Thursday, November 7, 2024
Homeৰাশিফলকোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

কোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

মেষ ৰাশি ফলাফল –
আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহুৰ্ত অথবা পল লৈ আহিব। আৰ্থিক জীৱনৰ স্থিতি আজি ভাল বুলি কোৱা নাযাব, আজি আপোনাৰ ধন সঞ্চয় কৰাত বহুত সমস্যা হব পাৰে। আজিৰ দিনটো আনন্দৰে ভৰা হ’ব ,কাৰণ আপোনাৰ জীৱন সংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। আপোনাৰ ব্যক্তিগত ভাৱনা আৰু গোপনীয় কথা প্ৰিয়জনৰ লগত ভাগ-বটৰা কৰাৰ এয়াই ভাল সময়। পৰপ্ৰয়োজনত থকা ব্যক্তিক সহায় কৰিব বিচৰা আপোনাৰ এই গুণে আপোনাক আজি সন্মানৰ পাত্ৰ কৰি তুলিব। আপোনাৰ অতীতৰ এটা ৰহস্যই আপোনাৰ জীৱন সংগীক আজি নিৰাশ কৰিব পাৰে। টিভিত চিনেমা চোৱা আৰু নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰা ,ইয়াতকৈ ভাল কাম আৰু কি হব পাৰে ! যদি আপুনি অলপো চেষ্টা কৰে তেন্তে আজিৰ দিনটো বহুত ভাল ভাৱে পাৰ হব পাৰে।

বৃষ ৰাশি ফলাফল –
যদি আপুনি যোৱা কিছু সময়ৰ পৰা হতাশাৰ লগত যুজি আছে তেন্তে আপুনি মনত ৰখা উচিত যে সঠিক কৰ্ম আৰু বিচাৰৰ দ্বাৰা আপোনাৰ বাবে বহু প্ৰতীক্ষিত ৰেহাই লৈ আহিব। যিসকল বিবাহিত সিহতঁৰ আজি নিজৰ সন্তানৰ পঢ়া শুনাৰ ওপৰত বৃহৎ পৰিমাণৰ ধন খৰচ হব। পৰিয়ালৰ লগত সামাজিক গতিবিধিয়ে আপোনাকে ধৰি সকলোকে সুখী কৰিব। প্ৰেম সন্দৰ্ভত সোনকালে কোনো নিৰ্ণয় নল’ব। কিবা ৰচক মেগাজিন বা উপন্যাস পঢ়ি আজিৰ দিন ভালকৈ অতিবাহিত কৰিব পাৰিব। অন্যৰ হস্তক্ষেপ আপোনাৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজি কোনোবা বৰিষ্ঠজনৰ লগত আপোনাৰ তৰ্ক হ’ব পাৰে এনেকুৱা পৰিস্থিতিত আপুনি নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰখা দৰকাৰ।

মিথুন ৰাশি ফলাফল –
সাৱধান থাকক !! কোনোবাই আপোনাক বুৰ্বক বনাব বিচাৰি আছে। মানসিক অশান্তি আৰু হতাশা বৃদ্ধি পাব পাৰে। ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়ীৰ মুখত হাহিঁ বিৰিঙাবলৈ সক্ষম হব। আপুনি নিজৰ ঘৰ আৰু তাৰ আশে পাশে অজি কিবা পৰিৱৰ্তন আনিব পাৰে। আজি কোনোবা এনেকুৱা ব্ব্যক্তিৰ লগত সাক্ষাত হোৱাৰ সম্ভাৱনা আছে ,জন আপোনাক গভীৰ ভাৱে প্ৰভাৱিত কৰিব। ঘৰত পৰি থকা পুৰণি বস্তু এটা আপুনি পাব পাৰে যাৰ বাবে আপোনাৰ শৈশৱৰ দিনৰ ক্থা মনত পৰিব আৰু গোটেই দিন অকলে কটাব। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হব। আজিৰ দিন যিকোনো ধাৰ্মিক স্থলত সময় অতিবাহিত কৰিলে আপুনি মানসিক শান্তি লাভ কৰিব।

কৰ্কট ৰাশি ফলাফল –
আপোনাৰ সাহসী আৰু স্পষ্ট চিন্তাধাৰাই আপোনাৰ বন্ধুক দুখ দিব পাৰে। যিসকল লোকে কৰবাত বিনিয়োগ কৰি থৈছিলে আজিৰ দিনটোত আপোনাৰ আৰ্থিক লোকচান হোৱাৰ সম্ভাৱনা আছে । ভাৱনাত্মক দিশেদি যদি কোনো বিপদ গোটাই লয় তেন্তে আপোনাৰ পক্ষত আহিব। আজি প্ৰিয়জনৰ এক নতুন দিশ আপুনি দেখিব পাৰিব। আপোনাৰ আকৰ্ষণী আৰু খোলা মনৰ ব্যক্তিত্বই আজি সকলোকে আকৰ্ষণ কৰিব। জীৱন লগৰীৰ লগত আত্মিকতা আজি আপোনাক সুখী কৰিব। আজি আপোনাৰ সহকৰ্মী আপোনাক উপদেশ দিব পাৰে, কিন্তু এই উপদেশ আপোনাৰ ভাল নালাগিব পাৰে।

সিংহ ৰাশি ফলাফল –
সন্ধিয়াৰ সময়ত অপোনাৰ জীৱন সংগীৰ লগত কোনোবা চিনেমা ,থিয়েটাৰ আৰু ৰেষ্টুৰেণ্টত সময় অতিবাহিত কৰিলে আপুনি বহুত সুখ অনুভৱ কৰিবাৰু বহুত সতেজ অনুভৱ কৰিব। মা অথবা দেউতাৰ শাস্থ্যৰ ওপৰত আজি বহুত খৰচ হব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে কিন্ত আপোনালোকৰ মাজৰ সম্বন্ধ কটকটীয়া হব। আপোনাৰ পৰিয়ালৰ সদস্য সমূহ আৰু বন্ধুৰ লগত কটাবলৈ পৰ্যাপ্ত পৰিমাণৰ সময় লাভ কৰিব। প্ৰেমৰ ফালেদি চাব গলে আজিৰ দিনটো বহুত ধুনীয়া ,প্ৰেমক সদায় উদযাপন কৰক। জীৱনৰ জটিলতা বুজিবলৈ আজি ঘৰ বৰিষ্ঠ জনৰ লগত আজি সময় অতিবাহিত কৰিব পাৰে। যদি অলপ চেষ্টা কৰা যায় তেন্তে আপোনাৰ জীৱন সংগীৰ লগত আজিৰ দিনটো বহুত ৰোমাণ্টিক ধৰণে অতিবাহিত হব পাৰে। কোনোবা ভাল স্পাত গৈ আপুনি আজি বহুত সতেজ অনুভৱ কৰিব পাৰে।

কন্যা ৰাশি ফলাফল –
নিজৰ নঞাৰ্থক ভাৱনা সমূহ আৰু বৃত্তিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। আপোনাৰ ৰক্ষণশীল চিন্তা/ পূৰণি কলীয়া ভাৱনা আপোনাৰ প্ৰগতিত বাধা হৈ থিয় দিব পাৰে, অথবা তাৰ দিশ পৰিৱৰ্তন কৰিব পাৰে আৰু আপোনাৰ ৰাস্তাত আগত বহুত বাধা হব পাৰে। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। আজি আপোনাক বেলেগৰ প্ৰয়োজনত গুৰুত্ব দিয়া উচিত অৱশ্যে সন্তানক অধিক স্বাধীনতা দিলে পিছলৈ অসুবিধাৰ সৃষ্টি হব পাৰে। সন্ধিয়া নামি অহাৰ লগে লগে এক আকস্মিক প্ৰেম ভাৱ আপোনাৰ মনটোক আৱৰি পেলাব। এই ৰাশিৰ জাতক সকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালি সময় ঘৰ চাফা কৰি ব্যতিত কৰিব পাৰে। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ কৰিব । আপোনাৰ প্ৰিয়জনৰ লগত পৰ্যাপ্ত সময় অতিবাহিত কৰাৰ আজি সম্ভাৱনা আছে ,এনেকুৱা কিছুমান মুহুৰ্তই আপোনজনৰ লগত থকা সম্পৰ্ক প্ৰগাঢ় কৰে।

