মেষ ৰাশি ফলাফল
প্ৰেম, উদ্দীপনা , সহানুভূতি , আকাংক্ষা আৰু নিষ্ঠাৰ দৰে ধনাত্মক ভাৱনা সমূহক গ্ৰহণ কৰিবৰ বাবে নিজকে উৎসাহিত কৰিব। এবাৰ যদি এই গুণ সমূহ আপোনাৰ মাজত থাকি যায় তেতিয়া হ’লে এই গুণ সমূহ যিকোনো সময়ত ধনাত্মক ভাৱে প্ৰকাশ হ’ব। আজি আপোনাৰ ভণ্টী বা ভাইটিৰ সহযোগত ধন লাভৰ যোগ আছে। আপোনাৰ স্বচ্ছন্দ জীৱন শৈলী ঘৰত অশান্তিৰ সৃষ্টি কৰিব পাৰে, এইবাবে ৰাতি বহুত দেৰিলৈ বাহিৰত থকা আৰু খৰচ কৰাৰ পৰা বিৰত থাকক। স্পষ্টকৈ বুজাৰ পিছতহে আপুনি আপোনাৰ পত্নী অথবা গিৰিয়েকক ভাৱনাত্মক ভাৱে সহায় কৰিব পাৰিব। আজি অফিচত আপুনি ভাল ফলাফল লাভ নকৰিব। আপোনাৰ কোনোব বিশেষে আজি আপোনাৰ লগত বিশ্বাসঘাতকতা কৰিব পাৰে যাৰ ফলত আপুনি গোটেই দিন চিন্তিত থাকিব। আজিৰ সময়ত নিজৰ বাবে সময় উলিওৱা বহুত কঠিন। তথাপি আজি এনেকুৱা এটা দিন যেতিয়া আপোনাৰ নিজৰ বাবে বহুত সময় থাকিব। সময়ৰ অভাৱৰ বাবে আপোনালোক দুয়ো জনৰ মাজত নিৰাশা অথবা কুণ্ঠতা ভাৱ আহিব পাৰে।
বৃষ ৰাশি ফলাফল
আজি আপোনাক কোনো সমস্যা আৰু মতভেদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে ,যাৰ ফলত আপুনি আস্থিৰ অনুভৱ কৰিব। আৰ্থিক জীৱনৰ স্থিতি আজি ভাল বুলি কোৱা নাযাব, আজি আপোনাৰ ধন সঞ্চয় কৰাত বহুত সমস্যা হব পাৰে। আপোনাৰ আত্মীয় যাৰ স্বাস্থ্য বহুত দিনৰ বেয়া হৈ আছে তেখেতক আজি আপুনি দেখিব যাব পাৰে। আপোনাৰ হৃদয়ে আজি প্ৰেমৰ ৰাগ বুকুৰ ধপধপনিৰ দৰে বজাব কাৰণ আজি আপুনি প্ৰিয়জনৰ লগত গোটেই দিন ভালকৈ কাটিব। বিশেষ আৰু বিখ্যাত ব্যক্তিৰ লগত কথা পাতি থাকোতে নিজৰ চকু মগজু খুলি ৰাখক ,হব পাৰে যে আপোনাত কিবা কামত এই চিন্তা সমূহ আহিব পাৰে। আজি আপুনি নিিজৰ লুকাই থকা বিশেষত্বৰ ব্যৱহাৰ কৰি দিনটো বহুত ধুনীয়া কৰি তুলিব পাৰে। যদি আপুনি আৰু আপোনাৰ জীৱন লগৰী যোৱা কেইদিনৰ পৰা অলপ অসুখী অনুভৱ কৰি আছে তেন্তে আজি পৰিস্থিতি অলপ ভাললৈ ঢাল খাব ,আপুনি দুয়োজনেই আজি ভাল আৰু সুখী অনুভৱ কৰিব।
মিথুন ৰাশি ফলাফল
আজি আপোনাৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব, সেইবাবে এই সুযোগৰ লাভ উঠাওক আৰু সুস্থ স্বাস্থ্যৰ বাবে খোজ কাঢ়ি ঘুৰি ফুৰক আজি কোনোবা নিকটৱৰ্তী ব্যক্তিৰ লগত আপোনাৰ কাজিয়া হব পাৰে আৰু কথা আদালতলৈকে যাব পাৰে। যাৰ ফলত আপোনাৰ ভালেখিনি ধন খৰচ হব পাৰে। পাৰিবাৰিক তথা সাংসাৰিক দায়িত্বৰ বোজা বাঢ়িব ,যি আপোনাক অশান্তি দিব পাৰে। আপোনাৰ উৰ্জা জাতীয় শক্তি আজি বহুত উচ্চমানৰ থাকিব -কাৰণ আপোনাৰ প্ৰিয়জন আপোনাৰ বাবে বহুত আনন্দ আৰু সুখ কঢ়িয়াই লৈ আহিব। আপুনি দীঘলীয়া সময়ৰ পৰা অফিচত কাৰোবাৰ লগত কথা পাতিব বিচাৰি আছিল ,আজি এনেকুৱা হোৱাৰ সম্ভাৱনা আছে। আজি বন্ধুগণৰ লগত দেখা হব পাৰে কিন্তু সেইখিনি সময়ত আপুনি মাদ্যদ্ৰব্য সেৱনৰ পৰা দুৰত থকাটোয়ে ভাল নহলৰ সময়ৰ অপচয় হব পাৰে। এই দিনটো আপোনাৰ সাধাৰণ বৈবাহিক জীৱনত কিছু বিশেষিকৰণ কৰিব পাৰে ,আপুনি আজি কিছু অসাধাৰণ বস্তুৰ অভিজ্ঞতা লাভ কৰিব পাৰে।
কৰ্কট ৰাশি ফলাফল
ব্যস্ত দিনযোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব। কিন্তু সদায় এনেকৈ থাকিব বুলি আপুনি অলীক সপোনত নাথাকিব, নিজৰ জীৱন আৰু স্বাস্থ্যৰ সন্মান কৰক। প্ৰাপ্ত হোৱা ধন আপোনাৰ আশা মতে নহ’ব। ঘৰুৱা জীৱন সুখী আৰু সন্তুষ্টিৰে ভৰা হব। আপোনাৰ প্ৰিয়জনৰ সততাৰ ওপৰত সন্দেহ নকৰিব। আপোনাৰ বছ অথবা বৰিষ্ঠ সকলক আজি ঘৰত আমন্ত্ৰিত কৰাৰ বাবে এটা শুভ দিন । এই ৰাশিৰ লোকসকল আজি নিজৰ বাবে সময় উলিওৱাটো নিত্যান্তই জৰুৰী যদি আপুনি এনে নকৰে তেন্তে আপুনি মানসিক্ভাৱে ভাগৰি পৰিব পাৰে। আপোনাৰ জীৱন সংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হব ।
সিংহ ৰাশি ফলাফল
শিশু আপোনাৰ সন্ধিয়াৰ সুখৰ মাজত অধিক চমক আনিব। ভাগৰুৱা আৰু হতাশাৰে ভৰা দিন বোৰক সামৰণি মৰাৰ দিন আহি গৈছে তাৰ বাবে আপুনি এক নৈশ ভোজনৰ আয়োজন কৰা উচিত । নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যসমূহক নিয়ন্ত্ৰণ কৰা স্বভাৱটো েৰাৰ এয়াই ভাল সময় । জীৱনৰ খোলা-বমাত সিহঁতৰ খোজত খোজ মিলাই সহযোগ কৰক । আপোনাৰ পৰিৱৰ্তিত ব্যৱহাৰ সিহঁতৰ বাবে আনন্দৰ কাৰক হৈ উঠিব। আপুনি আজিয়ে আপোনাৰ প্ৰিয়জনক নিজৰ মনৰ বতৰা প্ৰকাশ কৰাৰ প্ৰয়োজন আছে ,কাৰণ আজিয়ে নক’লে কাইলৈ ৰখিলে বহুত দেৰি হৈ যাব। সাহসিকতাৰে ভৰা পদক্ষেপ আৰু নিৰ্ণয় আপোনাক অনুকূল পুৰস্কাৰ দিব। আজি আপুনি অৱসৰ সময়ত নতুন কাম এটা কৰিব পাৰে কিন্তু এই কামটোত আপুনি ইমান ব্যস্ত হৈ পৰিব যে আপোনাৰ জৰুৰী কামো এৰা খাই যাব পাৰে। জীৱন লগৰীৰ লগত ভাল ধৰণৰ কথা বতৰা হব ,আপুনি অনুভৱ কৰিব যে আপোনালোক দুজনৰ মাজত কিমান মৰম আৰু ভাল পোৱা আছে!
