মেষ ৰাশি ফলাফল
জীৱনটোক ভৰপূৰভাৱে উদযাপন কৰিবলৈ নিজৰ উচ্চাকাংক্ষা সমূহক নিয়ন্ত্ৰণ কৰক আৰু যোগৰ সহায় লৈ আধ্যাত্মিক,মানসিক অৰু শাৰীৰিক ভাৱে আপোনাক মন আৰু মগজুক অধিক শক্তিশালী কৰক। আৰ্থিক জীৱনৰ স্থিতি আজি ভাল বুলি কোৱা নাযাব, আজি আপোনাৰ ধন সঞ্চয় কৰাত বহুত সমস্যা হব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত পইচালৈ কলহ হব পাৰে । পইচাৰ বিষয়ত আপুনি ঘৰৰ সকলো মানুহকে স্পষ্ট হোৱাৰ পৰামৰ্শ দিব পাৰে। আপোনাৰ প্ৰিয়জনৰ মন বেয়া হোৱা স্বত্বেও তেখেতক নিজৰ প্ৰেমৰ অনুধাৱন কৰাই থাকক। আপুনি যদি বিচাৰে সমস্যা সমূহৰ হাহিঁমুখে সমাধান কৰিব আৰে অথবা তাৰ মাজত পৰি চিন্তিত হব পাৰে , ইয়াৰ নিৰ্ণয় আপুনিয়ে ল’ব। আপুনি নিজৰ জীৱন সংগীৰ কঠিন আৰু ৰুক্ষ ব্যৱহাৰ দেখিবলৈ পাব পাৰে, যাৰ বাবে আপুনি অসহজ অনুভৱ কৰিব। কোনোব ঘনিষ্ঠ এজনক লৈ আপুনি আজি নিৰাশ হ’ব পাৰে।
বৃষ ৰাশি ফলাফল
কোফী খোৱা এৰি দিয়ক ,বিশেষকৈ হৃদ ৰোগী সমূহ। আজি আপোনাৰ হাতত ধন ক্ষণস্থায়ী হব , আজি আপোনাৰ ধন সঞ্চয় কৰোঁতে বহুত কষ্ট হব। ঘৰৰ কোনো এজন সদস্যৰ ব্যৱহাৰৰ কাৰণে আপুনি চিন্তিত থাকিব । আপুনি তেখেতৰ লগত কথা পাতিব লাগে। অবৈধ প্ৰেম সম্পৰ্ক আপোনাৰ মান-সন্মান শেষ কৰি দিব পাৰে। দিন ভাল যাব , বেলেগৰ লগতে নিজৰ বাবেও সময় উলিয়াব পাৰিব। মন-মগজু বেয়া হোৱা বাবে আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন সংগী আপোনাক বিনা কাৰণত অশান্তি প্ৰদান কৰি আছে। বন্ধুৰ সহায় কৰি আজি আপুনি ভাল অনুভৱ কৰিব।
মিথুন ৰাশি ফলাফল
জটিল পৰিস্থিতিক সন্মুখীন হোৱাৰ পৰা ভয় নাখাব । যেনেকৈ খোৱাত অলপ জ্বলা আৰু মছলা দিলে খোৱা সোৱাদযুক্ত হৈ পৰে , সেইদৰে এনেকুৱা পৰিস্থিতিত আপোনাৰ সুখ সমূহৰ সঠিক মূল্য নিৰ্ধাৰণ কৰিব পাৰে । আপোনাৰ মুড সলনি কৰিবলৈ যিকোনো সামাজিক আয়োজনত অংশগ্ৰহণ কৰক। ৰিয়েল এষ্টেট সম্বন্ধি নিৱেশত আপোনাৰ ভালেমান লাভ হব। সন্ধিয়া সময়ত বন্ধু সকলৰ লগত ঘুৰা-ফুৰা কৰক ,কাৰণ এয়া আপোনাৰ এই সময়ৰ বাবে খুবেই প্ৰয়োজনীয়। বহুুত কাম পৰি থকা স্বত্তেও আপুনি ৰোমাঞ্চকৰ ঘুৰা-ফুৰা ইত্যাদি আপোনাৰ মন-মগজুত বিৰাজ কৰি থাকিব। নিজৰ আত্ম-বিশ্বাসৰ লাভ লওক ,বাহিৰলৈ ওলাই আহক আৰু কিছু নতুন সম্পৰ্ক তথা বন্ধু বনাওক। আজি আপুনি নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিয়া আপোনাৰ জীৱন সংগীৰ লগত অতিবাহিত কৰিব। বাগিচাৰ কাম কৰাটো আপোনাক সন্তুষ্টতা দিব পাৰে ,আৰু ইয়াৰ ফলত পৰিবেশৰো লাভ হব।
কৰ্কট ৰাশি ফলাফল
কোনো বন্ধু আপোনাৰ সহনশীলতা আৰু খোলা মনৰ পৰীক্ষা ল’ব পাৰে।আপুনি নিজৰ আদৰ্শ জলাঞ্জলী দিব নালাগে আৰু জীৱনৰ প্ৰত্যেক নিৰ্ণয় যুক্তি সহকাৰে লওক। আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে অৱশ্যে ইয়াৰ লগতে আপুনি দান পূন্য ও কৰিব লাগিব কাৰণ ইয়াৰ জৰিয়তে আপোনাৰ মানসিক শান্তি প্ৰাপ্ত হব। কোনো নতুন সম্বন্ধ আপোনাৰ বাবে লাভদায়ক হোৱাৰ লগতে দীঘলীয়া সময়ৰ বাবেও অটুট থাকিব। সন্ধিয়াৰ সময় খিনি ভালকৈ অতিবাহিত কৰিবলৈ কিছু ভাল যোজনা পৰিকল্পনা কৰক আৰু চেষ্টা কৰক যাতে এই সময় অধিক প্ৰেম ভ্ৰা হওক। আপোনাৰ সংগী অকল আপোনাৰ পৰা অলপ সময় বিচাৰে কিন্তু আপুনি তেখেতক সময় দিব নোৱাৰে যাৰ বাবে তেখেত হতাশ হৈ যায়। আজি তেখেতৰ হতাশা স্পৰ্শ ভাৱে প্ৰকাশ পাব। যিসকল মানুহ বিয়াক অকল যৌন প্ৰবৃতি নিৰ্মূলৰ এক আহিলা হিচাপে গন্য কৰে ,সিহতঁৰ ধাৰণা ভুল ,কাৰণ আজি আপুনি সচাঁ প্ৰেমৰ অনুভূতি লাভ কৰিব। আপুনি অলপ সময় নিজৰ পচন্দৰ কামবোৰ কৰাত সময় দিয়ক যেনে গান শুনা ,নাচা আৰু বাগিচাৰ কাম কৰা ,ইত্যাদি কৰিলে আপোনাৰ সন্তুষ্টতা অনুভৱ হব।
সিংহ ৰাশি ফলাফল
আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। আপোনাৰ কোনোবা বন্ধু আজি আপোনাৰ পৰা বৃহত পৰিমাণৰ ধন ঋণ হিচাপে বিচাৰিব পাৰে যদি আপুনি তেখেতক এই পৰিমাণৰ ধন দি দিলে আপুনি আৰ্থিক ভাৱে দূৰ্বল হৈ পৰিব। আপোোনাৰ সন্তানৰ লগত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক আপুনি বিকসিত কৰক।পূৰণি কথাসমূহক এৰি দি আহিব লগা ভাল সময়ৰ পিনে চাওক,আপোনাৰ এই চেষ্টা নিশ্চয় সফল হব। আপোনাৰ প্ৰিয়জনৰ অৱহেলা কৰাটো ঘৰত নতুন অশান্তি লৈ আহিব। যিসকল লোক কামত ব্যস্ত আছিল সিহতঁ আজি নিজলৈ সময় পাব পাৰে কিন্তু ঘৰত কাম এটা আহি যোৱা বাবে আপুনি আকৌ ব্যস্ত হৈ পৰিব পাৰে। কোনোবা বন্ধু অথবা ওচৰ- চুবুৰীয়া অথবা আত্মীয়ৰ বাবে আপোনাৰ বৈবাহিক জীৱনত বাক -বিতণ্ডতা হব পাৰে। আপোনাৰ গুণবোৰে আজি আপোনাক বেলেগৰ মাজত প্ৰশংসাৰ পাত্ৰ কৰি তুলিব পাৰে।
কন্যা ৰাশি ফলাফল –
মানসিক আৰু নৈতিক শিক্ষাৰ লগতে শাৰীৰিক শিক্ষাও লোৱা উচিত, তেতিয়াহে সৰ্বাংগীন বিকাস সম্ভৱ । মনত ৰাখিব সুস্থ চিন্ত ধাৰা অকল সুস্থ শৰীৰতহে নিবাস কৰে। আজি আপুনি ভূলতো পইচা ধাৰলৈ নিদিব আৰু যদি দিয়াটো নিত্যান্তই জৰুৰী তেন্তে দিয়া জনৰ পৰা লিখিত ভাৱে লিখি ৰাখিব। ঘৰুৱা জীৱনত কিছু হতাশাৰ সন্মুখীন হব পাৰে। আজি কোনোবা এনেকুৱা ব্ব্যক্তিৰ লগত সাক্ষাত হোৱাৰ সম্ভাৱনা আছে ,জন আপোনাক গভীৰ ভাৱে প্ৰভাৱিত কৰিব। আজি গোটেই দিন খালী বহি থাকিব পাৰে আৰু টিভি নাইবা চিনেমা চাব পাৰে। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ কৰিব । আজিৰ সন্ধিয়া বন্ধু বৰ্গৰ লগত আপোনাৰ সময় অতিবাহিত হব , কৰোবাত বাহিৰত আপুনি বন্ধুৰ হতৰ লগত সময়ৰ ভৰ্পুৰ আমেজ লব পাৰিব ,কিন্তু স্বাস্থ্যৰ পিনে লক্ষ্য কৰি অলপ চম্ভালি চলাটো অধিক ভাল হব।
তুলা ৰাশি ফলাফল
মনখুলি হাঁহক কাৰণ হাঁহি আপোনাৰ সকলো সমস্যাৰ আটাইতকৈ ফলজনক চিকিৎসা। মা অথবা দেউতাৰ শাস্থ্যৰ ওপৰত আজি বহুত খৰচ হব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে কিন্ত আপোনালোকৰ মাজৰ সম্বন্ধ কটকটীয়া হব। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱৰ বাবে সামাজিক মিলা-প্ৰীতি কৰা ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। কিছুমান মানুহৰ বাবে নতুন ৰোমাঞ্চ সতেজতা আনিব আৰু গোটেই দিন আনন্দিত থাকিব। যাত্ৰাৰ ফলত সোনকালে লাভ নহ’ব কিন্তু ইয়াৰ বাবে ভাল ভৱিষ্যতৰ খুটি পুতিব পাৰে। আজি আপুনি আকৌ এবাৰ সময়ৰ সোতঁত পিছলৈ গৈ বিয়া হোৱাৰ প্ৰাৰম্ভিক দিন সমূহত থকা প্ৰেম আৰু ভালপোৱাৰ সুখানুভ বোৰ আকৌ ৰোমন্থন কৰিব পাৰিব। আপোনাৰ গুণবোৰে আজি আপোনাক বেলেগৰ মাজত প্ৰশংসাৰ পাত্ৰ কৰি তুলিব পাৰে।
বৃশ্চিক ৰাশি ফলাফল
লাভ ল’বৰ বাবে ডাঙৰক অতিৰিক্ত উৰ্জাৰ ধনাত্মক ব্যৱহাৰ কৰক। মা-দেউতাৰ সহায়ৰ বাবদ আপুনি আৰ্থিক লোকচানৰ পৰা বাহিৰ ওলাব পাৰিব। হঠাৎ অহা দায়িত্বি আপোনাৰ আজিৰ দিনৰ যোজনাত বাধা দিব পাৰে , আপুনি অনুভৱ কৰিব যে আপুনি নিজতকৈ অধিক আনৰ কাম হে বেছিকৈ কৰিছে। আজি আপুনি বহুুত ৰোমাঞ্চিত অনুভৱ কৰিব ,কাৰণ আপোনাৰ প্ৰিয়জনৰ লগত ফোনত কথা হব। অৱসৰ সময়ত আজি আপুনি খেল ধুলা কৰিব পাৰে কিন্তু খেলি থাকোতে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে বাবে ভালকৈ থাকিব। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হব পাৰে। ব্যক্তি পইচাৰ লোভত স্বাস্থ্য হেৰুৱাই পেলায় ,তাৰ পিছত স্বাস্থ্যৰ বাবে পইচা ,স্বাস্থ্য অমূল্য ধন ,এইবাবে এলাহ ত্যাগ কৰি আপোনাৰ শাৰীৰিক সক্ৰিয়তা বঢ়োৱাটো লাভদায়ক হব।
ধনু ৰাশি ফলাফল
কথা কোৱাৰ আগত দুবাৰ ভাৱক , নজনাকৈ কোৱা যিকোনো কথা বেলেগক কষ্ট দিব পাৰে। যদি আপুুনি নিজৰ কলাত্মক প্ৰতিভা সঠিক ৰূপত ব্যৱহাৰ কৰিলে আপোনাৰ বহুত লাভ হব। সন্তানৰ পঢ়াৰ কথা চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই ,এই সময় যি সমস্যাৰ আপুনি সন্মুখীন হব লাগিব ,সেইটো ক্ষণিকৰ সমস্যা মাথো আৰু সময়ৰ লগত এই সমস্যা নিজে নিজে শেষ হৈ যাব। আজিৰ দিনটো প্ৰেমৰ ৰংত ৰঙীন হব কিন্তু ৰাতিৰ সময়ত পুৰণি কথা লৈ আপোনালোকৰ কাজিয়া হব পাৰে। আজি অৱসৰ সময় এনেই বিনা কথাৰ তৰ্কত অপচয় হ’ব যাৰ বাবে দিনৰ শেষত আপুনি হতাশ হৈ যাব। জীৱন সংগী ৰ লগত আপুনি নিজৰ মনৰ সকলো কথা ভাগ বতৰা কৰিবৰ বাবে ভৰপুৰ সময় পাব। ইণ্টাৰনেট চাৰ্ফিং কৰাটো আপোনাক ভাল জ্ঞানৰ লগতে কিছুমান বিষয়ৰ সম্যক জ্ঞান দিয়াত অৰিহণা যোগাব।
মকৰ ৰাশি ফলাফল
আপুনি নিজৰ অতিৰিক্ত সময়খিনি নিজস্ব ইচ্চাসমূহ পূৰণ কৰাত অথবা সেই কামবোৰ কৰাত ব্যতিত কৰিব লাগে,যিবোৰ কৰিলে আপুনি বহুত সুখী অনুভৱ কৰে। দিনৰ আৰম্ভণি যদিও ভাল ভাৱে হব কিন্তু গধূলিৰ পিনে আপোনাৰ ধন খৰচ হব পাৰে আৰু যিটো কথাই আপোনাক অশান্তি দিব পাৰে। কোনো পূৰণি বন্ধু সন্ধিয়া সময়ত ফোন কৰি নিজৰ স্মৃতি বিজৰিত ঘটনা সমূহ ৰোমন্থন কৰিব। আপোনাৰ প্ৰিয়জনৰ জেদী স্বভাৱে আপোনাক চিন্তিত কৰি তুলিব পাৰে, যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়ি বা চাকৰি কৰি আছে সিহতঁ আজি খালী সময়ত ঘৰৰ মানুহৰ লগত ক্থা পাতিব পাৰে। ক্থা পাতি থাকোতে আপুনি ভাবুক হৈ যাব পাৰে। জীৱন সংগীৰ আত্মীয়ৰ হস্তক্ষেপে আপোনালোকৰ বৈবাহিক জীৱনত সন্তুলন বেয়া কৰি দিব পাৰে। দিন ভাল আছে আজি আপোনাৰ প্ৰিয়জনে আপোনাৰ কথাত খিল্খিলাই হাহিব পাৰে।
কুম্ভ ৰাশি ফলাফল
ব্যস্ততা ভৰা দিন হোৱা স্বত্তেও আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। অকল এটা দিনক চালি জাৰি চাই জীয়াই থকাৰ বাসনাটোক নিয়ন্ত্ৰণ কৰক আৰু প্ৰয়োজনতকৈ অধিক সময় পইচা মনোৰঞ্জনত খৰচ নকৰিব। আপোনাৰ সন্তানৰ বাবে কিছু বিশেষ যোজনা বনাওক,সুনিশ্চিত কৰক যে আপোনাৰ যোজনা যথাৰ্থ বাদী হয় আৰু সিহঁতক যাতে আপুনি বাস্তৱত ৰূপায়িত কৰিব পাৰে। আহিব লগা সময় এই উপহাৰৰ বাবে আপোনাক সদায় মনত ৰাখিব। আপোনাৰ প্ৰিয়জনৰ লগত বাহিৰত যাওতে তেখেতক ভাল ব্যৱহাৰ কৰক। যাত্ৰা আৰু ভ্ৰমণৰ সুযোগ হাতৰ পৰা ওলাই যাব নিদিব। বিয়া অকল এটা ঘৰত একেলগে থকাৰ নাম নহয়, পৰস্পৰে পৰস্পৰৰ লগত সময় অতিবাহিত কৰাও সিমানেই দৰকাৰী। নিজৰ ফট’গ্ৰাফীৰ গুণ্টোৰ সদ্ব্যৱহাৰ কৰক আৰু আজি উঠাই অনা ফটোৰ ছবি বোৰ চাই আপুনি নষ্টালজিয়া অনুভৱ কৰিব।
মীন ৰাশি ফলাফল
বাহিৰত অৰ্থাত যেতিয়া খোলা দোকান সমুহত আপুনি খাদ্য গ্ৰহণ কৰে তেতিয়া বিশেষকৈ নিজৰ ওপৰত ধ্যান দিয়া প্ৰয়োজন । তথাপি কোনো কাৰণ অবিহনে চিন্তিত নহ’ব ,কাৰণ অধিক মানসিক কষ্ট পাব পাৰে। দূৰণি বটীয়া যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব ,কিন্তু যাত্ৰা আপোনাৰ বাবে আৰ্থিক দিশত লাভ কঢ়িয়াই আনিব পাৰে। এক পাৰিবাৰিক আয়োজনত আপোনাৰ সকলো ধ্যান কেন্দ্ৰীভূত হব। আজি আপোনাৰ ধুনীয়া কাম বোৰক দেখুৱাবলৈ আপোনাৰ প্ৰেম ভালকৈয়ে ফুলিব। আজি আপুনি নিজকে বেলেগৰ গুৰুত্বৰ কেন্দ্ৰ বিন্দু হিচাপে পাব ,আৰু এই গোটেই খিনি গুৰুত্ব আপুনি পাব আপোনাৰ সহযোগ ৰ পুৰস্কাৰ হিচাপে। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সচাঁ হয় ,আপোনাৰ জীৱনৰ লগৰীয়ে আপোনাৰ প্ৰকৃত প্ৰেয়সী। আজি কালিৰ এই ব্যস্ততা ভৰা দিনবোৰত নিজৰ পৰিয়ালৰ লগত খুবেই কম সময় অতিবাহিত কৰিব পাৰি, কিন্তু আপোনাৰ হাতত আপোনাৰ প্ৰিয়জন আৰু আপোন মানুহৰ লগত সময় অতিবাহিত কৰাৰ বহুত ভাল সুযোগ আহি পৰিছে।
