Tuesday, March 10, 2026
Homeৰাশিফলকেনে যাব আজিৰ দিনটো… ৰাশিফল চাই জানি লওক

কেনে যাব আজিৰ দিনটো… ৰাশিফল চাই জানি লওক

মেষ ৰাশি ফলাফল
অকল আপুনিহে জানে আপোনাৰ বাবে কি ভাল হব ,এইবাবে শক্তিশালী আৰু স্পষ্টবাদী বনক আৰু সোনকালে নিৰ্ণয় লোৱা শিকক আৰু তাৰ পৰিণামো সন্মুখীন কৰিবৰ বাবে তৈয়াৰ হৈ যাওক। ব্যৱসায় শক্তিশালী কৰিবৰ বাবে আপুনি আজি কিবা ডাঙৰ পদক্ষেপ লব পাৰে যাৰ বাবে আপোনাক কোনোবা ঘনিষ্ঠ ই আৰ্থিক সহায় আগবঢ়াব পাৰে। সন্তানৰ লগত অধিক ৰুক্ষতা ভাৱে ব্যৱহাৰ নকৰিব, নিজকে নিয়ন্ত্ৰিত ৰাখক আৰু এইটো কথা মনত ৰখাৰ প্ৰয়োজন যে এনেকুৱা কৰিলে আপুনি তেখেতৰ আৰু নিজৰ মাজত দেৱাল এখন থিয় কৰাব পাৰে। আজি আপোনাৰ প্ৰিয়জন আপোনাৰ অস্থিৰ স্বভাৱৰ বাবে আপোনাৰ লগত কথা বতৰা পাতোতে অধিক সমস্যাৰ সন্মূখীন হব পাৰে। অফিচত আপোনাৰ প্ৰতিদ্বন্দিতা কৰা ব্যক্তিজনক আজি ভুল কাম কৰাৰ ফল প্ৰাপ্ত হব। আজি এনেকুৱা বহুত বস্তু সংঘটিত হব ,যিবোৰৰ পিনে অতি সোনকালে গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। আপোনাক আৰু আপোনাৰ জীৱন লগৰীক বৈবাহিক জীৱনত কিছু নিজস্বতাৰ আৱশ্যক আছে।
বৃষ ৰাশি ফলাফল
আজি শান্ত আৰু সমস্যাৰ পৰা আতঁৰি থাকক। হঠাৎ আহি পৰা খৰচে আপোনাৰ ওপৰত অধিক আৰ্থিক বোজা জাপি দিব পাৰে। ৰুক্ষ স্বভাৱ হোৱা স্বত্বেও আপোনাৰ জীৱন সংগিনী আপোনাক পূৰ্ণ সহযোগ কৰিব। প্ৰেমৰ দৃষ্টিকোণ দি চাব গলে আজি এক ভাল দিন। সহকৰ্মী ৰ লগত কাম কৰা সময়ত যুক্তি আৰু চতুৰতাৰ প্ৰয়োজন হব । আজি ঘৰৰ ঘনিষ্ঠজনে আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব কিন্তু আপোনাৰ ওচৰত তেখেতক দিবলৈ সময়ৰ অভাৱৰ বাবে তেখেতকতো বেয়া লাগিবই লগতে আপোনাকো বেয়া লাগিব। সময়ৰ অভাৱৰ বাবে আপোনালোক দুয়ো জনৰ মাজত নিৰাশা অথবা কুণ্ঠতা ভাৱ আহিব পাৰে।
মিথুন ৰাশি ফলাফল
বাহিৰত ঘুৰা মেলা তথা বন্ধু বৰ্গৰ লগত দূৰণিৰ ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। আপোনাৰ সন্তান আপোনাৰ জীৱন জটিল কৰি তুলিব পাৰে, মৰমৰ অস্ত্ৰ পাট ব্যৱহাৰ কৰি সিহতঁক বুজাওক আৰু এই সমস্যাৰ সমিধান পাওক লগতে অশান্তিৰ পৰা পৰিত্ৰাণ পাওক। মনত ৰাখিব যে অকল মৰমেহে মৰম আনিব পাৰে। আপোনাৰ প্ৰিয়জনৰ মন বেয়া হোৱা স্বত্বেও তেখেতক নিজৰ প্ৰেমৰ অনুধাৱন কৰাই থাকক। যিকোনো ব্যক্তিৰ লগত অংশীদাৰৰ ব্যৱসায় কৰাৰ পৰা বিৰত থাকক। জীৱনসংগীৰ লগত সময় কটাই থকা অৱস্থাত আপোনালোকৰ পুৰণা কথালৈ আকৌ দুয়োজনৰ মাজত কাজিয়া হব পাৰে। আপোনাৰ জীৱন সংগী আজি লগৰ বন্ধু-বান্ধৱৰ লগত অধিক সময় অতিবাহিত কৰিব পাৰে ,যাৰ বাবে আজি আপুনি হতাশ হৈ পৰিব পাৰে।
কৰ্কট ৰাশি ফলাফল
আজি আপুনি উদ্দীপনাৰ যাদু পৃথিৱীত বিচৰণ কৰি আছে। যিসকল লোকে জুৱা নাইবা বাজিত নিজৰ পইচা লগাইছিল সিহতৰ আজি লোকচান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। জুৱা খেলৰ পৰা দূৰত থকাটোয়ে আপোনাৰ বাবে শ্ৰেয়। জীৱন সংগীৰ লগত বজাৰ কৰি আপুনি ভাল পাব। প্ৰেম জীৱনত আশাৰ নতুন কিৰণ নামি আহিব। নিজৰ কাৰ্যশীলতা বৃদ্ধি কৰিবলৈ নতুন নতুন টেক নিকৰ সহায় লওক ,আপোনাৰ শৈলী আৰু কাম কৰাৰ এই নতুন শৈলী অন্যৰ মনত আগ্ৰহ আনিব পাৰে,যি আপোনাক আগ্ৰহেৰে গুৰুত্ব প্ৰদান কৰে। আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত আজি আপুনি অৱসৰ সময়ত আনন্দ উপভোগ কৰাৰ পৰিকল্পনা বনাব পাৰে। জীৱন সংগীৰ লগত হাঁহি -খিকিন্দালি কৰি প্ৰত্যেক মুহুৰ্ত ধুনীয়াকৈ কটাই আপুনি অনুভৱ কৰিব যে আজি আপুনি আকৌ কিশোৰাৱস্থা লাভ কৰিছে।
সিংহ ৰাশি ফলাফল
আজি নিজৰ স্বাস্থ্য আৰু মুখ মণ্ডলৰ যত্ন লবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। ধাৰত পইচা বিচৰা মানুহক যিমান পাৰে গুৰুত্ব নিদিব। ঘৰত যিকোনো ধৰণৰ পৰিৱৰ্তন আনিবৰ বাবে আগতে নিজৰ বৰিষ্ঠ সকলৰ মতামত লওক ,নহ’লে তেখেত সকল আপোনাৰ ওপৰত খঙ কৰিব পাৰে। ৰোমাঞ্চ অধিক আনন্দায়ী আৰু ৰোমাঞ্চকৰ হব। এনেকুৱা কাম হাতত লওক ,যি সৃজনাত্মক প্ৰকৃতিৰ হওক । চেমিনাৰ আৰু প্ৰদৰ্শনী আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। আজি আপুনি আৰু জীৱন সংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে।
কন্যা ৰাশি ফলাফল
আপুনি নিজৰ অতিৰিক্ত সময়খিনি নিজস্ব ইচ্চাসমূহ পূৰণ কৰাত অথবা সেই কামবোৰ কৰাত ব্যতিত কৰিব লাগে,যিবোৰ কৰিলে আপুনি বহুত সুখী অনুভৱ কৰে। আৰ্থিক ভাৱে আজি আপুনি বহুত সুখ পাব আৰু ফলস্বৰূপে আপোনাৰ আগৰ ধাৰৰ পৰা নিজকে মুক্ত কৰিব পৰিব। আপুনি চিনি পোৱা কোনোবাই আৰ্থিক সমস্যা লৈ ঘৰত অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ প্ৰেম এক নতুন স্তৰ লাভ কৰিব , দিনৰ আৰম্ভণি হব আপোনাৰ প্ৰিয়জনৰ এক হাহিঁদি আৰু ৰাতিৰ সমাপ্ত হব এই সপোনেদি । এইখিনি সময় বেলেগ দেশত ব্যৱসায়িক সম্পৰ্ক বনোৱাৰ বাবে খুবেই ভাল সময়। এই ৰাশিৰ লোকসকল বহুত কৌতুহলদ্দীপক হয়। কেতিয়াবা এইসকল লোক মানুহৰ মাজত থাকি ভাল পায় কেতিয়াবা অকলে থাকি ভাল পায়। যদিও অকলে সময় অতিবাহিত কৰা কঠিন তথাপি আজি অলপ সময় অকলে থাকিলে আপোনাৰ ভাল লাগি থাকিব। এক দীঘলীয়া সময়ৰ পৰা চলি অহা মতভেদ আজি আপোনাৰ আৰু জীৱন সংগীৰ মাজৰ পৰিস্থিতি অধিক জটিল কৰি তুলিব।
তুলা ৰাশি ফলাফল
খাই থকা সময়ত সাৱধান থাকক, অৱহেলা বেমাৰৰ কাৰণ বনিব পাৰে। এই ৰাশিৰ যিসকল লোক বিদেশত ব্যবসায় কৰে ভাল পৰিমাণৰ অৰ্থ লাভ হব পাৰে। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ,যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। প্ৰেম যে পৃথিৱীৰ প্ৰত্যেক বেমাৰ ঔষধ সেই কথা আজি আপুনি অনুভৱ কৰিব পাৰে। বেংকিং ক্ষেত্ৰৰ লগত জড়িত লোক সমূহ ভাল খবৰ পাব পাৰে, পদোন্নতিৰ বহুত সম্ভাৱনা আছে ,আপুনি নিজৰ সুখ দুগুণ কৰিবৰ বাবে সহকৰ্মীৰ লগত শ্বেয়াৰ কৰিব পাৰে। যাত্ৰা আপোনাৰ বাবে বহুত আনন্দদায়ক আৰু লাভদায়ক বুলি প্ৰমাণিত হব। দীঘলীয়া সময়ৰ অন্তত আপুনি নিজৰ জীৱন সংগীৰ লগত আত্মীয়তা বোধ এটাৰ অনুভৱ কৰিব।
বৃশ্চিক ৰাশি ফলাফল
আজিৰ দিনটো এনে কাম কৰিবৰ বাবে বহুত উপযুক্ত ,যি কাম কৰিলে আপুনি বহুত ভাল অনুভৱ কৰি থাকে। বন্ধুৰ সহায়ত বিত্তীয় কঠিনতা ভাল হৈ যাব। ঘৰুৱা জীৱনত কিছু হতাশাৰ সন্মুখীন হব পাৰে। আপোনাৰ ৰোমাণ্টিক ভাৱনা সমূহ অন্যক কৈ নুফুৰিব। নিজৰ উদ্দেশ্যৰ দিশে শান্তিৰে আগ বাঢ়ি থাকক আৰু সফলতা প্ৰাপ্ত হ’লেহে নিজৰ উদ্দেশ্য অন্যৰ আগত প্ৰকাশ কৰিব। অৱসৰ সময়ত আপুনি যিকোনো ফিল্ম চাব পাৰে কিন্তু ফিল্ম খন আপোনাৰ মনপুত নহব যাৰ বাবে আপুনি সময় অপচয় কৰাৰ দৰে অনুভৱ হ’ব। আপোনাৰ জীৱন লগৰীৰ লোকচানৰ বাবে আপুনি বহুত চিন্তিত থাকিব ,কিন্তু তেখেত আপোনাৰ বাবে কিছু বঢ়িয়া কাম কৰিব পাৰে।
ধনু ৰাশি ফলাফল
সুখেদি ভৰা ভাল দিন হয়। গহনা আৰু পূৰণি ঐতিহাসিক বস্তুৰ ব্যৱসায়ত ধন নিৱেশ কৰিলে লাভান্বিত হব আৰু সমৃদ্ধবান হব। আপোনাৰ কোনোবা ঘনিষ্ঠ জন আজি অলপ বেলেগ মুডত থাকিব আৰু তেখেতেক বুজি পোৱাটো এক প্ৰকাৰ অসম্ভৱ কামৰ দৰে হব। যিসকল লোক নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰি আছে ,সিহঁতৰ বাব এই সময় খিনি লেখতলব’লগীয় মূহূৰ্ত হব। অফিচত আপুনিি কিবা এনেকুৱা কাম পাব পাৰে, যি আপুনি আগৰে পৰা কৰিব বিচাৰি আছিল। যেতিয়া আপোনাৰ পৰা পৰামৰ্শ বিচাৰা হয় তেতিয়া সংকোচ নকৰিব ,কাৰণ ইয়াৰ বাবে আপুনি বহুত প্ৰশংসা লাভ কৰিব। আপুনি অনুভৱ কৰিব যে আপোোনাৰ জীৱন লগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও নাই হোৱা।
মকৰ ৰাশি ফলাফল
সন্দেহযুক্ত স্বভাৱৰ বাবে আপুনি পৰাজয়ৰ সন্মুখীন হব পাৰে। আপোনাৰ কমিশ্বন , লাভাংশ আৰু ৰোয়েল্টী ৰ পৰা আৰ্থিক লাভ হব পাৰে। প্ৰয়োজনৰ সময়ত আপোনাৰ বন্ধুৰ সহযোগ লাভ কৰিব। আপোনাৰ সম্পত্তি বাঢ়িব আৰু আপুনি সহজতে বিপৰীত লিংগৰ লোকক নিজৰ পিনে আকৰ্ষিত কৰিব। আজি আপুনি যি নতুন জ্ঞান আহৰণ কৰিছে সেইবোৰে আপোনাক লগৰ সহপাঠীত কৈ আগ বঢ়াত সহায় কৰিব। আজি আপুনি হঠাৎ কামৰ পৰা ছুটি লোৱাৰ পৰিকল্পনা কৰিব আৰু নিজৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিব পাৰিব। আজি আপুনি অনুভৱ কৰিব যে জীৱন সংগীৰ জীৱনত আপুনি বহুত গুৰুত্বপূৰ্ণ ভূমিকাত আছে।
কুম্ভ ৰাশি ফলাফল
আপোনাৰ ৰুক্ষ ব্যৱহাৰে আপোনাৰ জীৱন সংগীৰ মন বেয়া কৰি দিব পাৰে ,আপুনি বুজা উচিত যে কাকো অনাদৰ কৰা অথবা তেখেতক গম্ভীৰ ভাৱে নল’লে সম্বন্ধত চেকা লাগিব পাৰে। আপোনাৰ ওচৰত হঠাৎ বহুত ধন আহি যাব , যি আপোনাৰ খৰচ আৰু বিল ইত্যাদি গোটেই জোৰা মাৰিব। বন্ধুৰ লগত কিবা কৰাৰ সময়ত নিজৰ হিতৰ কথা মনত ৰাখিব ,হ’ব পাৰে যে তেখেত আপোনাৰ প্ৰয়োজনক অধিক গম্ভীৰতাৰে নলবও পাৰে। আপোনাৰ প্ৰিয়জনৰ মন বেয়া হোৱা স্বত্বেও তেখেতক নিজৰ প্ৰেমৰ অনুধাৱন কৰাই থাকক। ট্ৰেড শ্বো আৰু চেমিনাৰ ইত্যাদিত অংশগ্ৰহণ কৰিলে আপুনি নিজৰ ব্যৱসায়িক সম্পৰ্ক সমূহত শুধৰণি আনিব পাৰিব। আপোনাৰ ব্যক্তিত্বই এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজবোধ কৰে আৰু নিজৰ বাবে সময় উলিওৱাৰ চেষ্টাত লাগি যায়। ইয়াৰ ওপৰত ভিত্তি কৰি এইটোৱে কব পাৰি যে আজিৰ দিন টো আপোনাৰ বহুত ভাল যাব তাৰ উপৰি আপুনি নিজৰ বাবে ঢেৰ সময় পাব। দৈদৈনন্দিন প্ৰয়োজন সমূহ পূৰণ নোহোৱাৰ বাবে আপোনাৰ বৈবাহিক জীৱনত অশান্তিৰ সৃষ্টি হব পাৰে। খোৱা-বোৱা ,চাফা কৰা অথবা আন কোনো ঘৰুৱা বিষয় বস্তু ইয়াৰ কাৰণ হব পাৰে।
মীন ৰাশি ফলাফল
কোনোবা সন্ত পুৰুষৰ আশীৰ্বাদে আপোনাৰ মনত মানসিক শান্তি প্ৰদান কৰিব। আৰ্থিক দিশত আপুনি অকল এটা উৎসৰ পৰাই লাভ হব। আপোনাৰ জীৱন সংগীৰ অসুস্থ স্বাস্থ্য আপোনাৰ অশান্তি আৰু চিন্তাৰ কাৰণ হব পাৰে। ৰোমাাঞ্চৰ ফালেদি চাব গ’লে আজি বহুত ভাল দিন নহয়, কাৰণ আজি আপুনি সচা প্ৰেমক বিচাৰোতে বিফল হব। যদি আপুনি অনুভৱ কৰে যে বেলেগৰ সহায় অবিহনে কিবা গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে তেন্তে আপুনি বহুত ভুল ভাৱি আছে। ঘৰৰ সদস্য এজনে আপোনাৰ লগত সময় অতিবাহিত কৰিব জেদ্‌ কৰিব পাৰে সেইবাবে আপোনাৰ সময় অলপ অপচয় হ’ব। আপোনাক আৰু আপোনাৰ জীৱন লগৰীক বৈবাহিক জীৱনত কিছু নিজস্বতাৰ আৱশ্যক আছে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments