সাধাৰণ বৈবাহিক জীৱনত কিছু বিশেষিকৰণ কৰিব পাৰে ,আপুনি আজি কিছু অসাধাৰণ বস্তুৰ অভিজ্ঞতা লাভ কৰিব পাৰে।
বৃশ্চিক ৰাশি ফলাফল
আপোনালোকৰ মাজৰ কিছুমানক আজি গুৰুত্বপুৰ্ণ নিৰ্ণয় লব লগা হব পাৰে,যাৰ ফলত আপুনি হতাশগ্ৰস্থ আৰু চিন্তিত হব পাৰে। আজিৰ দিনটো ইমান লাভদায়ক নহ’ব,এইবাবে আপুনি নিজৰ পইচাৰ ওপৰত চকু দিয়া উচিত আৰু প্ৰয়োজনতকৈ অধিক খৰচ কৰা উচিত নহ’ব। প্ৰেম,মিলা-প্ৰীতি আৰু নিজৰ মাজৰ সম্পৰ্কত আত্মীয়তা বৃদ্ধি হব। কোনোবা তৃতীয় ব্যক্তিৰ হস্তক্ষেপ আপোনাৰ আৰু প্ৰিয়জনৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। যি নিজৰ কামক লৈ একাগ্ৰ হব সিহঁতে পুৰস্কাৰ লাভ কৰাৰ লগতে লাভন্বিতও হব। আজি টিভি বা মোবাইলত চিনেমা চাওঁতে ইমানেই ব্যস্ত হৈ যাব যে জৰুৰী কাম কৰিবও পাহৰি যাব। অন্যৰ হস্তক্ষেপ আপোনাৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে।
ধনু ৰাশি ফলাফল
বাহিৰত ঘুৰা মেলা তথা বন্ধু বৰ্গৰ লগত দূৰণিৰ ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। নতুন যোজনা এটা আপোনাৰ চকুত লাভান্বিত দৰে দেখিব কিন্তু আশা কৰা মতে আপোনাক লাভ দিব নোৱাৰিব ,বিনিয়োগ কৰা সময়ত অতি সোনকালে কোনো নিৰ্ণয় নলয় যেন। এনেকুৱা মানুহৰ পৰা দূৰত থাকক যাৰ বেয়া অভ্যাস আপোনাৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। আজি প্ৰিয়জনৰ লগত দূৰ হোৱাৰ দুখে আপোনাক আহত কৰি দিব। অফিচত প্ৰত্যেক বস্তু আজি ভাল লাগিব ,গোটেই দিন আপোনাৰ মন ভালে থাকিব। নিজৰ মনত নিয়ন্ত্ৰণ কৰা শিকক কিয়নো বহু সময়ত আপোনাৰ মনৰ শুনি আপুনি নিজৰ মূল্যৱান সময় নষ্ট কৰি দিয়ে। আপুনিও আজি এনেকুৱা কিবা কৰিব পাৰে। ওৱৰ চুবুৰীয়াই আপোনালোকৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি কৰাৰ চেষ্টা কৰিব পাৰে ,কিন্তু আপুনি আৰু আপোনাৰ জীৱন সংগীৰ মাজৰ সম্পৰ্ক বহুত শক্তিশালী সেইবাবে এই সম্পৰ্ক ভঙাটো সহজ নহব।
মকৰ ৰাশি ফলাফল
আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। আপোনাৰ ধন আজি বিভিন্ন কাৰণত ব্যয় হব পাৰে সেয়ে আপুনি এখন বাজেট তৈয়াৰ কৰাটো আৱশ্যক যাৰ ফলত আপোনাৰ বহুত সমস্যা সমাধান হব। আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী ,লোভ আৰু অনীহা পৰিহাৰ কৰক। আজি সেই কাপোৰ নিপিন্ধিব যি কাপোৰ আপোনাৰ প্ৰিয়জনৰ পচন্দৰ নহয়, নহ’লে আপোনাৰ প্ৰিয়জনে দুখ পাব পাৰে। প্ৰতিযোগিতাত আগ বাঢ়ি থাকিবৰ বাবে ব্যৱসায়ীসকলক নতুন যোজনা আৰু ৰণ নীতিত কাম কৰাৰ প্ৰয়োজন আছে। আজি আপুনি সকলো কাম পেলাই থৈ সেইবোৰ কাম কৰিব পচন্দ কৰিব যিবোৰ আপুনি নিজৰ শৈশৱত কৰি ভাল পাইছিল। তেখেতৰ জন্মদিন পাহৰি যোৱা বাবে আপোনাৰ আৰু জীৱন সংগীৰ মাজত কাজিয়া হহোৱাৰ সম্ভাৱনা আছে। কিন্তু অন্তত সকলো বাক-বিতণ্ডতা ভাল হৈ যাব।
কুম্ভ ৰাশি ফলাফল
আজি ফুৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। দূৰণি বটীয়া যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব ,কিন্তু যাত্ৰা আপোনাৰ বাবে আৰ্থিক দিশত লাভ কঢ়িয়াই আনিব পাৰে। ঘৰ সলনি কৰাৰ বাবে আজি বহুত ভাল দিন। আজি আপোনাৰ বেয়া অভ্যাসৰ বাবে আপোনাৰ প্ৰেমাস্পদৰ বেয়া লাগিব পাৰে আৰু তেখেত আপোনাৰ ওপৰত খং কৰিব পাৰে। ঘৰুৱা সহায়কাৰী আৰু সহকৰ্মী ৰ লগত হোৱা সমস্যাক আপুনি নাকচ কৰিব নোৱাৰে। যদি আপুনি আজি এনেই এটা সিদ্ধান্ত উলিয়াই লয় আৰু অপ্ৰয়োজনীয় কাম কৰে ,তেন্তে আজিৰ দিনটো বহুত হতাশাজনক হব। আপুনি অনুভৱ কৰিব যে জীৱন লগৰীৰ প্ৰেম ,ভাল পোৱাই সকলো দুখ পাহৰাই দিব পাৰে।
মীন ৰাশি ফলাফল
আজি আপুুনি অফিচৰ পৰা সোনকালে ওলাব চেষ্টা কৰক আৰু সেই কাম কৰক যি কাম আপোনাৰ কৰি সচাকৈয়ে ভাল লাগে। অতিৰিক্ত ধন আপুনি ৰিয়েল এষ্টেট ত নিৱেশ কৰিব পাৰে। আজিৰ দিনটো আনন্দৰে ভৰা হ’ব ,কাৰণ আপোনাৰ জীৱন সংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। আপুনি নিজৰ প্ৰিয়জনৰ বাহুত আৰাম অনুভৱ কৰিব। আপোনাৰ প্ৰফেশ্বনাল দক্ষতাক বৃদ্ধি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে ।আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে ,আপোনাৰ সকলো ক্ষমতাক আৰু ভাল কৰি আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। কাকো অৱগত নকৰাকৈ আপুনি আজি নিজকে সময় দিবলৈ ঘৰৰ পৰা বাহিৰলৈ গুছি যাব । আপুনি অকলে তো থাকিব কিন্তু মন শান্ত নহব , মনত আজি বহুত চিন্তা অগা-ডেৱা কৰি থাকিব। আপুনি সুখেৰে ভৰা বিবাহিত জীৱনৰ গুৰুত্ব আজি বুজি পাব ।