Tuesday, March 10, 2026
Homeৰাশিফলকেনে যাব আজিৰ দিনটো… ৰাশিফল চাই জানি লওক

কেনে যাব আজিৰ দিনটো… ৰাশিফল চাই জানি লওক

মেষ ৰাশি ফলাফল
আপোনাৰ ইচ্ছা আৰু উচ্চাকাংক্ষা সমূহ পূৰ্ণ কৰিবৰ বাবে ব্যক্তিগত সম্বন্ধৰ ব্যৱহাৰ কৰাটো আপোনাৰ জীৱন সংগীৰ মন বেয়া কৰি তুলিব পাৰে। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমান লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। এটা ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধু বৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। এক ধুনীয়া খবৰৰ বাবে আজিৰ দিনটো প্ৰসন্নতা আৰু আনন্দৰে ভৰি পৰিব। সৃজনাত্মক কামৰ লগত জড়িত মানুহ বোৰৰ বাবে আজি এক সফলতাৰে ভৰা দিন হব, বহুদিনৰ পৰা বিচৰা নাম আৰু সন্মান আজিয়ে সিহঁতে পাব। আপোনালোকৰ মাজৰ কিছুমান লোকে আজি দীঘলীয়া যাত্ৰা কৰিব লগা হব পাৰে , যি বহুত ভাগৰ লগাই দিব পাৰে কিন্তু লগতে আপোনাৰ বাবে বহুত লাভদায়ক বুলিও প্ৰমাণিত হব। যদি আপুনি চেষ্টা কৰে তেন্তে আপুনি নিজৰ জীৱনৰ লগৰীৰ লগত নিজৰ জীৱনৰ সকলোতকৈ ভাল সময় অতিবাহিত কৰিব পাৰে।
বৃষ ৰাশি ফলাফল
যেতিয়া স্বাস্থ্যৰ লগত জড়িত যিকোনো সমস্যা হওক সেই সমস্যাক অৱহেলা কৰিব নালাগে আৰু সাৱধানতা বৰ্তাই চলক। আজি আৰ্থিক বিনিয়োগৰ যি নতুন নতুন সুযোগ আপোনাৰ হাতত আহিব তাৰ অতি ভাল ভাৱে বিবেচনা কৰক ।কিন্তু ধন তেতিয়াই বিনিয়োগ কৰক যেতিয়া আপুনি সেই যোজনা সমূহক ভালকৈ অধ্যয়ণ কৰি ল’ব। আপোনাৰ ব্যৱহাৰ উদাৰ হোৱা জৰুৰী আৰু পৰিয়ালৰ লগত মৰম ভৰা সময় অতিবাহিত কৰক। আপোনাৰ ৰোমাণ্টিক ভাৱনা সমূহ অন্যক কৈ নুফুৰিব। এইটো তেনেকুৱা ভাল লগা দিন বোৰৰ এটা দিন যিদিনা আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ ভাল অনুভৱ হব । আজি আপোনাৰ সহকৰ্মী আপোনাৰ কামৰ প্ৰশংসা কৰিব আৰু আপোনাৰ ওপৰ বিষয়াও আপোনাৰ কামত বহুত সুখী হব। ব্যৱসায়ী সকলোৰো আজি ব্যৱসায়ত লাভ ৰ যোগ আছে। এই ৰাশিৰ জাতক সকল আজি ভাই – ভনীৰ লগত ঘৰত চিনেমা অথবা খেল দেখিব পাৰে।এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। আপোনাৰ জীৱন সংগীক চাৰ প্ৰাইজ দি থাকক,নহ’লে তেখেতে নিজকে আপোনাৰ জীৱনত নিজক মহত্বহীন বুলি ভাৱিব ধৰিব।
মিথুন ৰাশি ফলাফল
খাই থকা সময়ত সাৱধান থাকক, অৱহেলা বেমাৰৰ কাৰণ বনিব পাৰে। বাকী থকা ধন আপুনি ঘুৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হব । অনাকাংক্ষিতভাৱে সন্ধিয়া আগমণ হোৱা আত্মীয়ৰ বাবে আপোনাৰ ঘৰ ভৰি থাকিব পাৰে। প্ৰত্যেক দিনাই প্ৰেমত পৰাৰ আপোনাৰ এই অভ্যাসটোক সলনি কৰক। আপোনাৰ ওচৰত আজি ক্ষমতা দেখুৱাবলৈ সুযোগ থাকিব। টেক্স আৰু বীমা সন্দৰ্ভত আপুনি অধিক গুৰুত্ব দিয়াৰ আৱশ্যক আছে। আজি আপুনি বৈবাহিক জীৱনক শ্বাসৰুদ্ধকৰ হেন অনুভৱ কৰিব কাৰণ আপুনি আজি একপ্ৰকাৰৰ অসহজতা অনুভৱ কৰি থাকিব। আপোনাৰ আজি সকলোতকৈ অধিক প্ৰয়োজন হল জীৱন সংগীৰ লগত ভাল ভাৱে আত্মীয়তাৰে কথা পাতক।
কৰ্কট ৰাশি ফলাফল
সোনকালে বেমাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা আছে। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব-অন্য লোকক আগতে দিয়া পইচা আজি ঘুৰাই পাব পাৰে অথবা যিকোনো নতুন পৰিযোজনা ত পইচা লগাই ধন আৰ্জিব পাৰে। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক , সিহঁতক অনুভৱ কৰাওক যে আপুনি সচাকৈয়ে মৰম কৰে ,সিহতৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিব সুযোগ নিদিব। যিয়ে নকওক কিয় ,ভালকৈ বুজি আৰু ভাৱি-চিন্তি কওক,কাৰণ ৰুক্ষ শব্দই শান্তি বিনষ্ট কৰে আৰু প্ৰিয়জনৰ লগত দূৰত্ব বঢ়াই তোলে। ব্যৱসায়ী সকলৰ বাবে আজি বহুত ভাল দিন ,কাৰণ সিহঁত হঠাতকৈ লাভান্বিত হব পাৰে। পৰোপকাৰ তথা সামাজিক কাৰ্য আজি আপোনাক আকৰ্ষণ কৰিব ,যদি আপুনি এনেকুৱা ভাল কামত অকণ মানো সময় খৰচ কৰে তেন্তে বহুত ধনাত্মক পৰিৱৰ্তন আহিব পাৰে। আপোনাৰ অতীতৰ এটা ৰহস্যই আপোনাৰ জীৱন সংগীক আজি নিৰাশ কৰিব পাৰে।
সিংহ ৰাশি ফলাফল
গৰ্ভ্বতী মহিলা অতিৰিক্ত সাৱধান হোৱা ভাল। ব্যৱসায় শক্তিশালী কৰিবৰ বাবে আপুনি আজি কিবা ডাঙৰ পদক্ষেপ লব পাৰে যাৰ বাবে আপোনাক কোনোবা ঘনিষ্ঠ ই আৰ্থিক সহায় আগবঢ়াব পাৰে। বাইদেউ আৰু ভনীৰ স্নেহ আপোনাক উৎসাহিত কৰিব ,কিন্তু সৰু-সুৰা কথাত খঙ নকৰিব ,কাৰণ ইয়াৰ ফলত আপোনাৰ জীৱনত হানি হব পাৰে। আজিৰ বতাহৰ এক এক চাটঁতে যেন প্ৰেমেই আৱৰি আছে , চকু খুলি চাওকচোন আপুনি গোটেই পৃথিৱীখনেই প্ৰেমৰ ৰংত ৰঙীন হোৱা দেখিব। আপোনাৰ বায়োডটা অথবা ইণ্টাৰভিউ দিয়াৰ বাবে এয়াই ভাল সময়। আজি আপুনি দিনযোৰা ব্যস্তৰ পিছতো নিজৰ বাবে সময় উলিয়াব পাৰিব আৰু খালী সময়ত পৰিয়ালৰ লগত কথা বতৰা পাতিব পাৰে। আজি আপুনি গম পাব যে কিয় বিয়াৰ সম্পৰ্ক স্বৰ্গতে নিৰ্ধাৰণ হয় ।
কন্যা ৰাশি ফলাফল
শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিক ভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগাৰ আশ্ৰয় লওক। আজি কৰা আৰ্থিক নিৱেশ সমূহ আপোনাক সমৃদ্ধি আৰু আৰ্থিক সুৰক্ষা প্ৰদান কৰাত সহায় কৰিব। আজিৰ দিনটোত কামৰ বোজা কম থাকিব আৰু আপুনি আপোনাৰ মূল্যৱান সময় পৰিয়ালৰ লগত কটাব পাৰিব। আপোনাৰ প্ৰিয়জনৰ কঠোৰ ব্যৱহাৰ বাবে আজি আপুনি বহুত দুখী হব। নতুন গ্ৰাহকৰ লগত কথা পাতিবৰ বাবে আজি বহুত ভাল দিন । ফুৰ্তি তথা আনন্দৰ বাবে ভ্ৰমণ সন্তোষজনক হব। আপোনাৰ জীৱন সংগী দৈনন্দিন প্ৰয়োজন বোৰ পূৰণ কৰিব যাওতে পিছ হুঁহকিব পাৰে ,যাৰ ফলত আপোনাৰ মন আজি গোটেই দিন বেয়া যাব পাৰে।
তুলা ৰাশি ফলাফল
আজি ফুৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। এই ৰাশিৰ বিবাহিত ব্যক্তি সকলক শহুৰৰ ঘৰৰ পৰা অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। ঘৰৰ পৰিৱেশত অলপ সাল-সলনি কৰাৰ আগতে গোটেই পৰিয়ালৰ মতামত জানি লোৱাৰ চেষ্টা কৰক। আপোনাৰ প্ৰিয়জনৰ অলাগতিয়াল প্ৰয়োজনৰ ওচৰত সমৰ্পিত নহ’ব। প্ৰতিযোগিতাত আগ বাঢ়ি থাকিবৰ বাবে ব্যৱসায়ীসকলক নতুন যোজনা আৰু ৰণ নীতিত কাম কৰাৰ প্ৰয়োজন আছে। যিবোৰ সম্বন্ধক আপুনি গুৰুত্ব প্ৰদান কৰে সেইবোৰ সম্বন্ধক সময় দিয়াও শিকিব লাগে নহ’লে সম্বন্ধ ভাঙিব পাৰে। আপোনাৰ জীৱন সংগী আপোনাৰ প্ৰয়োজনীয়তা সমূহ অৱহেলা কৰিব পাৰে , যাৰ বাবে আপুনি বহুত হতাশ হৈ পৰিব পাৰে।
বৃশ্চিক ৰাশি ফলাফল
আজি এটা বিশেষ দিন, কাৰণ শাৰীৰিক ভাৱে সুস্থ হোৱা বাবে আপুনি কিছুমান অসাধাৰণ কাম কৰিব ক্ষমতা লাভ কৰিব। যিসকল লোক দুগ্ধ উদ্যোগ ৰ লগত জড়িত সিহতৰ আজি আৰ্থিক লাভৰ প্ৰবল সম্ভাৱনা আছে। এনেকুৱা কামত সহযোগ কৰাৰ এএইটোয়ে ভাল সময় যত যুৱক আৰু যুৱতী সকল জড়িত থাকিব। আপোনাৰ বভাগৰুৱা আৰু হতাশাৰ জীৱনত আপোনাৰ জীৱন সংগী অশান্তিৰ সৃষ্টি কৰিব পাৰে। সহকৰ্মী আৰু বৰিষ্ঠ জনৰ পূৰ্ণ সহায় সহযোগিতাৰ বাবে অফিচত আপোনাৰ কাম বহুত দ্ৰুত গতিত সম্পূৰ্ণ হব। এই দিনটো এটা মহত্বপুৰ্ণ দিন বুলি পৰিগণিত হব। আজিঅৰ দিনতেই ভৱিষ্যতৰ বাবে ভালেমান ভাল পৰিকল্পনা বনাব কিন্তু গধূলিলৈ দুৰৱৰ্তী অতিথিৰ আগমণে আপোনাৰ সকলো পৰিকল্পনা অসফল হৈ ৰব। আত্মত্মীয় সমূহক লৈ আজি আপোনাৰ আৰু জীৱন সংগীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে।
ধনু ৰাশি ফলাফল
আপোনাৰ মন বেয়া হোৱা বাবে নিজৰ পাৰিবাৰিক জীৱনত কন্দলৰ সৃষ্টি নকৰিব।ইয়াৰ পৰা বাচিবলৈ চেষ্টা কৰক,নহলে পিছত পৰিতাপ কৰিব লগা হব পাৰে। আজিৰ দিনটোত আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হ’ব লগীয়া হ’ব পাৰে। আপুনি প্ৰয়োজনতকৈ অধিক খৰচ কৰাৰ অথবা আপোনাৰ পইচাৰ বেগ হেৰুৱাৰ সম্ভাৱনা আছে,এনেকুৱা বিষয়ত সাৱধানতাৰ অলপ ঊনৈছ বিছে আপোনাৰ ক্ষতি কৰিব পাৰে, দেউতাৰ ৰুক্ষ ব্যৱহাৰৰ বাবে আপুনি খঙ কৰিব পাৰে। কিন্তু পৰিস্থিতিক নিয়ন্ত্ৰণত ৰাখিবৰ বাবে আপুনি শান্ত হৈ থকা উচিত । ইয়াৰ ফলত আপোনাৰ লাভ হব। আপোনাৰ এক মৰমলগা হাহিঁয়ে আপোনাৰ প্ৰিয়জনৰ দিনটো উজ্জ্বল কৰি তুলিব পাৰে। আপোনাৰ ব্যৱসায় আৰু দৰ-দাম কৰাৰ ক্ষমতা আজি লাভদায়ক বুলি পৰিগণিত হব। চেমিনাৰ আৰু প্ৰদৰ্শনী আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। আপোনাৰ জীৱন সংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে ,যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব।
মকৰ ৰাশি ফলাফল
দাতৰ বিষ অথবা পেটৰ অসুখে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে, সোনকালে আৰাম পাবলৈ ভাল চিকিৎসকক অৱগত কৰাওক আৰু উপদেশ মতে চলক। আপোনাৰ পূৰণী বেমাৰ এটাই আজি উক দিব পাৰে যাৰ ফলত আপুনি চিকিৎসালয় লৈ যাব লগাত পৰিব পাৰে আৰু আপোনাৰ বহুত ধন খৰচ হব পাৰে। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে ,সিহতৰ লগত কথা -বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি ভাল দিন হব। প্ৰেম এক পৱিত্ৰ সম্পৰ্ক ,ইয়াত কাকো কাৰো তলতীয়াৰ দৰে ব্যৱহাৰ নকৰিব। আপোনাৰ বিশেষজ্ঞতাৰ ব্যৱহাৰ প্ৰফেশ্বনাল বিষয় সমূহ সহজ কৰি সমাধান কৰাত কৰক। আজি বন্ধুগণৰ লগত দেখা হব পাৰে কিন্তু সেইখিনি সময়ত আপুনি মাদ্যদ্ৰব্য সেৱনৰ পৰা দুৰত থকাটোয়ে ভাল নহলৰ সময়ৰ অপচয় হব পাৰে। পৰিয়ালৰ সদস্য সমূহৰ কাৰণে আপুনি অলপ সমস্যাৰ সন্মুখীন হব পাৰে ,কিন্তু দিনৰ অন্তত আপোনাৰ জীৱন সংগী আপোনাৰ এই সমস্যা সমূহক অলপ সহজ হোৱাত আপোনাক সহায় কৰিব।
কুম্ভ ৰাশি ফলাফল
আপোনাক নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সাৱধান হোৱাৰ দৰকাৰ আছে , বিশেষকৈ ৰক্তচাপৰ ৰোগী সকল যত্ন লোৱা উচিত। নিজকে আপুনি ৰোমাঞ্চকৰ পৰিস্থিতিত পাব পাৰে-যি আপোনাক আৰ্থিক লাভ দিব পাৰে। ভাৱনাত্মক দিশেদি যদি কোনো বিপদ গোটাই লয় তেন্তে আপোনাৰ পক্ষত আহিব। আপোনাক প্ৰিয়জনক ভাৱনাত্মক ফালৰ পৰা ব্লেক মেইল কৰাৰ পৰা বিৰত থাকক। কম সময়ৰ পাঠ্যক্ৰম এটাত ভৰ্তি হৈ লওক আৰু নিজৰ দক্ষতাৰ বৃদ্ধি কৰক। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশিৰ গৃহিনী সকল গোটেই দিন আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰিব। জীৱন লগৰীৰ অসুস্থতাৰ বাবে আপুনি বহুত চিন্তিত হৈ থাকিব।
মীন ৰাশি ফলাফল
আজিৰ দিনটোত এনেকুৱা কাম কৰাৰ প্ৰয়োজন ,যি কৰিলে আপোনাৰ স্বাস্থ্যত ভাল পৰিৱৰ্তন আহিব। যিসকল লোকে ঋণ লৈ থৈছিল আগতে সিহতক আজি ঋণ পৰিশোধ কৰিব লাগিব পাৰে যাৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। কোনো চিঠি অথবা ই-মেইল গোটেই পৰিয়ালৰ বাবে ভাল খবৰ কঢ়িয়াই লৈ আহিব। প্ৰেমিক যুগলে পৰস্পৰে পৰস্পৰৰ পাৰিবাৰিক ভাৱনা সমূহক বুজিব চেষ্টা কৰক। আজি আপুনি বেলেগ দিনৰ তুলনাত আপোনাৰ লক্ষ্য কিছু উচ্চ স্তৰ ত ৰাখিব পাৰিব ,যদি পৰিণাম আপোনাৰ আশা কৰা ধৰণে নাহে তেনেত হতাশ নহ’ব। কৰ্ম-কাণ্ড/পূজা আদি আজি ঘৰত অনুষ্ঠিত হব। আপোনাৰ জীৱন সংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে ,যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments