Thursday, November 7, 2024
Homeৰাশিফলআজি দিনটো আপোনাৰ কেনেদৰে যাব, চাওঁক দিনটোৰ ৰাশিফল

আজি দিনটো আপোনাৰ কেনেদৰে যাব, চাওঁক দিনটোৰ ৰাশিফল

মেষ ৰাশি -পুৰণি বন্ধুৰ লগত হোৱা সাক্ষাৎকাৰে আপোনাক বহুত সুখী কৰিব। আজি মাটি বা আন কোনো সম্পত্তিৰ ওপৰত বিনিয়োগ কৰাটো আপোনাৰ বাবে মাৰাত্মক হব পাৰে । যিমান পাৰে এইবোৰ বস্তুৰ ওপৰত নিৱেশ কৰাৰ পৰা দূৰত থাকক। আপুনি সকলো পাৰিবাৰিক ধাৰ শেষ কৰাত সফল হব। জীৱনত এক নতুনত্ব আহিব পাৰে ,যি প্ৰেম আৰু ৰোমাঞ্চক এক নতুনত্ব প্ৰদান কৰিব পাৰে। যদি কৰ্মক্ষেত্ৰত আগুৱাব বিচাৰে তেন্তে কামত আধুনিকতা আনিবলৈ চেষ্টা কৰক, ইয়াৰ লগতে নতুন টেকনিকৰ লগত আপডেট থাকক। যিবোৰ সম্বন্ধক আপুনি গুৰুত্ব প্ৰদান কৰে সেইবোৰ সম্বন্ধক সময় দিয়াও শিকিব লাগে নহ’লে সম্বন্ধ ভাঙিব পাৰে। এই সময় জীৱনত আপোনাক বৈবাহিক সম্পৰ্কৰ বাবে অধিক সুখ তথা আনন্দ প্ৰদান কৰিব।

বৃষ ৰাশি – কিছু সৃজনাত্মক কাম কৰিবৰ বাবে অফিচৰ পৰা সোনকালে ওলাব যত্ন কৰক। আৰ্থিক দিশত আপুনি অকল এটা উৎসৰ পৰাই লাভ হব। আপুনি অনুভৱ কৰিব যে আপোনাৰ বন্ধু-বান্ধৱ বহুত সহযোগী স্বভাৱৰ হয় ,কিন্তু আপুনি কি কয় তাৰ ওপৰত সাৱধানী বৰ্ধন কৰক। আপুনি আজিয়ে আপোনাৰ প্ৰিয়জনক নিজৰ মনৰ বতৰা প্ৰকাশ কৰাৰ প্ৰয়োজন আছে ,কাৰণ আজিয়ে নক’লে কাইলৈ ৰখিলে বহুত দেৰি হৈ যাব। সহকৰ্মী ৰ লগত কাম কৰা সময়ত যুক্তি আৰু চতুৰতাৰ প্ৰয়োজন হব । যাত্ৰা আৰু ভ্ৰমণ আপোনাক আনন্দ প্ৰদান কৰিব আৰু বহুত শিক্ষণীয়ও হব। আজিৰ দিনটো আন দিনৰ তুলনাত আপোনাৰ জীৱন লগৰীৰ লগত ভালকৈ কটাব পাৰিব।

মিথুন ৰাশি – আজি আপুনি উৰ্জা আৰু শক্তিদি ভৰপূৰ হ’ব,আপুনি যি কাম সাধাৰণতে কৰোতে একদিন লাগে সেই কাম আজি আপুনি আজি আধা দিনতে সম্পুৰ্ন কৰিব পাৰিব। যিসকল লোকে ঋণ লৈ থৈছিল আগতে সিহতক আজি ঋণ পৰিশোধ কৰিব লাগিব পাৰে যাৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। শিশু সমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব। ৰোমান্টিক সাক্ষাতকাৰ বহুত ৰোমাঞ্চকৰ হব কিন্তু অলপ সময়ৰ বাবেহে এই দেখা কৰা সম্ভৱ হব। এইটো তেনেকুৱা ভাল লগা দিন বোৰৰ এটা দিন যিদিনা আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ ভাল অনুভৱ হব । আজি আপোনাৰ সহকৰ্মী আপোনাৰ কামৰ প্ৰশংসা কৰিব আৰু আপোনাৰ ওপৰ বিষয়াও আপোনাৰ কামত বহুত সুখী হব। ব্যৱসায়ী সকলোৰো আজি ব্যৱসায়ত লাভ ৰ যোগ আছে। বহুত দিনৰ পৰা অৱহেলিত সমস্যা এটা অতি সোনকালে সমাধান হোৱা উচিত আৰু আপুনি জানে যে আপুনি এদিনতো এই কাম কৰিবলগীয়া হ’লেই হয় সেইবাবে ধনাত্মক চিন্তা কৰক আৰু কাম টো বহুত একাগ্ৰতাৰে কৰাৰ চেষ্টা কৰক। জীৱন সংগীৰ কাৰণে আপোনাৰ অলপ লোকচান হব পাৰে।

কৰ্কট ৰাশি – আজিৰ দিনটো আপোনাৰ বাবে উৰ্জা সমৃদ্ধ হব আৰু আপুনি সৰু সৰু কথাত সোনকালে অস্তিৰ হৈ পৰিব। আজি যদি আপুনি বন্ধুবৰ্গৰ লগত ফুৰিব গৈ আছে তেন্তে ভাৱি চিন্তি খৰচ কৰিব , ধন হানি হোৱাৰ আশাংকা আছে। জীৱন সংগিনীৰ লগত কাজিয়া হোৱাৰ বাবে আপুনি মানসিক ভাৱে অশান্ত হৈ যাব । অপ্ৰয়োজনীয় অশান্তি লোৱাৰ কোনো প্ৰয়োজন নাই , জীৱনৰ এটা ডাঙৰ শিক্ষা এইটোৱে যে জীৱনত সকলো বস্তু পচন্দ মতে পৰিৱৰ্তন কৰিব পাৰে। অতীতৰ মিঠা স্মৃতিয়ে আপোনাৰ আজি দিনটো ব্যস্ত ৰাখিব। আজি আপুনি এক নতুন কামৰ আৰম্ভ কৰি যি আপোনাৰ লগতে গোটেই পৰিয়ালৰে সমৃদ্ধি লৈ আহিব। এনেকুুৱা মানুহৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক যি আপোনাৰ ব্যক্তিত্ব আৰু প্ৰতিষ্ঠাত আঘাত দিব পাৰে। আপোনাৰ জীৱন লগৰীৰ অসুখী স্বাস্থ্যৰ বাবে আপুনি বহুত চিন্তিত থাকিব পাৰে।

সিংহ ৰাশি – পূৰ্ণ আৰু সন্তুষ্ট জীৱনৰ বাবে আপোনাৰ মানসিক দৃঢ়তা বৃদ্ধি কৰক। আজি কোনোবা বিপৰীত লিংগৰ সহায়ৰ জৰিয়তে আপোনাৰ ব্যবসায় অথবা চাকৰিত আৰ্থিক লাভ হোৱাৰ আশা আছে। আপোনাৰ জীৱন সংগী ৰ দায়িত্ব হীনতাৰ দৰে স্বভাৱৰ পৰা আপোনালোকৰ সম্বন্ধত দূৰত্ব বাঢ়ি যাব, লগত থাকি নিজৰ মূল্যবান সময় অতিবাহিত কৰক আৰু স্মৃতি বিজৰিত ঘটনা সমূহ মনত কৰি মনত সতেজতা আনক ,যাতে পূৰণি দিন সমূহ আকৌ ঘুৰাই আনিব পাৰে। অতীতৰ মিঠা স্মৃতিয়ে আপোনাৰ আজি দিনটো ব্যস্ত ৰাখিব। আজি অফিচত আপুনি ভাল ফলাফল লাভ নকৰিব। আপোনাৰ কোনোব বিশেষে আজি আপোনাৰ লগত বিশ্বাসঘাতকতা কৰিব পাৰে যাৰ ফলত আপুনি গোটেই দিন চিন্তিত থাকিব। আজিৰ সময়ত নিজৰ বাবে সময় উলিওৱা বহুত কঠিন। তথাপি আজি এনেকুৱা এটা দিন যেতিয়া আপোনাৰ নিজৰ বাবে বহুত সময় থাকিব। আজি আপুনি নিজৰ জীৱন সংংগীৰ লগত বহুত ঘনিষ্ঠ কথা বতৰাৰ আদান প্ৰদান কৰিব।

কন্যা ৰাশি – শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিক ভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগাৰ আশ্ৰয় লওক। আৰ্থিক জীৱনৰ স্থিতি আজি ভাল বুলি কোৱা নাযাব, আজি আপোনাৰ ধন সঞ্চয় কৰাত বহুত সমস্যা হব পাৰে। ঘৰ সলনি কৰাৰ বাবে আজি বহুত ভাল দিন। আপুনি যত আছে ততে থাকিব কিন্তু নিজৰ প্ৰেমক এক নতুন দিশত লৈ যাব আৰু লাগতে আজি আপুনি ৰোমাণ্টিক যাত্ৰাত যাব পাৰে। যদি আপুনি বিশ্বাস কৰে যে সময় অমূল্য ধন তেন্তে আপুনি প্ৰয়োজনীয় পদক্ষেপ লৈ নিজৰ উচ্চতম আকাংক্ষাক আহৰণ কৰা উচিত। ছাত্ৰৰ মূৰত আজি প্ৰেমৰ ভূত লম্ভিব পাৰে আৰু এইবাবে সিহতৰ বহুত সময় লোকচান হব পাৰে। আপোনাৰ আৰু জীৱনসংগীৰ মাজত অশান্তি অধিক বৃদ্ধি হব পাৰে ,আপুনি যদি সঠিক সময়ত সঠিক পদক্ষেপ নলয় তেন্তে পৰিস্থিতি অধিক বেয়ালৈ ঢাল খাব পাৰে।

তুলা ৰাশি – বাহিৰত ঘুৰা মেলা তথা বন্ধু বৰ্গৰ লগত দূৰণিৰ ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। দূৰণি বটীয়া যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব ,কিন্তু যাত্ৰা আপোনাৰ বাবে আৰ্থিক দিশত লাভ কঢ়িয়াই আনিব পাৰে। আজিৰ দিনটো আনন্দৰে ভৰা হ’ব ,কাৰণ আপোনাৰ জীৱন সংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। প্ৰেম আৰু ৰোমাঞ্চ আপোনাক সুখী আৰু আনন্দিত কৰি ৰাখিব। যি ব্যক্তি কলা আৰু ৰংগ মঞ্চৰ লগত জড়িত সিহঁতক আজি নিজৰ কৌশল দেখুৱাবলৈ বহুত সুযোগ প্ৰাপ্ত হব। আপোনাৰ অতীতৰ লগত জড়িত কোনোবা ব্যক্তি আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে আৰু যাৰ ফলত আজি দিনটো স্মৰণীয় হৈ যাব। আপোনাৰ জীৱন লগৰী মৰমেৰে আপোনাৰ সকলো সমস্যা মুহুৰ্ততে দূৰ কৰি দিব পাৰে।

বৃশ্চিক ৰাশি – বহুত বেছি মানসিক হেচা আৰু ভাগৰ আপোনাৰ অসুবিধাৰ কাৰণ হব পাৰে।। স্বাস্থ্যক ভাল ৰাখিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম কৰক। যদি আপুুনি কাৰোবাক দিয়া ঋণ বহুতদিনৰ পৰা উভতাই বিচাৰি আছে কিন্তু সেই ব্যক্তিজনে আপোনাক অজুহাত দেখুৱাই পইচা দিয়াৰ পৰা বিৰত আছে , তেখেত আজি একো নোকোৱাকৈ আপোনাৰ পাওনা খিনি ঘুৰাই দিব। নিজৰ কিছু সময় বেলেগক দিয়াৰ বাবে এইটো খুব ভাল সময়। আপোনাৰ প্ৰেমাস্পদ আজি আপোনাৰ কথা শুনাতকৈ বেছি নিজৰ কথা প্ৰকাশ কৰাত বেছি গুৰুত্ত্ব দিব ফলস্বৰূপে আপুনি অলপ বিৰক্ত হব পাৰে। আজি অনুভৱী লোক সমূহৰ লগত কথা পাতি জানিব বিচাৰক যে তেখেত সকল আপোনাক কি জ্ঞান দিব পাৰে। আপুনি যদি বিচাৰে সমস্যা সমূহৰ হাহিঁমুখে সমাধান কৰিব আৰে অথবা তাৰ মাজত পৰি চিন্তিত হব পাৰে , ইয়াৰ নিৰ্ণয় আপুনিয়ে ল’ব। আপোনাৰ জীৱন সংগী আজি আপোনাক সকলোধৰণৰ ভাল অনুভুতি বোৰ দেখুৱাব, আজি তেখেতে আপোনাক বহুত মৰম দেখুৱাব অতীতত হোৱা সকলো ঘটনাৰ পৰিৱৰ্তে।

ধনু ৰাশি – নিজৰ খোৱা-বোৱাৰ ওপৰত বিশেষ ধ্য়ান দিয়ক । বিশেষকৈ মাইগ্ৰেনৰ ভুক্তভোগী সকল সময়ত খোৱা বোৱা কৰিব লাগে ,নহ’লে সিহতক ব্যৰ্থকৈ ভাৱনাত্মক হতাশাৰ সন্মুখীন হ’ব। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হব পাৰে। পৰিয়ালৰ লগত নিজৰ সমস্যা আলোচনা কৰিলে আপুনি বহুত শান্তি অনুভৱ কৰিব কিন্তু বহু সময়ত মানুহ নিজৰ অহমিকা আগত ৰাখি এইবোৰ কথা কব নিবিচাৰে। আপুনি এনেকুৱা কৰিব নালাগে কথা লুকাই ৰাখিলে মনোকষ্ট বাঢ়ে। প্ৰেমৰ পিনে দি চাব গ’লে আজি আপোনাৰ জীৱন সীমাহীন আনন্দ সমূহ উপভোগ কৰিব পাৰে। অংশীদাৰ আপোনাৰ ব্যৱসায়িক যোজনাৰ প্ৰতি উৎসাহী আৰু আগ্ৰহী হব। অধিবক্তাৰ ওচৰলৈ গৈ আপুনি আইনী পৰামৰ্শ লোৱাৰ বাবে আজি বহুত ভাল দিন । যোৱাকেইদিন ধৰি আপোনাৰ জীৱন টো বহুত জটিল অৱস্থা পাৰ কৰি আছে, কিন্তু আজি আপুনি অলপ সহজ অনুভৱ কৰিব।

মকৰ ৰাশি – আপোনাৰ সাহসী আৰু স্পষ্ট চিন্তাধাৰাই আপোনাৰ বন্ধুক দুখ দিব পাৰে। যদিও পইচা আজি আপোনাৰ হাতৰ পৰা অধিক কৈ খৰচ হৈ থাকিব ,কিন্তু আপোনাৰ কুণ্ডলীত থকা ভাল নক্ষত্ৰ সমূহৰ বাবে আপোনাৰ অভাৱ নহ’ব। সাধাৰণ ভাৱে পৰিচিত মানুহৰ লগত প্ৰত্যেক কথা ভাগ-বতৰা কৰাৰ পৰা বিৰত থাকক। আপোনাৰ প্ৰেমিক অথবা প্ৰেমিকা আজি বহুত খংত থাকিব ইয়াৰ কাৰণ ঘৰত চলি থকা স্থিতি হব পাৰে। যদি তেখেত খংত থাকে তেখেতক শান্ত কৰিব চেষ্টা কৰিব। চেমিনাৰ আৰু লেকচাৰ সমূহত অংশগ্ৰহণ কৰি আজি আপুনি কিছুমান নতুন চিন্তা ধাৰা লাভ কৰিব পাৰে। এই ৰাশিৰ ছাত্ৰ-ছাত্ৰী আজি নিজৰ মূল্যৱান সময় নষ্ট কৰিব পাৰে।আজি মোবাইল বা টিভিত প্ৰয়োজনতকৈ বেছি সময় নষ্ট কৰিব পাৰে।। জীৱন সংগীৰ লগত এক আৰামদায়ক দিন অতিবাহিত কৰিব পাৰিব।

কুম্ভ ৰাশি – আজি আপুনি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰা অভিপ্ৰায় লৈ থাকিব। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। আপোনাৰ জীৱন মুখী ব্যৱহাৰে ঘৰৰ পৰিৱেশ ভাল কৰি তুলিব ,কিছুমান লোক হে এনেকুৱা মানুহৰ আকৰ্ষণৰ পৰা বাচিব পাৰে,যাৰ ওচৰত ইমান ধুনীয়া হাঁহি আছে। যেতিয়া আপুনি অন্য লোকৰ লগত থাকিব তেতিয়া আপোনাৰ সুগন্ধি ফুলৰ দৰে চাৰিওফালে বিয়পি পৰিব। যদি আজি আপুনি ডেটত গৈ আছে তেন্তে বিবাদিত বিষয় সমূহ আলোচনা কৰাৰ পৰা বিৰত থাকক। আজিৰ দিনাখন আপুোনাৰ কঠোৰ পৰিশ্ৰম ফলদায়ক সিদ্ধ হব। আজিৰ দিনাখন আৰম্ভ কৰা নিৰ্মাণ কাৰ্য সন্তোষ জনক ভাৱে পূৰণ হব । যদি আপুনি আৰু আপোনাৰ জীৱন সংগী খোৱা-বোৱাত অলপ লগাতকৈ অধিক ধ্যান দিয়া আৰম্ভ কৰে তেন্তে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে।

মীন ৰাশি -আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক । আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। ব্যৱসায় শক্তিশালী কৰিবৰ বাবে আপুনি আজি কিবা ডাঙৰ পদক্ষেপ লব পাৰে যাৰ বাবে আপোনাক কোনোবা ঘনিষ্ঠ ই আৰ্থিক সহায় আগবঢ়াব পাৰে। পৰিয়ালৰ কোনোবা মহিলা সদস্যৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ উঠিব পাৰে। আজি হৃদয়ৰ ধপধপনি আপোনাৰ প্ৰিয়জনৰ লগত তাল মিলাই থাকোতেই যাব ,ইয়াৰ মানে হল আপুনি প্ৰেমত বাৰুকৈয়ে পাগল ! কাম-কাজ ৰ বিষয়ত আজি আপোনাৰ বক্তব্য সকলোৱে শুনিব। আজি আপুনি গুৰুত্বপূৰ্ণ বিষয় সমূহত মনোযোগ দিয়াৰ প্ৰয়োজন আছে। আজি বিবাহৰ পিনেদি চালে সকলো বোৰ বস্তু আজি আপোনাৰ দিশে ধাৱমান হোৱা পৰিলক্ষিত হব

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments