মেষ ৰাশি: শিশু আপোনাৰ সন্ধিয়াৰ সুখৰ মাজত অধিক চমক আনিব। ভাগৰুৱা আৰু হতাশাৰে ভৰা দিন বোৰক সামৰণি মৰাৰ দিন আহি গৈছে তাৰ বাবে আপুনি এক নৈশ ভোজনৰ আয়োজন কৰা উচিত । যিবোৰ মানুহ দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভূগি আছিল সিহঁতৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে যাৰ ফলত সিহঁতৰ বহুখিনি অসুবিধা দূৰ হব। সন্ধিয়াৰ সময়ত আপোনাৰ ৰ লগত জীৱন সংগীৰ লগত বাহিৰত খানা খাব যাব পাৰে অথবা চিনেমা চালে আপুনি সন্তুষ্টি লাভ কৰিব আৰু আনন্দিত কৰি তুলিব। আপোোনাৰ প্ৰিয়জনৰ অবিহনে আজি আপুনি সময় অতিবাহিত কৰাত সমস্যাৰ অনুভৱ কৰিব। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব সম্ভাৱনা আছে। খালি সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। জীৱন সংগীৰ লগত কিছু মতভেদ হব পাৰে দিনটোত কিন্তু সন্ধিয়া খোৱা সময়ত সকলো ভুল বুজাবুজি ভাল হৈ যাব। গ্ৰহই আজি ধাৰ্মিক কাম -কাজ যেনে মন্দিৰত যোৱা ,দান-বৰঙনি আগ বঢ়োৱা আৰু ধ্যান কৰা আদিৰ দিহা দিব ।
বৃষ ৰাশি: আপোনাৰ খঙ কেতিয়াবা আপোনালোকক বিপদত পেলাব পাৰে। আৰ্থিক দিশত শুধৰণি হোৱাৰ বাবে প্ৰয়োজনীয় বস্তু কিনাত সুবিধা হব। আপোনাৰ জীৱন সংগী ৰ বোজা দূৰ কৰিবলৈ আপুনি ঘৰুৱা কাম-কাজত তেখেতক সহায় কৰিব ,ইয়াৰ ফলত আপোনাৰ লগত কাম কৰাৰ আনন্দ অনুভৱ কৰিব আৰু এক অজান সম্পৰ্ক অনুভৱ কৰিব। হঠাৎ প্ৰাপ্ত হোৱা এক সুখদ সংবাদে আপোনাক সপোনতো মিঠা অনুভূতি প্ৰদান কৰিব। খালী সময়ৰ সদ্ব্যৱহাৰ হব লাগে কিন্তু আজি আপোনাৰ দ্বাৰা দুৰ্ব্যৱহাৰ হৈ যাব, আৰু এইবাবে আপোনাৰ মনো বেয়া হৈ যাব। এই দিনটো বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন ,আপোনাৰ প্ৰেমৰ গভীৰতা আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰিব। আজি বিদেশত থকা কোনোবা ব্যক্তিৰ পৰা আপুনি বেয়া খবৰ পাব পাৰে।
মিথুন ৰাশি: নিজৰ ভাৱনাত বিশেষকৈ খঙত নিয়ন্ত্ৰণ ৰাখক। ৰিয়েল এষ্টেট সম্বন্ধি নিৱেশত আপোনাৰ ভালেমান লাভ হব। আপুনি বিবাদযুক্ত বিষয় সমূহত তৰ্ক কৰাৰ পৰা বিৰত থাকক ,যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ ভাৱৰ সৃষ্টি কৰিব পাৰে। আজি আপুনি চাৰিওফালে প্ৰেম আৰু প্ৰেমে বিলাই ফুৰিব। আজি খালি থকা সময়ৰ সঠিক ব্যৱহাৰ কৰি পূৰণি বন্ধু সকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন ,আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়। আপোনাৰ সন্তান শিক্ষাৰ ক্ষেত্ৰত ভাল কৰিব পাৰে যদি আপুনি সিহতঁৰ লগত সহযোগ কৰে।
কৰ্কট ৰাশি: কিছু চিন্তা আৰু সামাজিক মতভেদে আপোনাক অস্থিৰ আৰু অসহজ কৰি তুলিব। মনোৰঞ্জন আৰু সৌন্দৰ্যৰ বৃদ্ধিৰ বাবে প্ৰয়োজনতকৈ অধিক সময় খৰচ নকৰিব। আত্মীয়জনৰ ঘৰত যাওতে কৰা সৰু যাত্ৰা আপোনাৰ ব্যস্ত দিনযোৰাৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। যিসকল লোক নিজৰ প্ৰেমীৰ পৰা দূৰত থাকে আজি প্ৰেমীৰ কথা সিহতঁৰ মনত পৰিব পাৰে ।ৰাতি প্ৰেমাস্পদৰ লগত বহুত সময় ফোনত কথা হব পাৰে। ছাত্ৰসকলক পৰামৰ্শ দিয়া হল যে বন্ধুত্বৰ খাতিৰত সিহতে যাতে সময় অপচয় নকৰে । বন্ধু আহিব লগা সময়তো হ’ব কিন্তু পঢ়িব বাবে এই সময় উপযোগী। কিছুমান মানুহে বিবাহ সম্পৰ্ক টো অকল কাজিয়া আৰু যৌন সম্পৰ্কক কেন্দ্ৰ কৰি ঘূৰি থাকে বুলি কব খোজে, কিন্তু আজি আপুনি সকলোবোৰ অৱস্থা শান্ত বুলি অনুভৱ কৰিব। আজি আপোনাৰ ব্যক্তিত্ব অন্য মানুহক নিৰাশ কৰিব পাৰে, সেয়ে নিজৰ ব্যক্তিত্বত আপুনি এক ধনাত্মক পৰিৱৰ্তন অনা দৰকাৰ।
সিংহ ৰাশি: আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক,যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়।মস্তিষ্ক জীৱনৰ দুৱাৰ কাৰণ সকলো গতি বিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তা-ধাৰা দি মানুহক আলোকিত কৰিব পাৰে। ঘৰৰ সৰু সৰু বস্তুৰ ওপৰত আপোনাৰ আজি বহুত ধন খৰচ হৈ যাব পাৰে যাৰ ফলত আপুনি মানসিক অশান্তিত ভূগিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্ব আছে। অপোনাৰ প্ৰিয়জন আজি বহুত বিৰক্তিত অনুভৱ কৰিব ,যি আপোনাৰ মগজুত অধিক চাপ প্ৰয়োগ কৰিব। অৱসৰ সময়ত আজি আপুনি খেল ধুলা কৰিব পাৰে কিন্তু খেলি থাকোতে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে বাবে ভালকৈ থাকিব। সকলোবোৰ বস্তু আপোনাৰ ইচ্ছা অনুযায়ী নচলিব,কিন্তু নিজৰ ভাল পোৱা মানুহজনৰ লগত আপুনি এক ভাল সময় অতিবাহিত কৰিব। ঘৰৰ বাহিৰত থকা লোকসকলৰ আজি ঘৰৰ কথা বহুত মনত পৰিব। নিজৰ মনটোক বুজাবলৈ আপুনি আজি ঘৰৰ মানুহৰ লগত বহুসময় কথা পাতিব পাৰে।
কন্যা ৰাশি: বাহিৰত ঘুৰা মেলা তথা বন্ধু বৰ্গৰ লগত দূৰণিৰ ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। আজি আপুনি অৰ্থ সম্বন্ধীয় সমস্যাৰ বাবে চিন্তিত থকিব পাৰে । ইয়াৰ বাবে আপুনি কোনোবা জনা শুনা ব্যক্তিৰ পৰামৰ্শ লব পাৰে। হতাশাৰ এক দীঘল সময় চলি থাকিব ,অৱশ্যে পাৰিবাৰিক সহযোগে আপোনাক সহায় কৰিব। প্ৰেম সকলো ইন্দ্ৰিয়ৰ পৰা অসীম ,কিন্তু আজি আপুনি এইবোৰ ইন্দ্ৰিয় আনন্দসমূহ প্ৰেমৰ অনুভূতিত অনুভৱ কৰিব। আজি অৱসৰ সময় এনেই বিনা কথাৰ তৰ্কত অপচয় হ’ব যাৰ বাবে দিনৰ শেষত আপুনি হতাশ হৈ যাব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন সংগিনী মৌতকৈও বহুত মিঠা। আপোনাৰ জীৱন সংগী ৰ লগত কেণ্ডেল লাইট ডিনাৰ কৰাৰ সম্ভাৱনা আছে,আপোনাৰ সপ্তাহৰ গোটেই ভাগৰ দূৰ হব পাৰে।
তুলা ৰাশি: আপোনাৰ শক্তিশালী আৰু অভয়তা ৰ এই গুণ সমূহ আপোনাৰ মানসিক ক্ষমতাৰ বৃদ্ধি কৰিব। যিকোনো পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবৰ বাবে এই দ্ৰুত গতিক বাহাল ৰাখক । চাকৰি কৰি থকা লোক সকলৰ আজি অৰ্থৰ আৱশ্যকতা পৰিব পাৰে কিন্তু বেহিচাপী স্বভাৱৰ বাবে আজি সিহতৰ তাত পৰ্যাপ্ত ধন নাথাকিব। এক মজাৰ সন্ধিয়াৰ বাবে বন্ধু আপোনাক সিহঁতৰ ঘৰলৈ মাতিব পাৰে। অকল এবাৰ আপুনি নিজৰ প্ৰিয়জনক একেবাৰৰ বাবে নিজৰ কৰি লওক তেন্তে জীৱনত আপোনাৰ আৰু একো বস্তুৰে প্ৰয়োজন নাই ,এই কথাক বহুত গভীৰ ভাৱে আপুনি হৃদয়ংগম কৰিব। নিজৰ আত্ম-বিশ্বাসৰ লাভ লওক ,বাহিৰলৈ ওলাই আহক আৰু কিছু নতুন সম্পৰ্ক তথা বন্ধু বনাওক। বৈবাহিক জীৱনৰ বাবে এই দিন সচাকৈয়ে ভাল লগা হৈ পৰিব। কোনো গছৰ ছাঁত বহি আজি আপুনি বহুত শান্তি লাভ কৰিব। জীৱনক আজি ওচৰৰ পৰা বুজি পাব আপুনি।
বৃশ্চিক ৰাশি: আপোনাৰ সন্ধিয়াৰ সময়খিনি বহুত ধৰণৰ অনুভূতিৰে আৱৰি থাকিব আৰু এইবাবে আপুনি হতাশো হৈ যাব পাৰে। কিন্তু অধিক চিন্তা কৰাৰ প্ৰয়োজন নাই ,কাৰণ আপোনাৰ সুখ আপোনাৰ নিৰাশা বোৰৰ তুলনাত বহুত বেছি আনন্দ আপোনাক দিব। প্ৰাপ্ত হোৱা ধন আপোনাৰ আশা মতে নহ’ব। পৰিয়ালৰ সদস্য আপোনাক সকলো কথাতে সমৰ্থন কৰিব। আপোনাৰ প্ৰিয়জন আজি ৰোমাণ্টিক মুডত থাকিব। চিঠি-পত্ৰ ,লাগতিয়াল কাগজ আদি অতি সাৱধানে আৰু যতনেৰে সৰহ বৰাহ কৰা উচিত। আপুনি অনুভৱ কৰিব যে আপোোনাৰ জীৱন লগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও নাই হোৱা। অনুশাসন সফলতাৰ আটাইতকৈ গুৰুত্ব পূৰ্ণ স্তৰ ।ঘৰৰ বয়-বস্তুবোৰ সুচাৰুৰূপে সজাই ৰাখিলে জীৱনত অনুশাসন আৰম্ভ কৰিব পাৰি।
ধনু ৰাশি :স্বাস্থ্য ৰ যত্ন লওক, নহ’লে অসুবিধা হ’ব পাৰে। দূৰণিবটীয়া যাত্ৰা ৰ বাবে ওলাইছে যদি নিজৰ বহুমুলীয়া বস্তুবোৰত বিশেষ মনযোগ দি ৰাখিব নহলে চুৰি হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। অন্যক প্ৰভাৱিত কৰিবৰ বাবে আপোনাৰ ক্ষমতা আপোনাক ধনাত্মক বস্তু বহুত প্ৰদান কৰিব।। অন্যক সুখ দি আপুনি নিজৰ পূৰণি ভুল সমূহ পাহৰাই দি নিজৰ জীৱনক অৰ্থপূৰ্ণ কৰি তুলিব। অপ্ৰত্যাশিত দুৰ সম্পৰ্কীয় আলহীৰ আগমণে আপোনাৰ সময়ৰ অপচয় ঘটাব পাৰে। আপোনাৰ জীৱন লগৰী এগৰাকী দেৱদূতৰ দৰে সদায় আপোনাৰ যত্ন লব। সময় কিমান দ্ৰুত গতিত আগবাঢ়ে সেই কথা আজি এজন পুৰনি বন্ধুক লগ পাই আপোনাৰ অনুভৱ হ’ব
মকৰ ৰাশি: আজি আপুনি উৰ্জা আৰু শক্তিদি ভৰপূৰ হ’ব,আপুনি যি কাম সাধাৰণতে কৰোতে একদিন লাগে সেই কাম আজি আপুনি আজি আধা দিনতে সম্পুৰ্ন কৰিব পাৰিব। বেলেগৰ সহযোগিতা অবিহনে আপোনাৰ অৰ্থ লাভৰ সামৰ্থ্য আছে অকল নিজৰ ওপৰত বিশ্বাস ৰাখিব। বন্ধু আৰু আত্মীয় লগত অধিক সময় অতিবাহিত কৰিব বিচাৰিব কিন্তু এই সময় সকলো দুৱাৰ বন্ধ কৰি ৰাজকীয় আনন্দ লোৱাৰ বাবে সঠিক সময়। যদি প্ৰেমাস্পদক জীৱন্ সংগীৰূপে পাব বিচাৰে তেন্তে আজিয়ে তেখেতেৰ লগত এই বিষয়ে কথা পাতক। অৱশ্যে কথা পতাৰ আগতে তেখেতৰ মনোভাৱ জানি লোৱাটো আপোনাৰ কৰণীয়। হতাশাৰে ভৰা দিন হব ,যেতিয়া ঘনিষ্ঠ ব্যক্তি সমূহৰ লগত আপোনাৰ মতভেদ হব পাৰে। বিয়াৰ আগৰ ধুনীয়া দিনৰ স্মৃতিখিনি আজি সতেজ হব পাৰে ,সেই আগৰ দৰে ঘুৰি ফুৰা, হাঁহি -ধেমালি ,আৰু ফূৰ্তি ইত্যাদি বোৰে আপোনালোকৰ বাবে উপহাৰ। ভাল টোপনী ভাল স্বাস্থ্যৰ বাবে খুব জৰুৰী , আপুনি অলপ অধিক সময় শুব পাৰে।
কুম্ভ ৰাশি: শাৰীৰিক অসুস্থতাৰ ঠিক হোৱাৰ বহত সম্ভাৱনা আছে আৰু এই বাবে আপুনি অতি সোনকালে খেলা ধুলাত অংশ গ্ৰহণ কৰিব পাৰিব। নিকটতম আত্মীয়ৰ ঘৰত ফুৰিব গলে আজি আপোনাৰ আৰ্থিক হানি হব পাৰে। বন্ধুৰ সান্নিধ্য আপোনাক সুখ আৰু সন্তুষ্টি দিব। আজিৰ দিনাখন আপুুনি এক প্ৰাকৃতিক মনোমোহা দৃশ্য চাই অভিভুত অনুভৱ কৰিব। দিনটো কেনেকৈ ভাল কৰা যায় তাৰ বাবে নিজৰ বাবে সময় উলিওৱা শিকক। আজি আপুনি আৰু জীৱন সংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে। গান গালে আৰু নাচিলে আপুনি হতাশাৰ পৰা পৰিত্ৰাণ পাব পাৰে ,যিটো আপুনি এসপ্তাহৰ পৰা সহ্য কৰি আছিল।
মীন ৰাশি: আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। অৱশ্যে আপোনাৰ আৰ্থিক স্থিতিত বহুত শুধৰণি আহিব,কিন্তু পইচাক পানীৰ দৰে অনবৰতে খৰচ কৰি থাকিলে আপোনাৰ গোটেই আৰ্থিক যোজনা সমূহত বাধা আহি পাব পাৰে। যদি আপুনি আপোনাৰ ঘৰুৱা দায়িত্ব সমূহক নেদেখাৰ ভাও জোৰে তেন্তে কিছুমান এনেকুৱা লোক আপোনাক খঙ কৰিব পাৰে যি সকল আপোনাৰ লগত একেলগে বাস কৰে। প্ৰেমৰ ফালেদি চাব গলে আজিৰ দিনটো বহুত ধুনীয়া ,প্ৰেমক সদায় উদযাপন কৰক। আজি আপুনি প্ৰেমাস্পদৰ লগত সময় অতিবাহিত কৰিব পাৰিব আৰু তেখেতৰ সন্মুখত নিজৰ অনুভুতি বোৰ প্ৰকাশ কৰিব পাৰিব। যদি আপুনি আৰু আপোনাৰ জীৱন লগৰী যোৱা কেইদিনৰ পৰা অলপ অসুখী অনুভৱ কৰি আছে তেন্তে আজি পৰিস্থিতি অলপ ভাললৈ ঢাল খাব ,আপুনি দুয়োজনেই আজি ভাল আৰু সুখী অনুভৱ কৰিব। আজি আপুনি আপোনাৰ দেশৰ লগত জড়িত কিছুমান আকৰ্ষণীয় তথ্য জানি আচৰিত হব পাৰে।