মেষ ৰাশি ফলাফল
আপোনাৰ কাজিয়াখোৰ স্বভাৱে আপোনাৰ শত্ৰুৰ তালিকা খন দীঘল হে কৰিব,কাকো নিজৰ ওপৰত ইমান অধিকাৰ নিদিব যে তেখেতে আপোনাক দুখ দিব ,যাৰ বাবে আপুনি পস্তাব লগীয় হব পাৰে। বন্ধুৰ সহায়ত বিত্তীয় কঠিনতা ভাল হৈ যাব। আপুনি আপোনাৰ ভাৱনাক নিয়ন্ত্ৰিত কৰাত জটিলতাৰ সন্মূখীন হব পাৰে। কিন্তু ওচৰে-পাজৰে থকা লোক সকলৰ লগত কাজিয়া নকৰিব নহলে নিঃসংগতা ই খুলি খুলি খাব। আপোনাৰ প্ৰিয়জনৰ অৱহেলা কৰাটো ঘৰত নতুন অশান্তি লৈ আহিব। জীৱন দৌৰৰ মাজত আজি আপুনি সন্তানৰ বাবে সময় উলিয়াব চেষ্টা কৰিব। সিহতঁৰ লগত সময় অতিবাহিত কৰি আপোনাৰ অনুভৱ হ’ব যে আপুনি জীৱনৰ বহুত মুহুৰ্ত হেৰুৱাইছে সময়ৰ গতিত চলিব গৈ। জীৱন সংগীৰ আত্মীয়ৰ হস্তক্ষেপে আপোনালোকৰ বৈবাহিক জীৱনত সন্তুলন বেয়া কৰি দিব পাৰে। আজি ৰাতি আপুনি নিজৰ নিকটতম বন্ধুৰ লগত ফোনত বহুসময় কথা পাতিব পাৰে আৰু জীৱনত ঘটি থকা কথাবোৰ জনাব পাৰে।
বৃষ ৰাশি ফলাফল
সন্ধিয়াৰ সময়ত অপোনাৰ জীৱন সংগীৰ লগত কোনোবা চিনেমা ,থিয়েটাৰ আৰু ৰেষ্টুৰেণ্টত সময় অতিবাহিত কৰিলে আপুনি বহুত সুখ অনুভৱ কৰিবাৰু বহুত সতেজ অনুভৱ কৰিব। আজি আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ লগতে মনত শান্তিও থাকিব। ওচৰ-চুবুৰীয়াৰ লগত হোৱা কাজিয়াই আপোনাৰ মন বেয়া কৰিব পাৰে ।কিন্তু আপোনাৰ নিয়ন্ত্ৰণ হেৰুয়াই নেপেলাব, এনেকুৱা কৰিলে অকল জুই বেছিকৈহে জ্বলিব । যদি আপুনি সহযোগ নকৰে তেন্তে কোনো আপোনাৰ লাগত কাজিয়া কৰিব নোৱাৰে।সকলোতকৈ ভাল সম্বন্ধ বৰ্তাই ৰাখিবৰ চেষ্টা কৰক। আপোনাৰ প্ৰিয়জনৰ অনুপস্থিতিত আপুনি নিজে খালী খালী অনুভৱ কৰিব। আজি আপুনি প্ৰেমাস্পদৰ লগত সময় অতিবাহিত কৰিব পাৰিব আৰু তেখেতৰ সন্মুখত নিজৰ অনুভুতি বোৰ প্ৰকাশ কৰিব পাৰিব। ওচৰ -চুবুৰীয়া আজি আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ আগত আপোনালোকৰ বৈবাহিক জীৱনৰ এক ব্যক্তিগত দিশ বেয়া ভাৱে প্ৰকাশ কৰিব পাৰে। জীৱনত সৰলতা তেতিয়াই থাকে যেতিয়া আপোনাৰ মাজত সৰলতা জীয়াই থাকে । আপোনাকো আপোনাৰ ব্যৱহাৰ্ত সৰলতা আনাটো দৰকাৰ।
মিথুন ৰাশি ফলাফল
ব্যস্ততা ভৰা দিন হোৱা স্বত্তেও আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব । গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী ,লোভ আৰু অনীহা পৰিহাৰ কৰক। আপোনাৰ প্ৰেম কাহিনীয়ে আজি এক নতুন অধ্যায় প্ৰাপ্ত কৰাৰ পুৰ্ণ সম্ভাৱনা আছে , আপোনাৰ প্ৰেমাস্পদ আজি বিয়াৰ কথালৈ আপোনাৰ লগত কথা পাতিব পাৰে। এনেতে যিকোনো নিৰ্ণয় লোৱাৰ আগতে বিচাৰ বিবেচনা নিশ্চয় কৰিব। নিজৰ কামৰ পৰা অব্যাহত লৈ আজি আপুনি কিচু সময় নিজৰ জীৱন সংগীৰ লগত কটাব পাৰিব । আপোনাৰ জীৱন লগৰী আপোনাৰ দূৰ্বলতাখিনিক আপোনাক দূৰ্বল কৰিব নিদিব যাৰ বাবে আপুনি বহুত সুখী অনুভৱ কৰিব। বাগিচাৰ কাম কৰাটো আপোনাক সন্তুষ্টতা দিব পাৰে ,আৰু ইয়াৰ ফলত পৰিবেশৰো লাভ হব।
কৰ্কট ৰাশি ফলাফল
যদি আপুনি পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম নকৰেতেন্তে অপুনি বহু ভাগৰুৱা অনুভৱ কৰিব আৰু যাৰ ফলত আপোনাৰ বিশ্ৰাম কৰা সময়খিনি অধিকতৰ লব লাগিব। আজি যদি আপুনি বন্ধুবৰ্গৰ লগত ফুৰিব গৈ আছে তেন্তে ভাৱি চিন্তি খৰচ কৰিব , ধন হানি হোৱাৰ আশাংকা আছে। দোষী মনোভাৱ আৰু পৰিতাপ কৰি সময় বৰবাদ নকৰিব,আনকি জীৱনৰ পৰা শিকিব চেষ্টা কৰক। প্ৰেমৰ শক্তিয়ে আপোনাক প্ৰেম কৰাৰ এক কাৰণ দিব। আজি আপুনি সকলো কাম পেলাই থৈ সেইবোৰ কাম কৰিব পচন্দ কৰিব যিবোৰ আপুনি নিজৰ শৈশৱত কৰি ভাল পাইছিল। আপুনি এই কথা জানে নে আপোনাৰ জীৱনলগৰী আপোনাৰ বাবে এক দেৱ দূতৰ দৰে ,তেখেতক গুৰুত্ব প্ৰদান কৰক আৰু এই কথাটো আপুনি নিজে নিজে গম পাই যাব। পৰিয়ালত কোনোবা সদস্যৰ লগত তৰ্কা তৰ্কি চলি থকাৰ বাবে ঘৰত অলপ অৱস্থা বেয়া চলি থাকিব পাৰে কিন্তু যদি আপুনি নিজকে শান্ত ৰাখে আৰু ধৈৰ্য ধৰি থাকে তেন্তে সকলোৰে মন ভালে থাকিব।
সিংহ ৰাশি ফলাফল
আপোনাৰ হাাহি মুখীয়া স্বভাৱে অন্যক সুখী কৰিব। সম্পত্তিৰ লগত জড়িত লেন দেন সম্পুৰ্ণ হব আৰু লাভান্বিত হব। নতুন বস্তু সমূহত ধ্যান মনোযোগ দিয়ক আৰু আপোনাৰ সকলোতকৈ ভাল বন্ধুৰ সহায় লওক। আজিৰ দিনটো ৰোমাঞ্চেদি ভৰপুৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। খেলা-ধূলা জীৱনৰ অবিচ্ছেদ্য অংশ কিন্তু খেলা-ধুলাত ইমানো ব্যস্ত নহব যে আপোনাৰ পঢ়াত ইয়াৰ প্ৰভাৱ পৰক। আপোনাৰ জীৱন সংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হব । কাম কৰাৰ আগতে সেই বিষয়ে ইমান ভাৱি নাথাকিব , কামৰ একাগ্ৰ হোৱাৰ চেষ্টা কৰিব ফলস্বৰূপে কামবোৰ ভালভাৱে হ’ব।
কন্যা ৰাশি ফলাফল
কৰ্ম ক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হব পাৰে যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ পাৰে। যিকোনো ডাঙৰ যোজনা আৰু বিচাৰ আপোনাৰ মন আকৰ্ষিত কৰিব পাৰে । যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগত সেই ব্যক্তিৰ বিষয়ে ভালকৈ সোধ পোছ কৰি লোৱা ভাল হব। যদি আপোনাৰ মনত হতাশাই গ্ৰাস কৰিছে তেন্তে কোনোবা ঘনিষ্ঠ আত্মীয়ৰ লগত অথবা বন্ধুৰ লগত কথা পাতক,ইয়াৰ বাবে আপোনাৰ মনৰ হতাশা সমূহ অলপ কম হব। প্ৰেমাস্পদ আজি আপোনাৰ আগত নিজৰ মনোভাৱ খোলাকৈ ৰাখিব নোৱাৰাৰ বাবে আপুনি বিৰক্তি পাব পাৰে আজি ঘৰৰ ঘনিষ্ঠজনে আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব কিন্তু আপোনাৰ ওচৰত তেখেতক দিবলৈ সময়ৰ অভাৱৰ বাবে তেখেতকতো বেয়া লাগিবই লগতে আপোনাকো বেয়া লাগিব। কোনোবা অচিনাকী ব্যক্তি আপোনাৰ জীৱনত বহুত আগ্ৰহ দেখুৱাব পাৰে,কিন্তু দিনৰ অন্তত আপুনি অনুভৱ কৰিব যে ইয়াত কিবা ভুল আছে। আজি আপোনাৰ ব্যক্তিত্ব অন্য মানুহক নিৰাশ কৰিব পাৰে, সেয়ে নিজৰ ব্যক্তিত্বত আপুনি এক ধনাত্মক পৰিৱৰ্তন অনা দৰকাৰ।
তুলা ৰাশি ফলাফল
উচ্চ কেলৰি যুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপুনি স্বাস্থ্য সন্মত হৈ থাকিব আৰু নিয়মিত ব্যায়াম কৰক। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। দিনটোক অধিক ৰোমাঞ্চকৰ বনাবৰ বাবে ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত সময় অতিবাহিত কৰক। আপুনি আজিৰ দিনাখন কেতিয়াও পাহৰি নাযাব ,যদি আপুনি প্ৰেমৰ নৈ খনত আজি ডুবি থাকি সময় নষ্ট নকৰে। এই ৰাশিৰ লোকসকল বহুত কৌতুহলদ্দীপক হয়। কেতিয়াবা এইসকল লোক মানুহৰ মাজত থাকি ভাল পায় কেতিয়াবা অকলে থাকি ভাল পায়। যদিও অকলে সময় অতিবাহিত কৰা কঠিন তথাপি আজি অলপ সময় অকলে থাকিলে আপোনাৰ ভাল লাগি থাকিব। আপোনাৰ জীৱন সংগীৰ লগত আজি এক স্মৰণীয় সন্ধিয়া অতিবাহিত কৰিব পাৰে। স্ব-অহমিকাৰ পৰা আজি বাচি থাকক নহ’লে এনেকুৱা কৰাৰ ফলত নিকটতম মানুহসমূহ আপোনাৰ পৰা দুৰ হৈ যাব।
বৃশ্চিক ৰাশি ফলাফল
অৱসাদৰ বিপক্ষে আপোনাৰ হাহিঁয়ে আজি জয়ী সাবস্ত্য হব। দূৰণিবটীয়া যাত্ৰা ৰ বাবে ওলাইছে যদি নিজৰ বহুমুলীয়া বস্তুবোৰত বিশেষ মনযোগ দি ৰাখিব নহলে চুৰি হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। যি ব্যক্তি আগৰ পৰাই আপোনৰ প্ৰতি ভাল ভাৱ পোষণ কৰি থকা নাছিল তাৰ লগত আজিয়ে আপুনি সকলো কথা মীমাংসা কৰি লোৱা উচিত। কোনোৱে আপোনাৰ প্ৰেমৰ পৰা দূৰত ৰাখিব নোৱাৰে। এই ৰাশিৰ জাতক সকল নিজৰ বাবে বহুত সময় পাব। এই সময়ৰ সঠিক ব্যৱহাৰ আপুনি নিজৰ হবি বোৰ পূৰণ কৰাত কৰিব পাৰে। আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ সংগীত শুনিব পাৰে। যিসকল মানুহ বিয়াক অকল যৌন প্ৰবৃতি নিৰ্মূলৰ এক আহিলা হিচাপে গন্য কৰে ,সিহতঁৰ ধাৰণা ভুল ,কাৰণ আজি আপুনি সচাঁ প্ৰেমৰ অনুভূতি লাভ কৰিব। চুটীৰ দিনাখন অফিচৰ কাম কৰাতকৈ বেয়ানো আৰু কি হব পাৰে ! কিন্তু হতাশ নহ’ব ,কাৰণ কাম কৰিলে আপুনি অধিক অভিজ্ঞতা লাভ কৰিব ।
ধনু ৰাশি ফলাফল
আপোনাৰ উৰ্জা স্তৰ আজি অধিক থাকিব। ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হব লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। এক সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। প্ৰেমাস্পদ আজি আপোনাৰ পৰা কিবা বস্তুৰ দাবী কৰিব পাৰে কিন্তু আপুনি এই দাবী পূৰণ কৰিব নোৱাৰাৰ কাৰণে আপোনাৰ ওপৰত তেখেতে অভিমান কৰিব পাৰে। किसी नये काम के आगाज के लिए आपको पहले उसके बारे में अनुभवी लोगों से बात करनी चाहिए। अगर आज आपके पास समय है तो उस क्षेत्र के अनुभवी लोगों से मिल लें जो काम आप शुरु करने वाले हैं। কিবা নতুন কামৰ আভাস পাব হ’লে আপুনি সেইবিষয়ে অনুভৱী লোকৰ লগত কথা পাতি ল’ব লাগে। যদি আপোনাৰ ওচৰত আজি সময় আছে তেন্তে সেই ক্ষেত্ৰৰ অনুভৱী লোকৰ লগত মিলি কাম আৰম্ভ কৰি দিব লাগে। আপোনাৰ কোনোবা পুৰণি বন্ধু আজি আপোনাৰ ওচৰলৈ আপোনালোকৰ অৰ্থাৎ আপোনাৰ আৰু আপোনাৰ জীৱন লগৰীৰ বহুতো ধুনীয়া স্মৃতি লৈ আহিব। নক্ষত্ৰৰ দিশ অনুযায়ী আজি আপুনি গোটেই দিন টিভি দেখি ব্যতিত কৰি দিব পাৰে।
মকৰ ৰাশি ফলাফল
আজিৰ দিনটো ফুৰ্তি আৰু আনন্দৰে ভৰা হ’ব কাৰণ আপুনি জীৱন টোক সম্পুৰ্ণ ৰূপে জীয়াব । যদি আপুনি বহুত দিনৰ পৰা আৰ্থিক লোন লোৱাৰ বাবে যোগাযোগ কৰি আছে তেন্তে আজি আপুনি লোন পাব পাৰে। কোনো চিঠি অথবা ই-মেইল গোটেই পৰিয়ালৰ বাবে ভাল খবৰ কঢ়িয়াই লৈ আহিব। আপুনি ৰোমাণ্টিক ভাৱনা আৰু সপোনতে উটি ভাহি থাকিব। আপোনাৰ সংগী অকল আপোনাৰ পৰা অলপ সময় বিচাৰে কিন্তু আপুনি তেখেতক সময় দিব নোৱাৰে যাৰ বাবে তেখেত হতাশ হৈ যায়। আজি তেখেতৰ হতাশা স্পৰ্শ ভাৱে প্ৰকাশ পাব। আপোনাৰ জীৱন লগৰী আগতে কেতিয়াও ইমান ভাল অনুভৱ নকৰিব,আপুনি তেখেতৰ পৰা এক ভাল উপহাৰ লাভ কৰিব পাৰে। বিনাকাৰণৰ কথাত নিজৰ সময় বৰবাদ নকৰিব ,এইটোয়ে আপোনাৰ বাবে ভাল হ’ব।
কুম্ভ ৰাশি ফলাফল
খেল অথবা অন্য বাহিৰা গতিবিধি সমূহত অংশগ্ৰহণ কৰিলে আপোনাৰ হেৰাই যোৱা শক্তি পুনৰ ঘুৰাই পাব। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱৰ বাবে সামাজিক মিলা-প্ৰীতি কৰা ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। যদি আজি আপুনি ডেটত গৈ আছে তেন্তে বিবাদিত বিষয় সমূহ আলোচনা কৰাৰ পৰা বিৰত থাকক। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব সম্ভাৱনা আছে। খালি সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। যদি আপুনি জীৱন সংগীৰ উপৰিও আন কাৰোবাক নিজৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবৰ সুযোগ দিয়ে তেন্তে জীৱন সংগীৰ ফালৰ পৰা নঞাৰ্থক প্ৰতিক্ৰিয়া পোৱাটো স্বাভাৱিক। ঘৰৰ এজন সদস্য আজি আপোনৰ বিৰুদ্ধে কথা ক’ব পাৰে যাৰ বাবে আপুনি আহত হ’ব পাৰে।
মীন ৰাশি ফলাফল
আপোনাৰ উচ্চ বৌদ্ধিক ক্ষমতা আপোনাৰ অদক্ষতাৰ লগত যুজঁ কৰাত সহায় কৰিব। অকল ধনাত্মক বিচাৰৰ জৰিয়তে এই সমস্যাবোৰৰ পৰা ৰেহাই পাব পাৰি । আৰ্থিক দিশত শুধৰণি আনিবৰ বাবে আপুনি বহুত সহজতে বহুত সময়ৰ পৰা থকা বিল আৰু ধাৰ পৰিশোধ কৰিব পাৰিব। বিবাহ উপযুক্ত যুৱকৰ বিবাহ সম্বন্ধ ঠিক হব পাৰে। প্ৰপ্ৰেমৰ ফালেদি চাব গলে আজি এক ৰোমাঞ্চকৰ দিন ।সন্ধিয়াৰ সময়ত এক বিশেষ যোজনা বনাওক আৰু যিমান পাৰে সেই সময়খিনিক সিমান মায়াময় কৰাৰ চেষ্টা কৰক। কৰ্ম-কাণ্ড/পূজা আদি আজি ঘৰত অনুষ্ঠিত হব। আজিৰ দিন হল উন্মাদ হৈ যোৱাৰ ,কাৰণ আপুনি প্ৰিয়জনৰ লগত প্ৰেমৰ উচ্চতা অনুভৱ কৰিব। আপোনাৰ গুণবোৰে আজি আপোনাক বেলেগৰ মাজত প্ৰশংসাৰ পাত্ৰ কৰি তুলিব পাৰে।