মেষ ৰাশি ফলাফল –
আপোনাৰ উৰ্জা স্তৰ আজি অধিক থাকিব। আপোনাৰ কষ্ট আৰু কামৰ প্ৰতি থকা উৎসৰ্গতাক লক্ষ্য কৰিব আৰু ইয়াৰ বাবে আপুনি কিছু বিত্তীয় লাভ পাব পাৰে। আপুনি আপোনাৰ জীৱনৰ কিছু সময় আপোনাৰ হবি ,ইচ্চা পূৰণ কৰাত আৰু পৰিয়ালৰ সদস্যসকলক সহায় কৰাত অতিবাহিত কৰক। যদি আজি আপুনি ডেটত গৈ আছে তেন্তে বিবাদিত বিষয় সমূহ আলোচনা কৰাৰ পৰা বিৰত থাকক। ব্যৱসায়িক অংশীদাৰৰ সহযোগত আপুনি বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। ছাত্ৰৰ মূৰত আজি প্ৰেমৰ ভূত লম্ভিব পাৰে আৰু এইবাবে সিহতৰ বহুত সময় লোকচান হব পাৰে। আপোনাৰ বৈবাহিক জীৱন আপোনাৰ পৰিয়ালত চলি থকা নঞাৰ্থক ভাৱ ভংগীৰ বাবে বেয়াকৈ প্ৰ্ভাৱিত হব পাৰে ,কিন্তু আপোনালোক দুয়োজনে পৰিস্থিতি চম্ভালি লব।
বৃষ ৰাশি ফলাফল –
আপোনাৰ আকাংক্ষা সমূহ এটি সুগন্ধিত ধুনীয়া ফুলৰ দৰে ফুলিব। আপোনাৰ বহুত উৎসৰ পৰা লাভ হব। পত্নীৰ লগত সমন্ধ মজবুত কৰিবলৈ আজি এটা শান্তিপ্ৰিয় দিন, সম্বন্ধৰ এই কোমল যোৰ টোক সবল বনাবলৈ দুয়োজনে সমঅৰ্পিত হব লাগে আৰু দুয়োজনৰ মাজৰ প্ৰেম আৰু বিশ্বাস হব লাগে ,পৰিস্থিতি ঠিক কৰিবৰ দায়িত্ব নিজৰ ওপৰত ন্যস্ত কৰক আৰু আপোনাৰ পৰিয়ালৰ লোকৰ সহায় হওক। আপোনাৰ প্ৰেমত আপুনি সমৰ্থন নাপাবও পাৰে। প্ৰফেশ্বনাল দিশত কৰা ভাল কামৰ বাবে আপোনাক অফিচত বহুত প্ৰশংসা কৰিব। নিজৰ ব্যক্তিত্ব আৰু ৰূপ-ৰং ক ভাল কৰিবৰ বাবে কৰা চেষ্টআ সন্তুষ্ট জনক হব। আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত কোনোবা বাহিৰা ব্যক্তিয়ে দূৰত্ব বঢ়াব চেষ্টা কৰিব পাৰে কিন্তু আপোনালোক দুজনে সকলো পৰিস্থিতি চম্ভালি লব পাৰিব।
মিথুন ৰাশি ফলাফল –
শাৰীৰিক অসুস্থতাৰ ঠিক হোৱাৰ বহত সম্ভাৱনা আছে আৰু এই বাবে আপুনি অতি সোনকালে খেলা ধুলাত অংশ গ্ৰহণ কৰিব পাৰিব। যিসকল বিবাহিত সিহতঁৰ আজি নিজৰ সন্তানৰ পঢ়া শুনাৰ ওপৰত বৃহৎ পৰিমাণৰ ধন খৰচ হব। আপোনাৰ বন্ধু আৰু পৰিয়ালৰ সহযোগ ৰ বাবে আপুনি নতুন আত্ম বিশ্বাস আৰু ৰোমাঞ্চেদি ভৰপূৰ হৈ পৰিব। প্ৰেমৰ ছায়া আজি বাৰুকৈয়ে আপোনাক ছানি ধৰিব। তেতিয়ালৈকে কোনো প্ৰতিশ্ৰুতি নিদিব যেতিয়ালৈকে আপুনি সম্পূৰ্ণ ৰূপে সেই কাম কৰাত সক্ষম নহব। নতুন বিচাৰ আৰু চিন্তা পৰীক্ষা কৰাৰ বহুত ভাল সময়। যিসকল মানুহ বিয়াক অকল যৌন প্ৰবৃতি নিৰ্মূলৰ এক আহিলা হিচাপে গন্য কৰে ,সিহতঁৰ ধাৰণা ভুল ,কাৰণ আজি আপুনি সচাঁ প্ৰেমৰ অনুভূতি লাভ কৰিব।
কৰ্কট ৰাশি ফলাফল –
আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব কিন্তু যাত্ৰা আপোনাৰ বাবে ভাগৰ আৰু হতাশা কঢ়িয়াই আনিব। ধনৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান হব পাৰে আৰু ফলস্বৰূপে আপোনাৰ অৰ্থ লাভ হব পাৰে। এক পাৰিবাৰিক আয়োজনত আপোনাৰ সকলো ধ্যান কেন্দ্ৰীভূত হব। অনাকাংক্ষিত ভাৱে হোৱা ৰোমাণ্টিক সাক্ষাৎকাৰে আপোনাক দদুল্যমান অৱস্থাত পেলাব পাৰে। আজি আপুনি নিশ্চিত ভাৱে এনেকুৱা মানুহৰ লগত দেখা হব যি আপোনাৰ কেৰিয়াৰৰ বাবে সহায়কাৰী বুলি প্ৰমাণিত হব। বেলেগক এইটো কবলৈ অধিক উত্তেজিত নহব যে আপুনি আজি কেনেকুৱা অনুভৱ কৰি আছে। আজি আপুনি নিজৰ জীৱন লগৰীৰ দৈৱিক ৰূপ দেখাৰ সৌভাগ্য পাব পাৰে।
সিংহ ৰাশি ফলাফল –
সমস্যাৰ বিষয়ে অনবৰতে ভাৱি থাকিলে আপোনাৰ নৈতিক দিশ বহুত দুৰ্বল হৈ পৰিব। যদি আপুনি বিবাহিত তেন্তে নিজৰ সন্তানৰ ওপৰত বিশেষ ধ্যান দিয়ক যদি আপুনি এনেকুৱা নকৰে তেন্তে সিহতৰ শাস্থ্য বেয়া হব পাৰে আৰু ফলস্বৰূপে আপোনাৰ বহুত অৰ্থ ব্যয় হব পাৰে। আপুনি আকৰ্ষণীয় তথা সৃজনাত্মক কাম কৰাৰ বাবে আজি ঘৰৰ পৰিৱেশ সুখেৰে ভৰা হব। একপক্ষীয় প্ৰেম আপোনাৰ বাবে বহুত বেয়া বুলি পৰিগণিত হব।। আপুনি দীঘলীয়া সময়ৰ পৰা অফিচত কাৰোবাৰ লগত কথা পাতিব বিচাৰি আছিল ,আজি এনেকুৱা হোৱাৰ সম্ভাৱনা আছে। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। জীৱন সংগীৰ বেয়া ব্যৱহাৰ আপোনাৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাব পাৰে।
কন্যা ৰাশি ফলাফল –
আপোনাৰ প্ৰবল আত্ম বিশ্বাস আৰু আজিৰ দিনটোৰ সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সমন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। ৰোমাণ্টিক সাক্ষাৎকাৰ আপোনাক অধিক সুখ প্ৰদান কৰিব। পৰ্যটন ক্ষেত্ৰ আপোনাক বঢ়িয়া কেৰিয়াৰ প্ৰদান কৰিব পাৰে, এই সময় আপোনাৰ উচাকাংক্ষাক বুজি পোৱাৰ আৰু তাক সম্পূৰ্ণ কৰাৰ বাবে বহুত পৰিশ্ৰম কৰাৰ, সফলতা আপোনাৰ বাবে অপেক্ষা কৰি আছে। আজি আপোনাৰ ঘনিষ্ঠ লোক সকল আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব কিন্তু নিজৰ মনটো শান্ত কৰি ৰাখিব বাবে আপুনি অকলে সময় অতিবাহিত কৰিব বিচাৰিব। এই দিনটো বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন ,আপোনাৰ প্ৰেমৰ গভীৰতা আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰিব।
তুলা ৰাশি ফলাফল –
যেতিয়া কিবা নিৰ্ণয় ল’বলৈ চেষ্টা কৰিব তেতিয়া আপুনি বেলেগৰ ভাৱনা সমূহত গুৰুত্ৱ দিয়া উচিত । আপোনাৰ যিকোনো ভুল নিৰ্ণয় অন্যৰ ওপৰত বহুত বেয়া প্ৰভাৱ পেলাব পাৰে যাৰ বাবে আপুনি মানসিক ভাৱে হতাশ হৈ পৰিব পাৰে। এই ৰাশিৰ কিছুুমান মানুহক মাটি সংক্ৰান্তীয় কামত ধন খৰচ কৰিবলগীয়া হব পাৰে। হতাশাৰ এক দীঘল সময় চলি থাকিব ,অৱশ্যে পাৰিবাৰিক সহযোগে আপোনাক সহায় কৰিব। আজিৰ দিনাখন প্ৰেমৰ কলি ফুলি এক পূৰ্ণাংগ ফুললৈ পৰিণত হব পাৰে। অফিচত কোনোোবা বিশেষ ব্যক্তিৰ লগত আপোনাৰ দেখা হব পাৰে। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰ জন আপোনাৰ সহায় কৰিব পাৰে । চকুয়ে মনৰ কথা সকলো ব্যক্ত কৰি দিয়ে । এই দিনটো আপোনাৰ জীৱন সংগীৰ লগত এই ভাষাতে কথা পতাৰ দিন।
বৃশ্চিক ৰাশি ফলাফল –
স্বা্স্থ্যৰ প্ৰতি অলপ অধিক যত্ন লোৱা দৰকাৰ। অকল এটা দিনক চালি জাৰি চাই জীয়াই থকাৰ বাসনাটোক নিয়ন্ত্ৰণ কৰক আৰু প্ৰয়োজনতকৈ অধিক সময় পইচা মনোৰঞ্জনত খৰচ নকৰিব। প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব। আজি আপুনি প্ৰেম পূৰ্ণ মনোভাৱত থাকিব ,এইবাবে প্ৰিয়জনৰ লগত কিছু ভাল সময় অতিবাহিত কৰাৰ যোজনা বনাব পাৰে। আজি আপোনাৰ কলাত্মক আৰু সৃজনাত্মক কামে বহুত প্ৰশংসা প্ৰাপ্ত কৰিব আৰু ইয়াৰ বাবে হঠাত লাভৰ সম্ভাৱনাও আছে। বহুত দিনৰ পৰা অৱহেলিত সমস্যা এটা অতি সোনকালে সমাধান হোৱা উচিত আৰু আপুনি জানে যে আপুনি এদিনতো এই কাম কৰিবলগীয়া হ’লেই হয় সেইবাবে ধনাত্মক চিন্তা কৰক আৰু কাম টো বহুত একাগ্ৰতাৰে কৰাৰ চেষ্টা কৰক। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হব পাৰে।
ধনু ৰাশি ফলাফল –
যদি আপুনি বহুত বেছি মানসিক অশান্তি পাই থাকে তেনেতে শিশুসকলৰ লগত সময় অতিবাহিত কৰক । সিহঁতৰ মৰম ভৰা আলিংগনে আৰু হাঁহিয়ে আপোনাৰ সকলো দুখ কষ্ট নোহোৱা কৰি দিব পাৰে। আৰ্থিক ভাৱে আজি আপুনি বহুত সুখ পাব আৰু ফলস্বৰূপে আপোনাৰ আগৰ ধাৰৰ পৰা নিজকে মুক্ত কৰিব পৰিব। আপোনাাৰ সন্তান ভৱিষ্যতৰ ওপৰত বেছি গুৰুত্ব নিদি বাহিৰা কাম কাজত অধিক লিপ্ত হোৱা বাবে আপুনি নিৰাশ হৈ পৰিব। ব্যক্তিগত দিকদৰ্শনে আপোনাৰ সম্বন্ধৰ মাজত শুধৰণি আনিব। লেখক আৰু সাংবাদিক সকল বহুত খ্যাতি লাভ কৰিব পাৰিব। আপোনাৰ ব্যক্তিত্বই এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজবোধ কৰে আৰু নিজৰ বাবে সময় উলিওৱাৰ চেষ্টাত লাগি যায়। ইয়াৰ ওপৰত ভিত্তি কৰি এইটোৱে কব পাৰি যে আজিৰ দিন টো আপোনাৰ বহুত ভাল যাব তাৰ উপৰি আপুনি নিজৰ বাবে ঢেৰ সময় পাব। আপুনি নিজৰ জীৱন সংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহুৰ্ত সমূহো বহুত সহজ ভাৱে সন্মুখীন হব পাৰে।
মকৰ ৰাশি ফলাফল –
আজি আপুনি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰা অভিপ্ৰায় লৈ থাকিব। ৰিয়েল এষ্টেট সম্বন্ধি নিৱেশত আপোনাৰ ভালেমান লাভ হব। ওচৰ-চুবুৰীয়াৰ লগত হোৱা কাজিয়াই আপোনাৰ মন বেয়া কৰিব পাৰে ।কিন্তু আপোনাৰ নিয়ন্ত্ৰণ হেৰুয়াই নেপেলাব, এনেকুৱা কৰিলে অকল জুই বেছিকৈহে জ্বলিব । যদি আপুনি সহযোগ নকৰে তেন্তে কোনো আপোনাৰ লাগত কাজিয়া কৰিব নোৱাৰে।সকলোতকৈ ভাল সম্বন্ধ বৰ্তাই ৰাখিবৰ চেষ্টা কৰক। আজি আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত কোনোবা তৃতীয় ব্যক্তি আহিব পাৰে। অন্য দিনৰ তুলনাত আজি আপোনাৰ সহকৰ্মী আপোনাক জানিব চেষ্টা কৰিব। আজি মানুহ আপোনাৰ বহুত প্ৰশংসা কৰিব ,যি আপুনি শুনিব বিচাৰি আছিল। দীঘলীয়া সময়ৰ পৰা চলি থকা কাম -কাজৰ হেঁচা আপোনাৰ বৈবাহিক জীৱনত জটিলতাৰ সৃষ্টি কৰিব পাৰে কিন্তু আজি সকলো জটিলতা তথা সমস্যা দূৰ হৈ যাব।
কুম্ভ ৰাশি ফলাফল –
নিজৰ ক্ষমতা তথা দক্ষতা সমূহক চিনাক্ত কৰক ,কাৰণ আপোনাৰ ভিতৰত শক্তিৰ নহয় আনকি ইচ্চ শক্তিৰ হে কমি আছে। আপোনাৰ মাতৃপক্ষৰ পৰা আজি আপোনাৰ ধন লাভৰ পুৰ্ণ সম্ভাৱনা আছে। আপোনাৰ মামা অথবা ককাদেউতাই আপোনাক আৰ্থিক সহায় কৰিব পাৰে। দিন ৰ উত্তৰাৰ্ধত হঠাৎ অহা যিকোনো ভাল খবৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। বন্ধন্ধুৰ লগত সাৱধানে কথা পাতক ,কাৰণ আজিৰ দিনাখন আপোনালোকৰ বন্ধুত্বত ফাটঁ মেলিব পাৰে। অংশীদাৰ ব্যৱসায়ে লাভত কৈ অধিক আপোনাক সমস্যা প্ৰদান কৰিব , কোনোবাই আপোনাৰ বেয়া দিশেদি লাভ উঠাব পাৰে আৰু তাৰ বাবে আপুনি নিজকে খঙ কৰিব পাৰে। ধন, প্ৰেম আৰু পৰিয়াল ৰ পৰা দূৰ হৈ আজি আপুনি আনন্দৰ সন্ধানত কোনোবা আধ্যাত্মিক গুৰুৰ লগত দেখা কৰিব যাব পাৰে। জীৱন সংগী আপোনাক এইটো কথা বাৰে বাৰে বুজাব খুজি আছে যে আপুনি লগত থকাৰ বাবে তেখেত কি কি সমস্যাৰ সন্মুখীন হব লগা হৈ আছে।
মীন ৰাশি ফলাফল –
আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হবলৈ গৈ আছে। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক নহলে সমস্যাৰ সৃষ্টি হব পাৰে। আজিৰ দিনটোত এনেকুৱা বস্তু কিনি ৰখা ভাল হব ,যাৰ দাম আগলৈ গৈ বাঢ়িব পাৰে। ঘৰুৱা বিষয় সমূহত অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আপোনাৰ পৰপ্ৰিয়জন আপোনাক গোটেই দিন মনত কৰি থাকিব ,তেহেতক কিবা ধুনীয়া এক বস্তু চাৰপ্ৰাইজ দিয়াৰ পৰিকল্পনা কৰক আৰু এই দিনটোক তেখেতৰ বাবে স্মৰণীয় কৰক। যদি আপুনি সঠিক ব্যক্তিক নিজৰ ক্ষমতা আৰু প্ৰতিভা দেখুৱাই তেন্তে সোনকালে সকলোৰে সন্মুখত আপোনাৰ এক অধিক ভাল পৰিচয় গঢ় লৈ উঠিব। অচিনাকি লোকৰ লগত কথা পতা ভাল কিন্তু তেখেতক ভাল্কৈ নজনাকৈ নিজৰ জীৱনৰ কথা কৈ আপুনি অকল নিজৰ সময়হে অপচয় কৰিব। আজিৰ দিনটো আপোনাৰ বাবে খুব এটা বিশেষ নহব কাৰণ বহুত বিষয়ত আপোনাৰ লগত বহুতৰে অসহমতি হব পাৰে আৰু ইয়াৰ বাবে অন্যৰ লগত আপোনাৰ সম্পৰ্কও বেয়া হৈ যাব পাৰে।