তুলা ৰাশি ফলাফল –
উচ্চ কেলৰি যুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপুনি স্বাস্থ্য সন্মত হৈ থাকিব। আজি আপুনি অৰ্থ সম্বন্ধীয় সমস্যাৰ বাবে চিন্তিত থকিব পাৰে । ইয়াৰ বাবে আপুনি কোনোবা জনা শুনা ব্যক্তিৰ পৰামৰ্শ লব পাৰে। আপোনাৰ সন্তান আপোনাক ঘৰুৱা কাম কাজত সহায় কৰিব। প্ৰেমৰ দিশেদি আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন হ’ব লগতে আনন্দৰে ভৰপূৰ হ’ব। প্ৰয়োজনীয় কামবোৰ শেষ কৰি আপুনি সময়তো ৰাহি কৰিব কিন্তু সময়বোৰ ভাল কামত ব্যৱহাৰ কৰিব নোৱাৰিব। বৈবাহিক জীৱনত বহুত ভাল বেয়া সময়ৰ পিছত আজিয়ে সেইটো দিন যিদিনা আপুনি এজনে আনজনৰ প্ৰতি থকা মৰম আৰু ভাল পোৱা সমূহ উপলব্ধি কৰিব। নক্ষত্ৰৰ দিশ অনুযায়ী আজি আপুনি গোটেই দিন টিভি দেখি ব্যতিত কৰি দিব পাৰে।

বৃশ্চিক ৰাশি ফলাফল –
নিজৰ ওপৰত এটা সীমাৰ ওপৰত আৰু হেচা প্ৰয়োগ নকৰিব আৰু পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম গ্ৰহণ কৰক। দীৰ্ঘবধি নিৱেশৰ পৰা বাচক আৰু নিজৰ বন্ধুৰ লগত বাহিৰত গৈ কিছু সুখৰ মুহুৰ্ত অতিবাহিত কৰক। কোনো চিঠি অথবা ই-মেইল গোটেই পৰিয়ালৰ বাবে ভাল খবৰ কঢ়িয়াই লৈ আহিব। আজি আপুনি আপোনাৰ প্ৰিয়জনাক টোফী আৰু চকলেট ইত্যাদি দিব পাৰে। যেতিয়াই আপোনাৰ অনুভৱ হয় যে আপোনাৰ হাতত আপোনাৰ পৰিয়াল আৰু বন্ধুগণক দিবলৈ সময়ৰ অভাৱ তেতিয়াই আপোনাৰ মন বেয়া হৈ যায় ,আজিও আপোনাৰ মনৰ স্থিতি এনেকুৱাই থাকিব। আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনৰ প্ৰকৃত সুখ পাব পাৰে। স্বাস্থ্যক অৱহেলা কৰা বাবে আজি আপুনি বহুত চিন্তিত থাকিব পাৰে, আৰু সেয়ে বেছি সময় ৰৈ নাথাকি যিমান পাৰে সোনকালে চিকিৎসকৰ ওচৰ চাপক আৰু নিজকে পৰীক্ষা কৰাওক।

ধনু ৰাশি ফলাফল –
নিজৰ খোৱা-বোৱাৰ ওপৰত বিশেষ ধ্য়ান দিয়ক । বিশেষকৈ মাইগ্ৰেনৰ ভুক্তভোগী সকল সময়ত খোৱা বোৱা কৰিব লাগে ,নহ’লে সিহতক ব্যৰ্থকৈ ভাৱনাত্মক হতাশাৰ সন্মুখীন হ’ব। কিছুমান বিশেষ লোক যিকোনো যোজনাত পইচা নিৱেশ কৰাৰ বাবে তৈয়াৰ থাকে, যত সম্ভাৱনা দেখা যায় আৰু যত প্ৰাধান্য আছে। আপোনাৰ সন্তান আৰু পৰিয়াল আপোনাৰ দিনৰ কেন্দ্ৰ বিন্দু হব। আজি আপোনাৰ হাহিঁত কোনো আৱেগ অথবা অৰ্থ নাথাকিব, নাথাকিব কোনো শব্দ না কোনো চন্দ কাৰণ আপোনজনৰ অনুপস্থিতিত মনটো যেন উকা উৰুঙা হৈ থাকিব। আজি মানুহ আপোনাৰ বহুত প্ৰশংসা কৰিব ,যি আপুনি শুনিব বিচাৰি আছিল। দৈনিন্দিন বস্তু কিনা-মেলাক লৈ জীৱন সংগীৰ লগত বাদ-বিবাদ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ অনুভৱ হব যে আপোনাৰ ঘৰৰ মনুহে আপোনাক বুজি নাপায় সেইবাবে আজি আপুনি সিহতঁৰ পৰা দুৰত থাকিব।

মকৰ ৰাশি ফলাফল –
শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিক ভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগাৰ আশ্ৰয় লওক। অনাকাংক্ষিত ভাৱে নতুন উৎসৰ পৰা আপোনাৰ ধন লাভ হব আৰু দিনটো বহুত ভাল ভাৱে আপোনাৰ অতিবাহিত হব। বৰিষ্ষ্ঠ আত্মীয় আপোনাক অনবৰতে কিছুমান অপ্ৰয়োজনীয় কথাৰ বাবে অশান্তি কৰিব পাৰে। আজি আপুনি চাৰিওফালে প্ৰেম আৰু প্ৰেমে বিলাই ফুৰিব। এই ৰাশিৰ জাতক সকল আজি অৱসৰ সময়ত ৰচনাত্মক কাম কৰাৰ পৰিকল্পনা কৰিব কিন্তু তেখেতৰ এই পৰিকল্পনা সম্পূৰ্ণ নহব। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সচাঁ হয় ,আপোনাৰ জীৱনৰ লগৰীয়ে আপোনাৰ প্ৰকৃত প্ৰেয়সী। ব্যৱসায়ীসকল নিজৰ ৰৈ থকা যোজনা সমূহ আকৌ আৰম্ভ কৰিবৰ বাবে চিন্তা কৰা উচিত।

কুম্ভ ৰাশি ফলাফল –
আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। সন্তানৰ বাবে অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে আৰু লগতে সুখ প্ৰাপ্তিও আছে। পৰিয়ালৰ লগত সামাজিক গতিবিধিত সহযোগিতা আজি সন্ধিয়া সময়ত প্ৰিয়জনৰ লগত কৰোবাত ফুৰিব গৈ ,লগতে ৰোমাণ্টিক ভাৱে ৰাতিৰ আহৰ গ্ৰহণ কৰাৰ বাবে আজি সকলোতকৈ ভাল দিন। হতাশাৰে ভৰা দিন হব ,যেতিয়া ঘনিষ্ঠ ব্যক্তি সমূহৰ লগত আপোনাৰ মতভেদ হব পাৰে। জীৱন সংগীৰ লগত অলপ হাঁহি -খিকিন্দালি ,অলপ ধেমালিয়ে আপোনাৰ কৈশোৰৰ স্মৃতি ঘুৰাই অনাত সক্ষম হব। মানসিক শান্তি বহুত গুৰুত্ব পূৰ্ণ হয় এক সুস্থ শৰীৰৰ বাবে , শান্তিৰ বাবে আপুনি কোনোবা বাগিচা, মন্দিৰ অথবা নদীৰ পাৰত যাব পাৰে।

মীন ৰাশি ফলাফল –
আপোনাৰ ধনাত্মক ব্যৱহাৰৰ বাবে ওচৰ পাজৰৰ লোকসমূহ বহুত প্ৰভাৱিত হব। আজি আপুনি আপোনাৰ ঘৰৰ মানুহবোৰক ফুৰাব লৈ যাব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ধন খৰচ হব পাৰে নাতি-পুতিৰ বাবে আজি আপুনি বহুত সুখ প্ৰাপ্ত কৰিব । আজি প্ৰিয়জনৰ লগত দূৰ হোৱাৰ দুখে আপোনাক আহত কৰি দিব। সময়ৰ পিনে লক্ষ্য কৰি আজি আপুনিসকলোৰে পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰি ভাল পাব। এনেকুৱা কৰাটো আপোনাৰ বাবে হিতকৰ বুলি প্ৰমাণিত হব। যদি আপোনাৰ জীৱন সংগীৰ অসুস্থ স্বাস্থ্যৰ বাবে আপোনাৰ কাৰোবাৰ লগত দেখা কৰাৰ পৰিকল্পনা বাতিল হৈ যায় তেন্তে চিন্তা নকৰিব, আপোনালোক দুয়োজনে একেলগে ভালকৈ সময় অতিবাহিত কৰিব পাৰিব। আজি আপুনি কাৰোবাৰ বিয়াত যাব পাৰে, তাত মাদ্যদ্ৰব্য সেৱন কৰাটো আপোনাৰ বাবে ঘাতক বুলি পৰিগণিত হ’ব পাৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments