মেষ ৰাশি – স্বাস্থ্য ভালে থাকিব। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। দিন ৰ উত্তৰাৰ্ধত হঠাৎ অহা যিকোনো ভাল খবৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। অন্যক সুখ দি আপুনি নিজৰ পূৰণি ভুল সমূহ পাহৰাই দি নিজৰ জীৱনক অৰ্থপূৰ্ণ কৰি তুলিব। খালি সময়ৰ সদ্ব্যৱহাৰ কৰিব আৰু সেইকামবোৰ পূৰণ কৰিবৰ চেষ্টা কৰিব যি যোৱা সময়ত পূৰ নাই হোৱা। সময়ৰ অভাৱৰ বাবে আপোনালোক দুয়ো জনৰ মাজত নিৰাশা অথবা কুণ্ঠতা ভাৱ আহিব পাৰে। আজি কোনোবা জ্ঞানী পুৰুষক লগ পাই আপোনাৰ বহুত সমস্যা সমাধান হৈ যাব।
বৃষ ৰাশি – গৰ্ভাৱতী মহিলা অতিৰিক্ত সাৱধান হোৱা ভাল। আজি আপোনাৰ সহোদৰ আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে আৰু সিহতঁৰ সহায় কৰি আপুনি আৰ্থিক বিপদত পৰিব পাৰে যদিও অৱস্থা সোনকালে ভাললৈ আহিব। কিশোৰ সমূহে স্কুল প্ৰজেক্টৰ বাবে কিছু উপদেশ লোৱাৰ প্ৰয়োজন আছে। আপুনি আৰু আপোনাৰ প্ৰিয়জন আজি প্ৰেমৰ সাগৰত সাতুৰি নাদুৰি থাকিব আৰু প্ৰেমৰ অনুভূতিক অনুভৱ কৰিব। আজি আপুনিি নতুন চিন্তা ধাৰা ৰে পৰিপূৰ্ণ হব আৰু যি কামেই কৰিবৰ বাবে পচন্দ কৰিব ,তাতেই আপুনি প্ৰয়োজনতকৈ অধিক লাভ পাব। যোৱাকেইদিন ধৰি আপোনাৰ জীৱন টো বহুত জটিল অৱস্থা পাৰ কৰি আছে, কিন্তু আজি আপুনি অলপ সহজ অনুভৱ কৰিব। নিজৰ প্ৰিয়জনৰ যত্ন লোৱা ভাল কথা কিন্তু সিহতঁৰ যত্ন লোওঁতে লোওঁতে নিজৰ শাস্থ্য বেয়া নকৰিব।
মিথুন ৰাশি – আপোনাৰ ইচ্ছা শক্তি উৎসাহিত হব কাৰণ আপুনি বহুত জটিল অৱস্থাৰ পৰা বাহিৰ হ’বলৈ সক্ষম হ’ব। ভাবুক নিৰ্ণয় লোৱাৰ সময়ত নিজৰ যুক্তিসংগতা এৰি নিদিব। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। যদি আপুনি পাৰ্টী কৰাৰ কথা ভাৱি আছে তেন্তে আপুনি নিজৰ ভাল বন্ধুসকলক এই অনুষ্ঠানত মাতক ,এনেকুৱা লোক সকলৰ উপস্থিতিয়ে আপোনাৰ উৎসাহ বহু গুণে বঢ়াব। আজি আপুনি প্ৰিয়জনৰ প্ৰেমত সম্পূৰ্ণতা অনুভৱ কৰিব।এই বাবে আজি আপোনাৰ দিন বহুত ধুনীয়া হব। যাত্ৰা অথবা ভ্ৰমণৰ বাবে আজিৰ দিনটো ইমান ভাল নহব। আজি আপুনি প্ৰেমত ইমানেই আত্ম সন্তুষ্টতা লাভ কৰিব যে গোলাপ ফুল বোৰ অধিক ৰঙা দেখিব আৰু বেঙুনীয়া খিনিক অধিক বেঙুনীয়া দেখিব। জীৱনৰ সোৱাদ অকল সোৱাদভৰা খোৱাতহে পোৱা যায়। এই কথা আজি আপুনি ঘৰত ক’ব পাৰে আৰু ঘৰত সোৱাদিষ্ট খানাও খাব পাৰিব।
কৰ্কট ৰাশি – আজি ফুৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। নতুন যোজনা এটা আপোনাৰ চকুত লাভান্বিত দৰে দেখিব কিন্তু আশা কৰা মতে আপোনাক লাভ দিব নোৱাৰিব ,বিনিয়োগ কৰা সময়ত অতি সোনকালে কোনো নিৰ্ণয় নলয় যেন। পূৰণি বন্ধু সহায়কাৰী আৰু সহযোগী বুলি প্ৰমাণিত হব। প্ৰিয়জনৰ পৰা লাভ কৰা যিকোনো ভাল খবৰ অথবা বাৰ্তাই আপোনাৰ উৎসাহ দুগুণ কৰিব পাৰে। আজি আপুনি এনেকুৱা ব্যৱহাৰ কৰক যেনিবা আপুনি এজন বিখ্যাত ব্যক্তি ,কিন্তু আজি অকল প্ৰশংসাৰ যোগ্য কাম হে কৰক। যদি আপুনি চেষ্টা কৰে তেন্তে আপুনি নিজৰ জীৱনৰ লগৰীৰ লগত নিজৰ জীৱনৰ সকলোতকৈ ভাল সময় অতিবাহিত কৰিব পাৰে। আজি আপুনি আৰামকৈ বিশ্ৰাম লব নোৱাৰিব কাৰণ আপোনাৰ কিছুমান অতি বন্ধু আৰু আত্মীয়ই আপোনাক বিশ্ৰাম লব নিদিব, অৱশ্যে প্ৰত্যেক মুদ্ৰাৰ এক ভাল অংশও থাকে ,এই সুযোগৰ ব্যৱহাৰ আপোনালোকৰ বন্ধুত্বৰ এনাজৰী ডাল শক্তিশালী কৰিব পাৰে আৰু পিছত ইয়াৰ পৰা আপুনি লাভান্বিতও হব পাৰে।
সিংহ ৰাশি – কৰ্ম ক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হব পাৰে যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ পাৰে। যি লোকসকলে ভেটি-মাটী কিনিছিল আৰু এতিয়া সেই মাটী বিক্ৰী কৰিব বিচাৰে , সিহঁতে আজি ভাল ক্ৰেতাৰ সন্ধান পাব যাৰ ফলত সিহঁতৰ প্ৰচুৰ পৰিমানৰ ধন লাভ হব। সন্তানৰ পঢ়াৰ কথা চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই ,এই সময় যি সমস্যাৰ আপুনি সন্মুখীন হব লাগিব ,সেইটো ক্ষণিকৰ সমস্যা মাথো আৰু সময়ৰ লগত এই সমস্যা নিজে নিজে শেষ হৈ যাব। অনাকাংক্ষিত ভাৱে হোৱা ৰোমাণ্টিক সাক্ষাৎকাৰে আপোনাক দদুল্যমান অৱস্থাত পেলাব পাৰে। যদি আপোনাৰ এনে অনুভৱ হয় যে কিছুমান মানুহৰ সংগ আপোনাৰ সময়ৰ অপচয় কৰি আছে ,তেন্তে আপুনি তেখেতসকলৰ পৰ দুৰত থকাই শ্ৰেয়। বহুুত দীঘলীয়া সময়ৰ অন্তত আপুনি আজি নিজৰ জীৱন লগৰীৰ লগত বহুত সময় অতিবাহিত কৰাৰ সুযোগ লাভ কৰিব। আজি কোনো সামজিক কামত অংশগ্ৰহণ কৰি আপোনাৰ ভাল অনুভৱ হ’ব।
কন্যা ৰাশি – আজি আপুনি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰা অভিপ্ৰায় লৈ থাকিব। কিছুমান নিশ্চিত গুৰুত্বপুৰ্ণ কাম আপোনাৰ অভাৱীয় আৰ্থিক পৰিস্থিতিৰ বাবে মাজতে ৰৈ যাব পাৰে। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভুতি প্ৰদান কৰিব। তাই/সি আপোনাৰ আশা-আকাংক্ষাৰ ওপৰত থিয় হব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত পৰিণত হোৱা দেখিব। ধুনীয়া ফুল দি নিজৰ প্ৰেমৰ প্ৰকাশ কৰক। হিতকাৰী গ্ৰহ আজি এনেকুৱা কাৰণ সৃষ্টি কৰিব যাৰ ফলত আপুনি সুখৰ অনুভতি লাভ কৰিব। যদি আপুনি নিজৰ জীৱন সংগীৰ পৰা মৰম-স্নেহৰ আশা কৰি আছে,তেন্তে আজিৰ দিনাখন আপোনাৰ এই আশা পূৰণ হব পাৰে। আজি আপুনি নিজৰ ভোজন বিলাসী মনটোিক ভৰপূৰ আনন্দ দিব , আজি কোনোবা ভাল ৰেস্তোৰাত গৈ বহুত ভাল ভাল খোৱা বস্তু খাব পাৰি।
তুলা ৰাশি – ভাল বস্তু সমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় থাকিব। নিকটতম আত্মীয়ৰ ঘৰত ফুৰিব গলে আজি আপোনাৰ আৰ্থিক হানি হব পাৰে। পাৰিবাৰিক সমস্যা অথবা জীৱন সংগীৰ লগত চলি থকা অশান্তি আপোনাৰ মানসিক অশান্তিৰ কাৰণ হব পাৰে। ৰোমাাঞ্চৰ ফালেদি চাব গ’লে আজি বহুত ভাল দিন নহয়, কাৰণ আজি আপুনি সচা প্ৰেমক বিচাৰোতে বিফল হব। কিবা ৰচক মেগাজিন বা উপন্যাস পঢ়ি আজিৰ দিন ভালকৈ অতিবাহিত কৰিব পাৰিব। দিনত জীৱন সংগীৰ লগত তৰ্ক কৰাৰ অন্তত আপোনালোকে এক ধুনীয়া সন্ধিয়া অতিবাহিত কৰিব পাৰিব। টিভিত চিনেমা চোৱা আৰু নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰা ,ইয়াতকৈ ভাল কাম আৰু কি হব পাৰে ! যদি আপুনি অলপো চেষ্টা কৰে তেন্তে আজিৰ দিনটো বহুত ভাল ভাৱে পাৰ হব পাৰে।
বৃশ্চিক ৰাশি – জীৱনৰ পিনে গম্ভীৰ ধাৰণা এটা লৈ চলা ভাল নহয়। আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হব। এটা ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধু বৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। ৰোমান্টিক সাক্ষাতকাৰ বহুত ৰোমাঞ্চকৰ হব কিন্তু অলপ সময়ৰ বাবেহে এই দেখা কৰা সম্ভৱ হব। আজি বতৰ বহুত ভাল হোৱা বাবে আপোনাৰ বিচনা এৰিব মন নাযাব। বিচনাৰ পৰা উঠাৰ পিছত অনুভৱ হব যে আপুনি কিমান সময় বৰবাদ কৰিলে। জীৱন সংগীৰ ফালৰ পৰা আপুনি আজি মনত আঘাত পাব পাৰে ,যাৰ বাবে আপুনি হতাশ হৈ যাব পাৰে। নিবনুৱা সকলৰ আজি মন পচন্দৰ চাকৰি পোৱাৰ ক্ষেত্ৰত অসুবিধা হব পাৰে। আপুনি নিজৰ প্ৰয়াস আৰু বঢ়াই দিয়াৰ প্ৰয়োজন আছে।
ধনু ৰাশি – শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিক ভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগাৰ আশ্ৰয় লওক। আজি আপুনি আপোনাৰ সেই বন্ধুবোৰৰ পৰা দূৰত থাকিব যিসকলে আপোনাৰ পৰা পইচা ধাৰত লৈ ঘুৰাই নিদিয়ে। আপুনি আকৰ্ষণীয় তথা সৃজনাত্মক কাম কৰাৰ বাবে আজি ঘৰৰ পৰিৱেশ সুখেৰে ভৰা হব। যদিও প্ৰেমৰ দিশত নিৰাশা হাতত লাগিব পাৰে কিন্তু ভাঙি নপৰিব কাৰণ শেষত গৈ জয় সচাঁ প্ৰেমৰে হয়। এই ৰাশিৰ বয়সীয়াল লোকসকল আজি খালি সময়ত পূৰণী মিত্ৰক লগ কৰিব যাব পাৰে। আপোনাৰ জীৱন সংগী আপোনাৰ প্ৰয়োজনীয়তা সমূহ অৱহেলা কৰিব পাৰে , যাৰ বাবে আপুনি বহুত হতাশ হৈ পৰিব পাৰে। দেউতা অথবা ককাইদেউ আজি আপোনাক কিবা ভুলৰ বাবে গালি দিব পাৰে। তেখেতৰ কথা বুজিব চেষ্টা কৰিব।
মকৰ ৰাশি – আপোনাৰ উৰ্জা বহুত থাকিলেও আজি আপুনি এনেও কাৰোবাক মনত কৰিব যি এই মূহুৰ্তত আপোনাৰ লগত নাই। নিজকে আপুনি ৰোমাঞ্চকৰ পৰিস্থিতিত পাব পাৰে-যি আপোনাক আৰ্থিক লাভ দিব পাৰে। আত্মীয়জনৰ ঘৰত যাওতে কৰা সৰু যাত্ৰা আপোনাৰ ব্যস্ত দিনযোৰাৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। কিছুমান ব্যক্তিৰ জীৱনত বিবাহৰ মুহূৰ্ত অতি সোনকালে আহিব পাৰে ,যেতিয়া নেকি আন কোনোবা এতিয়াহে জীৱন্ত নতুন প্ৰেমৰ অনুভূতি লাভ কৰিব। নিজৰ কাম সময়মতে কৰিব লাগে , কাম জমা কৰি থ’লে আপোনাৰে অসুবিধা হ’ব পিচলৈ ।কাম সোনকালে শেষ কৰিলে আজি আপুনি ধেৰ অৱসৰ সময় পাব। এইদিন টো বিবাহিত জীৱনৰ আটাইতকৈ বিশেষ দিনৰ ভিতৰত এটা দিন হব। আপোনাৰ প্ৰিয়জনৰ লগত চিনেমা চালে আপোনাৰ দিন আমেজেৰে অতিবাহিত হব।
কুম্ভ ৰাশি – আজি ফুৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। যি লোকসকলে অতীতত নিজৰ ধন বিনিয়োগ কৰিছিল আজি সেই ধনৰ জৰিয়তে অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। আপুনি চিনি পোৱা কোনোবাই আৰ্থিক সমস্যা লৈ ঘৰত অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। প্ৰেম এক পৱিত্ৰ সম্পৰ্ক ,ইয়াত কাকো কাৰো তলতীয়াৰ দৰে ব্যৱহাৰ নকৰিব। আজি আপুনি আপোনাৰ জীৱনসংগীক চাৰপ্ৰাইজ দিব পাৰে , আপোনাৰ সকলো কাম এৰি আজি আপুনি তেখেতৰ লগত সময় অতিবাহিত কৰিব পাৰে। তেখেতৰ জন্মদিন পাহৰি যোৱা বাবে আপোনাৰ আৰু জীৱন সংগীৰ মাজত কাজিয়া হহোৱাৰ সম্ভাৱনা আছে। কিন্তু অন্তত সকলো বাক-বিতণ্ডতা ভাল হৈ যাব। আপোনাৰ চিন্তা ধাৰাৰ পৰাই আপোনাৰ পৃথিৱী খন গঠন হয় ,ভাল কিতাপ এখন পঢ়ি আপুনি নিজৰ চিন্তা ধাৰা অধিক শক্তিশালী কৰিব পাৰে ।
মীন ৰাশি – নিজৰ স্বাস্থ্যৰ বিষয়ে প্ৰয়োজনতকৈ অধিক চিন্তা নকৰিব।এইটো বেমাৰৰ সকলোতকৈ ডাঙৰ ঔষধ ।আপোনাৰ ভাল চিন্তা ধাৰাই আপোনাৰ বেয়া চিন্তা ধাৰাক পৰাজিত কৰিব। বেপৰোৱা ভাৱে জীয়াই থকাৰ আপোনাৰ এই প্ৰবৃতিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু মনোৰঞ্জনৰ বস্তু সমূহত প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব। যেতিয়া আপুুনি বিনিয়োগ কৰাৰ প্ৰশ্ন সন্মুখত আহিব ,তেতিয়া স্বতন্ত্ৰ হোৱাৰ চেষ্টা কৰক আৰু নিজৰ নিৰ্ণয় নিজে লওক। আপুনি আৰু আপোনাৰ প্ৰিয়জন আজি প্ৰেমৰ সাগৰত সাতুৰি নাদুৰি থাকিব আৰু প্ৰেমৰ অনুভূতিক অনুভৱ কৰিব। চহৰৰ বাহিৰত কৰা যাত্ৰা অধিক আৰামদায়ক নহ’ব ,কিন্তু আৱশ্যকীয় চিনাকি হবৰ বাবে এই যাত্ৰা লাভদায়ক বুলি প্ৰমাণিত হব। আজি লাগিলে পৃথিৱী কৰবাত গুছি যাওক , আপুনি নিজৰ জীৱন সংগীৰ মৰমৰ বান্ধনৰ পৰা আজি কোনোপধ্যে বাহিৰ নহব। আজি আপোনাৰ হাতত পৰ্যাপ্ত সময় থকাৰ সম্ভাৱনা আছে কিন্তু এই সময়বোৰ আপুনি আকাশত চাং পতাৰ নিচিনা চিন্তা কৰি অপচয় নকৰিব , কিছু কামত অহা কাম কৰক যিবোৰে আপোনাক অহা সপ্তাহত বহুত সহায় কৰিব।