কন্যা ৰাশি ফলাফল
আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক,যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়।মস্তিষ্ক জীৱনৰ দুৱাৰ কাৰণ সকলো গতি বিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তা-ধাৰা দি মানুহক আলোকিত কৰিব পাৰে। যদি আজি আপুনি অলপ জানি বুজি কাম কৰে তেন্তে আৰ্থিক লাভ হব পাৰে। সন্ধিয়াৰ সময়ত আপোনাৰ ৰ লগত জীৱন সংগীৰ লগত বাহিৰত খানা খাব যাব পাৰে অথবা চিনেমা চালে আপুনি সন্তুষ্টি লাভ কৰিব আৰু আনন্দিত কৰি তুলিব। বেলগৰ হস্তক্ষেপ আপোনাৰ গতিৰোধত বাধাৰ সৃষ্টি কৰিব। যদি আপুনি পোনপটীয়াকৈ উত্তৰ নিদিয়ে তেন্তে আপোনাৰ সহযোগী বেয়া পাব পাৰে। নিজৰ আত্ম-বিশ্বাসৰ লাভ লওক ,বাহিৰলৈ ওলাই আহক আৰু কিছু নতুন সম্পৰ্ক তথা বন্ধু বনাওক। জীৱন সংগীৰ স্বাস্থ্য আজি অলপ বেয়াৰ ফালে ঢাল খাব পাৰে।
তুলা ৰাশি ফলাফল
কামৰ হেচা আজি অলপ হতাশা আৰু ভাগৰতা লৈ আহিব। নিজৰ দৈনিন্দিন খৰচত নিয়ন্ত্ৰণ ৰাখক আৰু আজি হাত খুলি ব্যয় কৰাৰ পৰা পৰিত্ৰাণ পাওক। আজিৰ দিনটো আনন্দৰে ভৰা হ’ব ,কাৰণ আপোনাৰ জীৱন সংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। আপোনাৰ বভাগৰুৱা আৰু হতাশাৰ জীৱনত আপোনাৰ জীৱন সংগী অশান্তিৰ সৃষ্টি কৰিব পাৰে। তেতিয়ালৈকে কোনো প্ৰতিশ্ৰুতি নিদিব যেতিয়ালৈকে আপুনি সম্পূৰ্ণ ৰূপে সেই কাম কৰাত সক্ষম নহব। এই ৰাশিৰ বয়সীয়াল লোকসকল আজি খালি সময়ত পূৰণী মিত্ৰক লগ কৰিব যাব পাৰে। কোনোবা বন্ধু অথবা ওচৰ- চুবুৰীয়া অথবা আত্মীয়ৰ বাবে আপোনাৰ বৈবাহিক জীৱনত বাক -বিতণ্ডতা হব পাৰে।
বৃশ্চিক ৰাশি ফলাফল
আকাশত ধোৱা চাং পাতি থাকোতে সময় খৰচ নকৰিব , ভাল কাম বোৰত সময় দিব কাৰণে নিজৰ শক্তি আৰু উৰ্জা বচাই ৰাখক। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়া শুনা অথবা চাকৰি কৰিছে তেন্তে সেইবোৰ মানুহৰ পৰা দূৰত থাকক যাৰ বাবে আপোনাৰ সময় আৰু ধনৰ অপচয় হয়। এক ঘনিষ্ঠ আত্মীয় নিজৰ বাবে আপোনাৰ অধিক যতন লব, অৱশ্যে তেখেত বহুত সহায়কাৰী আৰু খবৰ লৈ থকা বিধৰ মানুহ হব। যদি আপুনি আপোনাৰ প্ৰেমাস্পদৰ লগত কৰব্বত ফুৰিব গৈ আছে তেন্তে কাপোৰ ভাৱি চিন্তি পিন্ধিব । যদি আপুনি এনে নকৰে তেখেত বেয়া পব পাৰে। ভালকৈ পঢ়ি নাচাই যিকোনো ব্যৱসায়িক অথবা আইনী দলিলত চহী নকৰিব। আজি ঘৰত হৈ থকা অনুষ্ঠান এটাৰ বাবে আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। যদি আপুনি আৰু আপোনাৰ জীৱন সংগী খোৱা-বোৱাত অলপ লগাতকৈ অধিক ধ্যান দিয়া আৰম্ভ কৰে তেন্তে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে।
ধনু ৰাশি ফলাফল
সামাজিক মিলাপ্ৰীতি আদিৰ প্ৰতি থকা ভয় ভাৱে আপোনাক বিচলিত কৰি তুলিব পাৰে, নিজৰ আত্ম বিশ্বাসক বঢ়াওক ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ। চাকৰি কৰি থকা লোক সকলৰ আজি অৰ্থৰ আৱশ্যকতা পৰিব পাৰে কিন্তু বেহিচাপী স্বভাৱৰ বাবে আজি সিহতৰ তাত পৰ্যাপ্ত ধন নাথাকিব। আপুনি আকৰ্ষণীয় তথা সৃজনাত্মক কাম কৰাৰ বাবে আজি ঘৰৰ পৰিৱেশ সুখেৰে ভৰা হব। একপক্ষীয় ভাল লগা আপোনাৰ মন ভঙাৰ কাম কৰিব। আপোনাৰ সংগীক আপোনাৰ সম্পত্তি বুলি ভাৱি ভুল নকৰিব। যদি কৰোবাত বাহিৰত যোৱাৰ পৰিকল্পনা আছে তেনেতে এই যোজনা শেষ সময়ত বাতিল হৈ যাব পাৰে। আজি আপোনাৰ জীৱন সংগী আপোনাক তেখেতৰ ৰুক্ষ ৰূপ দেখুৱাব পাৰে।
মকৰ ৰাশি ফলাফল
আপোনাৰ প্ৰবল আত্ম বিশ্বাস আৰু আজিৰ দিনটোৰ সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। আপোনাৰ ভৱিষ্যত ক সম্বৃদ্ধ কৰিবৰ বাবে আপুনি অতীতত যিমান অৰ্থ বিনিয়োগ কৰিছিল সেইবোৰৰ ফলস্বৰূপ ফল আজি পাব। পৰিয়ালৰ লগত নিজৰ সমস্যা আলোচনা কৰিলে আপুনি বহুত শান্তি অনুভৱ কৰিব কিন্তু বহু সময়ত মানুহ নিজৰ অহমিকা আগত ৰাখি এইবোৰ কথা কব নিবিচাৰে। আপুনি এনেকুৱা কৰিব নালাগে কথা লুকাই ৰাখিলে মনোকষ্ট বাঢ়ে। জীৱনত এক নতুনত্ব আহিব পাৰে ,যি প্ৰেম আৰু ৰোমাঞ্চক এক নতুনত্ব প্ৰদান কৰিব পাৰে। আজি কৰ্মক্ষেত্ৰত হঠাৎ আপোনাৰ কামৰ পৰ্যাৱেক্ষণ হব পাৰে, এনেতে আপুনি যদি কিবা ভুল কৰিছে তেনে তাৰ পৰিণতি আপুনি ভুগিব লাগিব , এই ৰাশিৰ ব্যৱসায়ীসকল আজি নিজৰ ব্যৱসায়ক নতুন দিশ দিয়াৰ বাবে চিন্তা চৰ্চা কৰিব। আজি আপুনি নিজকে বেলেগৰ গুৰুত্বৰ কেন্দ্ৰ বিন্দু হিচাপে পাব ,আৰু এই গোটেই খিনি গুৰুত্ব আপুনি পাব আপোনাৰ সহযোগ ৰ পুৰস্কাৰ হিচাপে। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ কৰিব ।
কুম্ভ ৰাশি ফলাফল
কৰ্ম ক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হব পাৰে যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ পাৰে। পৰিয়ালৰ কোনোবা এগৰাকী সদস্যৰ বেমাৰৰ বাবে আপোনাৰ আৰ্থিক সমস্যা হব পাৰে , অৱশ্যে আপুনি এই সময়ত ধনৰ কথা চিন্তা নকৰি তেখেতৰ শাস্থ্যৰ কথা চিন্তা কৰাটোহে বেচি প্ৰয়োজনীয়। আজি প্ৰত্যেক জন ব্যক্তি আপোনাৰ লগত বন্ধুত্ত্ব কৰিব বিচাৰিব আৰু আপুনি সকলোৰে ইচ্চ পূৰণ কৰাত সফল হব আৰু সুখী অনুভৱ কৰিব। আপোনাৰ ব্যক্তিগত ভাৱনা আৰু গোপনীয় কথা প্ৰিয়জনৰ লগত ভাগ-বটৰা কৰাৰ এয়াই ভাল সময়। কাম-কাজৰ বিষয় সমূহ সমাধান কৰিবলৈ নিজৰ বুদ্ধিমত্তা আৰু সাহসিকতাৰ ব্যৱহাৰ কৰিব। এই ৰাশিৰ জাতক সকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালি সময় ঘৰ চাফা কৰি ব্যতিত কৰিব পাৰে। আপোনাৰ জীৱন সংগীৰ কিছু কামৰ বাবে আপুনি অন্যৰ আগত অসহজ অনুভৱ কৰিব পাৰে । কিন্তু পিছত আপুনি অনুভৱ কৰিব যে যি হৈছে ভালৰ বাবে হৈছে।
মীন ৰাশি ফলাফল
সুখী দিনৰ বাবে মানসিক অশান্তিৰ পৰা বাচি থাকক। আজি কাৰ্য্যক্ষেত্ৰ অথবা ব্যৱসায়ত আপোনাৰ এটা সৰু অৱহেলাই আপোনাৰ আৰ্থিক লোকচান কৰাব পাৰে। পাৰিবাৰিক সমস্যা সমূহৰ সমাধান উলিয়াবৰ বাবে আপোনাৰ শিশুসুলভ ব্যৱহাৰে ডাঙৰ অৰিহণা আগ-বঢ়াব। আজিৰ দিনটো গোলাপৰ সুগন্ধি বিয়পাই দিব , আপোনাৰ প্ৰেমৰ আমেজ লওক। সতেজ অনুভৱ কৰিবৰ বাবে আৰু মনোৰঞ্জনৰ বাবে আজি এক বঢ়িয়া দিন ,কিন্তু যদি আপুনি আজি কাম কৰি আছে তেন্তে ব্যৱসায়িক লেন্ন-দেন সাৱধানেৰে কৰক। অযথা জটিলতাৰ পৰা দূৰ হৈ আজি আপুনি মন্দিৰ , গুৰুদ্বাৰ অথবা যিকোনো ধাৰ্মিক স্থানত সময় অতিবাহিত কৰিব পাৰে। আজি আপুনি অনুুভৱ কৰিব যে আপোনাৰ জীৱন সংগীয়ে আপোনাৰ চিৰন্তনৰ লগৰী আৰু তেখেতেই আপোনাৰ একমাত্ৰ লগৰী।